বিগত বৰ্ষৰ ৮ নবেম্বৰত ৫০০ আৰু ১০০০ টকাৰ নোট অচল বুলি ঘোষণা কৰাৰ দহ মাহ পিছতো বিমুদ্ৰাকৰণৰ ভুতে দীপক বড়াবনেক অশান্তি দি আছে।

নবেম্বৰ মাহত বড়াবনেয়ে ২.৫ একৰ মাটিত ৩১ কুইণ্টল কপাহৰ খেতি কৰিছিল। তেওঁ খুব ভাল লাভৰ মুখ দেখিব বুলি আশা কৰি আছিল। "বেপাৰীজনে ট্ৰাকৰ ব্যৱস্থা কৰিলে আৰু মোৰ ঘৰৰ পৰা কপাহখিনি তাতে উঠালে," তেওঁ কৈ গ'ল। কিন্তু তাৰ পিছতে বিমুদ্ৰাকৰণে কৃষি খণ্ডত আঘাত কৰিলে। দীপকে কপাহখিনিৰ টকা নাপালে। 'বেপাৰীজনে এতিয়া কোৱামতে সেই টকাখিনি দিপাৱলীৰ সময়তহে (২০১৭ চনৰ অক্টোবৰ মাহৰ মাজভাগত) আদায় দিব," তেওঁ কয়।

বেপাৰীজনে বডা়বনেক কপাহৰ বাবদ ১,৭৮,৪৮৩ টকা দিবলৈ আছে। এই ৰাশিৰ বাবদ তেওঁ ২৪ মাৰ্চত এখন চেক পালে যিখন তিনিবাৰ বাউঞ্চ হ'ল। "কেৱল ময়েই নহয়," মহাৰাষ্ট্ৰৰ মাৰাথৱাড়াৰ ওৰাংগাবাদ চহৰৰ দাঁতিকাষৰীয়া কৰাজগাঁৱৰ গছ এডালৰ তলত বহি থকা ৩১ বৰ্ষীয় দীপকে কয়। "আমাৰ গাঁৱত আন লোকো আছে যিসকলে থগ খাইছে।"

এহাল ল'ৰা-ছোৱালীৰ সৈতে যৌথ পৰিয়ালৰ বড়াবনেয়ে ১৩০০ জনসংখ্যাৰ গাওঁখনৰ কিছুমানক গোট খুৱাইছে যিয়ে তেওঁলোকৰ পাবলগীয়াখিনি নাই পোৱা অথবা চেক বাৰম্বাৰ বাউঞ্চ হৈছে। বিমুদ্ৰাকৰণৰ পিছত এপ্ৰিল মাহত দীপকৰ ৩৮ বৰ্ষীয় ভায়েক জীতেন্দ্ৰই ৩৪ কুইণ্টল কপাহৰ বাবদ মাত্ৰ দুই লাখমানহে টকা পাইছিল। সেই চেকখনো বাউঞ্চ হৈছিল। "মোৰ হাতত টকা নাথাকিলে মই এইখনেৰে কি কৰি থাকিম?" তেঁও সোধে। "শস্যৰ ঋতুৰ সময়ত মোক বিনিয়োগৰ বাবে ধনৰ প্ৰয়োজন (সেয়া জুনমাহৰ মাজভাগত আৰম্ভ হৈছিল)।"


PHOTO • Parth M.N.

দীপক বড়াবনেয়ে তেওঁৰ কপাহৰ বিনিময়ত পোৱা চেকখন দেখুৱালে- সেইখন তিনিবাৰ বাউঞ্চ হৈছে

জুন মাহৰ এটা ৰাতিপুৱা আমি সেই ঠাইত উঠিলোগৈ, কিন্তু সাংবাদিকৰ ধৰা নিদি বেপাৰীয়ে গাওঁ এৰি গুছি গ'ল। সেয়ে সেই বিষয়টোত নিজৰ কথা কবৰ বাবে কাকো পোৱা নগ'ল আৰু এই কাহিনীটোত তেওঁলোকৰ নাম লিখিবপৰা নগ'ল।

যেতিয়া খঙত একোনাই হৈ এজাক মানুহে তেওঁৰ ঘৰত সোমাল, তেতিয়া তেওঁৰ মাকে ধমকিৰ সুৰত ক'লে যে যদি তেওঁৰ ল'ৰাই আত্মহত্যা কৰে তেন্তে তাৰ কাৰণে দায়ী তেওঁলোক হ'ব। "বেপাৰীয়ে ক'লে যে বিমুদ্ৰাকৰণৰ ফলত নগদ ধনৰ নাটনি হোৱাৰ ফলতে ধন আদায় দিব পৰা হোৱা নাই," দীপকে কয়, "কিন্তু বীজ সিঁচাৰ সময়ে আমালৈ ৰৈ নাথাকে। আমি (প্ৰায় চাৰিকিলোমিটাৰ দুৰৈৰ কৰমাড আৰক্ষী থানাত প্ৰৱঞ্চনাৰ) এজাহাৰ দাখিল কৰিলো।"

ঔৰংগাবাদ-জালনা ৰাজপথস্থিত হাচনাবাদৱাড়ী গাঁৱত ২৮ বৰ্ষীয় অতুল অন্তৰায়ে বিমুদ্ৰাকৰণৰ বহুকেইটা মাহ পাৰ হৈ যোৱাৰ পিছৰ জুন মাহতো সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। পাঁচ একৰ মাটিত তেওঁৰ ১০০০ ডাল মৌচম্বিৰ গছ আছে। "মোৰ তাত এটা নিজা কুঁৱা আৰু বোৰৱেল আছে," তেওঁ কয়, "সেয়ে বাকী আশে-পাশে মৌচম্বিৰ খেতি কৰা কৃষকৰ তুলনাত ভালদৰে পানী যোগান ধৰিব পাৰো।"

নবেম্বৰ মাহৰ প্ৰথম সপ্তাহত এজন বেপাৰী অন্তৰায়ৰ কাষ চাপিল আৰু উত্পাদিত গোটেইখিনি ফচলৰ বিনিময়ত ৬.৫ লাখ টকাৰ প্ৰস্তাৱ দিলে। "মই ফেব্ৰুৱাৰী মাহৰ আশে-পাশে মৌচম্বি চিঙাৰ পৰিকল্পনা কৰিলো," তেওঁ কয়। "আৰু ৩০-৩৫ টকা প্ৰতিকিলো দৰত মই হিচাপ কৰিলো যে এইবাৰ ১০ লাখ টকা পাম। মই বেপাৰীক পিছত জনাম বুলি কৈ থ'লো।"

কিন্তু ৮ নবেম্বৰত চৰকাৰে 'বিমুদ্ৰাকৰণ'ৰ আদেশ দিয়াৰ পিছত সেই বেপাৰীজনৰ হাতত নগদ ধন নাছিল, আৰু দাম নামিবলৈ ধৰিলে। "অৱশেষত মই গোটেই উত্পাদনৰ বাবদ ১.২৫ লাখ টকা পালো," অতুলে কয়। "ক'ত মই ভাবিছিলো যে এক কিলোগ্ৰামৰ বাবদ ৩০-৩৫ টকা পাম, আৰু ক'ত মই ৩ টকা প্ৰতিকিলোত বেচিব লগা হ'ল।"


ভিডিঅ চাওকঃ যোৱা নবেম্বৰত বিমুদ্ৰাকৰণ পিছতে 'মই মোৰ মৌচম্বিৰ বাবদ ৩০-৩৫ টকাৰ পৰিৱৰ্তে ৩ টকাকেহে পালো' হাচনাবাদৱাড়ী গাঁৱৰ অতুল অন্তৰায়ে কয়

প্ৰতিবছৰে মাৰাথৱাড়াৰ শস্যৰ বেছা-কিনাবোৰ নগদ ধনেৰে হয়। শস্যৰ দানাতকৈ কপাহ, মৌচম্বিৰ ক্ষেত্ৰত নগদ ধন বেছি পোৱা যায়। সেয়ে বিমুদ্ৰাকৰণৰ পিছত যেতিয়া নগদ ধন কমকৈ যোগান ধৰা হ'ল, তেতিয়াই কপাহ আৰু মৌচম্বিৰ খেতি কৰা কৃষকৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰিল। নবেম্বৰ এনে এটা মাহ যেতিয়া মাৰাথৱাড়াৰ খেতিয়কে শস্য চপায়, আৰু এই ফেব্ৰুৱাৰী-মাৰ্চ মাহত বছৰৰ প্ৰথমবাৰ মৌচম্বিৰ ফল ধৰাৰ কিছু মাহৰ পিছতে বিমুদ্ৰাকৰণৰ ঘোষণা কৰা হয় (দ্বিতীয়বাৰৰ ফল ধৰে আগস্ত-চেপ্তেম্বৰ মাহত)

দৰ নামিল আৰু খেতিয়কৰ পৰা বেপাৰীৰ হাতত ষ্টক কিনিবৰ বাবে নগদ ধনো নাথাকিল। বিমুদ্ৰাকৰণে প্ৰতিশ্ৰুতি দিয়া কেছলেছ ভৱিষ্যত কেতিয়াও নাহিল, আৰু গ্ৰামীণ মাৰাথৱাড়াৰ বহুতেই সেই ধাৰণাক উপহাস কৰিলে। "চহৰবোৰ এটিএমেৰে ভৰি আছে," ছয়াবিন আৰু জোৱাৰৰ খেতি কৰা বীড জিলাৰ অঞ্জনভাটি গাঁৱৰ খেতিয়ক আশোক য়েধেয়ে কয়। "এটা বেংক নাইবা এটিএম পাবৰ বাবে আমি ভালেকিলোমিটাৰ বাট বুলিবলগা হয়।"

গ্ৰামীণ অঞ্চলত এটিএমৰ সংখ্যা কম আৰু থকাখিনি বহু দুৰে দুৰে আছে। সমগ্ৰ দেশৰ ২২২,৭৬২ টা এটিএমৰ ভিতৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০১৭ চনলৈকে থকা তথ্য অনুসৰি কেৱল ৪০,৯৯৭ টাহে গ্ৰামীণ এলেকাত আছে- অৰ্থাত গ্ৰামীণ জনসংখ্যা হিচাপত (২০১১ লোকপিয়ল অনুসৰি) দেশৰ ৬৯ শতাংশ জনসংখ্যাৰ বাবে ২০ শতাংশতকৈও কম সংখ্যক এটিএম উপলব্ধ।

অল ইণ্ডিয়া বেংক এমপ্লয়ী এছছিয়েছনৰ যুটীয়া সম্পাদক দেবীদাস তুলজাপুৰকাৰে আঙুলিয়াই দিলে যে এটিএমে কাম কৰাৰ সময়ৰ ওপৰতো বিচাৰ-বিবেচনা হ'ব লাগে। "চহৰবোৰত সকলো ঠাইতে নগদ ধন প্ৰত্যেক দিনাই ভৰোৱা হয়," তেওঁ কয়। "গ্ৰামীণ অঞ্চলত এনে কৰা নহয়, তাতে চহৰৰ এটিএমৰ তুলনাত ২০ শতাংশ কমকৈ কাম হয়।"

তদুপৰি য়েধে ইয়াকো কয় যে অনলাইন লেন-দেন খুব ব্যয়বহুল হ'ব পাৰে, আৰু খেতিয়কে প্ৰতিবাৰৰ এনে লেনদেনৰ বাবদ অতিৰিক্ত টকা দি থাকিব নোৱাৰে। যিকোনো ক্ষেত্ৰতে তেওঁ ইয়াকো কয় যে গ্ৰামীণ অৰ্থব্যৱস্থাত নগদ ধনে ধমনীৰ দৰেই কাম কৰে। "আমি খেতিপথাৰৰ এজন শ্ৰমিকক ২৫০ টকা পেটিএম কৰাই দিব নোৱাৰো," তেওঁ কথাৰ মাজতে হাঁহি দিলে। "বহুসময়ত খেতিয়কে টকা পোৱাৰ লগে লগে সেয়া খাদ্য অথবা বীজ অথবা ৰেচন কিম্বা পশুখাদ্য ক্ৰয়ৰ কামত খৰছ কৰি দিয়ে। গ্ৰামীণ ভাৰতৰ বেপাৰ-বাণিজ্য একমাত্ৰ নগদ ধনৰ ওপৰত আধাৰিত।"

২০১৬ চনৰ নবেম্বৰ মাহত নগদৰ উপলব্ধতা কমাৰ সময়তে নতুন নোট পাবৰ বাবে গ্ৰামীণ এলেকাত বেংকবোৰে একেবাৰে শেষতহে নতুন নোট পাইছিল। বহুমাহলৈ আৰবিআইয়ে সৰহভাগ খেতিয়কৰ একাউণ্ট থকা জিলা সহকাৰী বেংকবোৰত জমা কৰা পুৰণি নোটবোৰ নললে। লাটুৰ জিলা সহকাৰী বেংকৰ পৰিচালন সঞ্চালক হনুমন্ত যাদৱে কয়, "৭-৮ মাহলৈ আমি যুঁজিবলগীয়া হ'ল, যেতিয়া জিলা পৰ্যায়ৰ বেংকবোৰত টকা পঠিওৱা হোৱা নাছিল আৰু আমাৰ আটাইবোৰ এটিএমত টকা নোহোৱা হৈ গৈছিল।"


ভিডিঅ চাওকঃ 'এজন খেতিয়ক কেছলেছ হৈ যাব নোৱাৰে', কৰাজগাঁৱৰ দীপক বড়াবনে কয়

কৰাজগাঁৱতো খেতিয়কে কয় যে কেছলেছ অৰ্থব্যৱস্থাৰ এই পদক্ষেপ নগৰকেন্দ্ৰীক, উক্ত প্ৰক্ৰিয়াত গৰিষ্ঠসংখ্যককে জনসংখ্যা অধ্যুষিত গাওঁবোৰকে অৱজ্ঞা কৰা হৈছে। "আমি যিদিনা টকা পাও সাধাৰণতে সিদিনাই সেয়া খৰছ কৰো," দীপকে কয়। "আমি যদি প্ৰত্যেকদিনৰ লেন-দেনৰ বাবে বেংকৰপৰা টকা উলিওৱা আৰম্ভ কৰি দিও, তেন্তে আপুনি অনুমান কৰিব পাৰিব যে আমি তাৰবাবে কিমান টকা আৰু সময় খৰছ কৰিবলগীয়া হ'ব? কেছলেছৰ কথা মুম্বাই আৰু দিল্লীত শুনিবলৈ ভাল লাগিব পাৰে, কিন্তু গ্ৰামীণ ভাৰতত এয়া এক হাস্যকৰ কথা।"

দীপকে ২০১৬-১৭ বৰ্ষৰ খেতিৰ ঋতুৰ সময়ৰ ঋণ পৰিশোধ কৰিবপৰা নাই। "মই কাৰমাদস্থিত বেংক অব মহাৰাষ্ট্ৰক ১.৫ লাখ টকা দিবলৈ আছো," তেওঁ কয়। "মই প্ৰতিবছৰে সেয়া পৰিশোধ কৰি থকা হেতুকে নতুন শস্যঋণৰ বাবে যোগ্য আছিলো। কিন্তু এইবছৰ মই ডিফল্টাৰ হৈ পৰিলো।"

দীপকে এতিয়া এজন ব্যক্তিগত ঋণদিওতাৰপৰা মাহে ৩ শতাংশ সুতৰ হাৰত ২.৪০ লাখ টকা ধাৰলৈ লৈছে। তেওঁ ইয়াৰ পুৰ্বেও এজন ঋণদিওতাৰপৰা ২ লাখ টকা ধাৰ লৈ থৈছে। তেওঁ এই নতুন ধাৰটোৰ টকাখিনি খাৰিফ শস্যত খটুৱালে আৰু অলপ টকাৰে বেংকৰ ঋণ আংশিকভাবে পৰিশোধ কৰিলে। কিন্তু তেওঁ বাৰুকৈয়ে চিন্তিত হৈ পৰিছে। "কম বৰষুণৰ ফলত এইবছৰ খেতিৰপৰা বেছি আশা কৰিবপৰা নাযাব," তেওঁ কয়।

আৰু হাচনাবাদাৱাড়ী গাঁৱত অতুলে তেওঁৰ মৌচম্বিৰ খেতি শুকাই গ'লে কি হ'ব তাকে ভাবি পাৰ পোৱা নাই। "নাদবোৰ শুকাই গৈছে। বৰষুণো ভাল হোৱা নাই। শস্য (বছৰৰ দ্বিতীয়বাৰ, আগস্ত-চেপ্তেম্বৰ মাহত) ভাল-বেয়াৰ মাজতে থাকিব পাৰে। আৰু বিমুদ্ৰাকৰণৰ ফলত ভালেখিনি টকা হেৰুওৱাৰ পিছত পুলিবোৰ জীয়াই ৰাখিবলৈ পানী ক্ৰয় কৰাটোও মোৰ বাবে কঠিন হৈ পৰিছে।"

ফটোবোৰঃ শ্ৰীৰংগ স্বৰ্গে

অনুবাদকঃ ৰশ্মি ৰেখা দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.