বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষতে থকা প্ৰকৃতিবিদ আৰু খেতিয়ক কে এন মহেশে যুঁজত লিপ্ত মহৰ পৰা  আৰম্ভ কৰি সংবেদনশীল গৰু, কামৰ হাতী, চিকাৰী পক্ষী আদিৰে সমৃদ্ধ কৰিছে পৰি(PARI)ৰ ছখন ফটো ৰচনাৰ চতুৰ্থটো খণ্ড

কে এন মহেশ হৈছে এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত প্ৰকৃতিবিদ। তেওঁ বাণিজ্য শাখাত অধ্যয়ন কৰিছিল। কনাগাহলি গাঁৱত তেওঁ আৰু তেওঁৰ পিতৃয়ে খেতি কৰে। এই ৰচনাখনৰ বাবে ফটোবোৰ তুলি থকাৰ সময়ত তেওঁ বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অপতৃণ আঁতৰোৱাৰ বাবে এক স্থানীয় বেচৰকাৰী সংস্থাৰ সৈতে কাম কৰি আছিল।

তেওঁৰ ফটোৰচনাখন হৈছে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থানেৰে মানুহে জীয়াই থকাৰ এক বৃহত সহযোগী ফটোগ্ৰাফী প্ৰকল্পৰ অংশ আৰু পৰি(PARI)ত প্ৰকাশিত ধাৰাবাহিকৰ চতুৰ্থ খণ্ড। "যেতিয়া মোক কেমেৰা দিয়া হৈছিল, মই প্ৰথমতে জনা নাছিলো যে কি ক্লিক কৰিব লাগে আৰু মই ফটো লওতে বৰ লাজ কৰিছিলো," ২৭ বৰ্ষীয় মহেশে কয়। "তাৰ পিছতে মই যিটোৱে নতুন আৰু মনোগ্ৰাহী যেন পোৱা হ'লো, তাৰেই ফটো তুলিবলৈ আৰম্ভ কৰিলো। মই এই প্ৰকল্পটো বৰ ভাল পালো, ইয়াৰ যোগেদিয়েই গাঁওবোৰত কি ঘটি আছে সেয়া জনা হ'লো।"


PHOTO • K.N. Mahesha

মহেশে আশা কৰে যে এই প্ৰকল্পটোৰ যোগেদি কৰ্ণাটকৰ চামাৰাজনগৰ জিলাৰ বন্দিপুৰ এলেকাত থকা লোকসকলে কি কি অসুবিধাৰ সমুখীন হৈ আহিছে সেইবিষয়ে সকলোৱে সচেতন হ'ব।


PHOTO • K.N. Mahesha

তৰমুজৰ পথাৰবোৰঃ "এইখন মোৰ চুবুৰীয়াৰ পাম, আৰু মহিলাবোৰে তৰমুজৰ খেতিৰপৰা বন নিৰাইছে। কেতিয়াবা বনৰীয়া গাহৰি আৰু হাতী ইয়ালৈ আহে। অলপতে বনৰীয়া গাহৰি ডাঙৰ সমস্যা হৈ পৰিছিল। হাতীক বাধা দিয়াৰ বাবে ফেঞ্চ দিয়া আছে, কিন্তু বনৰীয়া গাহৰিয়ে ফেঞ্চৰ তলেৰে খান্দি পথাৰত ওলায় আৰু তৰমুজবোৰ খাই পেলায়, কাৰণ সিবোৰ বৰ সোৱাদলগা। শস্যবোৰ ৰখিবলৈ আনকি ৰাতিও পহৰা দিবলগা হয়। পোহৰ দেখুৱাই তেওঁলোকে বনৰীয়া গাহৰিবোৰ খেদে। কিন্তু পোহৰ নাথাকিলে সিবোৰ আকৌ আহিব। যোৱাবছৰ গাহৰিবোৰে আধা একৰ মাটিৰ তৰমুজৰ খেতি খাই তহিলং কৰিছিল।"


PHOTO • K.N. Mahesha

বিলাহীৰ পামঃ “বনৰীয়া গাহৰিয়ে আহি বিলাহী খেতিও নষ্ট কৰে। আমি চলাৰ ফেঞ্চিং দি খেতি বচাব চাও। কিন্তু সিহতে আলু-কচু বিচাৰি আহে আৰু পুলিবোৰ খান্দি পেলায়-সিহতে বিলাহী নাখায়, নহ'লে সেইবোৰো সিহতে খাই পেলালেহেঁতেন। আমি বিলাহীবোৰৰো ভাল দামো নাপাও। যোৱা বছৰ দাম নামিছিল, একিলোত এটকা হৈছিলগৈ, সেয়ে আমি বিলাহীবোৰ পেলাই দিছিলো। কিন্তু এতিয়া দাম ৪০ টকা হৈছে।”


PHOTO • K.N. Mahesha

যুঁজা ষাড়বোৰঃ “এয়া স্থানীয় মহ। আগতে মানুহবোৰৰ বহুত গৰু-মহ আছিল। সেইবোৰ চৰিবৰ বাবে হাবিত পঠিওৱা হৈছিল, কিন্তু এতিয়া আৰু তাৰো অনুমতি নোপোৱা হ'ল। বেছিভাগ মানুহৰে আজিকালি সংকৰ গৰু আছে। স্থানীয় গৰুবোৰ কেৱল গোবৰৰ বাবেহে ৰখা হয়। কেৰেলাৰ মানুহ আহি গোবৰ কিনি নিয়ে। কিন্তু এতিয়া গৰুৰ সংখ্যা কমি গৈছে।”


PHOTO • K.N. Mahesha

গোহালীঃ “এয়া হৈচে হাদিনাকানিভ (গীতৰ উপত্যাকা)। ছবিত দেখা মহিলাগৰাকী হৈছে এগৰাকী জেনু কুৰুবা আদিবাসী মহিলা। তেওঁ হাবিত গৰু চৰায় আছে। মই প্ৰতিদিনে তেওঁক দেখো। তাইৰ বোধকৰো ১০০-১৫০ মান গৰু আছে। তাই অভিযোগ দিছে যে তাইৰ দুটা গৰু আৰু এটা দমৰা গৰু বন্য প্ৰাণীয়ে খাই পেলাইছে। সেয়ে তেওঁলোকে লগে-ভাগে গৰু চৰাবলৈ নিয়ে। তেওঁলোক হাবিৰ দাঁতিতে বাস কৰে- হাবিত গৰু চৰোৱাটো নিষেধ, কিন্তু তেওঁলোকে কোৱামতে তেঁওলোকৰ চৰণীয়া পথাৰ নাই, সেয়ে হাবিতে গৰু-মহবোৰ চৰাব লগা হয়।”


PHOTO • K.N. Mahesha

ছাঁত গৰুবোৰক খুওৱা হৈছেঃ “এয়া মোৰ চুবূৰীয়া। তেওঁৰ তিনিটা সংকৰ গৰু আছে। তেওঁ বছৰটো গৰুকেইটাক খুৱাবৰ কাৰণে ঢেৰ দানা খুৱাব লাগে। তেওঁ ঘোৰাৰ দানা, ভুচি আৰু মাকৈ আদি মজুত কৰে। গৰমৰ দিনত যেতিয়া ঘাঁহ কমি যায়, তেতিয়া তেওঁ পোহনীয়া জীৱ-জন্তুবোৰক এইবোৰ খুৱায়। হাইব্ৰিড গৰুৱে বেছি গৰম সহ্য কৰিব নোৱাৰে। সেয়ে সিহতৰ বাবে তেওঁ চালি এখন দিছে। সেই গৰুবোৰ খুব সংবেদনশীল। পানী, বজ্ৰৰ পিঠা আদি পোনে পোনে সিহতৰ বাবে চালিখনৰ তলতে দিয়া হয়।”


PHOTO • K.N. Mahesha

গৰুৰ জোতাঃ “বিশেষকৈ বলদৰ বাবে এয়া অতিকৈ প্ৰয়োজনীয়। আমি যেনেদৰে জোতা পিন্ধো, তেনেদৰে বলদবোৰকো গৰুৰ জোতাৰ প্ৰয়োজন হয়, স্থানীয় ভাষাত তাক লালা বোলা হয়। বলদবোৰে বহু ওজন লৈ খালি মাটিত খোজ দিয়ে। সেয়ে এয়া প্ৰয়োজনীয় হৈ পৰে। প্ৰত্যেক মাহতে গুণ্ডেলপেটৰ পৰা (প্ৰায় ২২ কিলোমিটাৰ দুৰৈৰ চহৰ) এজন মানুহ প্ৰত্যেক মাহতে আহে আৰু এয়া কৰি দিয়ে। আমি বলদ নিও আৰু তেওঁ গৰুৰ জোতা আনে। কিছুমানে আকৌ গাইগৰুৰ বাবেও এয়া কৰে। কিন্তু প্ৰত্যেক ছয় সপ্তাহৰ মুৰে মুৰে বলদ গৰুৰ বাবে এয়া কৰাটো প্ৰয়োজনীয়।”


PHOTO • K.N. Mahesha

বন নিৰোৱাঃ “বনত বিভিন্ন প্ৰকাৰৰ অপতৃণ গজে। ফলত ঘাঁহৰ পৰিমাণ কমি আহে। বহু পৰিমাণে লাণ্টানা আৰু ইপেটৰিয়াম গজে। ইবোৰে আগুৰি ধৰাৰ ফলত বাঘ আদিৰ দৰে চিকাৰীৰ ঘাটি কমিছে আৰু চিকাৰী জন্তুবোৰ বাহিৰলৈ ওলাই অহা হৈছে। আমি (মহেশে কাম কৰা জাংগলস্কেপচ নামৰ এনজিঅটো) বন বিভাগৰ বাবে এই কাম কৰিছো। আশা কৰিছো যে ঘাঁহ গজিব আৰু হৰিণাকে ধৰি অইন জীৱ-জন্তুৰ বাবে খাদ্য হ'ব। তেতিয়া বাঘ, বনৰীয়া কুকুৰ আৰু নাহৰফুটুকীয়ে সিবোৰ খাব আৰু হাবিৰপৰা ওলাই নাহে। এই কাম কৰি থকা মানুহবোৰ হৈছে জেনু কুৰুবা নামৰ আদিবাসী লোক। এই কামৰ যোগেদি তেওঁলোকে নিয়োগ লাভ কৰিছে। এই কাম বনবিভাগ আৰু মানুহ দুয়োপক্ষৰ বাবে ভাল।”


PHOTO • K.N. Mahesha

বনজুইঃ “মই য়ালাচাট্টিৰ কাষতে থকা ডংকিবেট্টালৈ কাম কৰিবলৈ যোৱাৰ সময়তে পুৱাৰ ভাগত এয়া দেখিছিলো। বনবিভাগে জুই নুমুওৱাৰ চেষ্টা অহৰহ কৰি আছে। গাঁৱৰে কোনোবাই এই জুই জলাইছে। তেওঁলোকৰ মতে জোপোহাবোৰ আঁতৰিলেহে গ্ৰীষ্মকালত গৰু-মহ চৰাবৰ বাবে ঘাঁহ গজিব, যদিহে ঘাঁহৰ নাটনি হয়। সিহতে বুজি নাপায় যে জুইত সৰু জীৱ-জন্তু আৰু চৰাই-চিৰিকতি মৰে। জুয়েই ইয়াত যত কূটৰ ঘাই।”


PHOTO • K.N. Mahesha

মাউতঃ “এইগৰাকী কৃষ্ণ। তেওঁ এগৰাকী মাউত। মই প্ৰত্যেকদিনা পুৱা তেওঁক দেখো। তেওঁ হাতীটোক বনলৈ লৈ গৈ আছে। তেওঁলোকে হাতীটোক পুৱা ৯.৩০ মান বজাত ৰাগী খুৱায় আৰু আবেলি আকৌ ৰাগী খুৱাবলৈ আনে। এইটো বন বিভাগে ব্যৱহাৰ কৰা পোহনীয়া হাতী (স্থানীয় ভাষাত আবদ্ধ, প্ৰশিক্ষিত হাতীক কুমকি বোলে)। আনবোৰৰ তুলনাত এইটো ভাল হাতী।”


PHOTO • K.N. Mahesha

প্ৰিন্সঃ “এইটো মোৰ প্ৰিয় বাঘ। নাম প্ৰিন্স। বয়স ১১-১২ বছৰমান হ'ব। প্ৰিন্স বন্দিপুৰৰ সকলোৰে মৰমৰ। মই প্ৰিন্সক ভালেকেইবাৰ দেখিছো। এবাৰ প্ৰিন্সক দেখাৰ পিছত সি অতিকমেও ১-২ ঘণ্টা থাকিব। মই এদিন চাফাৰিত গৈ তাক দেখিছিলো, মই জীপত বহি থকা অৱস্থাতে সি ইমান কাষলৈ আহিছিল, মই বৰ ভয় খাইছিলো সেইদিনা!”


PHOTO • K.N. Mahesha

সাপখোৱা ঈগলঃ “এয়া এক চিকাৰী। ই ঘাইকৈ সাপ খায়। ইয়াক প্ৰায়ে এইখিনি ঠাইত দেখা যায়।”

এই প্ৰকল্পটো জেৰে মাৰ্গুলিছৰ সাহায্যপ্ৰাপ্ত, সহযোগ আগবঢ়াইছিল কৰ্ণাটকৰ মংগলা গাঁওস্থিত মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টে। বাল্টিমোৰ কাউণ্টিৰ ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ডৰ গ্ৰেজুৱেট ষ্টুডেণ্ট এচছিয়েছন ৰিচাৰ্ছ গ্ৰাণ্টৰ অধীনত দিয়া ২০১৫-১৬ বৰ্ষৰ ফুলব্ৰাইট নেহৰু ছাত্ৰ গৱেষণা অনুদানেৰে আৰু মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টৰ দয়াশীল সহযোগত আৰু তদুপৰি ফটোগ্ৰাফাৰসকলৰ অংশগ্ৰহণ, উত্সাহ-উদ্দীপনা আৰু প্ৰচেষ্টাৰ বলতে সম্ভৱ হৈ উঠিছিল। বি আৰ ৰাজীৱে আটাইখিনি অনুবাদ কৰি দিয়াটো অমূল্য সহায়। পৰিৰ (PARI) ক্ৰিয়েটিভ কমনচ পলিচিৰ অনুসাৰে ফটোবোৰৰ সমগ্ৰ স্বত্ব ফটোগ্ৰাফাৰৰ হাতত থাকিব। ইয়াৰে কিবা ব্যৱহাৰ বা পুনৰ প্ৰকাশৰ বিষয়ে যিকোনো কথা পৰিৰ (PARI) সৈতে আলোচনাৰ অধীন।

ফটোবোৰঃ কেএন মহেশ

অনুবাদকঃ ৰশ্মি ৰেখা দাস

Translated by: Rashmi Rekha Das

K.N. Mahesha

K.N. Mahesha is a trained naturalist and cultivator from Kunagahalli village; he works in Bandipur National Park, Karnataka.

Other stories by K.N. Mahesha