“নদীত খেতি কৰিবলৈ বহুত ভাল। শস্য চপোৱাৰ পিছত নৰাও নাথাকে আৰু অপতৃণ গজাৰো ভয় নাথাকে।”

ৰায়পুৰ জিলাৰ নাগ্ৰি নগৰৰ সমীপৰ ফাৰ্চিয়া গাঁৱৰ পৰা বৈ অহা মহানদী নৈৰ বুকুত বছৰৰ পিছত বছৰ ধৰি খেতি কৰি অহা ৫০-৬০ গৰাকী খেতিয়কৰ মাজৰে এজন মহাছামুণ্ড জিলাৰ ঘোদাৰি গাঁৱৰ কুন্তী পানে। 'মই যোৱা প্ৰায় এটা দশক ধৰি এনেকৈয়ে খেতি কৰি আহিছো। মই আৰু মোৰ মানুহজন আমি দুয়ো মিলি ভেণ্ডি, বীন আৰু তৰমুজৰ খেতি কৰি আহিছো,’ ৫৭ বছৰীয়া কুন্তীয়ে কয়।

পাতলীয়া বৰষুণৰ সময়তো এজন মানুহে ধুনীয়াকৈ বহিব আৰু শুব পৰা ঘাঁহ-বনেৰে সজা জুপুৰিটোত বহি তেওঁ কথাবোৰ কৈ গৈছিল। এই জুপুৰীটোতেই উজাগৰী নিশা কটাই তেওঁলোকে খেতিডৰাক গৰু আৰু আন জন্তুৰ পৰা সুৰক্ষা দি আহিছে।

মহানদী নৈৰ ওপৰত থকা দলংখনে ৰায়পুৰ জিলাৰ পাৰাগাঁও আৰু মহাছামুণ্ড জিলাৰ ঘোঁদাৰী গাঁও দুখনক সংযোগ কৰিছে। দলংখনৰ তললৈ চালে সেউজীয়া দলিছা এখনহে যেন বৈ গৈছে তেনে অনুভৱ হোৱাতো স্বাভাৱিক। খৰালি কালত বিশেষকৈ ডিচেম্বৰৰ পৰা মে’ৰ শেষৰফালে অহা প্ৰথমজাক বৰষুণ পৰ্যন্ত দুয়োখন গাঁৱৰ কৃষকসকলে বালিময় নৈখনৰ মাটি নিজৰ নিজৰ মাজত ভাগ কৰি লৈ এনেদৰে খেতি কৰি আহিছে।

Left : Farmers bathing in the river by their fields.
PHOTO • Prajjwal Thakur
Right: Kunti Pane sitting in front of her farm
PHOTO • Prajjwal Thakur

বাওঁফালেঃ নিজ নিজ খেতিৰ কাষত নৈত গা ধোৱাত ব্যস্ত খেতিয়কসকল। সোঁফালেঃ নিজৰ খেতিৰ সমুখত বহি ক্ষন্তেক বিশ্ৰাম কুন্তী পানেৰ

Watermelons (left) and cucumbers (right) grown here on the bed of the Mahanadi
PHOTO • Prajjwal Thakur
Watermelons (left) and cucumbers (right) grown here on the bed of the Mahanadi
PHOTO • Prajjwal Thakur

মহানদীৰ বুকুত এনেদৰে কৰা হৈছে তৰমুজ (বাওঁফালে) আৰু তিয়হ (সোঁফালে)ৰ খেতি

'গাঁৱতো আমাৰ এপূৰা মাটি আছে। কিন্তু আমি ইয়াতে খেতি কৰিবলৈ ভালপাঁও,’ কুন্তীৰ কথা।

'ইয়াত খেতি কৰোতে, ধৰক সাৰ, বীজ, কাম কৰা মানুহ আৰু বস্তু অনা-নিয়া কৰোতে মোটামুটি আমাৰ ৩০-৪০ হাজাৰ টকা খৰছ হয়। তাৰপিছতো সকলো খৰছ মিলি আমাৰ হাতত ৫০ হাজাৰমান ৰয়গৈ,’ খেতিৰ প্ৰেমত পৰা মহিলাগৰাকীৰ ভাষ্য।

