আজি পুনৰবাৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াই বিশ্ব অনুবাদ দিৱস আৰু আমাৰ অনুবাদকৰ গোট, যিটো যিকোনো সাংবাদিকতাৰ ৱেবছাইটৰ আটাইতকৈ উৎকৃষ্ট গোট বুলি আমি বিশ্বাস কৰো, তাকে লৈ এই দিৱস বিশেষত আনন্দ প্ৰকাশ কৰিছে। মই যিমানদুৰ বুজি পাইছো, শুধৰাই দিলে মই ভালেই পাম, পাৰি হৈছে বিশ্বৰ আটাইতকৈ বেছি ভাষাৰে সমৃদ্ধ বহুভাষিক সাংবাদিকতাৰ ৱেবছাইট। এই ১৭০ জন অনুবাদকলৈ ধন্যবাদ দিব লাগিব যে পাৰিয়ে ১৪ টা ভাষাত প্ৰতিবেদনসমূহ প্ৰকাশ কৰি আহিব পাৰিছে। নিশ্চয়কৈ এনে সংবাদগোষ্ঠীও আছে যিয়ে ৪০ টালৈকে ভাষাত প্ৰতিবেদন প্ৰকাশ কৰে, কিন্তু তেওঁলোকৰ মাজত ভাষিক প্ৰাধান্যৰ এক নিকপকপীয়া অনুক্ৰম আছে। কিছুমান মাতৃভাষাই তাত আনবোৰতকৈ বহুত কম গুৰুত্ব লাভ কৰে।

তদুপৰি আমি এনে এক নীতিৰে প্ৰতিবেদনবোৰ প্ৰকাশ কৰোঁ যে ‘প্ৰতিটো ভাৰতীয় ভাষাই আপোনাৰ ভাষা’ । মানে প্ৰতিটো ভাষাৰ সমান মৰ্য্যাদাৰে বিবেচনা কৰা হয়। এখন প্ৰতিবেদন যদি এটা ভাষাত প্ৰকাশ পায়, তাক গোটেই ১৪ টা ভাষাত প্ৰকাশ কৰাটো আমাৰ কাম। এইবছৰ পাৰিৰ মাতৃভাষাৰ পৰিয়ালৰ নতুন সদস্য হৈছে চত্তীশগড়ী। ভাষাৰ এই দীঘলীয়া শাৰীত পৰৱৰ্তীবাৰ ভোজপুৰী ভাষা অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তুতি চলি আছে।

ভাৰতীয় ভাষাবোৰ প্ৰচাৰ কৰাটো সামগ্ৰিকভাৱে সামাজিক দিশৰ পৰাও অতিকৈ আৱশ্যকীয় বুলি আমি ভাবো। ভাষিক বৈচিত্ৰতাই এই দেশখনক প্ৰাচুৰ্য্যৰে ভৰপূৰ কৰিছে, সেই পুৰণি কথা এষাৰ যে আছে, এইখন দেশত প্ৰতি তিনি-চাৰি কিলোমিটাৰত পানীৰ সোৱাদ ভিন্ন - ঠিকে একেদৰে ১২-১৫ কিলোমিটাৰ ব্যৱধানত ভাষাও হৈ পৰে ভিন্ন।

কিন্তু আমি তাকে লৈ আত্মসন্তুষ্টি লভি বহি থকাৰ দিন আৰু নাই। তাকো এনে এটা সময়ত, যেতিয়া ভাৰতীয় লোকভাষা সমীক্ষাই আমাক কয় যে ৮০০ৰ ওচৰা-উচৰি জীৱিত ভাষাৰে সমৃদ্ধ এইখন দেশত যোৱা ৫০ টা বছৰত ২২৫ টা ভাষা বিলুপ্ত হৈছে। তাকো এনে এটা সময়ত, যেতিয়া ৰাষ্ট্ৰসংঘই দাবী কৰিছে যে এইটো শতিকাৰ শেষৰফালে বিশ্বৰ পৰা কথিত ভাষাৰ ৯০ৰ পৰা ৯৫ শতাংশই বিলুপ্ত হৈ যাব বা গুৰুতৰভাৱে বিলুপ্তিৰ দিশে আগবাঢ়িব। তাকো এনে এটা সময়ত, যেতিয়া বিশ্বৰ প্ৰত্যেকটো পষেকত একোটাকৈ থলুৱা ভাষাৰ মৃত্যু ঘটে।

A team of PARI translators celebrates International Translation Day by diving into the diverse world that we inhabit through and beyond our languages

এটা ভাষাৰ যেতিয়া মৃত্যু ঘটে, তেতিয়া তাৰ লগত আমাৰ সমাজ, আমাৰ সংস্কৃতি আৰু আমাৰ ইতিহাসৰো এটা অংশৰ মৃত্যু ঘটে। ভাষাটোৰ লগতে স্মৃতি, সংগীত, গীত-মাত, প্ৰবাদ-প্ৰবচন, মৌখিক সাহিত্য আৰু জীৱন ধাৰণৰ শৈলী এটাৰো মৃত্যু ঘটে। সম্প্ৰদায় এটাৰ বিশ্বৰ সৈতে সংগতি ৰাখি চলি থকা আৰু যোগাৰোগ ৰক্ষা, নিজৰ পৰিচয় আৰু মৰ্য্যাদা নাইকিয়া হয়। দেশখনৰ ইতিমধ্যেই বিপদাপন্ন হৈ পৰা বৈচিত্ৰতাক ই আৰু বেছি খৰকৈ সংকটৰ দিশে লৈ যায়। আমাৰ পৰিস্থিতিতন্ত্ৰ, জীৱিকা আৰু গণতন্ত্ৰ আদি আমাৰ ভাষাৰ ভৱিষ্যতৰ সৈতে ওতঃপ্ৰোতঃভাৱে সাঙুৰ খাই আছে। ভাষাই যি বিবিধতাৰ সম্ভাৰ আনে, সেয়া অমূল্য, কিন্তু সেই ভাষাবোৰৰেই অৱস্থা আজি উদ্বেগজনক।

পাৰিয়ে ভাৰতীয় ভাষাবোৰ উদযাপন কৰে প্ৰতিবেদন, কবিতা আৰু গীতৰ যোগেদি। সিবোৰৰ অনুবাদৰ যোগেদি। গ্ৰামীণ ভাৰতৰ চুক-কোণৰ উপান্ত শ্ৰেণীৰ লোকৰ স্বকীয় ভাষাৰ পৰা আমি ভাষা-সাহিত্যৰ বহু মূল্যৱান ভাণ্ডাৰ পাইছো। এই সম্ভাৰে আকৌ আমাৰ একাণপতীয়া অনুবাদকৰ হাতত নিজ নিজ ভাষাৰ কালিকা আৰু স্বকীয়তাৰে ন ন ৰূপ লাভ কৰিছে। এইবোৰ ভাৰতীয় ভাষাৰ পৰা ইংৰাজীলৈ কৰা একমুখী অনুবাদ নহয়। পাৰিৰ ভাষাভিত্তিক জগতখনত বৈচিত্ৰতাৰ এক বহল ধাৰণা শিপাই আছে।

আমাৰ পাৰিৰ অনুবাদকৰ গোটটোৱে এই দেশৰ বিস্ময়কৰ প্ৰাচুৰ্য্যক এধানমান ৰূপত হ’লেও প্ৰতিনিধিত্ব কৰে। গোটটোৱে সম্প্ৰতি কাম কৰি থকা অসমীয়া, বাংলা, চত্তীশগড়ী, হিন্দী, গুজৰাটী, কান্নাড়া, মালায়লম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল, তেলেগু আৰু উৰ্দু এই প্ৰতিটো ভাষাৰে একোটা সৰু সৰু বাখৰ তুলি আনি আপোনাৰ আগত দাঙি ধৰিছে। আমি আশা কৰিছো আপোনালোকে বৈচিত্ৰতাৰ মাজৰ এই ঐক্য অন্তঃকৰণৰে উপভোগ কৰিব, তাৰ বাৰেৰহনীয়া ৰূপ হৈ পৰিব আপোনাৰ আনন্দৰ উৎস।

‘দেশ ৰাখিব লাগিব’ শীৰ্ষক কবীন ফুকনৰ এই কবিতাটোত কবিৰ দেশৰ ধাৰণা সৰ্বাত্মক। দেশ মানে তেওঁৰ দৃষ্টিত দেশৰ মানুহ, ভুগোল, ইতিহাস, কলা আৰু দেশখনৰ বনাঞ্চলৰ বৈচিত্ৰতা। দেশ মানে শান্তি আৰু প্ৰয়োজনত প্ৰলয়। দেশ মানে শাস্তি আৰু মাৰ্জনা বিহা, দুয়োটাই।

