মোৰ জন্ম হৈছিল নৰ্মদা জিলাৰ মহুপাৰাৰ ভিল সম্প্ৰদায়ৰ বাচাৱা বংশত। এইখন মহাৰাষ্ট্ৰৰ সীমাত থকা ২১ খন গাঁৱৰ মাজৰ এখন (তেতিয়া বম্বে ৰাজ্যৰ অংশ আছিল) যিখন মহাগুজৰাট আন্দোলন (১৯৫৬-১৯৬০)ৰ পিছত যেতিয়া গুজৰাটক ভাষিক ভিত্তিত পৃথক ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়, তেতিয়া গুজৰাটৰ অংশ হৈ পৰে। এই কাৰণতে মোৰ মা-দেউতাই মাৰাঠী ভাষা কয়। তাপ্তি আৰু নৰ্মদা নদীৰ মাজৰ উপত্যকাটোৱে ভিল সম্প্ৰদায়ৰ বাসস্থান, তেওঁলোকে দেহৱালি ভিল ভাষা কয়। “তাপ্তি নদীৰ আনটো পাৰত মহাৰাষ্ট্ৰৰ জলগাঁৱলৈকে মানুহে দেহৱালিৰ লেখীয়া ভাষা কয়। এইফালে আকৌ গুজৰাটৰ সাতপুৰা পাহাৰৰ মলগি আৰু ধাৰগাঁৱলৈকে দেহৱালি ভিলৰ দৰে ভাষা কয়। দুখন ৰাজ্যৰ মাজৰ এয়া এক বৃহৎ অঞ্চল।”

মই দেহৱালি ভিল ভাষাত লিখো আৰু আমাক ভালকৈ নজনা মানুহে আমাৰ ভাষাটো আমাৰ সম্প্ৰদায়ৰ যোগেদি চিনে। সেয়ে তেওঁলোকে কেতিয়াবা কয় যে মই বাচাৱি ভাষাত লিখো - মোৰ পৰিয়ালটো বাচাৱা ফৈদৰ। মই যিটো ভাষাত লিখো, সেইটো গুজৰাটৰ আদিবাসীসকলে কোৱা ভাষাবোৰৰ মাজৰ এটা। গুজৰাটৰ দাং অঞ্চলৰ ভিলসকলে ৱাৰ্লি ভাষা কয়। অঞ্চলটোৰ মূল ভিলসকলে ভিল ভাষাত কয়। কংকানৰ পৰা অহাসকলে কংকানি ভাষা কয়। বালচৰত তেওঁলোকে ৱাৰ্লি আৰু ধড়িয়া ভাষা কয়। ব্যাৰা আৰু চুৰাটত গামিত ভাষা কয়, উচ্ছালৰ ফালে আৰু চৌধাৰিত আৰু নিজাৰত তেওঁলোকে মাৱচি ভাষা কয়। নিজাৰ আৰু সাগবাৰাত ভিলসকলে দেহৱালি কয়। এনেদৰে আম্বুৰি, কথালি বাচাৱি, তাড়ভি, ৰাথৱি, পঞ্চমহলি ভিল, দুংগাৰি গাৰাছিয়া, দুংগাৰি ভিলি আদি ভাষা আছে…

বীজ এটাত এখন অৰণ্য লুকাই থকাৰ দৰে প্ৰতিটো ভাষাত কিমান জ্ঞান-সাহিত্যৰ ভাণ্ডাৰ নিহিত হৈ আছে, কল্পনা কৰকচোন। প্ৰতিটো ভাষাই সাহিত্য, জ্ঞান, জগতৰ প্ৰতি নিজা নিজা দৃষ্টিভংগী ধৰি ৰাখিছে। মই মোৰ কামৰ যোগেদি এই সম্পদৰ উৎকৰ্ষ সাধন, প্ৰতিকাৰ আৰু উদযাপনৰ অহৰহ চেষ্টা কৰিছো।

জীতেন্দ্ৰ বাচাৱাই দেহৱালি ভিল ভাষাত তেওঁৰ কবিতাটো পাঠ কৰা শুনক

কবিতাটোৰ ইংৰাজী অনুবাদৰ প্ৰতিষ্ঠা পাণ্ড্যাই কৰা পাঠ শুনক

আমি বনৰীয়া বীজ

কিমান যুগ যে আগৰ কথা
আমাৰ পূৰ্বপুৰুষক কবৰ দিছিল সিহঁতে
মাটিৰ তলত পুতি পেলোৱা হৈছিল।
কিন্তু আমাকো যে পুতিব পাৰিবা, তেনে সাহস নকৰিবা
আকাশখনৰ সৈতে এই ধৰাৰ সম্পৰ্ক যিমান অকৃত্ৰিম, আন্তৰিক
সিমানেই নিবিড় মাটিৰ সৈতে আমাৰ সম্বদ্ধ
মেঘ বুলিলে যেনেকৈ বৰষুণ
নদী বুলিলে যেনেকৈ সাগৰ
তেনে এক দীঘলীয়া, অন্তৰংগতাৰ জৰীৰে আমি বন্ধা।
আমি গজালি মেলো, গছ হৈ পৰো।
আমি সৰ্বোপৰি আমি বীজ, বনৰীয়া বীজ।
আৰু বীজ হ’লে বনৰীয়া হ’ব লাগে।

তুমি আমাক গভীৰ জলৰাশিত সমাধি দিব খুজিছা
কিন্তু পানী দেখোন আমাৰ আমঠু।
কীট-পতংগ গুছি আমি শেষত মানুহ হওঁ
আমি ওপৰলৈ উঠি আহো
কিয়নো সৰ্বোপৰি আমি বীজ, বনৰীয়া বীজ।
আৰু বীজ হ’লে বনৰীয়া হ’ব লাগে।

আমাক গছ বুলিব পাৰা
পানী বুলিও ক’ব পাৰা, নাইবা পাহাৰ।
যেই হওঁক, আমাক বনৰীয়া বুলিও ক’ব পাৰা
আমি সেয়াই।
কিয়নো সৰ্বোপৰি আমি বীজ, বনৰীয়া বীজ।
আৰু বীজ হ’লে বনৰীয়া হ’ব লাগে।

কিন্তু হে মোৰ ভাতৃ, বীজৰ পৰা আঁতৰি অহাৰ অৰ্থ কি?
তুমি যদি
পানী নহয়
গছ নহয়
যদি তুমি পাহাৰ নহয়,
তেন্তে তুমি নিজকে কি বুলি ক’বা?
মই জানো, তোমাৰ হাতত মোৰ প্ৰশ্নবোৰৰ উত্তৰ নাই।
কিয়নো সৰ্বোপৰি আমি বীজ, বনৰীয়া বীজ।
আৰু বীজ হ’লে বনৰীয়া হ’ব লাগে।

অনুবাদ: পংকজ দাস

Jitendra Vasava

Jitendra Vasava is a poet from Mahupada village in Narmada district of Gujarat, who writes in Dehwali Bhili language. He is the founder president of Adivasi Sahitya Academy (2014), and an editor of Lakhara, a poetry magazine dedicated to tribal voices. He has also published four books on Adivasi oral literature. His doctoral research focused on the cultural and mythological aspects of oral folk tales of the Bhils of Narmada district. The poems by him published on PARI are from his upcoming and first collection of poetry.

Other stories by Jitendra Vasava
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das