কুমাৰ সম্প্ৰদায়ৰ (চত্তিশগড়ত অ’বিচি হিচাপে তালিকাভুক্ত) অন্তৰ্ভুক্ত এইসকল লোকৰ মূল পেছা হৈছে মাটিৰ বাচনৰ লগতে মাটিৰ মূৰ্তি প্ৰস্তুত কৰা। দীপান্বিতা আৰু পোলা উৎসৱৰ সময়ত কুন্তীয়ে মাটিৰ পাত্ৰ গঢ়া কামত ব্যস্ত হৈ পৰে। 'মইতো মাটিৰ বাচনবোৰ সাজি বহুত ভালপাও, কিন্তু গোটেই বছৰতো সেয়া কৰিব নোৱাৰি,’ তেওঁ কয়। পোলা মহাৰাষ্ট্ৰ আৰু চত্তিশগড়ৰ কৃষকসকলে উদযাপন কৰা এক কৃষিভিত্তিক উৎসৱ। খেতিৰ কামত বলধ আৰু ষাঁড় গৰুৱে লোৱা মুখ্য ভূমিকাক কেন্দ্ৰ কৰিয়েই এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ উদযাপনৰ সময় হৈছে আগষ্ট।

*****

ৰায়পুৰ জিলাৰ চুৰা উন্নয়ন খণ্ডৰ পাৰাগাঁওস্থিত এটা শিলৰ কুৱেৰীত শ্ৰমিক হিচাপে কাম কৰি আহিছে স্নাতক ডিগ্ৰীধাৰী ২৯ বছৰীয়া জগদীশ চক্ৰধাৰীয়ে। উপাৰ্জন বঢ়াবৰ বাবে জগদীশেও এনেদৰে পৰিয়ালৰ লোকসকলৰ সৈতে মিলি যোৱা ৪ বছৰ ধৰি নৈৰ বুকুত খেতি কৰি আহিছে। পৰিয়ালক সকাহ দিবৰ বাবে পঢ়ি থকা দিনৰে পৰা তেওঁ ২৫০ টকা দিনহাজিৰাত শিলৰ কুৱেৰীত কাম কৰি আহিছে।

Left: Jagdish Chakradhari sitting in his hut beside his farm.
PHOTO • Prajjwal Thakur
Right: Indraman Chakradhari in front of his farm
PHOTO • Prajjwal Thakur

বাওঁফালেঃ খেতিৰ কাষৰ জুপুৰীত বিশ্ৰাম জগদীশ চক্ৰধাৰীৰ। সোঁফালেঃ নিজৰ খেতিডৰাৰ সমুখত ইন্দ্ৰমন চক্ৰধাৰী

Left: Indraman Chakradhari and Rameshwari Chakradhari standing on their field.
PHOTO • Prajjwal Thakur
Right: Muskmelon grown on the fields of Mahanadi river
PHOTO • Prajjwal Thakur

বাওঁফালেঃ নিজৰ খেতিডৰাত ইন্দ্ৰমন চক্ৰধাৰী আৰু ৰামেশ্বৰ চক্ৰধাৰী। সোঁফালেঃ মহানদীৰ পাৰত খৰমুজৰ খেতি

তেওঁৰ পিতৃ ৫৫ বছৰীয়া শত্ৰুঘ্ন চক্ৰধাৰী, ৫০ বছৰীয়া মাতৃ দুলাৰিবাই চক্ৰধাৰী আৰু ১৮ বছৰীয়া ভনীয়েক তেজস্বাৰিয়েও মহানদীত খেতিৰ সময়ত একাণপতীয়াকৈ লাগি যায়। এই চক্ৰধাৰী পৰিয়ালটোও কুমাৰ সম্প্ৰদায়ৰেই যদিও মাটিৰ বাচন গঢ়া কাম তেওঁলোকে খুব কমেই কৰে। 'এই কামটোৰে ঘৰ চলাব নোৱাৰি,’ জগদীশৰ মন্তব্য।

৪০ বছৰীয়া ইন্দ্ৰমন চক্ৰধাৰী, পাৰাগাঁৱৰ আন এজন কুমাৰ সম্প্ৰদায়ৰ লোক। ইন্দ্ৰমনে জনোৱামতে উৎসৱৰ সময়ত দুৰ্গা আৰু গণেশৰ মূৰ্তি নিৰ্মাণ কৰি তেওঁ বছৰত অতিকমেও ১ লাখ টকা উপাৰ্জন কৰে।

'মই নিবিচাৰো মোৰ ল’ৰাটোও মোৰ দৰে খেতিয়ক হওক। সি আন বেলেগ চাকৰি বা কাম কৰিব। সি এতিয়া একাদশত পঢ়ি আছে আৰু কম্পিউটাৰো শিকিছে। মাজে মাজে সি আমাক কামত সহায় কৰি দিয়ে। কিন্তু তাক কৈছো যে এইদৰে খেতি কৰি এজনকো ভালকৈ খাবলৈ নোজোৰে,’ ইন্দ্ৰমনৰ মন্তব্য।

তেওঁৰ পত্নী ৰামেশ্বৰী চক্ৰধাৰীয়েও খেতিৰ কামলৈ আহে আৰু মাটিৰ পাত্ৰ গঢ়াৰ লগতে দেৱ-দেৱীৰ প্ৰতিমাও সাজে। 'বিয়াৰ পিছত মই দিনহাজিৰা কৰিছিলো। বেলেগৰ তাত হাজিৰানো কিমান কৰিম, এনেকৈ নিজাকৈ কাম কৰি বেছি ভাল লাগিছে,’ ৰামেশ্বৰীয়ে কয়।

Left: Indraman Chakradhari carrying the beans he has harvested from his field to his hut to store.
PHOTO • Prajjwal Thakur
Right: Rameshwari Chakradhari working in her field
PHOTO • Prajjwal Thakur

বাওঁফালেঃ বীনৰ খেতিডৰাৰ পৰা ইন্দ্ৰমন চক্ৰধাৰীয়ে এনেদৰে কঢ়িয়াই নিছে এবস্তা বীন। সোঁফালেঃ খেতিডৰাৰ মাজত কামত ব্যস্ত ৰামেশ্বৰ চক্ৰধাৰী


Left: Shatrughan Nishad in front of his farm.
PHOTO • Prajjwal Thakur
Right: Roadside shops selling fruits from the farms in Mahanadi river
PHOTO • Prajjwal Thakur

বাওঁফালেঃ ফাৰ্মৰ সমুখত শত্ৰুঘ্ন নিষাদ। সোঁফালেঃ পথৰ দাঁতিৰ দোকানত এনেদৰে বিক্ৰী হৈছে মহানদী নৈত কৰা খেতিৰ ফচল

মহাছামুণ্ড জিলাৰ ঘোদাৰী গাঁৱৰ শত্ৰুগ্ন নিষাদৰ পৰিয়ালটোৱে যোৱা তিনিটা প্ৰজন্ম ধৰি এনেকৈ নৈৰ মাজত খেতি কৰি আহিছে। নদীখনত ৫০ বছৰীয়া কৃষকজনৰ এচিটা মাটি আছে। 'মহাৰাষ্ট্ৰৰ লোক এজনে ইয়াত খৰমুজ আৰু তৰমুজৰ খেতি কৰিছিল আৰু আমি তাতেই হাজিৰা কৰিছিলো। পিছত ইয়াতেই আমি নিজাকৈ খেতি কৰিবলৈ লৈছো,’ তেওঁ কয়।

'ডিচেম্বৰত আমি সাৰ দিও, বীজ সিঁচো আৰু ফেব্ৰুৱাৰীত খেতি উঠাব পৰা হৈয়েই যায়,’ প্ৰতি বছৰে চাৰিমাহৰ বাবে ইয়াত খেতি কৰা শত্ৰুঘ্নৰ মন্তব্য।

চত্তিশগড়ৰ ৰাজধানী ৰায়পুৰ য’ত শাক-পাচলিৰ পাইকাৰী বজাৰ আছে তালৈ অঞ্চলটোৰ পৰা ৪২ কিলোমিটাৰ দূৰত্ব। উন্নয়নখণ্ডৰ কাৰ্যালয় থকা আৰাঙলৈ দূৰত্ব মাত্ৰ ৪ কিলোমিটাৰ বাবে সকলোৱে তালৈকে যাবলৈ পছন্দ কৰে। খেতিয়কসকলে গাড়ীত ৰেক হিচাপত উৎপাদিত ফচল চহৰৰ বজাৰলৈ প্ৰেৰণ কৰে। ৰায়পুৰলৈ এখন ৰেকৰ বাবে খেতিয়কসকলে ভৰিব লাগে অতিকমেও ৩০ টকা।

এনেদৰেই নৈৰ বুকুত খেতি কৰি চপোৱা ফচলেৰে মহানদীৰ দলঙৰ দুয়োপাৰে এখন অস্থায়ী বজাৰো গঢ় লৈ উঠিছে। এই বজাৰখনৰ অস্থায়ী দোকানবোৰত শাক-পাচলিৰ পৰা আৰম্ভ কৰি নানা তৰহৰ ফলমূলো উপলব্ধ।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Student Reporter : Prajjwal Thakur

Prajjwal Thakur is an undergraduate student at Azim Premji University.

Other stories by Prajjwal Thakur
Editor : Riya Behl

Riya Behl is a multimedia journalist writing on gender and education. A former Senior Assistant Editor at People’s Archive of Rural India (PARI), Riya also worked closely with students and educators to bring PARI into the classroom.

Other stories by Riya Behl
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari