কোমল বগা আৱৰণ থকা মিঠা ফলটো বিচাৰি পাই কৃষ্ণন আত্মহাৰা হৈ পৰে। সি এই ফলটো ফালি উজ্বল গুলপীয়া-ৰঙা ভিতৰফালটো উলিয়াই পেলালে। ১২ বছৰীয়া আৰ. ৰাজকুমাৰে যেতিয়া অগ্ৰহেৰে ফলটোত কামোৰ মাৰিলে, তাৰ ওঠ দুটাও উজ্বল ৰঙা হৈ পৰিল। সেই কাৰণে সি আৰু তাৰ লগৰ ল’ৰা-ছোৱালীবিলাকে ‘থাপ্পাট্টিকাল্লি’ নামৰ ফলটোক ‘লিপষ্টিক ফল’ বুলি কয়। আনকেইটা ল’ৰা-ছোৱালীয়ে তাকে কৰিলে, সিহঁতেও টকালি পাৰি ফলটোত কামোৰ মাৰিলে, সিহঁতৰ মুখবিলাক ৰঙা হৈ পৰিল। এনেকৈ জংঘললৈ অহাতো সিহঁতৰ বাবে এক ৰোমাঞ্চকৰ কাৰবাৰ।
৩৫ বছৰ বয়সীয়া জি. মনিগন্দন আৰু ৫০ বছৰীয়া কে. কৃষ্ণনে ডিচেম্বৰ মাহৰ পূৱা বাট দেখুৱাই সিহঁতক জংঘললৈ লৈ গৈছিল। চেৰুক্কানুৰ গাঁৱৰ ওচৰৰ জোপোহা গছেৰে ভৰা জংঘলৰ গভীৰলৈ তেওঁলোকে বাট দেখুৱাই লৈ গৈছিল, কিছুমান গছ-লতাৰ শিপা বা আলু চিপৰাঙেৰে খান্দি উলিয়াইছিল। পাঁচটা ল’ৰা-ছোৱালী। সিহঁতৰ বয়স ডেৰ বছৰৰ পৰা ১২ বছৰলৈকে, সিহঁত আৰু সিহঁতক লৈ যোৱা লোক দুজনো ইৰুলা জনজাতীয় লোক।
সেইদিনা দেওবাৰে পুৱা সিহঁতে আলুজাতীয় ফল কাট্টু ভেল্লিকিঝাংগু বিচাৰিবলৈ ধৰিলে। ‘একেবাৰে নিৰ্ধাৰিত মাহতহে আপুনি ইয়াক খাব পাৰিব (ডিচেম্বৰ-জানুৱাৰী)। সেই সময়ত ভাল লাগে, নহ’লে আন মাহত খালে খজুৱাব,’ মনিগন্দনে ক’লে। ‘আন গছৰ মাজৰ পৰা প্ৰথমতে এই লতাডাল বিচাৰিব লাগিব। ইয়াৰ গা-গছৰ আকাৰৰ পৰা আলুৰ আকাৰ জানিব পৰা যাব আৰু মাটিৰ কিমান তলৰ পৰা খান্দি উলিয়াব লাগিব সেইটোও জনা যাব।’ সিহঁতে সেই আলু বিচাৰি আহোতেই লিপষ্টিক ফল (স্থানীয় লোকে ইয়াক নাধেল্লি পাঝাম বুলি কয়) পাইছিল।
কেইমিনিটমান ইফালে-সিফালে চোৱাৰ পিচত সিহঁতে এডাল উপযুক্ত কাট্টু ভেল্লিকিঝাংগু লতা বিচাৰি পালে আৰু কোমল আলু এটা খান্দি উলিয়ালে। ল’ৰা-ছোৱালীকেইটাও অনুসৰণ কৰিছিল আৰু সকলো পৰ্যবেক্ষণ কৰিছিল। এতিয়া আগ্ৰহেৰে আলুটোৰ ছাল গুচাবলৈ ধৰিলে আৰু খাবলৈ আৰম্ভ কৰিলে।
তামিলনাডুৰ তিৰুৱাল্লুৰ জিলাৰ তিৰুট্টানি তালুকত থকা গাওঁখনৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত থকা চেৰুক্কানুৰ ইৰুলা জনজাতিৰ বসতিপ্ৰধান বাংগালামেডুলৈ পুৱা ন বজাত ওলাই যোৱা দলটো দুপৰীয়া উভতি আহিল।








