এক নিৰ্জন স্থান ধনুষকোড়ি হৈছে ভাৰতৰ দক্ষিণ উপকূলত, বংগোপসাগৰ আৰু তামিলনাডুৰ ভাৰত মহাসাগৰৰ সীমাত বগা বালিৰে আবৃত এক দূৰৱৰ্তী ভূমি। ১৯১৪ চনৰ আশে পাশে ব্ৰিটিছে ইয়াক এটা বন্দৰ হিচাপে বিকশিত কৰিছিল, যি পিছলৈ তীৰ্থযাত্ৰী, পৰ্যটক, মাছমৰীয়া, ব্যৱসায়ী আদিৰ সৈতে এখন ডাঙৰ চহৰলৈ পৰিণত হৈছিল।

অৰ্ধ শতিকাৰ পিছত, ১৯৬৪ চনত, ২২ ডিচেম্বৰৰ মাজনিশা আৰম্ভ হোৱা এক তীব্ৰ ঘূৰ্ণীবতাহে ২৫ ডিচেম্বৰৰ সন্ধিয়ালৈকে তাণ্ডৱ চলাইছিল আৰু ৰামনাথপুৰম জিলাৰ ৰামেশ্বৰম তালুকৰ এই বন্দৰ চহৰখন ধ্বংস কৰি পেলাইছিল। ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা উচ্চ ঢৌৱে সমগ্ৰ চহৰখন সমতল কৰি পেলাইছিল আৰু ১,৮০০ ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছিল। প্ৰায় ৩০ কিলোমিটাৰ দূৰত, পাম্বানৰ পৰা ১০০ জন লোকক কঢ়িয়াই অনা ৰে’লখন সম্পূৰ্ণৰূপে পানীত ডুব গৈছিল।

ঘূৰ্ণীবতাহৰ পিছত, ঠাইখনক 'ভূতৰ চহৰ' বা 'বাস কৰাৰ বাবে অনুপযুক্ত স্থান' বুলি কোৱা হৈছিল আৰু সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছিল। অৱশ্যে, প্ৰায় ৪০০টা মাছমৰীয়াৰ পৰিয়ালে (স্থানীয় পঞ্চায়ত নেতাৰ গণনা অনুসৰি) এতিয়াও ধনুষকোড়িত বাস কৰি আছে আৰু এই পতিত ভূমিক তেওঁলোকে নিজৰ একমাত্ৰ ঘৰ বুলি বিবেচনা কৰে। যিসকল লোক ঘূৰ্ণীবতাহৰ পৰা বাচি গৈছিল তেওঁলোকে যোৱা ৫০ বছৰ ধৰি ইয়াত বিদ্যুৎ, শৌচালয় আৰু খোৱা পানী অবিহনে বাস কৰি আহিছে।

PHOTO • Deepti Asthana

ঘূৰ্ণীবতাহৰ সময়ত সম্পূৰ্ণৰূপে পানীত ডুব যোৱা ৰে ’লখন; মামৰ খোৱা ৰে’লপথবোৰ এতিয়াও ৰাস্তাৰ কাষত পৰি আছে আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে

PHOTO • Deepti Asthana

ধনুষকো ড়ি ৰামেশ্বৰমৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰৈত। পৰ্যটক আৰু তীৰ্থযাত্ৰীসকল ইয়ালৈ  সাগৰৰ পাৰৰ বালিময় ভূমিত চলা ভ্যানেৰে আহে। চৰকাৰে ইয়াত নতুন আৰু ভাল পথ নিৰ্মাণ কৰিব বিচাৰিছে যাতে যোগাযোগ ব্যৱস্থা উন্নত হয় আৰু অধিক সংখ্যক লোক ইয়ালৈ আহিব পাৰে

PHOTO • Deepti Asthana

শৌচালয় আৰু স্নানাগাৰ সমূহ অস্থায়ী কুটিৰত নিৰ্মাণ কৰা হৈছে। শৌচ কৰিবলৈ লোকসকলে বালিত বা জোপোহাৰ পিছফালে যায়, তাৰে মাজতে তেওঁলোকে সদায় সাগৰৰ ঢৌত বৈ অহা পোক-পতংগ, সাপ বা শক্তিশালী প্ৰবালক ভয়ো কৰে। কালিয়াৰচিয়ে মোক কয় যে প্ৰতি সপ্তাহে তেওঁ আৰু আন-আন মহিলাসকলে খোৱা আৰু ঘৰুৱা ব্যৱহাৰৰ পানীৰ বাবে নিজৰ হাতেৰে ৩-৪ ফুট দ গাঁত এটা খান্দে (যদি গাঁতটো ইয়াতকৈ অলপ দ হয়, নিমখীয়া পানীও ইয়াত সোমাই যায়)

PHOTO • Deepti Asthana

পৰ্যাপ্ত অনাময় সুবিধাৰ অভাৱত গাওঁখনৰ মহিলাসক লে কেতিয়াবা পথৰ কাষত মুকলিকৈ গা ধুবলৈ বাধ্য হয়। 'আমাক পৰিত্যক্ত কৰা হৈছে; আমি কিদৰে জীয়াই আছো কোনেও আহি ইয়াত নোসোধে,' তেওঁলোকে এইদৰে কয়

PHOTO • Deepti Asthana

৭৮ বছৰীয়া চায়াদে ঘূৰ্ণীবতাহত তেওঁৰ স্বামীক হেৰুৱাইছিল। তেওঁ চৰকাৰৰ পৰা কোনো সহায় পোৱা নাই, তথাপিও তেওঁ ইয়াত বাস কৰি আছে। তেওঁ ইয়াত নিজৰ ঘৰ আৰু এখন চাহৰ দোকান নিৰ্মাণ কৰিছে য'ত তেওঁ ধ্বংসাৱশেষ চাবলৈ অহা পৰ্যটকসকলক চাহ খুৱায় – এই ধ্বংসাৱশেষৰ ভিতৰত আছে এটা গীৰ্জা আৰু এটা ভঙা ৰে’লপথ। মাত্ৰ কেইদিনমান পূৰ্বে তেওঁ আৰু ইয়াত বাস কৰা আন লোকসকলে চৰকাৰৰ পৰা তেওঁলোকৰ ঘৰ খালী কৰিবলৈ দিয়া জাননী পাইছে, তেওঁলোকৰ পুনৰ্সংস্থাপনৰ কথা কিন্তু ক’তো উল্লেখ নাই। চৰকাৰে পৰ্যটনৰ বাবে ধনুষকোড়ি 'বিকশিত' কৰিব বিচাৰে

PHOTO • Deepti Asthana

৩৪ বৰ্ষীয় এ. জাপিয়াম্মালে জীৱিকাৰ বাবে শুকান মাছ বিক্ৰী কৰে। তেওঁৰ স্বামী এজন মাছমৰীয়া। তেওঁলোকেও ঘৰটো খালী কৰিবলৈ জাননী পাইছে। ইয়াত মাছ মৰা সম্প্ৰদায় পৰম্পৰাগতভাৱে বতাহ, তৰা আৰু পানীৰ ঢৌ অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰে। ইমান বছৰ ইয়াত বাস কৰাৰ পিছত জাপিয়াম্মাল আৰু আনসকলৰ বাবে এই ভূমি এৰি আন ঠাইত মাছ ধৰাৰ নতুন উপায় শিকাটো কঠিন হৈ পৰিব

PHOTO • Deepti Asthana

৩৫ বছৰ ধৰি এই অনুৰ্বৰ ভূমিত বাস কৰি অহা ৫০ বৰ্ষীয় এম মুনিয়াস্বামীয়ে কয় যে তেওঁ প্ৰায় এবছৰ আগতে সৌৰ শক্তি লাভ কৰিছিল। ইয়াক কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত বিনামূলীয়াকৈ দিয়া উচিত আছিল, কিন্তু এটা স্থানীয় সংগঠনে মুনিয়াস্বামীৰ পৰা ২,০০০ টকা লৈছিল ৷ সেইসময়ত এজন মধ্যভোগীয়ে তেওঁক আৰু আন কেইবাজনো লোকক প্ৰতাৰণা কৰিছিল। ইয়াত বহুলোকে এতিয়াও সৌৰ লাইটৰ বাবে অপেক্ষা কৰি আছে; সেই পৰ্যন্ত তেওঁলোকে তেল জ্বলোৱা চাকিৰে কাম চলাই আহিছে – যাৰ বাবে তেওঁলোকে প্ৰতি লিটাৰত ৬০ টকাত ৰামেশ্বৰমৰ পৰা কেৰাচিন তেল ক্ৰয় কৰিবলগীয়া হয়

PHOTO • Deepti Asthana

শ্ৰীলংকাৰ সীমা ইয়াৰ পৰা মাত্ৰ ১৮ নটিকেল মাইল (৩৩ কিমি) দূৰৈত আৰু এই অঞ্চলটোত শ্ৰীলংকাৰ নৌসেনাৰ উপস্থিতি যথেষ্ট। ধনুষকোড়িৰ মাছমৰীয়াসকলে সদায় ভয় কৰে যে যদি তেওঁলোক সীমান্ত অঞ্চলৰ ওচৰলৈ যায়, তেওঁলোক হয়তো ধৰা পৰিব পাৰে। সঠিক জিপিএছ ডিভাইচ আৰু প্ৰশিক্ষণ অবিহনে তেওঁলোকে সীমাৰ সঠিক অৱস্থান জনাত সক্ষম নহয়। ধৰা পৰাৰ অৰ্থ হৈছে তেওঁলোকৰ নাও আৰু মাছ ধৰা জাল হেৰুওৱা – যি হৈছে তেওঁলোকৰ জীৱিকাৰ সম্পূৰ্ণ । এয়া প্ৰায়েই হয়

PHOTO • Deepti Asthana

ধনুষকো ড়িত মাত্ৰ এখন চৰকাৰী বিদ্যালয় আছে আৰু যদি এটা শিশুৱে পঞ্চম শ্ৰেণীৰ পিছত অধ্যয়ন অব্যাহত ৰাখিব খোজে তেন্তে তেওঁ ইয়াৰ পৰা ২০ কিলোমিটাৰ দূৰৈৰ ৰামেশ্বৰমলৈ যাবলগীয়া হয়। বেছিভাগ শিশুৰ অভিভাৱকে বিদ্যালয়ৰ মাচুল আৰু অহা-যোৱাৰ ভাড়া বহন কৰিবলৈ অক্ষম

PHOTO • Deepti Asthana

অতিৰিক্ত উপাৰ্জনৰ বাবে মহিলা আৰু শিশু বোৰে পুতলা আৰু শামুক বিক্ৰী কৰা সৰু দোকান খুলিছে। ছেইণ্ট এণ্টনি গীৰ্জাৰ ধ্বংসাৱশেষ পিছফালে দৃশ্যমান

PHOTO • Deepti Asthana

ধনুষকো ড়ি হিন্দুসকলৰ বাবে এক ধৰ্মীয় স্থান – লোকবিশ্বাস অনুসৰি ৰামসেতু দলং ইয়াৰ পৰাই আৰম্ভ হৈছিল। ধৰ্মীয় গ্ৰন্থত লিখা আছে যে ভগৱান ৰামে ৰাৱণৰ লংকাত প্ৰৱেশ কৰিবলৈ তেওঁৰ ধনুৰ এটা মূৰেৰে এফালৰ পৰা এই ঠাইলৈ এডাল ৰেখা আঁকিছিল যাতে তাত এখন দলং (সেতু) নিৰ্মাণ কৰিব পৰা যায়। সেয়েহে এই ঠাইখনৰ নাম হ’ল ধনুষকোড়ি আছিল যাৰ অৰ্থ হৈছে 'ধনুৰ কাষ'। ৰাজ্য চৰকাৰে এতিয়া ইয়ালৈ অধিক পৰ্যটক অনাৰ পৰিকল্পনা কৰিছে আৰু প্ৰকল্পটোত দুটা ঘাটৰ নিৰ্মাণো অন্তৰ্ভুক্ত আছে। কিন্তু প্ৰকল্পটোত স্থানীয় মাছমৰীয়াসকলক বাদ দিয়া দেখা গৈছে যিসকল বাসিন্দাই দীৰ্ঘদিন ধৰি এই উপকূলীয় সীমান্তত বাস কৰি আহিছে

PHOTO • Deepti Asthana

ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকসকলৰ স্মৃতিত এই স্মাৰকটো দানৰ ধনেৰে নিৰ্মাণ কৰা হৈছিল


অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Deepti Asthana

Deepti Asthana is an independent photographer from Mumbai. Her umbrella project ‘Women of India’ highlights gender issues through visual stories of rural India.

Other stories by Deepti Asthana
Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder