ঋণ আদায় কৰাৰ বাবে বেংকটোৱে 'গান্ধিগিৰি ব্যৱহাৰ কৰি চোৱাৰ চেষ্টা কৰিব (আপোনাৰপৰা)। এয়া কৰাৰ বাবে বেংকে তলত দিয়া দুটা কামৰ এটা কৰিবলৈ সিদ্ধান্ত লোৱা হৈছেঃ ১) আপোনাৰ ঘৰৰ সমুখত তম্বু তৰি প্ৰতিবাদ, ২) বেল বজোৱা।

"এই কামবোৰৰ ফলত আপোনাৰ সামাজিক স্থিতি আৰু ভাৱমূৰ্তি বিপদাপন্ন হোৱাৰ সম্ভাৱনা থাকিব।"

এনেদৰেই ওচমানাবাদৰ চেণ্ট্ৰেল কোঅপাৰেটিভ বেংক (ওডিচিচি) য়ে তেওঁলোকৰ ২০ হাজাৰ গ্ৰাহকক ৰাজহুৱাকৈ অপমান আৰু ঠাট্টা-মস্কৰা কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই গ্ৰাহকসকলৰ প্ৰায়ভাগেই ভালেকেইবছৰৰ হতাশাৰ মাজেৰে কটোৱা কৃষক। কেতিয়াবা যদি শস্যৰ উত্পাদন ভাল নহয়, কেতিয়াবা আকৌ প্ৰাচুৰ্য্যৰ ফলত দৰ অভাৱনীয় হাৰত কমি যায়। তদুপৰি নেৰানেপেৰা খৰাং আৰু পানীৰ অভাৱে তেওঁলোকৰ ঋণ পৰিশোধৰ ক্ষমতাত মোক্ষম আঘাত কৰিছে। আকৌ ভূতৰ ওপৰত দানহ পৰাদি পৰিছে চৰকাৰে ৫০০ আৰু ১০০০ টকীয়া নোট অচল কৰা বুলি ঘোষণা কৰাটোৱে। ইয়াৰ ফলত তেওঁলোকে শ্ৰমিকৰ দৈনিক হাজিৰাৰ টকা আদায় দিবপৰা নাই। "৯ নবেম্বৰৰ পিছৰেপৰা কৃষিশ্ৰমিকসকলক এটকাও নগদ ধন দিয়া হোৱা নাই," খেড় গাঁৱৰ খেতিয়ক এচ.এম. গাভালে কয়। "সকলোৱে ভোকত কলমলাইছে।"

বেংকৰ পত্ৰখনত (মাৰাঠী ভাষাৰ পত্ৰখনৰ অসমীয়া ভাঙনি কাহিনীটোৰ শেষত দিয়া হৈছে) জমাকৰ্তাই নগদ ধন উইড্ৰ কৰিব নোৱাৰাৰ বাবে খেতিয়ককে দোষী কৰা হৈছে। আৰু তেওঁলোকক সাৱধানবাণী শুনোৱা হৈছেঃ "আপুনি জনা উচিত যে এনে কাৰণত কোনোবা জমাকৰ্তাই আত্মহত্যা কৰিলে তাৰবাবে তাৰবাবে আপোনাক দোষী সাব্যস্ত কৰা হ'ব…"

এনে পৰিস্থিতিত খেতিয়ক আৰু তেওঁলোকৰ পৰিয়ালক ভাবুকি দিয়া 'ৰিকভাৰী টিম'য়ে গাঁওবোৰলৈ যোৱা মানেই গাওঁবোৰত চিন্তা আৰু হতাশাৰ ডাঁৱৰে আৱৰি ধৰে। উল্লেখ্য যে ২০ হাজাৰ খেতিয়কে মিলি সৰ্বমুঠ ১৮০ কোটিমান টকা ওডিচিচি বেংকক পৰিশোধ কৰিবলৈ বাকী আছে। মাত্ৰ দুটা চেনীৰ কাৰখানা, টেৰনা আৰু থুলজাভৱানীয়ে সেই একেটা বেংককে ৩৫২ কোটি টকা দিবলৈ আছে। কিন্তু ক্ষুদ্ৰ খেতিয়কবোৰৰ ওপৰত শেনটো হৈ পৰা বেংকৰ নীতি আকৌ শক্তিশালী কোম্পানীৰ আগত ফেচাটো হৈ পৰে। "কাৰখানাকেইটা বন্ধ কৰি দিয়া হৈছে," ওডিচিচিৰ কাৰ্যবাহী সঞ্চালক বিজয় ঘোনচে পাটিলে কয়। গতিকে তাতে কোনোধৰণ 'গান্ধিগিৰি' নচলে। আনকি তাতে কোম্পানীকেইটাৰ মূল্যবান মাটিখিনিও বেংকে জব্দ কৰা নাই বা নিলামত দিয়া নাই।

"'গান্ধিগিৰি'ৰ এই ধাৰণা শ্ৰী অৰুণ জেটলীৰ ভাষণৰপৰাই অনুপ্ৰাণিত হৈ কৰা।" ঘোনচে পাটিলে কয়। এইজনা সঞ্চালকেই লিখা পত্ৰখনতেই গাঁৱত ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটাইছে। ওচমানাবাদ চহৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ত হোৱা কথা-বতৰাত তেওঁক আত্মপক্ষ সমৰ্থন কৰা দেখা গ'লঃ "সংসদৰ বাজেট অধিবেশনৰ সময়তে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ডিফল্টাৰসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সাৱধানবাণীৰ ওপৰত ভিত্তি কৰিয়ে এনে পদক্ষেপ লোৱা হৈছে।"

PHOTO • P. Sainath

বাওফালেঃ ওচমানাবাদস্থিত ওডিচিচি বেংকৰ মুখ্য কাৰ্যালয়ত কাৰ্যবাহী সঞ্চালক ঘোনচে পাটিল। সোফালেঃ লোহাৰা খণ্ডৰ এজন খেতিয়কে তেওঁলোকে সমুখীন হৈ অহা সমস্যাৰ কথা কৈছে

"চিঠিখনৰ খচৰা ময়েই লিখিছো," ঘোনচে পাটিলে কয়। "এই বিষয়টোক লৈ মই গহীন। ২০১৭ বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত আমি অনাদায়ী সম্পত্তিৰ মুঠ পৰিমাণ ১৫ শতাংশৰ (মুঠ অগ্ৰিমৰ) তললৈ আনিব লাগিব। আমি এয়া কঠোৰভাৱে অনুসৰণ কৰিব লাগিব। মোৰ হাতত কোনো আন উপায় নাই।" তেওঁ এটা কথা স্বীকাৰ কৰিছে যে সেইখনৰ খচৰা কোনো আইনী পৰামৰ্শ অবিহনেই কৰা হৈছিল আৰু "বেংকৰ বৰ্ড অব ডিৰেক্টৰৰ ওচৰত দাখিল কৰা হৈছিল, আৰু অনুমোদিতও হৈছিল।"

তাৰে ভালেমান চিঠিত অক্টোবৰ মাহত তাৰিখ দিয়া হৈছে আৰু তাতেই কৃষকক ভেঙুচালি কৰা হৈছে। "সেইবোৰ আমাক দিয়া হৈছিল ১৫ নবেম্বৰৰ পিছত।" আন কথাত ক'বলৈ হ'লে সেইবোৰ বিমুদ্ৰাকৰণৰ পিছতহে আহিছিল। হাস্যকৰ কথা যে ২ ডিচেম্বৰৰ পিছত সেই পত্ৰ পোৱা লোকসকলৰ মাজৰ এজন আছিল মনোহৰ য়েলোৰ। লোহাৰাৰ এই ক্ষুদ্ৰ খেতিয়কজনে বেংকক ৬৮ হাজাৰ টকাৰ আদায় দিব নোৱাৰি ২০১৪ চনতেই আত্মহত্যা কৰিছিল।

ওচমানাবাদৰ লোহাৰা খণ্ডৰ নাগুৰ গাঁৱত বিভিন্ন গাঁৱৰপৰা অহা খেতিয়কসকলে একগোট হৈ কৈছে যে এই পত্ৰখনে তেওঁলোকক জোকাৰি গৈছে। "এনে অপমানৰ ভাগী হোৱাতকৈ আমাৰ জীৱনটো শেষ কৰি দিয়াৰ বাদে অইন কোনো বিকল্প নাথাকিব।" ৰাজ্য চৰকাৰৰ নিজা গণনাত কোৱা হৈছে, ওচমানাবাদ আৰু য়াবাতমলতেই মহাৰাষ্ট্ৰৰ কৃষকৰ আত্মহত্যাৰ ঘটনা আটাইতকৈ বেছি ঘটে। আকৌ দেশৰ কোনো অন্য ৰাজ্যৰ তুলনাত মহাৰাষ্ট্ৰতেই কৃষি আত্মহত্যাৰ ঘটনা সৰ্বাধিক। নেশ্যনেল ক্ৰাইম ব্যুৰোৰ তথ্যমতে এই সংখ্যা ১৯৯৫ আৰু ২০১৪ চনৰ মাজত অতিকমেও ৬৩ হাজাৰ।

ভিডিঅঃ নাগুৰ, খেড়, কাস্তি আৰু অইন গাঁৱৰ কৃষকে ওডিচিচিৰ সেই 'গান্ধীগিৰি' কৌশলেৰে অপমান কৰাৰ ভাবুকি দিয়া পত্ৰখন দেখুৱাইছে, ২০১৬ চনৰ ২৯ নবেম্বৰত

ইয়াতেই বিমুদ্ৰাকৰণে বেংক তথা গ্ৰাহক দুয়োটাকেই মাধমাৰ দিছে। নোটৰ আকালে দুয়োটাকে চেপি পেলাইছে। কোঅপাৰেটিভ বেংকবোৰক বাতিল কৰা নোট গ্ৰহণ কৰিবলৈ অনুমতি দিয়া হৈছে। সেই নোটবোৰ সলোৱাৰ বাবে দিয়া হৈছে তিনিদিনৰ সময়। আন সকলো বেংকেই এই কাম ২৯ নবেম্বৰলৈ কৰিব পাৰিব। ইতিমধ্যেই ৩৫২ কোটি টকাৰ ঋণ লৈ বেংকক এটা সিকিও পৰিশোধ নকৰা ডিফল্টাৰে ওচমানাবাদ ডিষ্ট্ৰিক্ট চেণ্ট্ৰেল কোঅপাৰেটিভ বেংকক গভীৰ সংকটত পেলাই থৈছিল। "আৰু তেওঁলোকে তাৰে পোটক আমাৰ ওপৰত তুলিছে," খেতিয়কসকলে কয়। "আমিয়েই সেই লোকসকল যিয়ে কিবা অলপ হ'লেও ঋণ পৰিশোধ কৰাৰ চেষ্টা কৰিছো।"

৯ নবেম্বৰৰ পিছত নগদ ধন একেবাৰেই নাইকিয়া হৈ পৰা সকলো কৃষক, শ্ৰমিক আৰু দোকানীয়ে বাচি থকাৰ বাবে চেষ্টা কৰিছে। খেড়ৰ এছ.এম. গাভালে বাখ্যা কৰি কয়ঃ "যদি শ্ৰমিকৰ হাতত নগদ ধন নাথাকে, তেন্তে তেওঁ খাবলৈ নাপায়। কিন্তু আমি তেওঁলোকৰ হৈ গেৰাণ্টি দিছো। তেওঁলোকে ধাৰত মাল-বস্তু নিব পাৰিছে।"

স্থানীয় দোকানীবোৰে নিজেই পাইকাৰী বিক্ৰেতাৰপৰা ধাৰত মাল-বস্তু আমদানি কৰিছে। গতিকে কেৱল শ্ৰমিক, খেতিয়ক আৰু দোকানীয়েই কেৱল এটা সাম্ভাব্য দুৰ্যোগৰ কবলত পৰিব পাৰে।

PHOTO • P. Sainath

নাগুৰ গাঁৱত উত্তেজিত খেতিয়কে বুজাই ক'লে যে ঋণৰ ৰাশি বৃদ্ধি কৰা হৈছে

তাতে আৰু এটা বৃহত সমস্যা আছে। কিছুবছৰ আগতে বেংকে 'শস্য ঋণ' আৰু 'ম্যাদী ঋণ' বন্ধ কৰা আৰম্ভ কৰিছিল আৰু কৃষকে ঋণ লোৱা ৰাশি নতুনকৈ হিচাব কৰিছিল। ওডিচিচিয়ে এয়া ভালেকেইবছৰ ধৰি কৰি অহা বুলি ভাব হয়। ফলস্বৰুপে কৃষকৰ ঋণৰ ৰাশিৰ পৰিমাণ একেকোবে ওপৰলৈ উঠিল। এই বৃদ্ধি পোৱা ঋণেই কৃষকক পৰিশোধ কৰাৰ বাবে পত্ৰত কোৱা হৈছে। দৰাচলতে ২০ হাজাৰ কৃষকৰ ওপৰত জাপি দিয়া এই ১৮০ কোটি টকাৰ ঋণৰ পৰিমাণটো এক 'ৰি-ফেজমেণ্ট'ৰ অংক। কৃষকে ধাৰ কৰা প্ৰকৃত ৰাশি আছিল ৮০ কোটি টকা।

শস্যঋণ হৈছে এক কম ম্যাদৰ বাবে দিয়া ঋণ যিটো কৃষকে নগদ ঋণ হিচাপে বেংকৰ পৰা লয়। এয়া পোনপটীয়াকৈ তেওঁলোকৰ প্ৰত্যক্ষ কৃষিকাৰ্য অথবা ঋতুৰ মাজতে সীমাবদ্ধ হৈ থাকে। তেওঁলোকে সেই টকাৰে বীজ, সাৰ, কীটনাশক আৰু অইন সামগ্ৰী ক্ৰয় কৰে আৰু শ্ৰমিকক হাজিৰা দিয়ে।

তেওঁলোকে সেই ঋণৰ বিপৰীতে আবণ্টিত মুঠ ৰাশিৰ সীমাৰ ভিতৰত থাকি প্ৰয়োজন অনুসাৰে নগদ ধন উইড্ৰ কৰে। শস্যঋণৰ ওপৰত সুতৰ হাৰ সাধাৰণতে সাত শতাংশৰ ওপৰলৈ নাযায় (ইয়াৰে চাৰি শতাংশ ৰাজ্য চৰকাৰে বহন কৰে)। এই ঋণ প্ৰতিবছৰে নৱীকৰণ কৰাব লাগে।

ম্যাদী ঋণ মুলধনী বিনিয়োগৰ বাবে লোৱা হয়। মেচিন-পাতি, জলসিঞ্চনৰ সামগ্ৰী আৰু অনান্য ব্যয় আদিৰ বাবে এই ঋণ লোৱা হয়। এই ঋণ ৩ ৰপৰা ৭ বছৰৰ ভিতৰত পৰিশোধ কৰিব পাৰি। ঋণ চক্ৰবৃদ্ধি সুতৰ হাৰত দিয়া হয় আৰু তাৰে সুতৰ হাৰ শস্যঋণৰ দুগুণ পৰ্যন্ত হ'ব পাৰে।

ঔৰংগাবাদৰ বেংক অৱ মহাৰাষ্ট্ৰৰ কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদক ধনঞ্জয় কুলকাৰ্ণি আমাৰ লগত আছে আৰু ওডিচিচিৰ পত্ৰ-জাননী আদি পঢ়িছে। "ওডিচিচি বেংকে (অইন বেংককে ধৰি) গ্ৰামাঞ্চলৰ লোকৰ শস্য ঋণ আৰু ম্যাদী ঋণ একলগ কৰি 'ৰিফেজমেণ্ট' নাম দি সেয়া 'নতুন' ঋণলৈ পৰিৱৰ্তন কৰিছে," তেওঁ কয়। ওডিচিচিকে ধৰি অইন বেংকবোৰে এইবোৰত ১৪ শতাংশ সুতৰ হাৰ লগাইছে। তদুপৰি যিবোৰ ক্ৰপ চচাইটিয়ে ঋণ দিয়াইছিল, সেই পৰ্যায়ত অতিৰিক্ত ২-৪ শতাংশ সুতৰ হাৰ লগোৱা হৈছিল। এনেদৰে চক্ৰবৃদ্ধি হাৰত ধাৰকে ১৮ শতাংশ সুত দিবলগীয়া হয়।”

খেড়গাঁৱৰ শিৱাজীৰাওচাহেব পাটিলে ১.৭৮ লাখ টকা ২০০৪ চনত এটা ইলেকট্ৰিক মটৰ আৰু পাইপলাইন বহুৱাবলৈ ঋণ লৈছিল। তেওঁ আগৰ কেইবছৰত ৬০ হাজাৰ টকা পৰিশোধ কৰিছিল। কিন্তু বেংকৰ ভাষাত তেওঁৰ সেই শস্য ঋণ কেবাবাৰো 'ৰিফেজ' কৰা হ'ল। এতিয়া সিহতে কয় 'মই সিহতক ১৩ লাখৰো অধিক টকা দিবলৈ আছো,' তেওঁ খঙেৰে কয়। হঠাতে দহ-বাৰজন খেতিয়ক থিয় দি একেসময়তে কৈ উঠিল। তেওঁলোকেও ওডিচিচিৰ সেই একেই লগত নটিচ লৈ আহিছিল।

PHOTO • P. Sainath

ক্ৰেডিট কোঅপাৰেটিভ চচাইটিৰ ঋণ একাউণ্টৰ পাত এটা দাঙি ধৰি দেখুৱাইছে, চচাইটি স্তৰত আৰু ২-৪ শতাংশ বাঢ়িছে

"আমি জানো যে আমি বেংকক টকা দিবলৈ আছো," নাগুৰৰ দশকজুৰি খেতিয়কৰ কাম কৰা বাবাচাহেব ভিথালৰাও যাদৱে কয়। "আৰু দৰাচলতে আমি আদায় দিব লাগিব। কিন্তু আমি এতিয়া সেয়া দিবলৈ অসমৰ্থ। এইবছৰ ভাল বৰষুণ নোহোৱা হেতুকে (বহুবছৰৰ ঋতু বেয়া হোৱাৰ ফলত) খেতিয়কে এইবাৰ ভাল খাৰিফ শস্য দিছিল আৰু ভাল ৰবিশস্যৰ আশা কৰিছিল। সেয়ে আমি পৰৱৰ্তী বছৰত কিস্তিবোৰ দিব পৰা নাছিলো। এইবছৰ পৰিশোধ কৰিব লাগিলে আমি মৰিয়ে থাকিম। 'ৰিফেজমেণ্ট' হৈছে একপ্ৰকাৰৰ ঠগ-বাজি যিয়ে আনকি বেংকৰো নিয়ম ভংগ উলংঘা কৰিছে। সুত দুগুণ কৰা হৈছে, আনকি আমাৰ ঋণ চাৰিগুণ কৰা হৈছে। চৰকাৰে কৰ্পৰেট গোষ্ঠী (এনপিএ)ক আৰু অতি ধনিক শ্ৰেণীক ৰেহাই দিছে। কিন্তু তাৰ বিপৰীতে হতাশাত ভোগা খেতিয়কৰ ওপৰতে জপিয়াই পৰিছে।"

