বেমাৰ-আজাৰ হ’লে নদীবান্ধটোৰ কৃত্ৰিম জলাশয়েৰে দুঘণ্টাৰ নৌপথ অতিক্ৰম কৰাৰ পিছতহে ডাক্তৰৰ মুখ দেখাৰ আশা কৰিব পাৰি। অন্যথা ওখ পাহাৰ এখনৰ ওখোৰা-মোখোৰা অৰ্দ্ধনিৰ্মিত বাট এটাৰে যাব লাগিব।
কিন্তু প্ৰবা গলৰিৰ নমাহ চলি আছিল, সন্তান প্ৰসৱ কৰাৰ সময় আহি পৰিছিল।
মই কোটাগুড়া চুবুৰীটো পাওঁতে আবেলি ২ বাজিছিল, সন্তানটো নাবাচিব বুলি ভাবি চুবুৰীৰ মানুহবোৰ প্ৰবাৰ জুপুৰীটোত জুম বান্ধিছিল।
৩৫ বছৰীয়া প্ৰবাই তাইৰ প্ৰথমটো সন্তান কোলাতে হেৰুৱাইছিল, তিনিমাহ হৈছিল মাত্ৰ। তেওঁৰ জীয়ৰীজনীৰ বয়স এতিয়া ছবছৰ। বিশেষ একো অসুবিধা নোহোৱাকৈ দুয়োটা শিশুৰে জন্ম ধাইৰ সহায়ত ঘৰতে হৈছিল। ধাই হৈছে পৰম্পৰাগতভাৱে প্ৰসৱৰ সময়ত সহায় কৰি মহিলা। কিন্তু এইবাৰ ধাইৰো দোধোৰ-মোধোৰ অৱস্থা, চাই-চিতি কামটো জটিল হ’ব বুলি তেওঁলোকে বুজি লৈছিল।
সিদিনা মই বাতৰি এটাৰ সন্ধানত কাষৰে গাওঁ এখনত আছিল। তেনেতে মোৰ ফোনটো বাজি উঠিল। বন্ধু এজনৰ মটৰ চাইকেলখন লৈ (মোৰ স্কুটিখনে তেনে ওখোৰা-মোখোৰা বাট বুলিব নোৱাৰিব) ওড়়িশাৰ মলকানগিৰি জিলাৰ অতি বেছি ৬০ জনমান মানুহৰ জনবসতি থকা কোটাগুড়া চুবুৰীলৈ ৰাওনা হ’লো।
চিত্ৰকূট ব্লকত থকা চুবুৰীটো ভাৰতৰ মূল ভূভাগৰ আন আদিবাসী অধ্যূষিত অঞ্চলৰ দৰে দুৰ্গম হোৱাৰ উপৰিও নক্সাল সংগ্ৰামী আৰু ৰাজ্যৰ সুৰক্ষা বলৰ মাজত সঘন সংঘৰ্ষৰো সাক্ষী। ইয়াৰে ভালেমান ঠাইত ৰাস্তা-ঘাট আৰু আন আন্তঃগাঁথনিও তেনেই পুতৌলগা।












