“মোৰ দেউতা আছিল এগৰাকী শ্ৰমিক, কিন্তু মাছ মৰাটো আছিল তেওঁৰ জীৱনৰ আটাইতকৈ ভাললগা বস্তু। তেওঁ কোনোমতে এক কিলো চাউলৰ জোখাই পইচা যোগাৰ কৰিছিল আৰু তাৰপিছত দিনটোৰ বাবে নোহোৱা হৈছিল! মোৰ আম্মীয়ে বাকী সকলো কৰিবলগীয়া হৈছিল,” বেলডাঙাৰ উত্তৰপাৰা অঞ্চলৰ নিজৰ ঘৰত চাদত বহি থকা কহিনুৰ বেগমে কয়।
“কল্পনা কৰকচোন, সেই এক কিলো চাউলেৰে আম্মীয়ে চাৰিটা ল’ৰা-ছোৱালী, আমাৰ আইতা (পিতৃৰ ফালৰ), মোৰ দেউতা, এগৰাকী পেহীয়েক আৰু নিজে খোৱাৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল।” তেওঁ অকণমান থমকি কয়, “তাতে আকৌ আব্বুয়ে আহি মাছৰ টোপৰ বাবে ভাত বিচাৰে। সেই মানুহজনক লৈ আমি যে বিবুদ্ধিত পৰিছিলো!”
কহিনুৰ আপা (আপা মানে ভনী)ৰ বয়স ৫৫, তেওঁ মুৰ্চিদাবাদ জিলাৰ জানকি নগৰ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ কাম কৰে। আজৰি পৰত তেওঁ বিড়ি পকোৱা কাম কৰে আৰু শাৰীৰিকভাবে ক্ষতিকৰ এই কামত জৰিত শাৰীৰিকভাবে ক্ষতিকৰ আন মহিলাৰ অধিকাৰৰ হকে অভিযান চলায়। মুৰ্চিদাবাদত আটাইতকৈ দুখীয়া শ্ৰেণীৰ মহিলাই বিড়ি পকোৱা শাৰীৰিকভাবে ক্ষতিকৰ কাম কৰে। কম বয়সৰে পৰা ধঁপাতৰ স্পৰ্শলৈ অহা বাবে স্বাস্থ্যৰ ভয়ংকৰ ক্ষতি হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। পঢ়ক: ধোঁৱা চাঙত মহিলা বিড়ি শ্ৰমিকৰ স্বাস্থ্য
২০২১ৰ ডিচেম্বৰৰ এটি পুৱা কহিনুৰ আপাই এই প্ৰতিবেদকক বিড়ি শ্ৰমিকৰ সচেতনতাৰ অভিযানৰ অন্তত লগ পাইছিল। তেওঁক শান্ত হ’বলৈ অলপ সময় লাগিল, তাৰ পিছত তেওঁ তেওঁৰ শৈশৱৰ কথা ক’লে, নিজে লিখা গান এটাও গাই শুনালে, গীতৰ কথা শাৰীৰিকভাবে অতি কষ্টকৰ বিড়ি শ্ৰমিকৰ কাম আৰু সেই কামত শোষণৰ বলি হোৱা মহিলাসকল।
শৈশৱত ঘৰুৱা অৱস্থা বেয়া হোৱা বাবে ঘৰখনত সদায়েই অশান্তি বিৰাজ কৰিছিল বুলি কহিনুৰ আপাই কয়। সৰু ছোৱালীজনীয়ে সেয়া সহ্য কৰিব নোৱাৰিলে। “মোৰ বয়স আছিল নবছৰ,” তেওঁ কয়, “এদিনাখন পুৱা ঘৰৰ এই বিশৃংখল পৰিৱেশৰ মাজতেই মই মাক কয়লা, গৰুৰ গোৱৰ আৰু কাঠেৰে পাকঘৰৰ চৌকা জলাই থকা সময়ত উচুপি থকা দেখিছিলো। সিদিনা চৰুত চাউল নাছিল।”






