গুলাব আৰু শ্বেহজাদে তেওঁলোকৰ ভেল্কীবাজি আৰম্ভ কৰাৰ পূৰ্বে ডাঙৰকৈ চিঞৰে, ‘‘হুৰুক বম বম খেলা!’’ এয়া তেওঁলোকৰ ‘আবৰা কা দাবৰা’ৰ নিজা বঙালী সংস্কৰণ আৰু ইয়াৰ জৰিয়তে তেওঁলোকে পুৰুষ, মহিলা আৰু শিশুৰ প্ৰায় ৮০-৯০ জনীয়া দৰ্শকৰ এটা দল একত্ৰিত কৰে৷ তাৰ পিছত দুয়ো ভাই-ককাইৰ ডাঙৰজন অৰ্থাৎ গুলাবে দৰ্শকৰ মাজৰ মিণ্টু হালদাৰক সহায় কৰিবলৈ মাতে৷ সাহসেৰে আগবাঢ়ি আহে মিণ্টু৷ আৰু এনেদৰে আৰম্ভ হয় ভেল্কীবাজি৷

গুলাবে ভায়েক শ্বেহজাদক অদৃশ্য কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ শীঘ্ৰেই অদৃশ্য হ’বলগীয়া সহোদৰজনে এখন ডাঙৰ জালত বহে, সেই সময়তে মিণ্টুৱে জালখনৰ খোলা মূৰকেইটা শ্বেহজাদৰ মূৰলৈ দাঙি বান্ধিবলৈ ধৰে৷ গুলাবে দুটা মূৰ খোলা বাকচ এটা শ্বেহজাদৰ ওপৰত ৰাখে আৰু কাপোৰেৰে ঢাকি দিয়ে৷ দৰ্শকে উৎসুক হৈ ৰয় আৰু অপেক্ষা কৰে কি হয় চাবলৈ।

ইয়াৰ পিছত গুলাবে জন্তুৰ হাঁড় এডাল বাকচটোৰ ওপৰত ঘূৰাই ‘মন্ত্ৰ’ উচ্চাৰণ কৰি বাকচটো অন্তৰ্ধান কৰিবলৈ নেদেখাজনক আহ্বান জনায়, ‘‘আৰ্ঘাৎ খোপড়ি মাৰ্ঘাৎ মাছান, বাচ্ছা কে লেয়াজা তেলিয়া মাছান৷’’  পৰৱৰ্তী পৰ্যায়ত তেওঁ মিণ্টুক বাকচটোৰ প্ৰতিটো কোণ হাতেৰে চুই অনুভৱ কৰিবলৈ কয়৷ মিণ্টুৱে কোৱা মতে কৰে আৰু বাকচটো হৈ পৰে ‘‘খালী’’৷ শ্বেহজাদ অদৃশ্য হৈ পৰে৷

‘‘মই আপোনালোকৰ পৰা শুনিবলৈ বিচাৰোঃ এই ল’ৰাটোৱে বেয়া সময় আহিছে নেকি? মই সকলোৰে পৰা উত্তৰ বিচাৰোঃ হয়নে নহয়?’’ গুলাবে সোধে৷ দৰ্শকে এতিয়া এইবুলি সন্মত হয় যে অদৃশ্য শ্বেহজাদৰ সঁচাকৈয়ে বেয়া সময় আহিছে৷

'মই আপোনালোকৰ পৰা শুনিবলৈ বিচাৰোঃ এই ল’ৰাটোৰ বেয়া সময় আহিছে নেকি?' গুলাবে সোধে৷ দৰ্শকে এতিয়া এইবুলি সন্মত হয় যে অদৃশ্য শ্বেহজাদৰ সঁচাকৈয়ে বেয়া সময় আহিছে

ভিডিঅ’ চাওকঃ ‘তেওঁ ইয়াতে আছে নে অদৃশ্য হৈছে ?’

এই কৌশলটো এই অভিনয়ৰ অংশ যাক ৩৪ বছৰীয়া গুলাব শ্বেইখ আৰু ১৬ বছৰীয়া শ্বেহজাদে দৰ্শকৰ সন্ধানত এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যাত্ৰা কৰাৰ সময়ত মুকলি পথাৰত বা পথৰ দাঁতিত প্ৰদৰ্শিত কৰিছিল। অক্টোবৰৰ শেষৰফালে যেতিয়া মই তেওঁলোকক দেখিছিলো, তেওঁলোকে পশ্চিমবংগৰ হুগলী জিলাৰ পাণ্ডুৱা চহৰৰ পৰা নাদিয়া জিলাৰ তেহাট্টা গাঁৱলৈ আহিবলগীয়া হৈছিল৷ ‘‘আমাৰ পূৰ্বপুৰুষসকলে এই কাম কৰিছিল আৰু আমিও কৰি আছো,’’ ২০ বছৰ ধৰি ভেল্কীবাজি দেখুৱাই অহা গুলাবে এই দৰে কয়৷ শ্বেহজাদে চাৰি বছৰ আগেয়ে তেওঁৰ সৈতে যাদু দেখুওৱা আৰম্ভ কৰিছে৷

যেতিয়া মই দূৰৈৰ পৰা তেওঁলোকৰ ডম্বৰুৰ শব্দ শুনিছিলো, মই ভাবিছিলো কোনো বান্দৰ নচুওৱা লোকে তেওঁৰ বাদ্যযন্ত্ৰ আৰু প্ৰশিক্ষণপ্ৰাপ্ত বান্দৰৰ সৈতে কৌশল দেখুৱাই আছে৷ কিন্তু তাৰ পৰিৱৰ্তে খোলা পথাৰত এখন জালত বন্ধা অৱস্থাত থকা ল’ৰাজনক দেখি আচৰিত হৈছিলো৷ মই তেওঁলোকক আশ্বস্ত কৰিছিলো যে তেওঁলোকৰ গোপন কৌশল কোনো কাৰণতে ফাদিল নহ’ব৷ স্বস্তিৰ উশাহ লৈ তেওঁলোকে মোক তেহাট্টাৰ দুট্টা পাৰা অঞ্চলত তেওঁলোকৰ পৰৱৰ্তী প্ৰদৰ্শনীৰ সংগী হ’বলৈ অনুৰোধ কৰিছিল৷

প্ৰদৰ্শনীৰ সময়ত গুলাবে দৰ্শকসকলক ব্যস্ত ৰাখিবলৈ বিভিন্ন খুহুতিয়া কথা কোৱাৰ লগতে ধৰ্ম তথা অন্যান্য বিষয়ৰো অৱতাৰণা কৰে৷ সেই অদৃশ্য হোৱাৰ অভিনয়ৰ মাজতে তেওঁ কৈ যায়, ‘‘যাক ঈশ্বৰে সন্তান দিয়া নাই কেৱল তেওঁহে ক’ব যে এই ল’ৰাটোৰ সময় বেয়া হোৱা নাই৷ ল’ৰাজন সূৰ্যৰ প্ৰখৰ তাপত দগ্ধ হৈছে৷ আধা ঘণ্টা পৰ্যন্ত মাটিত পৰি আছে৷ ইমান ডাঙৰ এজন ল’ৰা এখন সৰু জালত ৭-৮ মিনিটৰ বাবে বন্ধা আছে৷ যদি আপোনালোকে আন এজন ল’ৰাক এনেদৰে বান্ধি থ’লেহেঁতেন, ইমান সময়ে তেওঁৰ উশাহ-নিশাহ বন্ধ হৈ গ’লহেঁতেন অথবা ডিঙি বেঁকা গৈ গ’লহেঁতেন৷ কিন্তু এই ল’ৰাজনে নিজকে এনেদৰে কিয় বান্ধি ৰাখিছে জানে নে- ভোকৰ বাবে৷’’

প্ৰদৰ্শনীৰ মাজতে গুলাবে তেওঁলোকৰ কঠিন সময়বোৰৰ বিষয়ে কৈ যায় আৰু নিৰ্দিষ্ট ব্যৱধানৰ মূৰে মূৰে বাঁহীও বজায়৷ আন এটা গম্ভীৰ সময়ত তেওঁ দৰ্শকক সোধে, ‘‘মই কিয় এই অভিনয় কৰো?’’ নিজৰ প্ৰশ্নৰ উত্তৰ নিজেই দি তেওঁ কয়, ‘‘ভোকৰ বাবে ৷’’

শ্বেহজাদে প্ৰদৰ্শনীৰ অধিকাংশ সময় (সম্ভৱতঃ) বাকচটোৰ ভিতৰতে থাকে৷

Gulab Shaikh performing street magic
PHOTO • Soumyabrata Roy

তেহাট্টা গাঁৱত অন্তৰ্ধানৰ কৌশলৰ এই সময়ছোৱাত গুলাব শ্বেইখে একত্ৰিত হোৱা দৰ্শকসকলৰ সৈতে কথা পাতি থাকে৷ দুয়ো ভায়েক-ককায়েকে শেষত বাইচাইকেলৰ টায়াৰ এডাল সৰু সাপলৈ ৰূপান্তৰিত কৰে – আৰু এয়া তেওঁলোকৰ এই কাৰবাৰ বিশ্বাস নকৰি নোৱাৰি

অভিনয়ৰ শেষত দুয়ো ভায়েক-ককায়েকে বাইচাইকেলৰ টায়াৰ এডাল সৰু, বিষ নথকা ‘সাপ’লৈ ‘ৰূপান্তৰিত’ কৰে- এয়া তেওঁলোকে অতিশয় বিশ্বাসযোগ্যতাৰে কৰে ৷ শেষত গুলাবে বাঁহীত এটা জনপ্ৰিয় বঙালী গীতৰ সুৰ তুলি অভিনয়ৰ সামৰণি মাৰে৷

এতিয়া দৰ্শকৰ পৰা ধন সংগ্ৰহ কৰাৰ সময়৷ ধন সংগ্ৰহ কৰি থাকোতে গুলাবে কৈ যায়, ‘‘মই ভোকৰ বিষয়ে কৈছো, কিন্তু অনুগ্ৰহ কৰি কোনেও যাতে এৰি নাযায়… যদি আপোনালোকে এই অভিনয় বুজি পাইছে (ইয়াৰ অৰ্থ), তেন্তে ইয়াৰ মূল্য ৫০০ টকা হ’ব পাৰে, আৰু যদি আপোনালোকে এয়া বুজি পোৱা নাই, তেন্তে ইয়াৰ মূল্য পাঁচ পইচাও নহয়৷ এই এঘণ্টাৰ প্ৰদৰ্শনীৰ বাবে মই আৰু মোৰ ভাইটিয়ে বহুত কষ্ট কৰিছো৷ আমি এই যাদু কৌশল দেখুৱাবলৈ দৰ্শক গোটাইছো আৰু তেওঁলোকৰ বাবে বাঁহীও বজাইছো৷ মই সকলোকে সন্তুষ্ট কৰিব পাৰিছো নে নাই? মই আপোনালোকৰ পৰা জানিব বিচাৰিছো৷’’

দৰ্শকৰ প্ৰত্যেকেই যাদুকৰক মাননি নিদিয়ে৷ মোক গুলাব আৰু শ্বেহজাদে কোৱা মতে তেওঁলোকে দৈনিক প্ৰায় ৩ৰ পৰা ৪ ঘণ্টা যাদু প্ৰদৰ্শনী কৰি সামৰণি মৰাৰ পিছত কেতিয়াবা মুঠ ৫০০ টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হয়৷ প্ৰতিজন দৰ্শকেই ২০ টকাকৈ দিয়াটো তেওঁলোকে আশা কৰে আৰু যদি কোনোবাই ইয়াতকৈ অধিক ধন দিয়ে, তেতিয়া তেওঁলোকে অতিৰিক্ত টকাখিনি উভতাই দিয়ে৷ এয়া তেওঁলোকৰ ৰীতিৰ দৰে – তেওঁলোকে কেৱল ন্যূনতমখিনিহে বিচাৰে৷ ‘‘প্ৰতিখন ভাতৰ প্লেটৰ দাম ২০ টকা,’’ শ্বেহজাদে কয়৷

ক’ভিড-১৯ মহামাৰী আৰু যাতায়াত তথা জনতাৰ ভিৰৰ নিষেধাজ্ঞাই তেওঁলোকৰ জীৱিকাত প্ৰভাৱ পেলাইছিল নেকি? গুলাবে কয়, ‘‘প্ৰথম চাৰিমাহ লকডাউনৰ বাবে আমি ঘৰৰ বাহিৰলৈ ওলাব পৰা নাছিলো৷ মই এতিয়াও ঋণৰ বোজা কঢ়িয়াই ফুৰিছো৷’’

কিন্তু গুলাব আৰু শ্বেহজাদে যদি তেওঁলোকৰ জীৱিকা আৰু ঘৰ চলাই ৰাখিবলৈ হ’লে তেওঁলোকে এই যাদু প্ৰদৰ্শনী অব্যাহত ৰাখিব লাগিব৷ প্ৰদৰ্শনী সমাপ্ত কৰাৰ পূৰ্বে তেওঁলোকে দৰ্শকলৈ অনুৰোধ কৰে, ‘‘প্ৰত্যেকেই মোক সহায় কৰিব, সকলোৱে মিলি, কিন্তু টকাৰে নহয়,’’ গুলাবে কয়৷ ‘‘ঈশ্বৰে হাত চাপৰি বজাবলৈ আপোনালোকক দুখন হাত দিছে!’’ দৰ্শকসকলে হাত চাপৰিৰে উপচাই দিয়ে আৰু দুয়োগৰাকী ভায়েকে মূৰ দোৱাই অভিবাদন গ্ৰহণ কৰে৷

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Soumyabrata Roy

Soumyabrata Roy is a freelance photojournalist based in Tehatta, West Bengal. He has a Diploma in Photography (2019) from the Ramakrishna Mission Vidyamandira, Belur Math (University of Calcutta).

Other stories by Soumyabrata Roy
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder