এই স্থান য’ত চম্বত নাৰায়ন জংগলখন নীৰৱ হৈ পৰি আছে, নিশকতীয়া শ্ৰীবৃদ্ধিহীন কপাহৰ খেতিৰে পথাৰবোৰ ভৰি আছে।
মহাৰাষ্ট্ৰৰ এই অঞ্চলখিনিক হলকি জমীন বা ওখ পথাৰ বুলি কোৱা হয়। সেউজীয়া পাহাৰৰ তিলাই কপাহ খেতিৰ এই পৃষ্ঠভুমিক এক সুন্দৰ ৰূপ দিছে, এই সকলো মাটি অন্ধ ফৈদৰ লোকৰ মাটি, গাঁৱৰ পৰা দূৰত থকা একাষৰীয়া খেতিমাটি।
গছৰ পাতেৰে বনোৱা চালিখনে চম্পতক ৰ’দ-বৰষুণৰ পৰা ৰেহাই দিছিল, যিকেইটা দিন তেওঁ বনৰীয়া গাহৰিৰ পৰা নিজৰ খেতিখন বচাবলৈ কঢ়া নজৰ ৰাখিছিল। তেওঁৰ চুবৰীয়াসকলে কোৱা মতে তেওঁ সদায়েই এইখিনি ঠাইত ৰৈ থাকিছিল।
এই চালিখনৰ পৰা ৪০ বছৰ বয়সীয়া অন্ধ জনজাতীয় খেতিয়ক চম্পতে নিশ্চয়কৈ তেওঁৰ খেতিখনৰ সম্পূৰ্ণ ছবি দেখিছিল। তেওঁ তাৰপৰাই ফলবিহীন গছবোৰ, আঠুলৈকে হোৱা নিশকতীয়া বুটমাহৰ খেতি আৰু সীমাহীন ক্ষতিৰ ছবিখন ভালকৈয়ে দেখিছিল।
দুমাহ পিছত যেতিয়া খেতি চপাবৰ হ’ব, এইখন খেতিৰ পৰা চপাবলৈ একো নাথাকিব। তেওঁৰ ঋণৰ বোজা আছিল, পৰিয়ালৰ খৰছৰ কথা আছিল। হাতত এটকাও নাছিল।
