কবীন ফুকনৰ ‘দেশ ৰাখিব লাগিব’ কবিতাটোৰ আভা ভৰালীয়ে কৰা পাঠ শুনিব পাৰে


দেশ ৰাখিব লাগিব

কলাগুৰুৰ স্মৃতিত
দেশ মানে মানুহ হ’লেও,
দেশ মানেতো কেৱল মানুহ নহয় :
দেশ মানে পাহাৰ ভৈয়াম নৈ, আকাশ বতাহ,
মাটি, পানী, ঝৰণা, ঝাৰণি,
সাপ, শগুণ, সিংহ, বাঘ,
সৃষ্টি, বৃদ্ধি, কলা, কৃষ্টি, স্মৃতি।
দেশ মানে ইতিহাস,
শান্তি, প্ৰলয়, ক্ষমা, ক্ষোভ।

দেশ মানেতো আৰু
সাসংদ, বিধায়ক, ৰাষ্ট্ৰ নহয়;
প্ৰাণহীন পৌত্তলিকে
পূঁজিবলৈ বুলি
পাষাণ বেদীত থোৱা
প্ৰতিমা নহয় ।

দেশ মানে দেশৰ মানুহ;
মানুহৰ ইতিহাস,
শান্তি প্ৰলয় ।
ঘাট, বাট, সাগৰ, পৰ্বত ।
যোগ, বিয়োগ, জয়, পৰাজয়,
দেশ মানে −
নিৰ্মল বিশাল হৃদয় ।

দেশ মানে অন্যায় ৰোধিব পৰা ন্যায়ৰ নিৱেশ ।
কণমান কণমানী,
খামিডাঠ পুৰুষ নাৰীৰ −
ৰক্ত, মাংস, হৃদয়, মস্তিষ্ক আৰু বিবেকৰ সমাৱেশ ।
দেশ মানে প্ৰয়োজনৰ প্ৰতি পৈণত সঁহাৰিৰে
সামৰাজৰ মুক্তি । দেশ মানে −
সাধাৰণতে দিয়া উপচাৰ চান কাঢ়ি কাঢ়ি
গপত ওফন্দি পৰা মাতব্বৰ নেতা নেত্ৰীৰ
সংযমেৰে সোধ কৰা, −
আৰু পোতাশালে ফাঁচিকাঠে
দেশৰ স্বাৰ্থত,
শাস্তি মাৰ্জনা বিহা ।



দেশ মানে কণমান কণমানী শিশু ।
দেহেকেহে শ্ৰম কৰা দেশৰ বনুৱা ।
দেশ মানে দেশৰ কিশোৰ কিশোৰী
আৰু যুৱক যুৱতী,
বয়স্কৰ শান-শিল, শৌৰ্য্য;
পৰাক্ৰমী প্ৰতিভাৰ সৃষ্টি-নিৰ্মাণ,
সাহিয়াল মানুহৰ উদ্দাম বাহুবল,
পথাৰৰ লহপহ ধান ।

দেশ মানে −
কৰ্ণ, বিকৰ্ণ, অৰ্জুন;
ধী, সাহ, অনুভৱ, অস্ত্ৰ-শস্ত্ৰ, শাস্ত্ৰবল,
বাছকবনীয়া ক্ৰীড়া, গীত-মাত নৃত্য,
অব্যৰ্থ পাশুপাত, পৰম উৎসৰ্গা ।

দেশ মানে −
ভেটা ৰাখি উদ হোৱা
সম্ভ্ৰান্ত, আতকুত, আততায়ী বৈৰীক
গহ্বৰে পোতাশালে থোৱা ।
ৰক্ত, মাংস, হৃদয়, মস্তিষ্ক আৰু বিবেকৰ সমাৱেশ ।
শ্ৰেণীভেদ নৰখাকে অপৰাধী আততায়ীক শাস্তি বিহিব পৰা
শাস্ত্ৰগত ন্যায়ৰ নিৱেশ ।
মাটি পানী, আকাশ, বতাহ
পাহাৰ ভৈয়াম নৈ ঝৰণা ঝাৰণি ।
ক্ষোভ, ক্ষমা, ক্ৰোধ,
হাঁহি, উচুপনি ।


কবি: কবীন ফুকন

কাব্য সংকলন: এই অনুৰাগী এই উদাস (অন্বেষা; মাৰ্চ, ২০০৯)

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das