ইয়াৰে প্ৰায়ভাগ ঋণ আৰু সেইবোৰৰ 'ৰিফেজিং' বেয়া সময়ত পৰিকল্পনা কৰা হৈছিল। কৃষিৰ চৰম সংকটৰ সময়তে তেওঁলোকে এনে কৰিছে। ১৯৯৮ চনতে আৰম্ভ হৈ ২০০৩-০৪ চনত বৃহত জাপ এটা মাৰি ২০১১ চনত সেয়া বিস্ফোৰিত হ'ল। "চাৰি বছৰত মোৰ ৩০০ ৰপৰা ৪০০ টন অতিৰিক্ত কুঁহিয়াৰ উত্পাদিত হৈছিল যিবোৰ মই বিক্ৰী কৰিবপৰা নাছিলো। ফেক্টৰীবোৰ কুঁহিয়াৰেৰ ভৰি পৰিছিল আৰু সেয়া নতুনকৈ ক্ৰয় কৰিব বিচৰা নাছিল। এতিয়া মোৰ ওপৰত এই দাবী পৰিছে। মই মোৰ পৰিয়ালৰ ১৫ একৰ মাটি (জলসিঞ্চন নথকা) বিক্ৰী কৰি দিলো। কিন্তু মই এতিয়াও এই বোজা চম্ভালিবপৰা নাই।"

প্ৰায়ভাগ ৰবিশস্যই ৮ নবেম্বৰৰ আগতেই সিঁচা হৈছিল। কিন্তু তাৰ পিছতেই লেনদেন থমকি গৈছে। খাৰিফ শস্যৰ দাম কমি গৈছে। "পুৰণি নোট গ্ৰহণ কৰিলেহে আমাক সঠিক মূল্য দিয়াৰ অফাৰ আহিল," খেতিয়কে কয়।

বেংকত এতিয়া পৰিৱেশ বেলেগ ধৰণৰ, ওডিচিৰ পত্ৰখনক লৈ আলোচনা সৰৱ হৈ উঠাৰ সময়তে সংযত আচৰণ কৰা দেখা গৈছে।

কাৰ্যবাহী সঞ্চালক ঘোনচে পাটিলে নিজেই অইন এখন জিলাৰ কোঅপাৰেটিভ বেংকৰ জাননী পাইছে। তেওঁ আৰু তেওঁৰ জেষ্ঠজনে ঠিকেই বুজিছে যে পৰিস্থিতি ইয়াৰপৰাই বেয়া হ'ব পাৰে। কৃষকৰ আত্মহত্যা যদি বাঢ়ি যায় তেন্তে কি হ'ব? এই সকলো পৰিণামৰ বাবে যদি বেংক আৰু বেংকৰ পত্ৰখনক দায়ী কৰা হয় তেন্তে কি হ'ব? "এই ৰিকভাৰী অভিযান চলোৱাৰ বাদে আমাৰ হাতত আন একো উপায় নাই," আমি এৰাৰ সময়ত ঘোনচে পাটিলে কয়।

----------------------------

ওচমানাবাদ জিলাৰ প্ৰায় ২০ হাজাৰ খেতিয়কলৈ ওডিচিচিৰ মাৰাঠী ভাষাত লিখা পত্ৰখনৰ অসমীয়া ভাঙনি এনেধৰণৰঃ

সম্ভাষণ।

ওচমানাবাদ জিলা বেংকৰ অৰ্থনৈতিক অৱস্থাৰ কথা আপুনি নিশ্চয় জানে। বেংকটোৰ আৰ্থিক স্থিতি অৱনতি ঘটা হেতুকে জমাকৰ্তাসকলৰ চকু বেংকৰ ওপৰতে পৰিছে। অনাদায়ী ঋণৰ পৰিমাণ বাঢ়ি অহাৰ ফলত বেংকৰ বাবে লিকুইডিটি কমি আহিছে। অন্ততঃ এই সময়ত কেৱল ঋণ উদ্ধাৰ কৰি পৰিস্থিতি ভাললৈ অনাৰ চেষ্টা কৰাটোৱে বিকল্প বাকী ৰৈছে। স্বাভাৱিকতেই আপোনাৰ তাত অনাদায় ঋণৰ ৰাশি বাকী থকা হেতুকে বেংকে জমাকৰ্তাক তেওঁলোকে বিচৰা ধন উইড্ৰ কৰিব দিবপৰা হোৱা নাই। ফলত বেংকৰ পৰিচালনক লৈ জমাকৰ্তাসকল খুবেই অসন্তুষ্ট হৈ পৰিছে।

একেদৰে ভালেমান জমাকৰ্তাই তেওঁলোকৰ নিজৰ একাউণ্টৰপৰা টকা উইড্ৰ কৰিব নোৱৰাৰ ফলত আমাক জনাইছে যে তেওঁলোকে টকা নাপালে আত্মহত্যা কৰিবলৈ বাধ্য হ'ব। এনে কাৰণত কোনোবা জমাকৰ্তাই আত্মহত্যা কৰিলে তাৰবাবে আপুনি দায়ী হ'ব আৰু আপুনি এয়া বুজা উচিত।

…..আপোনাৰ ঋণ অনাদায় হৈ থকাৰ ফলত বেংকে নগদ ধনৰ ক্ষেত্ৰত নাটনিৰ সমুখীন হৈছে আৰু এনেদৰে বেংকে কাৰ্যকলাপ ভালদৰে কৰিব নোৱাৰে। বেংকৰ পৰিচালনা সমিতি, জেষ্ঠ বিষয়া আৰু কৰ্মচাৰী এছচিয়েছনে ঋণ উদ্ধাৰ কৰাৰ বাবে গান্ধিগিৰী ব্যৱহাৰ কৰি চোৱাৰ সিদ্ধান্ত লৈছে। ঋণ আদায় কৰাৰ বাবে বেংকটোৱে 'গান্ধিগিৰি ব্যৱহাৰ কৰি চোৱাৰ চেষ্টা কৰিব (আপোনাৰপৰা)। এয়া কৰাৰ বাবে বেংকৰদ্বাৰা তলত দিয়া দুটা কামৰ এটা কৰিবলৈ সিদ্ধান্ত লোৱা হৈছেঃ ১) আপোনাৰ ঘৰৰ সমুখত তম্বু তৰি প্ৰতিবাদ, ২) বেল বজোৱা।

এই কামবোৰৰ ফলত আপোনাৰ সামাজিক স্থিতি আৰু ভাৱমূৰ্তি বিপদাপন্ন হোৱাৰ সম্ভাৱনা থাকিব। সেয়ে এনে পৰিস্থিতি এৰাই চলাৰ বাবে আপুনি আপোনাৰ ঋণৰ অনাদায় অংশ সুতসহিতে সংশ্লিষ্ট বেংকত ৩০ দিনৰ ভিতৰত পৰিশোধ কৰা উচিত আৰু এনে পৰিশোধৰ বাবদ এখন ৰচিদ লোৱা উচিত, নহলে ৰিকভাৰী টিমে ওপৰত বাখ্যা কৰা অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিব।

আমি জানি-বুজি এইখন আপোনালৈ লিখিছো যাতে আপুনি পৰিস্থিতিৰ বিষয়ে অৱগত হ'ব পাৰে।

আমাৰ কোনো সন্দেহ নাই যে আপুনি ঋণ পৰিশোধ কৰিব আৰু অপ্ৰীতিকৰ পৰিস্থিতি এৰাই চলিব।

আপোনাৰ সহযোগ আশা কৰা হৈছে

অনাদায় ঋণৰ বিৱৰণঃ

ঋণৰ প্ৰকাৰ, মূলঃ ১৩৬৩০০ সুতঃ ৩৪৮৯৩০ মুঠঃ ৪৮৫২৩০

(প্ৰকৃত চিঠিখনত প্ৰত্যেকজন খেতিয়কৰ ঋণৰ বিৱৰণ দিয়া হৈছে)

আপোনাৰ বিশ্বাসী,

বিনীত,

বিজয় এছ. ঘোনচে

কাৰ্যবাহী সঞ্চালক

পি চাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ বহু দশকজুৰি গ্ৰামীণ সাংবাদিকতা কৰিছে। তেওঁ 'Everybody Loves a Good Drought'ৰ লিখক।

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath