চিত্ৰশিল্প ঘৰ শুশোভিত কৰিবলৈ সৃষ্টি কৰা নহয় শত্ৰুৰ বিৰুদ্ধে এয়া আক্ৰমণাত্মক আৰু আত্মৰক্ষামূলক দুয়োবিধ অস্ত্ৰ
পাবলো পিকাচো

মাৰাঠী ভাষাত কথা এষাৰ আছে: “बामना घरी लिहनं, कुणब्या घरी दानं आणि मांगा-महारा घरी गाणं।” ইয়াৰ অৰ্থ এনেধৰণৰ: “ব্ৰাহ্মণৰ ঘৰত লেখন, কুনবিৰ ঘৰত শস্যদানা, মাং-মহৰৰ ঘৰত সংগীত।” গাঁৱৰ পাৰম্পৰিক ঘৰ এখনত মাং সম্প্ৰদায়টোৱে হালগি বজায়, গোন্ধালিজনে সাম্বাল বজায়, ডাংগাৰবোৰ হৈছে পাকৈত ঢুলীয়া আৰু মাহাৰসকলে একতাৰি বজায়। জ্ঞান, খেতি, কলা আৰু সংগীতৰ সংস্কৃতিক জাত-পাতৰ ভিত্তিত ভগোৱা হৈছিল। তাৰোপৰি বহুতো জাতি আছিল ‘অস্পৃশ্য’, গীত গোৱা আৰু সংগীত পৰিৱেশনেই আছিল তেওঁলোক জীয়াই থকাৰ ঘাই উপায়। শতিকাজুৰি দমন আৰু নিষ্পেষণৰ বলি হৈ অহা দলিতসকলে তেওঁলোকৰ ইতিহাস, সাহসিকতা, হৰ্ষ-বিষাদ আৰু দৰ্শন জাত্যাবৰ্চি অ’ভি (গ্ৰাইণ্ডমিল চংগচ্ অৱ বা কবিতা) আকাৰে সযতনে সংৰক্ষণ কৰি ৰাখিছে। ৰাষ্ট্ৰীয় পৰ্য্যায়ত ড. আম্বেদকাৰ জিলিকি উঠাৰ আগতে মাহাৰসকলে কবীৰৰ দোহা গাই একতাৰি বজাইছিল, আৰু ইশ্বৰ বন্দনাৰে ভিত্থাল আৰু ভজন আদি ভক্তিগীত গাইছিল।

দলিত ৰাজনীতিত ড. আম্বেদকাৰৰ উত্থানৰ সময়ত, অৰ্থাৎ ১৯২০ৰ পিছৰছোৱাত তেওঁ দেখুওৱা আদৰ্শ আৰু চেতনাক এইধৰণৰ শিল্পীসকলেই তুলি ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। ড. আম্বেদকাৰে দেখুওৱা সমাজ সংস্কাৰৰ বাট তেওঁলোকে সৰলকৈ তুলি ধৰিছিল। তেওঁলোকৰ গীতত আম্বেদকাৰৰ দৈনন্দিন জীৱনৰ ঘটনাৱলী, আম্বেদকাৰৰ ভূমিকা, বাৰ্তা আৰু জীৱন তথা সংগ্ৰামৰ প্ৰতিফলন ঘটিছিল। ভাষা আছিল প্ৰাঞ্জল, শিক্ষিত-নিৰক্ষৰ সকলোৱে বুজিব পৰা। এবাৰ ড. আম্বেদকাৰে মুম্বাইৰ নাইগাওঁ এলেকাৰ ৱেলফেয়াৰ গ্ৰাউণ্ডৰ ভীমৰাও কাৰ্দাক আৰু তেওঁৰ দলটোৱে জলছা (গীতৰ যোগেদি সাংস্কৃতিক প্ৰতিবাদ) পৰিৱেশৰ কৰা চাই কৈ উঠিছিল: “কাৰ্দাক আৰু তেওঁৰ দলটোৰ এখন মাত্ৰ জলছা মোৰ দহখন সভাৰ আৰু জনসমাৱেশৰ সমান।”

ড. আম্বেদকাৰৰ আগত গীত-মাত পৰিৱেশন কৰোঁতে শ্বাহিৰ ভেগড়েয়ে কৈছিল:

সেই যুৱ মাহাৰৰ ল’ৰাজন (আম্বেদকাৰ) বৰ বুদ্ধিদীপ্ত আছিল
সঁচাকৈয়ে আছিল
জগতখন পাত কৰিলেও এনে নেদেখিলেহেঁতেন
আমাক ঘোৰ অন্ধকাৰৰ পৰা তেওঁ পোহৰৰ বাট দেখুৱাইছিল
তেঁৱেই আমাৰ দৰে নিমাখিতবোৰক প্ৰবুদ্ধ কৰিছিল

PHOTO • Keshav Waghmare
PHOTO • Keshav Waghmare

বাওঁফালে : বীড়ৰ মানুহ এঘৰৰ বেৰত আঁৰি থোৱা বাবাচাহেব আম্বেদকাৰৰ পেইণ্টিং আম্বেদকাৰোত্তৰ কালৰ আত্মাৰাম চালভেৰ দৰে শ্বাহিৰসকলে ড . আম্বেদকাৰক কিতাপৰ মাজেৰে চিনি পাইছিল সোঁফালে : আত্মাৰাম চালভেৰ এখন বিৰল আলোকচিত্ৰ

ড. আম্বেদকাৰৰ আন্দোলনে দলিতসকলৰ মাজত জাগৰণৰ এক জোঁৱাৰ আনিলে। এই আন্দোলনৰ মাধ্যম আছিল জলছা আৰু শ্বাহিৰি (কবিতা পাঠ), দলিত সমাজৰ মাজলৈ ইয়াক লৈ গৈছিল হাজাৰ হাজাৰ জনা-নজনা শিল্পিয়ে।

আম্বেদকাৰৰ আন্দোলন যেতিয়া গাওঁ-ভুঁইলৈ বিয়পিছিল, তেতিয়া দলিত গাঁৱৰ দৃশ্যবোৰ আছিল এক বিশেষ ধৰণৰ - আধামান ঘৰ টিনৰ চালি দিয়া, আধাবোৰ খেৰীঘৰ। বস্তিবোৰৰ সোঁমাজত এখন মঞ্চ আছিল, তাত এখন নীলা পতাকা উৰি থাকে। নীলা পতাকাৰ তলত ডেকা-বুঢ়া, পুৰুষ-মহিলা-শিশু সকলো গোট খায়। মেল বহে, তাত বুদ্ধা-ভীমৰ গীত গোৱা হয়। চৈত্যভূমি (মুম্বাই), দীক্ষাভূমি (নাগপুৰ) আৰু আন ডাঙৰ চহৰবোৰৰ পৰা সৰু-ডাঙৰ কবিৰ গীতৰ কিতাপ অনা হয়। দলিত বস্তিবোৰৰ পুৰুষ-মহিলাসকল নিৰক্ষৰ আছিল যদিও তেওঁলোকে স্কুললৈ যোৱা ল’ৰা-ছোৱালীক সেই গীতবোৰ পঢ়ি শুনাবলৈ দিয়ে আৰু সেয়া শুনি মুখস্থ কৰি পিছলৈ গায়। নাইবা তেওঁলোকে শ্বাহিৰে গোৱা গীত মুখস্থ কৰি তেওঁলোকৰ বস্তিত পৰিৱেশন কৰে। দিনটোৰ কঠোৰ শ্ৰমৰ অন্তত ঘৰলৈ উভতা মহিলা কৃষিশ্ৰমিকে “ভীম ৰাজা কী জয়! বুদ্ধ ভগৱান কী জয়!” বুলি শ্লোগান জোৰে আৰু গায় - এনেদৰে গাওঁখনত সুখ আৰু আশাৰ আভা বিয়পি যায়। গাঁৱৰ দলিত লোকৰ বাবে এই গীতবোৰেই এখন বিদ্যালয় আছিল। এই গীতবোৰৰ যোগেদিয়েই পৰৱৰ্তী প্ৰজন্মই বুদ্ধ আৰু আম্বেদকাৰক জানিছিল। এই গায়ক আৰু শ্বাহিৰসকলৰ যোগেদি নতুন প্ৰজন্মই বুদ্ধ, ফুলে আৰু আম্বেদকাৰৰ ওপৰত ৰচিত প্ৰচণ্ড শক্তিময় গীতবোৰ হৃদয়ংগম কৰিছিল - সেয়া পাহৰি যোৱাটো অসম্ভৱ হৈ পৰিছিল। সমগ্ৰ জাতি এটাৰ প্ৰজন্মটোক শ্বাহিৰসকলে সামাজিক আৰু সাংস্কৃতিক চেতনা দিছিল। তেওঁলোকৰ মাজৰ এজন আছিল আত্মাৰাম চালভে। মাৰাঠৱাড়া সামাজিক-সাংস্কৃতিক জাগৰণৰ উৎস আছিল আত্মাৰামৰ গীত আৰু কণ্ঠ।

১৯৫৩ৰ ৯ জুনত বীড় জিলাৰ মাজালগাওঁ ব্লকৰ ভাটৱাড়গাওঁ গাঁৱত জন্ম পোৱা শ্বাহিৰ চালভেয়ে ১৯৭০ত ছাত্ৰ হিচাপে ঔৰংগাবাদলৈ আহিছিল।

মাৰাঠৱাড়া নিজামৰ শাসনাধিস্থ (১৯৪৮ৰ আগলৈকে) আছিল আৰু অঞ্চলটো শিক্ষাকে ধৰি আন বহু দিশত পিছপৰি আছিল। ড. আম্বেদকাৰে ১৯৪২ত পিপলচ্ এডুকেচন ছ’চাইটিৰ অধীনত ঔৰংগাবাদৰ নাগসেনবন অঞ্চলত মিলিন্দ মহাবিদ্যালয় স্থাপন কৰে। নাগসেনবন চৌহদটো দলিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল। মিলিন্দ কলেজৰ আগতে ঔৰংগাবাদৰ মাৰাঠৱাড়া অঞ্চলত এখনমাত্ৰ চৰকাৰী কলেজ আছিল। তাকো তাতে ইণ্টাৰমেডিয়েটলৈকে পঢ়িব পৰা সুবিধাহে আছিল! মিলিন্দখন আছিল মাৰাঠৱাড়াৰ প্ৰথমখন প্ৰাকস্নাতক শিক্ষাৰ সুবিধা থকা কলেজ। অঞ্চলটোত এক শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত কলেজখনে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। একে সময়তে ই ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশতো পৰিৱৰ্তনৰ সূচনা কৰিছিল। এখন মৃতপ্ৰায় সমাজ আৰু অঞ্চল এটাক ই জীপাল কৰি তুলিলে, আত্মমৰ্য্যাদা আৰু আত্ম-পৰিচয়ৰ বাট মোকলালে। কেৱল মহাৰাষ্ট্ৰৰ পৰাই মিলিন্দলৈ শিক্ষাৰ্থী অহা নাছিল; কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাটৰ পৰাও তালৈ শিক্ষাৰ্থীৰ আগমন ঘটিছিল। এই সময়ছোৱাতে আত্মাৰাম চালভেয়ে ছাত্ৰ হিচাপে মিলিন্দত সোমায়। মাৰাঠৱাড়া বিশ্ববিদ্যালয়খন (ঔৰংগাবাদ), যিখন এই চৌহদৰ পৰাই প্ৰতিষ্ঠা হৈছিল, সেইখন পুনৰ্নামাকৰণ কৰাৰ বাবে চলা আন্দোলনক তেওঁ কবিতাই দুটা দশকলৈ আলোড়িত কৰিছিল। নামান্তৰ আৰু দলিত পেন্থাৰ আন্দোলনৰ সাংস্কৃতিক দিশটোক তেওঁ গতি দিছিল।

PHOTO • Labani Jangi

আত্মাৰাম চালভেয়ে তেওঁৰ শ্বাহিৰি , কণ্ঠ আৰু শব্দৰে দলিত জাতিটোৰ হৈ যুঁজিছিল

১৯৭০ৰ দশকটো আছিল অস্থিৰ। এয়া আছিল স্বতন্ত্ৰ ভাৰতৰ প্ৰথমটো যুৱ প্ৰজন্মৰ যুগ। বহুতেই ডিগ্ৰী লৈ ওলাই আহিছিল যদিও স্বাধীনতা (১৯৪৭)ৰ দিন ধৰি চৰকাৰৰ কাৰচাজিৰ পৰা অতিষ্ঠ হৈ পৰিছিল। বিভিন্ন ঘটনাপ্ৰৱাহৰ তেওঁলোকৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছিল -  জৰুৰীকালীন অৱস্থা, পশ্চিমবংগৰ নক্সালবাড়ি, তেলাংগনা ৰাজ্যৰ বাবে আন্দোলন, বিহাৰত জয়প্ৰকাশ নাৰায়নৰ নৱনিৰ্মাণ আন্দোলন, গুজৰাট আৰু বিহাৰত ও.বি.চি. সংৰক্ষণৰ বাবে আন্দোলন, সংযুক্ত মহাৰাষ্ট্ৰ আন্দোৰন, মুম্বাইত মিলত কাম কৰা শ্ৰমিকৰ আন্দোলন, শ্বাহাদা আন্দোলন, সেউজ বিপ্লৱ, মাৰাঠৱাড়া মুক্তি আন্দোলন আৰু মাৰাঠৱাড়াৰ খৰাং। সমগ্ৰ দেশতে অস্থিৰতাই বিৰাজ কৰিছিল আৰু ডেকাচামৰ মন উদ্বিগ্ন হৈ আছিল, উন্নয়ন আৰু নিজস্ব পৰিচয়ৰ আন্দোলন তীব্ৰ হৈ পৰিছিল।

মাৰাঠৱাড়া ৰিপাব্লিকান ফেডাৰেচনৰ বেনাৰত ড. মাচ্চিন্দ্ৰ মহৈৰ দ্বাৰা নেতৃত্ব দিয়া নাগসেনবন চৌহদৰ সজাগ শিক্ষাৰ্থীয়ে মাৰাঠৱাড়াত থকা এখন বিশ্ববিদ্যালয়ৰ ড. আম্বেদকাৰৰ নামত পুনৰ্নামাকৰণ কৰিবলৈ ১৯৭৪ৰ ২৬ জুনত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ এখন চিঠি লিখিছিল। কিন্তু ভাৰতীয় দলিত পেন্থাৰ এই নামান্তৰ আন্দোলনত নামি পৰাত ই এক সংগঠিত ৰূপ লয়। নামদেউ ধাসাল আৰু ৰাজা ধালেৰ মাজত বিবাদে দেখা দিয়াত ধালেয়ে দলিত পেন্থাৰ ভংগৰ ঘোষণা কৰে। কিন্তু মহাৰাষ্ট্ৰত দলিত পেন্থাৰৰ কাম আগবঢ়াই নিবলৈ প্ৰফেছৰ অৰুণ কাম্বলে, ৰামদাস আঠাৱালে, গংগাধৰ গাড়ে আৰু এছ.এম. প্ৰধানৰ নেতৃত্বত ‘ভাৰতীয় দলিত পেন্থাৰ্ছ’ নামেৰে গোট এটা গঢ় লৈ উঠে।

আত্মাৰাম চালভেয়ে নতুনকৈ গঢ়ি উঠা ভাৰতীয় দলিত পেন্থাৰ্ছৰ বিষয়ে লিখিছে:

মই পেন্থাৰ সৈনিক
কাম্বলে অৰুণ চৰ্দাৰ
আমি জয় ভীম কওঁ
ন্যায়ৰ বাবে যুঁজি যাওঁ
সৈনিকে ভয় নাখায়
আমি কাকো ভয় নকৰো
অন্যায়ৰ এই শৃংখল ভাঙি
অগ্ৰসৰ হ’ম
দলিত, কৃষক, শ্ৰমিক বন্ধু, জাগি উঠা
হাতৰ মুঠি টান কৰি একত্ৰ হোৱা

এই গীতেৰে চালভেয়ে নৱ পেন্থাৰসকলক আদৰিছিল আৰু ‘মাৰাঠৱাড়াৰ উপ-সভাপতি’ৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৯৭৭ৰ ৭ জুলাইত নৱগঠিত ভাৰতীয় দলিত পেন্থাৰ্ছৰ সাধাৰণ সচিব গংগাধৰ গাড়েয়ে মাৰাঠৱাড়া বিশ্ববিদ্যালয়খনক ড. আম্বেদকাৰৰ নামেৰে নামাকৰণ কৰাৰ প্ৰথম ৰাজহুৱা দাবী তুলিছিল।

PHOTO • Keshav Waghmare
PHOTO • Keshav Waghmare

বাওঁফালে : মহাৰাষ্ট্ৰৰ নন্দেড় জিলাৰ মুখেড়ত তেজেৰাও ভাড়ে শ্বাহিৰ আত্মাৰাম চালভেৰ দলটোৰ এটা দশকলৈ সদস্য আছিল , তেওঁ হাৰমনিয়াম আৰু ধোলকি বজাইছিল সোঁফালে : আম্বেদকাৰ আন্দোলনত ভাড়েৰ সাংস্কৃতিক অৰিহণাৰ স্বীকৃতি

১৯৭৭ৰ ১৮ জুলাইত যেতিয়া কলেজবোৰ বন্ধ হৈ আছিল আৰু অল-পাৰ্টি ষ্টুডেণ্ট এক্সন কমিটিয়ে মাৰাঠৱাড়া বিশ্ববিদ্যালয়ৰ নামান্তৰৰ দাবী জনাই এক বিশাল আন্দোলন গঢ়ি তুলিছিল। তেতিয়াই ১৯৭৭ৰ ২১ জুলাইত ঔৰংগাবাদৰ চৰকাৰী অভিযান্ত্ৰিক কলেজ, সৰস্বতী ভুৱন কলেজ, দেউগিৰি কলেজ আৰু বিবেকানন্দ কলেজৰ সবৰ্ণ হিন্দু ছাত্ৰসকলে নামান্তৰৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে। নামান্তৰৰ সপক্ষে আৰু বিপক্ষে প্ৰতিবাদ, ধৰ্ণা আৰু ৰেলীৰ জোঁৱাৰ উঠিল। পৰৱৰ্তী দুটা দশকৰ বাবে মাৰাঠৱাড়া দলিত আৰু অনা-দলিতৰ বিবাদভূমি হৈ পৰিল। এইখিনি সময়ত আত্মাৰাম চালভেয়ে “দলিতৰ ওপৰত জাপি দিয়া জাতিৰ যুঁজ”ৰ বিৰুদ্ধে তেওঁৰ শ্বাহিৰি, কণ্ঠ আৰু শব্দ ব্যৱহাৰ কৰিছিল।

আত্মাৰাম চালভে এনে এটা সময়ত দেখা দিছিল, যেতিয়া আম্বেদকাৰৰ আন্দোলন স্বচক্ষে দেখা আৰু ভাগ লোৱা শ্বাহিৰ আন্নাভাউ সাথে, ভীমৰাও কাৰ্দাক, শ্বাহিৰ ঘেগড়ে, ভাউ ফাক্কাড়, ৰাজানন্দ গাড়পায়ালে আৰু ৱামান কাৰ্দাকৰ দৰে শ্বাহিৰিসকল সেই সমাজ-সাংস্কৃতিক পটভূমিত নাছিল।

আম্বেদকাৰোত্তৰ কালত বিলাস ঘোগাড়ে, দলিতানন্দ মোহনাজি হাটকাৰ আৰু বিজয়ানাদ যাদৱে ড. আম্বেদকাৰৰ আন্দোলন বা ধৰ্মান্তৰৰ যুগটো দেখা নাছিল। তেওঁলোক আছিল নবিচ। গ্ৰামাঞ্চলৰ এই শ্বাহিৰসকলে কিতাপৰ যোগেদি বাবাচাহেব (ড. আম্বেদকাৰ) আৰু তেওঁ আন্দোলনটোক জানিছিল। সেয়ে তেওঁলোকৰ শ্বাহিৰিবোৰ আছিল লক্ষণীয়ভাৱে সাঘাতিক চোক থকা, একেদৰে আত্মাৰাম চালভেৰ গীতবোৰো একেটা ধাৰাৰে গীত।

নামান্তৰৰ আন্দোলন কেৱল নাম সলনি কৰাৰ আন্দোলন নাছিল। নতুনকৈ জাগি উঠা স্বকীয় পৰিচয়ৰ আৰু মানুহ হোৱাৰ চেতনাই আছিল আন্দোলনৰ আধাৰ।

মুখ্যমন্ত্ৰী বসন্তদাদা পাটিলে যেতিয়া নামান্তৰ আন্দোলনৰ পৰা সমৰ্থন উঠাই লৈছিল, তেতিয়া আত্মাৰাম চালভেয়ে লিখিছিল:

বসন্তদাদা, আমাৰ সৈতে যুঁজি নল’ব
আপুনি নিজৰ গাদী হেৰুৱাব
এই দলিতেই এদিন শক্তি গোটাব
আপুনি ধূলিময় চুক এটাত পৰি থাকিব
গাদীৰ নিচাত আপুনি নিচাসক্ত
ইয়ালৈ চোৱা, তোমাৰ একনায়কত্ববাদ এৰা
তোমাৰ স্বৈৰাচাৰী শাসন সদায় নচলে

কেশৰবাই গোটমুখে পৰিৱেশন কৰা চাওক
হেৰা বসন্তদাদা , আমাৰ সৈতে যুঁজি নল

সামাজিক সংহতি বিনষ্ট কৰাৰ অভিযোগত পুলিচে প্ৰায়ে তেওঁৰ কাৰ্য্যসূচীবোৰ বন্ধ কৰি দিছিল, কিন্তু আত্মাৰামে কেতিয়াও গাবলৈ এৰা নাছিল

আত্মাৰাম চালভেয়ে কেৱল গীতটি লিখাই নাছিল, বসন্তদাদা পাটিলে যেতিয়া নন্দেৰ সাক্ষাৎ কৰিছিল, তেতিয়া হাজাৰ হাজাৰ লোকৰ আগত সেই গীত পৰিৱেশনো কৰিছিল। তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল। ৰাজনৈতিক ‘অপৰাধ’ৰ অভিযোগৰ ধাৰা গোটেই জীৱনটো তেওঁৰ ওপৰত চলিছিল। ১৯৭৮ৰ পৰা ১৯৯১, চালভেৰ মৃত্যুলৈ সমগ্ৰ মহাৰাষ্ট্ৰৰ আৰক্ষী থানাবোৰত তেওঁ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল - কাজিয়া কৰা, চৰকাৰী কামত বাধা দিয়া, বিদ্ৰোহ কৰা আৰু সামাজিক সংহতি বিনষ্ট কৰা আদি বিভিন্ন ধৰণৰ অভিযোগেৰে তেওঁৰ ওপৰত গোচৰ ৰুজু কৰা হৈছিল। ভালেকেইবাৰ তেওঁক হত্যাৰ চেষ্টাও কৰা হৈছিল। দেলগুৰৰ চন্দ্ৰকান্ত থানেকাৰ, চালভেৰ বন্ধুগৰাকীয়ে মনত পেলায়: “১৯৮০ত তেওঁক দেলগুৰ ব্লক (নন্দেৰ জিলাৰ)ৰ মাৰ্খেল গাঁৱত তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছিল। বেন্নাল গাঁৱৰ এজন দলিত শ্ৰমিক কালেৰ মৃত্যুৰ ভূৱা প্ৰমাণপত্ৰ ইছ্যু কৰাৰ অভিযোগ থকা ডা. নাৱালক তেওঁ প্ৰশ্ন কৰিছিল, সেইজন ডাক্তৰক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ অনা হৈছিল। সেই কাণ্ডৰ বাবে তেওঁৰ লগতে ৰামা খাৰ্গে আৰু মোক দুই বছৰৰ কঠোৰ কাৰাবাস আৰু ৫০০ টকাৰ জৰিমনা বিহা হৈছিল। উৰ্দ্ধতন আদালতে আমাক পিছত নিৰ্দোষী ৰায় দিয়ে।”

একেখন মাৰ্খেল গাঁৱৰ ৭০ বছৰ বয়সীয়া নাগাৰবাই সোপান ৱাজাৰ্কাৰে আত্মাৰামৰ হাতেলিখা গীতৰ বহী এখন দেখুৱালে। তেওঁ মাটিৰ পাত্ৰ এটাৰ পৰা সেইখন উলিয়াই আনিলে, তাতেই ৪০ বছৰ ধৰি সেইখন সুৰক্ষিত হৈ আছে। মাৰ্খেলত আত্মাৰামৰ ওপৰত আক্ৰমণ চলোৱাৰ সময়ত নাগাৰবাইয়েই আত্মাৰামক বচাইছিল। আন এটা ঘটনা, পেন্থাৰে আহ্বান জনোৱা বন্ধ এটাৰ বাবে আত্মাৰাম চালভেক বহিষ্কাৰ কৰাৰ বাবে মাজালগাঁৱৰ ব্যৱসায়ীসকলে এক ৰেলী উলিয়াইছিল। তাৰ পিছত তেওঁক বীড় জিলাত সোমাবলৈ দিয়া হোৱা নাছিল। মুখেড়ৰ তেজেৰাও ভাদৰে, যিয়ে আত্মাৰামৰ গীত পৰিৱেশনত হাৰমনিয়াম বজাই সংগ দিছিল, তেওঁ কয়: “আত্মাৰামৰ ভাষণ আছিল বলিষ্ঠ আৰু ক্ষোভৰ উদ্ৰেগ ঘটাব পৰা। দলিতসকলে তেওঁৰ কথা শুনি ভাল পাইছিল, কিন্তু সবৰ্ণসকল ক্ষুণ্ণ হৈছিল। সিহঁতে আনকি তেওঁ গালৈ শিলো দলিয়াইছিল। আত্মাৰামে গীত পৰিৱেশন কৰা সময়ত সন্মুখৰ শাৰীৰ কিছুমানে মঞ্চলৈ মূদ্ৰা দলিওৱাৰ বিপৰীতে কিছুমানে শিল দলিয়াইছিল। শ্বাহিৰ হিচাপে তেওঁক কিছুমানে ভাল পাইছিল, কিছুমানে বেয়া পাইছিল। সেয়া স্বাভাৱিক আছিল। কিন্তু শিল দলিয়াই কোনোৱে আত্মাৰামক গীত গোৱাৰ পৰা ৰখাব পৰা নাছিল। তেওঁ গীতৰ মাজেৰে অগনি বৰষিছিল আৰু মানুহক নিজৰ গৌৰৱ আৰু মৰ্য্যাদাৰ হকে যুঁজিবলৈ আহ্বান জনাইছিল। অন্যায়ৰ বিৰুদ্ধে মানুহে থিয় দি উঠাটো তেওঁ বিচাৰিছিল।”

পুলিচে সদায় সামাজিক শান্তি-সংহতি বাহত কৰাৰ অভিযোগত তেওঁৰ কাৰ্য্যসূচীবোৰ বন্ধ কৰিছিল। কিন্তু আত্মাৰামে কেতিয়াও থমিক ৰোৱা নাছিল। ফুলে পিম্পালগাঁৱৰ শ্বাহিৰ ভিমচেন চালভে, যিয়ে আত্মাৰামক তেওঁৰ গীত পৰিৱেশনত সংগ দিছিল, তেওঁ সুঁৱৰিলে: “আত্মাৰামক বীড় জিলাত প্ৰৱেশ নিষেধ কৰা হৈছিল, কিন্তু এদিনাখন ৰাতি তেওঁ জিলাখনৰ ভিতৰত গীত পৰিৱেশন কৰিবলগীয়া আছিল। কোনোবাই পুলিচক খবৰ দিলে। তেওঁলোকে আহি আত্মাৰামক গীত গোৱা বন্ধ কৰাৰ নিৰ্দেশ দিলে। আত্মাৰামে গাওঁখনৰ মাজেৰে যোৱা বোৱতী নৈখন পাৰ হৈ সিটো পাৰত উঠিল। সিটো পাৰ জিলাখনৰ ভিতৰত নপৰে। তাৰপৰাই আত্মাৰামে গাবলৈ আৰম্ভ কৰিলে। মানুহে নৈৰ আন্ধাৰ পাৰটোত বহি তেওঁৰ গীত শুনিলে। গায়কজন আছিল আন এখন জিলাত, ইখন জিলাৰ মানুহে সেই গান জিলাৰ সীমাৰ পৰা শুনিছিল। পুলিচো অসহায় হৈ পৰিছিল! তেওঁলোকৰ অৱস্থা চাবলগীয়া হৈছিল।” আত্মাৰামে এনে বহুতো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছিল, কিন্তু কেতিয়াও গাবলৈ এৰা নাছিল। গীত গাই যোৱাটোৱে তেওঁৰ জীৱনৰ চালিকাশক্তি আছিল।

দুটা দশকজুৰি আত্মাৰাম চালভেৰ অগ্নিময়  কবিতাই মাৰাঠৱাড়া বিশ্ববিদ্যালয়ৰ পুনৰ নামাকৰণৰ আন্দোলনৰ জুই জ্বলাই ৰাখিছিল

শ্বাহিৰ অশোক নাৰায়ন চৌৰেয়ে গোৱা চাব পাৰে
হে মোৰ সুহৃদসকল , নামান্তৰৰ যুঁজত চামিল হোৱা

মানৱি হাক্কা অভিযান (বীড় জিলাৰ)ৰ প্ৰতিস্থাপন সভাপতি অধিবক্তা একনাথ আৱাড়ে তেওঁৰ আত্মজীৱনী জগ বদল গালুনি ঘাৱ (এনে আঘাত কৰা যিয়ে বিশ্বক নৱৰূপ দিয়ে, জেৰী পিণ্টোৰ দ্বাৰা অনুদিত)ত আত্মাৰাম চালভে বিষয়ক ঘটনা এটা লিখিছে: “শ্বাহিৰৰ যোগেদি সামাজিক সংহতি বিনষ্ট কৰা আৰু মানুহক বিপ্লৱৰ প্ৰতি আকৃষ্ট কৰাৰ অভিযোগ আত্মাৰাম চালভেৰ ওপৰত আছিল। সেয়ে তেওঁ নন্দেৰত থাকিছিল। আমি পেন্থাৰৰ জিলা শাখা এটা খুলিলো আৰু তেওঁৰ জলছা আয়োজন কৰিলো। আম্বাজোগাইৰ পাৰালি ৱেষ্টত দলিত অধ্যূষিত অঞ্চল আছিল। সেয়ে আমি তাত তেওঁৰ জলছা পতাৰ ব্যৱস্থা কৰিলো। আত্মাৰাম বীড় জিলাত সোমোৱা মানা আছিল। সেয়ে পুলিচে চোকা নজৰ ৰাখিছিল। পি.এছ.আই. কদমে আত্মাৰামক আটক কৰিবলৈ সাজু হৈ আছিল। আমি তেওঁক গৈ সাক্ষাৎ কৰিলো। ‘গীত পৰিৱেশনৰ পিছত তেওঁক আটক কৰক,’ আমি প্ৰস্তাৱ দিলো। তেওঁ সৈমান হ’ল। আত্মাৰামে সমস্ত শক্তিৰে গীত পৰিৱেশন কৰিলে। ‘বৰ বিপ্লৱী শ্বাহিৰ’ বুলি কদমে তেওঁক প্ৰশংসাও কৰিলে। কিন্তু তলে তলে তেওঁ আত্মাৰামক আটক কৰিবলৈ সাজু হৈ আছিল। আত্মাৰামে কেনেবাকৈ সেয়া গম পালে আৰু তেওঁৰ ঠাইত মঞ্চত আন এজনক বহুৱাই পলাই গ’ল। পি.এছ.আই. কদমে আত্মাৰামক আটক কৰিবলৈ মঞ্চত উঠিল, কিন্তু তেওঁক বিচাৰি নাপালে।”

১৯৭৮ৰ ২৭ জুলাইত, মহাৰাষ্ট্ৰৰ বিধানসভাৰ মজিয়াত যেতিয়া মাৰাঠৱাড়া বিশ্ববিদ্যালয়ৰ নাম সলনি কৰাৰ প্ৰস্তাৱ গৃহীত হ’ল, সেইদিনা সমগ্ৰ মাৰাঠৱাড়া অঞ্চল দলিতৰ নৰমেধৰ কেন্দ্ৰ হৈ পৰিল। এটা দিনৰ ভিতৰতে যাতায়তৰ সমস্ত ব্যৱস্থা স্তব্ধ হৈ পৰিল, হাজাৰ হাজাৰ দলিতৰ ঘৰ জ্বলিল। কিছুমান ঠাইত জুপুৰী ঘৰবোৰো জ্বলাই দিয়া হ’ল, ভিতৰত মহিলা আৰু কণ কণ শিশু জীয়াই জীয়াই জ্বলি ছাই হ’ল। নন্দেৰ জিলাৰ সুগাওঁ গাঁৱৰ জনাৰ্দন মেৱাড়ে আৰু টেমভুৰ্ণি গাঁৱৰ উপ-সৰপঞ্চ পচিৰাম কাম্বলেক হত্যা কৰা হয়। পাৰভানি জিলাৰ ধমনগাওঁ গাঁৱৰ দলিত আৰক্ষী বিষয়া সম্ভাজি সোমাজি আৰু গোবিন্দ ভুৰেশ্বৰো এই গণহত্যাৰ বলি হয়। হাজাৰ হাজাৰ দলিত আহত হয়। কোটি কোটি টকাৰ সম্পত্তিৰ হানি হয়। শস্য আৰু শস্যৰ পথাৰ নষ্ট কৰি পেলোৱা হয়। বহু গাঁৱত দলিতক সমাজচ্যুত কৰা হয় আৰু তেওঁলোকক খাদ্য-পানীও দিয়াৰ পৰা সবৰ্ণসকল বিৰত থাকে। গাঁৱৰ পৰা হাজাৰ হাজাৰ লোক চহৰলৈ প্ৰব্ৰজন কৰে। ডেৰ কোটি টকাৰ ৰাজহুৱা আৰু ব্যক্তিগত সম্পত্তি নষ্ট হয়। বিভিন্ন স্থানত ড. আম্বেদকাৰৰ মূৰ্তি ভাঙি পেলোৱা হয়। মাৰাঠৱাড়া অঞ্চলটো জাত-পাতৰ যুদ্ধভূমিত পৰিণত হয়।

মাৰাঠৱাড়াৰ সেই জাতি সংঘৰ্ষই কেনে এটা ভয়াৱহ ৰূপ লৈছিল, সেই সংঘৰ্ষৰ নিৰ্মম ছৱি নিৰ্মোহভাৱে আত্মাৰামে গীতৰ যোগেদি তুলি ধৰিছে:

গাঁৱে গাঁৱে, চুবাই-চুকে জুই জ্বলিছিল
নালগিৰত এটি কণমানিৰ শৰীৰ জ্বলিছিল
প্ৰাণৰ মমতাত দলিত মানুহবোৰ যেনি-তেনি দৌৰিছিল
কিছুমানে হাবিত লুকাইছিল
জাত-পাতৰ বিচাৰ কৰা দুৰ্বৃত্তই সিহঁতক অত্যাচাৰ কৰিছিল,
ফালি চিৰাছিৰ কৰিছিল দেহ
দলিতৰ হাতত কোনো কাম নাছিল, সিহঁতৰ ঘৰৰ চৌকাবোৰ সেমেকিছিল
উঠা জাগা হে দলিত জনতা,
তোমালোকেই নিৰ্বাপিত কৰিব লাগিব এই জুই, নহয়নে?
লাগিলে বৈ যাওঁক তেজৰ বন্যা
এই শোণিতসিক্ত হৈ মোৰ সৈতে শেষ যুঁজত অৱতীৰ্ণ হওঁ
বিপ্লৱৰ বীজ সিঁচি যাওঁ

দলিত বিদ্বেষী এই পৰিৱেশ এদিনতে গঢ় লৈ উঠা নাছিল। নিজামৰ শাসনকালতে ইয়াৰ পূৰ্বসুৰী পৰিৱেশ এটাই বিৰাজ কৰিছিল। নিজামৰ বিৰুদ্ধে যুঁজখনত সন্মুখশাৰীত আছিল স্বামী ৰামানন্দ তীৰ্থ। তেওঁ আছিল আৰ্য্য সমাজৰ। আৰ্য্য সমাজখন যদিওবা ব্ৰাহ্মণ সমাজৰ অৱদমন ৰুধিবলৈ প্ৰতিস্থা কৰা হৈছিল, সেই সমাজখনৰ নেতৃত্বত ব্ৰাহ্মণ সমাজৰ দৰেই আছিল। ৰাজাকাৰসকলৰ বিৰুদ্ধে সংগ্ৰামত এই নেতৃ্ত্বতে দলিতৰ বিৰুদ্ধে কিছুমান পক্ষপাতমূলক চিন্তাধাৰাৰ উন্মেষ ঘটিছিল। ‘দলিতসকলে নিজামক সমৰ্থন কৰে,’ ‘দলিত চুবুৰীবোৰে ৰাজাকাৰসকলক আশ্ৰয় দিছে,’ -  এনেধৰণৰ কিছুমান উৰাবাতৰি বিয়পিছিল, ফলশ্ৰুতিত আম্বেদকাৰবিৰোধী সবৰ্ণ শ্ৰেণী ক্ষোভিত হৈছিল আৰু তেওঁলোকৰ ইয়াৰ সাঁচ পৰিছিল। সেয়ে ৰাজাকাৰসকলৰ ওপৰত পুলিচৰ দমন চলাবলৈ যাওতে দলিতসকলেও একেই উৎপীড়নৰ সন্মুখীন হৈছিল। তেতিয়াৰ মাৰাঠৱাড়া অনুসূচীত জাতিৰ ফেডাৰেছনৰ সভাপতি ভাউচাহেব মোৰেয়ে দলিতৰ বিৰুদ্ধে এই অত্যাচাৰৰ এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল আৰু ড. আম্বেদকাৰৰ লগতে ভাৰত চৰকাৰলৈ সেই প্ৰতিবেদন প্ৰেৰণ কৰিছিল।

PHOTO • Keshav Waghmare
PHOTO • Keshav Waghmare

নন্দেৰৰ কেশৰবাই গোটমুখেয়ে ভাৰতীয় দলিত পেন্থাৰ্ছৰ মহিলা শাখাৰ উপ - সভাপতি হিচাপে অৱসৰ লৈছে আমাৰ সকলো প্ৰতিবাদতে আত্মাৰাম চালভে আমাৰ সৈতে আছিল তেওঁ থিতাতে গীত লিখি উলিয়াইছিল আৰু আমি সকলোৱে সমবেত কণ্ঠৰে সেই গীত গাইছিলো সোঁফালে : শ্বাহিৰ অশোক নাৰায়ন চৌৰে কয় যে নামান্তৰ আন্দোলনে বহু শিক্ষিত দলিত যুৱকৰ জীৱন ব্যাহত কৰিছিল আমাৰ এটা প্ৰজন্ম ক্ষতিগ্ৰস্ত হৈছিল

ড. আম্বেদকাৰৰ পিছত ভূ-অধিকাৰৰ আন্দোলনৰ নেতৃত্ব দিছিল দাদাচাহেব গাইকোৱাডে, তেওঁৰ শ্লোগান আছিল ‘কেচেল ত্যাচি জমীন, নাচেল ত্যাচে কে?’ (হাল যাৰ, মাটি তাৰ, কিন্তু ভূমিহীনজনে কি কৰিব?) এই আন্দোলনৰ আগশাৰীত আছিল মাৰাঠৱাড়াৰ দলিতসকল। লাখ লাখ পুৰুষ-মহিলা জেললৈ গৈছিল। দলিতসকলে লাখ লাখ হেক্টৰ মাটি জীৱিকাৰ বাবে দখল কৰি লৈছিল। সমূহীয়া চৰণীয়া পথাৰ দখল কৰি লোৱাটো সবৰ্ণসকলে ভাল পোৱা নাছিল। তেওঁলোকে মনত বিদ্বেষ পুহি ৰাখিছিল। বসন্তদাদা পাটিল আৰু শৰদ পাৱাৰৰ মাজত হোৱা বিতৰ্কই এইক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল। ইখনৰ পিছত সিখন গাঁৱত সবৰ্ণসকলৰ ক্ষোভে ঘৃণা আৰু হিংসাৰ মাজেৰে আত্মপ্ৰকাশ কৰিছিল। নামান্তৰ আন্দোলনৰ সময়ত এনেবোৰ উৰাবাতৰি চলিছিল যে “ইউনিভাৰ্ছিটিখন নীলা ৰঙৰ কৰি পেলোৱা হ’ব”, “ডিগ্ৰীৰ প্ৰমাণপত্ৰত ড. আম্বেদকাৰৰ ফটো থাকিব”, “ড. আম্বেদকাৰে অসবৰ্ণ বিবাহৰ পোষকতা কৰে, সেয়ে শিক্ষিত দলিত যুৱকে আমাৰ কন্যাবোৰ লৈ যাব।”

“মাৰাঠৱাড়া ইউনিভাৰ্ছিটিৰ নামান্তৰৰ বিষয়টো নৱ-বৌদ্ধ আন্দোলনৰ উদ্দেশ্যাৱলীৰ অন্তৰ্গত। দলিতসকলৰ নিজাকৈ সুকীয়া স্থিতিৰ দাবী স্পষ্ট, তাৰবাবে তেওঁলোকে বুদ্ধ ধৰ্মালম্বী দেশৰ পৰা সহায় বিচাৰিছে। ভাৰতীয় নাগৰিকত্ব এৰি দিয়াৰ বাবেও তেওঁলোক সাজু। সেয়ে আমি এক অতিশীঘ্ৰে স্পষ্ট আৰু কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগিব।” নামান্তৰ বিৰোধী ক্ৰুটি সমিতিয়ে লাটুৰত অনুষ্ঠিত তেওঁলোকৰ সভাত এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু দলিতসকলক তেওঁলোকৰ গৃহভূমিৰ পৰা আঁতৰাব খুজিছিল। নামান্তৰ আন্দোলনক হিন্দু আৰু বুদ্ধ ধৰ্মালম্বীৰ মাজৰ এক যুঁজ বুলি অভিহিত কৰাৰ চেষ্টা কৰা হৈছিল আৰু এনে পক্ষপাতিত্ব সাধাৰণ কথা হৈ পৰিছিল। সেয়ে নামান্তৰ আন্দোলন আৰম্ভ হোৱালৈকে মাৰাঠৱাড়াখন অশান্ত হৈ আছিল, তাৰপিছতো একেই অস্থিৰাৱস্থা বাহাল থাকিল। নামান্তৰ আন্দোলনৰ সময়ত ২৯ গৰাকী দলিতে প্ৰাণ হেৰুৱাইছিল।

এই আন্দোলন কেৱল অস্তিত্ব আৰু পৰিচয়ৰে নাছিল, সমাজ-সাংস্কৃতিক সম্পৰ্কৰ সন্মিলনৰো আছিল। জন্ম, বিবাহ আৰু মৃত্যুৰ ৰীতি-নীতিত ইয়াৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছিল। বিবাহ আৰু শেষকৃত্যৰ সময়ত মানুহে ‘ডা. আম্বেদকাৰান্সা বিজয় আচো’ (ড. আম্বেদকাৰৰ বিজয় হওক) আৰু ‘মাৰাঠৱাড়া বিদ্যাপিতাচে নামান্তৰ ঝালেচ পাহিজে’ (মাৰাঠৱাড়া বিশ্ববিদ্যালয়ৰ নামান্তৰ হ’বই লাগিব) আদি শ্লোগান দিছিল। নামান্তৰৰ বিষয়ে মানুহক সজাগ কৰা আৰু মানুহৰ মাজত সমাজ-সাংস্কৃতিক চেতনাক গঢ় দিয়াৰ ক্ষেত্ৰত শ্বাহিৰ আত্মাৰাম চালভেয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

PHOTO • Keshav Waghmare

বীড়ৰ এজন ছাত্ৰ সুমিত চালভেয়ে আত্মাৰাম চালভেৰ ভালেমান গীত গাইছে। ‘শ্বাহিৰৰ গীতে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে’

আত্মাৰাম চালভেৰ জীৱনটো আম্বেদকাৰ আৰু নামান্তৰ আন্দোলনেৰে ভৰি পৰিছিল। তেওঁ কয়, “যেতিয়া চৰকাৰীভাৱে ইউনিভাৰ্ছিটিখনৰ নামটো সলনি কৰা হ’ব, মই মোৰ ঘৰ আৰু খেতিপথাৰ বিক্ৰী কৰি দিম আৰু সেই টকাৰে ইউনিভাৰ্ছিটিখনৰ প্ৰৱেশদ্বাৰতে সোণালী আখৰেৰে আম্বেদকাৰৰ নাম লিখিম।‘ তেওঁৰ কণ্ঠ, শব্দ আৰু শ্বাহিৰিত শোষিত-নিষ্পেষিতজনৰ চেতনাক জাগ্ৰত কৰাৰ শক্তি নিহিত হৈ আছিল। নামান্তৰৰ লক্ষ্যত উপনীত হ’বলৈ তেওঁ গোটেই মহাৰাষ্ট্ৰখন দুটা দশক ধৰি কোনো যান-বাহন ব্যৱহাৰ নকৰাকৈ ভ্ৰমি ফুৰিছিল। তেওঁ স্মৃতি ৰোমন্থন কৰি ঔৰংগাবাদৰ ড. অশোক গাইকোৱাডে কয়, “নন্দেৰ জিলাৰ মোৰ গাওঁ বন্দাগাওহানত এতিয়াও ভাল ৰাস্তা নাই, কোনো বাহন তালৈ গৈ নাপায়। ১৯৭৯ত আত্মাৰাম আমাৰ গাঁৱলৈ আহিছিল আৰু জলছা পৰিৱেশন কৰিছিল। তেওঁ শ্বাহিৰিৰে আমাৰ জীৱনবোৰ আলোকিত কৰিছিল, তেওঁৰ গীতবোৰে দলিতক তেওঁলোকৰ সংগ্ৰামৰ বাবে সাহস দিছিল। তেওঁ জাত-পাতৰ পৃষ্ঠপোষকতা কৰাজনক স্পষ্টকৈ কৈছিল। তেওঁ গীত পৰিৱেশন কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে মৌমাখিৰ দৰে গোট খাইছিল। তেওঁৰ গীতে মনক প্ৰশান্তি দিছিল, তেওঁ শব্দৰে শুই থকা চেতনাৰ গহ্বৰৰ পৰা বিদ্বেষৰ বিৰুদ্ধে যুঁজাৰ বাবে মানুহৰ মনটোক পুনৰোদ্ধাৰ কৰিছিল।”

কিনৱাটৰ (নন্দেৰ জিলাৰ) দাদাৰাও কায়াপকৰো চালভেৰ স্মৃতি-বিজড়িত কথা কয়। “১৯৭৮ৰ কথা, গকুল গন্দেগাঁৱৰ দলিতসকলক সমাজচ্যুত কৰা হৈছিল। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এছ. এম. প্ৰধান, সুৰেশ গাইকোৱাড, মনোহৰ ভগত, উকীল মিলিন্দ সাৰ্পে আৰু মই মিলি মৰ্চা উলিয়ালো। পুলিচে ধাৰা ১৪৪ জাৰী কৰি কোনো ধৰণৰ সমাৱেশ নিষিদ্ধ কৰিছিল। আত্মাৰাম চালভেয়ে জলছা এখনৰ আয়োজন কৰিছিল আৰু পৰিস্থিতি গম্ভীৰ হৈ পৰিছিল। সবৰ্ণ লোকে পেন্থাৰ কৰ্মী আৰু শ্বাহিৰ চালভেক পুলিচে আটক কৰাটো বিচাৰিছিল। তেওঁলোকে আৰক্ষী অধীক্ষক শ্ৰুংগাৰৱেল আৰু উপ আৰক্ষী অধীক্ষক খানক ঘেৰাও কৰে আৰু আৰক্ষীৰ অতিথিশালাটোৰ চৌহদৰ বেৰত জুই লগাই দিয়ে। পৰিস্থিতি বিষম হৈ পৰাত আৰক্ষীয়ে গুলিচালনা কৰে। কংগ্ৰেছ সাংসদ উত্তমৰাও ৰাথোড়ৰ এঝন ঘনিষ্ঠ ব্যক্তি জে. নাগোৰাও আৰু এজন দলিত সংৰক্ষণ কৰ্মীৰ মৃত্যু ঘটে।”

শ্বাহিৰ আত্মাৰাম চালভেৰ গীতবোৰ মানৱতা, সমতা, স্বাধীনতা, ভাতৃত্ববোধ আৰু ন্যায়ৰ ধাৰণাৰে তগবগ। লাধাই (যুঁজ), থিংগি (ফিৰিঙতি), ক্ৰান্তি (বিপ্লৱ), আগ (অগনি), ৰণ (ৰণাংগন), শস্ত্ৰ, টোফ (টোপ), যুদ্ধ, নৱ ইতিহাস আদি শব্দৰে তেওঁ গীতবোৰ সংপৃক্ত। শব্দবোৰে তেওঁৰ বাস্তৱ জীৱনৰ অভিজ্ঞতা দৰ্শাইছিল। তেওঁৰ প্ৰতিটো গীত আছিল এক ৰণহুংকাৰ।

মনুস্মৃতিক গজালিক মোহাৰি পেলাবলৈ
টোপ আনিলো, এঢাপ উঠিলো
আহা আমি নতুন ইতিহাস গঢ়ো
বিপ্লৱৰ বীজ ৰোপন কৰো
আজি বন্দুকৰ গুলীয়ে মনুৰ দূৰ্গ খহাব
ফাকুৱা উৎসৱ আদৰিম

তেজেৰাও ভাদ্ৰেয়ে কৰা পাঠ শুনক
হে মোৰ দলিত ভাতৃগণ , নিজৰ অন্তৰৰ অগনি জ্বলাই ৰাখা

আত্মাৰাম চালভেয়ে মনোৰঞ্জন, টকা-পইচা কিম্বা যশস্যাৰ বাবে গীত গোৱা নাছিল। তেওঁৰ মতে কলা নিৰপেক্ষ নহয়, সি পৰিৱৰ্তনৰ যুঁজৰ এক গুৰুত্বপূৰ্ণ আহিলা

শিল্পী আৰু শ্বাহিৰ হিচাপে আত্মাৰাম নিৰপেক্ষ নাছিল। কিন্তু তেওঁ ভৌগোলিকভাৱে সীমাৱদ্ধ নাছিল, কিম্বা মনৰ পৰাও সংকীৰ্ণ নাছিল। ১৯৭৭ত বিহাৰৰ বেলছিত দলিতৰ গণহত্যা হৈছিল। তেওঁ বেলছিলৈ গৈ তাত আন্দোলন গঢ়ি তুলিছিল। তেওঁক ১০ দিনৰ বাবে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁ সেই গণহত্য়াৰ কথা লিখিছিল:

মই দেখিছো
এই হিন্দুৰ দেশত, বেলছিত
মোৰ ভাইহঁতক জ্বলাই দিয়া হৈছিল
মাতৃ-ভগ্নি আৰু শিশুই
প্ৰাণৰ মমতাত দৌৰিছিল
মই দেখিছো

একেটা গীততে তেওঁ দলিত নেতাসকলৰ আদৰ্শগত ফোপোলা আৰু স্বাৰ্থান্বেষী চৰিত্ৰক উদঙাই দিছিল:

কিছুমান কংগ্ৰেছৰ পুতলা হৈছিল
কিছুমানে ‘জনতা’লৈ (দল) সৰ্বস্ব সমৰ্পণ কৰিছিল
মই দেখিছিলো ভণ্ডামি, সেই জটিল ক্ষণত
শত্ৰুৰ সৈতে সিহঁতে মিলাইছিল হাত

১৯৮১ত ছাত্ৰৰ বেশত অহা সংৰক্ষণ বিৰোধী দল এটাই অনুসূচিত জাতি আৰু জনজাতিৰ বাবে স্নাতক পাঠ্যক্ৰমত নামভৰ্তিত আসন সংৰক্ষণৰ বিৰোধিতা কৰিবলৈ গৈতাণ্ডৱ চলালে। তেওঁলোকে ঘৰ-দুৱাৰ জ্বলাই দিছিল, লুটিছিল, চুৰীকাঘাত কৰিছিল। কন্দুৱা গেছ আৰু গুলিচালনা হৈছিল। আক্ৰমণৰ কেন্দ্ৰ আছিল দলিতসকল। আহমেদাবাদত দলিত শ্ৰমিকৰ কলনিবোৰত অগ্নিসংযোগ কৰা হৈছিল। সৌৰাস্ত্ৰ আৰু উত্তৰ গুজৰাটৰ ওপৰ খাপৰ জাতৰ লোকে দলিত বস্তিবোৰত আক্ৰমণ কৰিছিল। বহু দলিতে নিজৰ গাওঁ এৰি পলাই যাবলৈ বাধ্য হৈছিল।

এইবিষযে আত্মাৰাম চালভেয়ে লিখিছিল:

আজি সংৰক্ষিত আসনৰ বাবে
কিয় তুমি নিৰ্ব্বলীজনক অত্যাচাৰ কৰা
তোমালোক গণতন্ত্ৰৰ হিতাধিকাৰী
কিয় এই ঘৃণনীয় আচৰণ তেন্তে
আজি গুজৰাট জ্বলিছে
কাইলৈ গোটেই দেশ জ্বলিব
দপদপাই জ্বলি উঠা প্ৰচণ্ড এইকুৰা জুই
তুমি কিয় জ্বলি মৰিব খুজিছা

আত্মাৰাম চালভেয়ে মনোৰঞ্জন, টকা-পইচা কিম্বা যশস্যাৰ বাবে গীত গোৱা নাছিল। তেওঁৰ মতে কলা নিৰপেক্ষ নহয়, ই মনোৰঞ্জনৰ আহিলা নহয়, ই সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ যুঁজৰ এক গুৰুত্বপূৰ্ণ আহিলা। তেওঁ ৩০০ৰো অধিক গীত ৰচিছিল। আজি লিখিত ৰূপত তাৰে ২০০ গীত আমি পাইছো।

ভোকাৰৰ লক্ষ্মণ হীৰে, মাৰ্খেলৰ নাগাৰবাই ভাজাৰ্কাৰ, মুখেৰৰ তেজেৰাও ভাদ্ৰে (কেউজনেই নন্দেৰ জিলাৰ) আৰু বীড় জিলাৰ ফুলে পিম্বলগাঁৱৰ শ্বাহিৰ মহেন্দ্ৰ চালভেৰ হাতত তেওঁৰ গীতৰ সংগ্ৰহ আছে। বহুতো আধৰুৱা গীত মানুহৰ স্মৃতিত সঞ্চিত হৈ আছে। কোনে এই গীতবোৰ লিখি ৰাখিছিল? কোনেও নাজানে। কিন্তু মানুহে গুণগুণাই গৈছে।

আমি সকলো জয় ভীমপন্থী
আমাৰ চৰ্দাৰ ৰাজা ধালে

এই ‘দলিত পেন্থাৰ মূল গীত’টি প্ৰতিজন পেন্থাৰ সদস্যৰ মুখে মুখে আছিল, লিখিছিল চালভেয়ে। আজিও এই গীতটি মাৰাঠৱাড়াৰ জনতাৰ মনে-প্ৰাণে বিৰাজ কৰে।

বিপ্লৱৰ ফিৰিঙতি বিয়পি যাওক
এই জুই জ্বলি থাক
কিমান আৰু অৱহেলাত দিন নিয়াম
বুকুত জুইকুৰা জ্বলি থাক
মাতৃৰ গৰ্ভৰ সন্তান লৰে-চৰে
আগন্তুক সময়লৈ তাৰ স্থিৰ দৃষ্টি
ভীমৰ সাহসী সৈনিক
তই জাগি উঠ

PHOTO • Labani Jangi

আত্মাৰামে গীত গালে দূৰ - দূৰণিৰ পৰা দলিতসকল গোট খাইছিল , দীঘলীয়া বাট খোজকাঢ়ি আহিছিল

আত্মাৰামে এই জনপ্ৰিয় গীতটো ৰচনা কৰিছিল (ওপৰত উল্লেখ কৰা)। মাৰাঠৱাড়া নামান্তৰ পোৱাৰাটোও তেওঁ ৰচনা কৰিছিল। তেওঁৰ পাণ্ডুলিপিৰ সূচীপত্ৰত ইয়াৰ উল্লেখ আছে যদিও আমি তাৰে লিখিত ৰূপ পোৱা নাই। অৱশ্যে পুণেৰ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়াৰ নেতা ৰহিদাস গাইকোৱাড আৰু আম্বেদকাৰ আন্দোলনৰ এগৰাকী জ্যেষ্ঠ নেতৃত্বধাৰী বসন্ত চালভেয়ে গীতটিৰ কেইশাৰীমান মোক গাই শুনালে। ইন্দপুৰ তালুকৰ বাৱড়া গাঁৱৰ দলিতসকলক (উচ্চ জাতিৰ লোকে) সমাজচ্যুত কৰাৰ সময়ত আত্মাৰাম চালভে পুণেলৈ আহি চহৰখনৰ আশে-পাশে থকা ভালেমান বস্তিত গীত পৰিৱেশন কৰিছিল। সামূহিক চেতনা আৰু সংবেদনশীলতাক কেন্দ্ৰ কৰি তেওঁ গীত গাইছিল। আত্মাৰামে যেতিয়াই গাইছিল, ওচৰে-পাজৰে থকা আৰু দূৰণিবটীয়া ঠাইৰ পৰাও দলিতসকল আহি উপস্থিত হৈছিল। লগত ভাখ্ৰি লৈ তেওঁলোকে কেবাকিলোমিটাৰ বাট খোজকাঢ়ি আহিছিল। তেওঁৰ গীত পৰিৱেশনৰ পিছতে পেন্থাৰকৰ্মীসকলে জনতাক সম্বোধন কৰি তেওঁলোকৰ বক্তব্য ৰাখিছিল। নামান্তৰ সংগ্ৰাম আৰু পেন্থাৰসকলৰ বাবে তেওঁ আছিল চুম্বকে লোক আকৰ্ষণ কৰাৰ দৰে মানুহক টানি অনাৰ উপায়। দলিত পেন্থাৰ যুগৰ দলিত কবি বুলিলে যেনেদৰে নামদেউ ধাচালৰ নাম আহে, তেনেদৰে পেন্থাৰ যুগৰ গীতিকাৰ বুলিলে আত্মাৰাম চালভেৰ নাম আহে। কবিতাৰ যোগেদি নামদেউৱে যেনেদৰে ‘ন-দুৱাৰ’ খুলিছিল, একেদৰে আম্বেদকাৰোত্তৰ কালত আত্মাৰামৰ শ্বাহিৰিয়ে চিন্তা আৰু কৰ্মৰ ন-বাট মোকলাইছিল। নামদেউৰ কবিতাই পেন্থাৰ যুগত প্ৰতিনিধিত্ব কৰাৰ দৰে আত্মাৰামৰ শ্বাহিৰিয়ে সেই যুগটোক প্ৰাঞ্জল ভাষাৰে সাধাৰণজনৰ মাজলৈ লৈ যাব পৰাকৈ তুলি ধৰিছে। নামদেউৰ কবিতাই জাতি আৰু শ্ৰেণীৰ সংঘাতক দৰ্শাইছে, আত্মাৰামৰ গীতত জাত-পাত আৰু লৈংগিক অৱদমন একে সময়তে গীতৰ মাজেৰে প্ৰকাশ পাইছে। পেন্থাৰ্ছৰ পৰা তেওঁ প্ৰভাৱান্বিত হৈছিল, আকৌ পেন্থাৰ্ছ তথা সাধাৰণ জনতাক তেওঁৰ গীতে প্ৰভাৱান্বিত কৰিছিল। এই গীত আৰু মানুহৰ মাজত থাকিয়েই তেওঁ উচ্চশিক্ষা, সংস্থাপন, ঘৰ আদিকে কৰি সৰ্বস্ব এৰিছিল আৰু নিৰ্ভয়ে, নিস্বাৰ্থভাৱে বাট বুলিছিল।

দলিত পেন্থাৰ যুগৰ দলিত কবি বুলিলে যেনেদৰে নামদেউ ধাচালৰ নাম আহে, তেনেদৰে পেন্থাৰ যুগৰ গীতিকাৰ বুলিলে আত্মাৰাম চালভেৰ নাম আহে

সুমিত চালভেয়ে গোৱা শুনক
কিমানদিন এনেকৈ এলান্ধুকলীয়া কঁথাখন গাত লৈ থাকিবা

বসাইৰ প্ৰাক্তন বিধায়ক বিবেক পণ্ডিত দুটা দশক জুৰি আত্মাৰাম চালভেৰ বন্ধু আছিল। তেওঁ কয়, “ভয় আৰু স্বাৰ্থ - এই দুটা শব্দ আত্মাৰামৰ অভিধানত নাছিল।” শব্দ আৰু কণ্ঠৰ ওপৰত আত্মাৰামৰ সাংঘাতিক দখল আছিল। তেওঁ কি জানিছিল, সেয়া তেওঁ ভালকৈ বুজিছিল। মাৰাঠীৰ উপৰিও তেওঁ হিন্দী, উৰ্দু আৰু ইংৰাজী ভাষাত তেওঁ বুৎপত্তি আছিল। তেওঁ হিন্দী আৰু উৰ্দু ভাষাতো কিছু গীত ৰচিছিল। হিন্দী ভাষাত তেওঁ কেইটামান কাৱালিও ৰচনা কৰিছিল। কিন্তু তেওঁ কেতিয়াও নিজৰ শিল্পৰ বাণিজ্যিকৰণ কৰা নাছিল, বজাৰলৈ লৈ যোৱা নাছিল। তেওঁৰ কলা, তেওঁৰ শব্দ আৰু শক্তিশালী কণ্ঠক তেওঁ অস্ত্ৰৰ দৰে ব্যৱহাৰ কিৰছিল, জাত-পাত-লিংগীয় বৈষম্য আৰু অৱদমনৰ বিৰুদ্ধে তেওঁ সৈনিকৰ দৰে যুঁজ দিছিল, আমৃত্যু যুঁজি গৈছিল।

পৰিয়াল, আন্দোলন আৰু জীৱিকাই এজন সমাজকৰ্মীক মানসিকভাৱে সবল কৰে। এই সকলোকে একলগ কৰি জনতাৰ আন্দোলনক এক বৈকল্পিক স্থানলৈ লৈ অহাৰ প্ৰয়োজন আছে, য’ত শিল্পী, সমাজকৰ্মী সকলোৱে ভাতৃত্ববোধেৰে ইজনে আনজনক সহায় কৰিব পাৰে আৰু বাচি থাকিব পাৰে। য’ত তেওঁলোকে অকলশৰীয়া আৰু বিচ্ছিন্ন অনুভৱ নকৰে।

আম্বেদকাৰ আন্দোলনৰ সময়ত শিল্পীসকলক কোনোধৰণৰ গঠনাত্মক কিম্বা সাংগঠনিক সমৰ্থন আগবঢ়োৱা হোৱা নাছিল, মানসিক চাপ কিম্বা হতাশাৰ সময়তো কাষত থিয় দিবলৈ কোনো নাছিল। সেয়ে শিল্পী এজনৰ ক্ষেত্ৰত যি অৱশ্যম্ভাৱী আছিল, সেয়াই আত্মাৰামৰ ক্ষেত্ৰতো ঘটিছিল।

পিছৰ জীৱনত তেওঁ তিনিওটা স্তৰতে হতাশ হৈছিল। আন্দোলনৰ কাৰণে তেওঁৰ পৰিয়ালটো ছেদেলি-ভেদেলি হৈছিল। আসক্তি (সুৰাৰ) বাঢ়িছিল। শেষৰফালে তেওঁ বিভ্ৰান্ত হৈ পৰিছিল। ৰাস্তাৰ মাজত, চহৰৰ মাজমজিয়াত, যিকোনো মানুহৰে অনুৰোধত, য’তে-ততে তেওঁ পৰিৱেশকৰ ভংগীমাৰে গীত গাবলৈ লৈছিল। নিচাসক্তিৰ মাজতে এইজন শ্বাহিৰি, যিয়ে নামান্তৰৰ বাবে যুঁজিছিল, বিশ্ববিদ্যালয়খনৰ নতুন নামটো সোণালী আখৰেৰে নিলিখাকৈয়ে ১৯৯১ত শ্বহীদ হৈছিল।

এই ষ্ট’ৰিটো প্ৰথমে মাৰাঠী ভাষাত লিখা হৈছিল।

পোৱাড়া (মালিতা) বোৰ মাৰাঠী ভাষাৰ পৰা নমিতা ৱাইকাৰে অনুবাদ কৰিছে।

এই প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াওতে কৰা সহায়ৰ বাবে প্ৰতিবেদকে ভোকাৰৰ লক্ষ্মণ হীৰে, নন্দেৰৰ ৰাহুল প্ৰধান আৰু পুণেৰ দয়ানন্দ কনকদাণ্ডেলৈ ধন্যবাদ যাঁচিছে।

এই মাল্টিমিডিয়া ষ্ট’ৰিটো পিপল্চ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ সৈতে সহযোগত আৰ্কাইভ্চ এণ্ড মিউজিয়ামচ্ প্ৰগ্ৰেমৰ অধীনত ইণ্ডিয়া ফাউণ্ডেচন ফৰ দা আৰ্টচৰ ‘ইনফ্লুয়েন্সিয়েল শ্বাহিৰ্ছ, নেৰেটিভচ্ ফ্ৰম মাৰাঠৱাড়া’ শীৰ্ষক এক প্ৰকল্পৰ অধীনত যুগুতোৱা সংকলনৰ অংশ।

অনুবাদ: পংকজ দাস

Keshav Waghmare

Keshav Waghmare is a writer and researcher based in Pune, Maharashtra. He is a founder member of the Dalit Adivasi Adhikar Andolan (DAAA), formed in 2012, and has been documenting the Marathwada communities for several years.

Other stories by Keshav Waghmare
Illustrations : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das