সংবাদমাধ্যমে কেতিয়াও স্বীকাৰ কৰিব নোৱাৰিলে যে এয়া আছিল বিশ্বই কত যুগৰ মুৰত দেখা সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ, বিশ্ব মহামাৰীৰ মাজতো যি সংগঠিত ৰূপত সুকলমে চলিছিল, সেই নজিৰবিহীন প্ৰতিবাদে শেষত বিজয়ৰ মুখ দেখিলে।

বিজয় যি নিজেই এক ইতিহাস। যিদৰে পুৰুষ-মহিলা, আদিবাসীৰ পৰা দলিত নিৰ্বিশেষে সকলোৱে এই দেশৰ স্বাধীনতাৰ সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, তেনেদৰেই আমাৰ স্বাধীনতাৰ আজি ৭৫ টা বছৰ পাছত দিল্লী গেটৰ কৃষকৰ এই আন্দোলনে সেই সংগ্ৰামকে পুনৰোজ্জীৱিত কৰি তুলিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ সেই আইনকেইখন উঠাই ল’ব আৰু ২৯ নৱেম্বৰত আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিবেশনত সেই তিনি আইন আনুষ্ঠানিকভাৱে বাতিল কৰা হ’ব। তেওঁ কৈছে যে ‘উত্তম প্ৰচেষ্টা স্বত্ত্বেও একাংশ কৃষক’ক ৰাজী কৰাব নোৱাৰাৰ বাবে তেওঁ এই সিদ্ধান্তত উপনীত হৈছে। মন কৰিব যে তেওঁ মাত্ৰ একাংশৰ কথা কৈছে, যাক তেওঁ এই তিনিখন কুখ্যাত আইনৰ বাবে পতিয়ন নিয়াব নোৱাৰিলে, যিকেইখন আইন তেওঁৰ মতে সঁচাকৈয়ে ভাল আছিল। তাতে তেওঁ কিন্তু এবাৰো সেই ৬০০ৰো অধিক কৃষকৰ কথা উল্লেখ নকৰিলে, যিসকলে এই ঐতিহাসিক সংগ্ৰামত প্ৰাণ হেৰুৱালে। তেওঁৰ বিফলতা আন ক’তো নাই, সেই যে ‘একাংশ কৃষক’ক তেওঁ আইনকেইখনৰ ধনাত্মক দিশটো দেখুৱাব নোৱাৰিলে, কেৱল তাতেই তেওঁ যেন বিফল হ’ল। তেওঁ সেই কথা জোৰ দি কৈছে। এই আইনকেইখন নিজেই যে আঁসোৱাহপূৰ্ণ আৰু এই অতিমাৰীৰ মাজতো কেনেকৈ সেই আইন তেওঁৰ চৰকাৰে কৃষকৰ ওপৰত জাপি দিলে, সেই কথা ঘুণাক্ষৰেও তেওঁ উল্লেখ নকৰিলে।

অৱশ্যে সেই খালিস্তানি, এণ্টি-নেশ্যনেল, কৃষকৰ ছদ্মবেশত ভুঁৱা সমাজকৰ্মীসকলক তেওঁ অকণমান উচ্চখাপত ৰাখিলে। তেওঁলোকক ‘একাংশ কৃষক’ বুলি কোৱা হ’ল যিয়ে মোদী মহাশয়ৰ দৰে ব্যক্তিত্বৰ ওচৰতো নাচোৰবান্দা হৈ থাকিল, পতিয়ন নগ’ল। পতিয়ন নগ’ল মানে? পতিয়ন নিয়াবলৈ কি ধৰণ-কৰণ আৰু পদ্ধতিৰ প্ৰয়োগ হৈছিল? ৰাজধানী চহৰ আহি নিজৰ অভাৱ-অভিযোগৰ কথা ক’বলৈ অনুমতি নিদিয়াকৈ? খাৱৈ খান্দি আৰু কাঁটাতাঁৰৰ বেৰেৰে ভেটা দি? গালৈ পানীবোমা নিক্ষেপ কৰি? তেওঁলোকৰ শিবিৰবোৰক বন্দীৰ শিবিৰলৈ পৰ্য্যৱসিত কৰি? মিতিৰ পতা মিডিয়াৰে কৃষকক প্ৰতিদিনে দুৰ্নাম কৰি? কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে নে তেওঁৰ পুত্ৰই বুলি অভিযোগ উঠা কোনো এজনৰ গাড়ী তেওঁলোকৰ গাৰ ওপৰৰে চলাই নি? পতিয়ন নিওৱাৰ এয়ে নেকি এইখন চৰকাৰৰ পদ্ধতি? সেয়াই যদি তেওঁলোকৰ ‘উত্তম প্ৰচেষ্টা’ আছিল, তেন্তে মই তেওঁলোকৰ নিকৃষ্ট চেষ্টা কি হ’ব ভাবি ঘিণ লাগে।

What was the manner and method of persuasion? By denying them entry to the capital city to explain their grievances? By blocking them with trenches and barbed wire? By hitting them with water cannons?
PHOTO • Q. Naqvi
What was the manner and method of persuasion? By denying them entry to the capital city to explain their grievances? By blocking them with trenches and barbed wire? By hitting them with water cannons?
PHOTO • Shadab Farooq

পতিয়ন নিয়াবলৈ কি ধৰণ-কৰণ আৰু পদ্ধতিৰ প্ৰয়োগ হৈছিল? ৰাজধানী চহৰ আহি নিজৰ অভাৱ-অভিযোগৰ কথা ক’বলৈ অনুমতি নিদিয়াকৈ? খাৱৈ খান্দি আৰু কাঁটাতাঁৰৰ বেৰেৰে ভেটা দি? গালৈ পানীবোমা নিক্ষেপ কৰি?

এইটো বছৰতে প্ৰধানমন্ত্ৰীগৰাকীয়ে অতিকমেও সাতবাৰ বিদেশ ভ্ৰমণ কৰিছে (শেহতীয়া ক’প২৬ৰ কথাই ধৰি লওঁক)। কিন্তু দিল্লীত সমবেত জীয়াতু ভোগা সহস্ৰ কৃষকৰ মৰ্মবেদনা দেশখনৰ সৰ্বত্ৰে অনুভূত হোৱাৰ সময়তো নিজৰ বাসগৃহৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান বাট বাই তেওঁলোকৰ খবৰ ল’বলৈ তেওঁ অকণো আহৰি নাপালে। পতিয়ন নিওৱাৰ সেয়াহে আচল চেষ্টা নহ’লহেঁতেননে বাৰু?

বৰ্তমানৰ প্ৰতিবাদৰ প্ৰথম মাহটোত সংবাদমাধ্যমৰ লগতে আন বহুতেই মোক উপৰ্য্যুপৰি প্ৰশ্ন কৰিছিল, সুধিছিল যে কিমান দিনলৈ তেওঁলোক টিকি থাকিব পাৰিব ? সেই প্ৰশ্নৰ উত্তৰ কৃষকে দিছে। কিন্তু তেওঁলোকে এইটোও জানে যে এয়া তেওঁলোকৰ বিজয়ৰ প্ৰথমটো খোজহে। আইনকেইখন প্ৰত্যাহাৰ হোৱা মানে সাময়িকভাৱে খেতিয়কৰ পেটৰ পৰা ক’ৰ্পৰেটৰ ভৰিখন আঁতৰোৱাহে হ’ল, কিন্তু এমএছপিৰ আৰু আহৰণ (প্ৰকিউৰমেণ্ট)ৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক নীতিৰ বিসংগতিৰ দৰে ডাঙৰ সমস্যাবোৰ সমাধানৰ দাবী এতিয়াও আছে।

টেলিভিছনৰ এংকৰসকলে আমাক কৈছে, কৈছে নহয় যেন সাংঘাতিক কিবা এটা ফাদিলহে কৰিছে, যে চৰকাৰে এনেকৈ এনেয়ে পিছ হোঁহকা নাই, নিশ্চয়কৈ পাঁচখন ৰাজ্যত অহা ফেব্ৰুৱাৰীত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ কিবা অংক চলিছে

সেই একেই মিডিয়াই কিন্তু ২৯ খনকৈ বিধানসভা আৰু ৩ খনকৈ লোকসভা সমষ্টিত হোৱা উপনিৰ্বাচনৰ নৱেম্বৰৰ ৩ তাৰিখে দিয়া ফলাফলৰ সময়ত নিশ্চুপ হৈ ৰ’ল। সেই সময়ৰ সম্পাদকীয়বোৰ পঢ়ি চাব, টেলিভিছনত কি কথাৰ বিশ্লেষণ চলিল মন কৰিব। শাসনত থকা দলে সাধাৰণতে উপনিৰ্বাচন জিকেই বুলি তেওঁলোকে ক’লে, স্থানীয় মানুহৰ ক্ষোভৰ কথাও অকণমান ক’লে, কিন্তু কেৱল বিজেপিৰ প্ৰতিয়েই যে সেই ক্ষোভ, সেই বুলি নক’লে, আৰু যে কি বাৰে-বাংকৰা কথা নক’লে।

The protests, whose agony touched so many people everywhere in the country, were held not only at Delhi’s borders but also in Karnataka
PHOTO • Almaas Masood
The protests, whose agony touched so many people everywhere in the country, were held not only at Delhi’s borders but also in West Bengal
PHOTO • Smita Khator
PHOTO • Shraddha Agarwal

কৃষকৰ জীৱন-যন্ত্ৰণাই সকলোকে বিহ্বল কৰিছিল, কেৱল দিল্লী সীমান্ততে নহয়, কৰ্ণাটক (বাওঁফালে), পশ্চিমবংগ (মাজত), মহাৰাষ্ট্ৰ (সোঁফালে) আৰু আন আন ৰাজ্যতো প্ৰতিবাদৰ ঢৌ উঠিছিল

মোদী মহাশয়ৰ এই ঘোষণাই স্পষ্ট কৰে যে তেওঁ দুটা কথা অন্ততঃ সৰ্বশেষত হ’লেও ভালকৈ বুজি পাইছে। কৃষকৰ আন্দোলনে কঁপাই যোৱা ৰাজ্যবোৰত তেওঁলোকৰ শোচনীয় পৰাজয় ঘটিছে। ৰাজস্থান আৰু হিমাচলৰ কথা ক’ব পাৰি। কিন্তু কেৱল পাঞ্জাৱ আৰু হাৰিয়ানাৰ মাজতে এই কৃষি আন্দোলন সীমাবদ্ধ বুলি ভাটৌ চৰাইৰ দৰে বাৰম্বাৰ দৰ্শকক কৈ থকা মিডিয়াই সেই পৰাজয়ৰ ব্যাখ্যা কোনেও আগবঢ়াব নোৱাৰিলে, তেওঁলোকৰ বিশ্লেষণত আউল লাগিল।

আমি শেষবাৰ কেতিয়া দেখিছিলো যে ৰাজস্থানৰ দুটাকৈ সমষ্টিত বিজেপি বা সংঘ পৰিয়ালৰ কোনোবাই তৃতীয় আৰু চতুৰ্থ স্থানত থকা? তাতে আকৌ হিমাচল প্ৰদেশত বিধানসভাৰ তিনিওখন আসনৰ লগতে সংসদীয় আসন এখন হেৰুৱাই কিমান ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈছিল সেইকথাই বিবেচনা কৰকচোন।

হাৰিয়ানাত প্ৰতিবাদকাৰীসকলে নিজেই কৈছে, “চিএমৰ পৰা আৰম্ভ কৰি ডিএমলৈকে” গোটেই চৰকাৰখনেই বিজেপিৰ হৈ প্ৰচাৰত নামি পৰিছিল। ইফালে কৃষকৰ আন্দোলনৰ কাৰণে পদত্যাগ কৰা অভয় চৌতালৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰাই মূৰ্খামি কৰিছিল। শাসনত থকা দলৰ কেন্দ্ৰীয় মন্ত্ৰীয়েও বৰ জোৰ দিলে – তথাপি বিজেপি হাৰিল। কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ আমানত জব্দ হ’ল, কিন্তু চৌতালাৰ পৰা অকণমান ভোট কাঢ়িবলৈ তেওঁ সক্ষম হ’ল, তৎস্বত্ত্বেও তেওঁ ৬,০০০ ভোটত জয়ী হ’ল।

কৃষকৰ আন্দোলনৰ প্ৰভাৱ তিনিওখন ৰাজ্যত অনুভূত হৈছিল। সেই কথা ক’ৰ্পৰেটৰ গোলামী কৰাসকলৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়েও বুজিলে। উত্তৰ প্ৰদেশৰ পশ্চিমভাগত পৰা কৃষি আন্দোলনৰ প্ৰভাৱ, তাতে আকৌ লখিমপুৰ খেৰিৰ ঘটনাৰ ফলত নিজৰ ভৰিত কুঠাৰ মৰা তেওঁলোকৰ কাম আৰু আজিৰ পৰা হয়তো ৯০ দিন পাছত সেই ৰাজ্যখনত আহি থকা নিৰ্বাচন- এই সকলো দেখি তেওঁৰ চকু খোল খালে।

এই তিনিমাহত বিজেপিয়ে প্ৰশ্ন এটাৰ উত্তৰ দিব লাগিব – যে ২০২২ লৈ কৃষকৰ আয় দুগুণ কৰাক লৈ বিৰোধী দলে প্ৰশ্ন কৰাৰ থল আছে নে নাই? কিয়নো এনএছএছ (ৰাষ্ট্ৰীয় নমুনা সমীক্ষা, ২০১৮-১৯)ৰ ৭৭তম সমীক্ষাই দেখুৱাইছে যে শস্য উৎপাদন কৰা কৃষকৰ উৎপাদনৰ পৰা হোৱা আয়ৰ ভাগ কমি আহিছে, দুগুণ আয় হোৱাৰ কথা আপুনি পাহৰি যাওঁক। খেতিৰ পৰা অহা প্ৰকৃত আয়ৰ গ্ৰাফো চৰম পৰ্য্যায়ত অধোমুখী হৈছে।

ভিডিঅ টো চাওঁকঃ বেলা চাঁও – পাঞ্জাৱী – ৱাপচ জাও, পূজন চাহিল/কাৰৱা এ মোহব্বত

এয়া কোনো কাৰণতে কৃষি সংকটৰ অৱসান নহয়। সেই সংকটৰ গুৰুতৰ দিশবোৰক লৈ এক নতুন যুঁজৰ এয়া প্ৰথম পৰ্য্যায়হে

সেই আইন তিনিখন প্ৰত্যাহাৰৰ সফলতাৰ উৰ্দ্ধত কৃষকে ভালেখিনি কাম কৰিছে। তেওঁলোকৰ আন্দোলনে দেশখনৰ ৰাজনীতিত গভীৰ প্ৰভাৱ পেলাইছে। ২০০৪ত তেওঁলোকৰ সংকটে সাধাৰণ নিৰ্বাচনত অনুৰূপ প্ৰভাৱ পেলাইছিল।

এয়া কোনো কাৰণতে কৃষি সংকটৰ অৱসান নহয়। সেই সংকটৰ গুৰুতৰ দিশবোৰক লৈ এক নতুন যুঁজৰ এয়া প্ৰথম পৰ্য্যায়হে। কৃষকৰ আন্দোলনৰ দীৰ্ঘদিনীয়া। বিশেষকৈ ২০১৮ত যেতিয়া মহাৰাষ্ট্ৰৰ আদিবাসী কৃষকসকলে ১৮২ কিলোমিটাৰ বাট বাই নাচিকৰ পৰা মুম্বাইলৈ আহি সমগ্ৰ দেশকে চকিত কৰি তুলিলে, তেতিয়া এই আন্দোলনে বিশেষ গতি লাভ কৰে। তাৰপিছত আকৌ তেওঁলোকক কৃষকৰ বেশত ‘আৰ্বান নক্সাল’ বুলি যেতিয়া কোৱা হ’ল তেতিয়াও তেওঁলোকে সাহসেৰে থিয় দি ৰ’ল। তেওঁলোকে পদব্ৰজে কৰা যাত্ৰাই তেওঁলোকৰ দুৰ্নাম ৰচাসকলৰ মুখত চুণ দিলে।

আজিৰ এই সাফল্যৰ দিশ ভালেকেইটা। ইয়াতে ক’ৰ্পৰেট মিডিয়াৰ ওপৰত কৃষকৰ বিজয়ৰ কথাও উল্লেখ কৰিব লাগিব। কৃষকৰ আন্দোলনৰ ক্ষেত্ৰত (আন বহুতো বিষয়ৰ দৰে) সেই মিডিয়াই এক্সট্ৰা পাৱাৰ AAA (এমপ্লিফায়িং আম্বানী আদানী+) বেটাৰীৰ দৰে কাম কৰিছিল।

ডিচেম্বৰ আৰু পৰৱৰ্ত্তী এপ্ৰিলৰ মাজভাগত আমি দুখন প্ৰসিদ্ধ সংবাদপত্ৰৰ ২০০ বছৰীয়া জয়ন্তী উদযাপন কৰিবলৈ পাম (দুয়োখনেই ৰাজা ৰামমোহন ৰায়ৰ)। এই দুই সংবাদপত্ৰই দৰাচলতে ভাৰতীয় সংবাদমাধ্যমৰ (নিজস্ব আৰু উপলব্ধি কৰিব পৰা) ধাৰাৰ প্ৰকৃত অৰ্থত সূচনা কৰিছিল। তাৰে এখন আছিল মিৰাট-উল-আখবাৰ – কমিল্লাৰ (এতিয়া বাংলাদেশৰ চট্টগ্ৰামত) এজন ন্যায়াধীশৰ আদেশ মৰ্মে কৰা বেত্ৰাঘাটত প্ৰতাপ নাৰায়ন দাস নামৰ লোকজনৰ মৃত্যুৰ ঘটনাক লৈ ইংৰাজ প্ৰশাসনৰ স্বৰূপ উদঙাই তোলাত কাকতখনৰ ভূমিকা আছিল প্ৰশংসনীয়। ৰায়ৰ ক্ষুৰধাৰ কলমৰ সম্পাদকীয়ই সেইজন ন্যায়াধীশৰ বিৰুদ্ধে তেতিয়াৰ সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰ তৰিবলৈ বাধ্য কৰাইছিল।

Farmers of all kinds, men and women – including from Adivasi and Dalit communities – played a crucial role in this country’s struggle for freedom. And in the 75th year of our Independence, the farmers at Delhi’s gates have reiterated the spirit of that great struggle.
PHOTO • Shraddha Agarwal
Farmers of all kinds, men and women – including from Adivasi and Dalit communities – played a crucial role in this country’s struggle for freedom. And in the 75th year of our Independence, the farmers at Delhi’s gates have reiterated the spirit of that great struggle.
PHOTO • Riya Behl

পুৰুষ-মহিলা, আদিবাসীৰ পৰা দলিত নিৰ্বিশেষে সকলো কৃষকে এই দেশৰ স্বাধীনতাৰ যুঁজত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। তেনেদৰেই আমাৰ স্বাধীনতাৰ আজি ৭৫ টা বছৰ পাছত দিল্লী গেটৰ কৃষকৰ এই আন্দোলনে সেই সংগ্ৰামকে পুনৰোজ্জীৱিত কৰি তুলিছে

গভৰ্ণৰ জেনেৰেলে এই কথাত খৰ্গহস্ত হৈ সংবাদমাধ্যমক ভয় খুওৱাৰ পৰিকল্পনা কৰিলে। এখন নতুন কঠোৰ প্ৰেছ অধ্যাদেশ জাৰি কৰি তেওঁ সংবাদমাধ্যমক দমন কৰাৰ চেষ্টা কৰিলে। ৰামমোহন ৰায়ে পিছে সেই অধ্যাদেশ নামানিলে আৰু ঘোষণা কৰিলে যে মৰ্য্যাদাহানিকৰ আৰু অপমানজনক আইন আৰু পৰিস্থিতিৰ ওচৰত হাৰ মনাতকৈ তেওঁ মিৰাট-উল-আখবাৰ কাকতখন বন্ধই কৰিব (আৰু তেওঁ অন্য কাকতৰ যোগেদি সেই যুঁজ আগবঢ়াই নিলে!)

সেয়া আছিল সাহকিতকাৰ সাংবাদিকতা, কৃষকৰ সংকটৰ সময়ত আমি দেখা তোষণমূলক সাহস আৰু আত্মসমৰ্পণৰ সাংবাদিকতা নহয়। কৃষকৰ সংকটক লৈ ইফালেও নহয়, সিফালেও নহয় ধৰণৰ ‘চিন্তা’ৰে লিখা আন্তৰিকতাবিহীন সম্পাদকীয়, আকৌ অপ-এ’ড পৃষ্ঠাবোৰত তেওঁলোকক ‘ধনীক শ্ৰেণীৰ কাৰণে সমাজবাদ’ বিচৰা ধনী কৃষক হিচাপে পৃষ্ঠা ভৰাই লিখা আজিৰ এই সাংবাদিকতা।

দা ইণ্ডিয়ান এক্সপ্ৰেছ, টাইমচ্ অৱ ইণ্ডিয়াৰ সমানে সমানে প্ৰায় সকলো বাতৰি কাকতে ইয়াকেই ক’লে যে এইসকল হোজা গাঁৱলীয়া লোক যাক কেৱল মৰমত কথা কোৱাৰ প্ৰয়োজন, সম্পাদকীয়বোৰত এই আহ্বানতে চিয়াহী শেষ হ’ল। কিন্তু ইয়াকো কৈ থাকিল যে এই আইনকেইখন প্ৰকৃততে ভাল, এয়া প্ৰত্যাহাৰ কৰিব নালাগে। বাকী সংবাদমাধ্যমেও তাকেই মুখস্থ কৰি গাই থাকিল।

কিন্তু কোনো এটা প্ৰকাশনেও এবাৰো এই কথা পাঠকক কৈছিল নে যে কৃষক-ক’ৰ্পৰেটৰ এই সংঘৰ্ষৰ মাজতে যে মুকেশ আম্বানিৰ ৮৪.৫ বিলিয়ন ডলাৰৰ (ফ’ৰ্বছ ২০২১) ব্যক্তিগত সম্পত্তিৰ পাহাৰখন পাঞ্জাৱৰ জিএছডিপি (প্ৰায় ৮৫.৫ বিলিয়ন)ৰ সমান ওখ হ’ব ধৰিছিল? তেওঁলোকে এবাৰো আপোনাক কৈছিল নে যে আম্বানি আৰু আদানিৰ সম্পত্তি লগ লগালে (৫০.৫ বিলিয়ন ডলাৰ) পাঞ্জাৱ বা হাৰিয়ানাৰ জিএছডিপিত পিছ পৰি যায়?

The farmers have done much more than achieve that resolute demand for the repeal of the laws. Their struggle has profoundly impacted the politics of this country
PHOTO • Shraddha Agarwal
The farmers have done much more than achieve that resolute demand for the repeal of the laws. Their struggle has profoundly impacted the politics of this country
PHOTO • Anustup Roy

কৃষকৰ এই সংগ্ৰাম কৃষি আইনকেইখন ধৰাশায়ী কৰাত লাভ কৰা সফলতাতকৈ বহু উৰ্দ্ধত। তেওঁলোকৰ সংগ্ৰামে এই দেশৰ ৰাজনীতিত এক গভীৰ প্ৰভাৱ পেলাইছে

কিন্তু দোষ পাতলোৱাৰ চেষ্টা অৱশ্যেই চলিব। ভাৰতীয় সংবাদগোষ্ঠীবোৰৰ ভিতৰত আম্বানিৰেই মালিকীস্বত্ত্ব সৰ্বাধিক। আৰু যিখিনি সংবাদগোষ্ঠীৰ তেওঁ মালিক নহয়, তাতে তেঁৱেই সম্ভৱতঃ আটাইতকৈ ডাঙৰ বিজ্ঞাপনদাতা। ক’ৰ্পৰেটৰ এই দুজন সম্ৰাটৰ হাতত থকা বিশাল সম্পত্তিৰ কথা সংবাদমাধ্যমত প্ৰায়ে বৰ বৰ হৰফেৰে খ্যাতিৰ সুৰত লিখা হয়। এয়েই ক’ৰ্পৰেটৰ গোলামী কৰা সাংবাদিকতা।

কৃষি আইনকেইখন প্ৰত্যাহাৰ কৰাৰ এই ধূৰ্ত ৰাজনৈতিক সিদ্ধান্তই কেনেদৰে পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনত লেখত ল’বলগীয়া প্ৰভাৱ পেলাব তাকে লৈ ইতিমধ্যে ৰৌজাল-বৌজাল আৰম্ভ হৈছে। কোৱা হৈছে যে অমৰিন্দৰ সিঙে কেনেদৰে এই প্ৰত্যাহাৰৰ সিদ্ধান্তৰ গইনা লৈ কংগ্ৰেছৰ পৰা পদত্যাগ কৰি মোদীৰ সৈতে হাত মিলাই পাঞ্জাৱত বিজয়ৰ নিচান উৰুওৱাটো নিশ্চিত কৰি পেলাইছে। ইয়ে পাঞ্জাৱৰ ৰাজনৈতিক পটপৰিৱৰ্তন ঘটাব বুলিও কোৱা হৈছে।

কিন্তু কৃষকৰ এই সংগ্ৰামত ভাগ লোৱা ৰাজ্যখনৰ হাজাৰ হাজাৰ লোকে এয়া কাৰ জয় ভালদৰেই জানে, উপলব্ধি কৰে। বহু দশকৰ মুৰত দিল্লীৰ পৰা প্ৰচণ্ড শীত, উৎকট গ্ৰীষ্ম, বৰষুণ আৰু মোদী মহাশয় আৰু তেওঁৰ হাতোৰাত বন্দী মিডিয়াৰ দুৰ্ব্যৱহাৰ নেওচি প্ৰতিবাদস্থলীত অলৰ-অচৰ হৈ থিয় দি থকা সেই কৃষকসকলক পাঞ্জাৱৰ জনতাই অন্তৰংগভাৱে চিনে।

আৰু প্ৰতিবাদকাৰীসকলে এই জয়ৰ আটাইতকৈ ডাঙৰ সফলতা বুলি এইটো কথাই ক’ব লাগিব যে তেওঁলোকে আন সকলো ক্ষেত্ৰতে অনুপ্ৰেৰণা যোগাব, এখন চৰকাৰক বিৰুদ্ধে প্ৰতিবাদ কৰাত, যিখন চৰকাৰে তেনেই সহজতে বিৰোধীক জেলত ভৰাই থয় নতুবা পিছ নেৰে আৰু উৎপীড়ন চলায়। যিয়ে ইউএপিএৰ অধীনত সাংবাদিককে ধৰি সাধাৰণ নাগৰিকক আটক কৰে, আৰু ‘আৰ্থিক অপৰাধ’ৰ নামত স্বতন্ত্ৰ সংবাদমাধ্যমক দমন কৰিব খোজে। এয়া কেৱল কৃষকৰ জয় নহয়। এয়া নাগৰিক অধিকাৰ আৰু মানৱধিকাৰৰ জয়। এয়া ভাৰতীয় গণতন্ত্ৰৰ জয়।

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Illustration : Antara Raman

Antara Raman is an illustrator and website designer with an interest in social processes and mythological imagery. A graduate of the Srishti Institute of Art, Design and Technology, Bengaluru, she believes that the world of storytelling and illustration are symbiotic.

Other stories by Antara Raman
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das