জম্মু-কাশ্মীৰৰ ওখ পৰ্বতত আপুনি অকলশৰীয়া বকৰৱাল লোকক কাচিৎহে দেখিব।
পশুধনৰ কাৰণে ঘাঁহনি বিচাৰি গৰখীয়া সম্প্ৰদায়ৰ লোকে ডাঙৰ ডাঙৰ গোট বান্ধি হিমালয় পৰ্বতমালাৰ চৰণীয়া পথাৰ বিচাৰি চলাথ কৰে। “তিনি-চাৰি ভায়েকে পৰিয়ালসহ ভ্ৰমণ কৰে,” ওখ তৃণভূমিলৈ প্ৰতিবছৰে গমন কৰা মহম্মদ লতিফে কয়। “ছাগলী আৰু ভেড়াবোৰ একেলগে নিয়া কাৰণে সুবিধা হয়.” বকৰৱালি কুকুৰ কেইটামানৰ সৈতে ৫,০০০ ছাগলী, ভেড়া, ঘোৰাৰে গঢ়ি উঠা সমূহটোৰ কথা উল্লেখ কৰি তেওঁ কয়।
জম্মুৰ সমভূমিৰ পৰা পীৰ পাঞ্জাল আৰু হিমালয়ৰ আন পৰ্বতশ্ৰেণীলৈ বকৰৱালসকলে কৰা যাত্ৰাত প্ৰায় ৩,০০০ মিটাৰ উচ্চতালৈ ক্ৰমে বগোৱা যায়। তেওঁলোকে গ্ৰীষ্মকাল পৰাৰ আগেয়ে মাৰ্চৰ শেষৰফালে সমভূমি এৰে আৰু শীতকাল পৰাৰ আগেয়ে ছেপ্টেম্বৰ মানত তেওঁলোকৰ ওভতনি যাত্ৰা আৰম্ভ হয়।
প্ৰতিটো যাত্ৰাত ৬ৰ পৰা ৮ সপ্তাহ লাগে। মহিলা, শিশু আৰু কেইগৰাকীমান মতা আগত থাকে। “তেওঁলোকে ঘাঁহনিৰ সন্ধানত আগত যায় আৰু পোৱাৰ পিছত গোটেই জাকটো গৈ পোৱাৰ আগতেই শিবিৰ সাজু কৰে,” মহম্মদ লতিফে কয়। তেওঁৰ গোটটোৱে ৰাজৌৰিৰ সমভূমি অঞ্চলৰ পৰা লাডাখৰ জজিলা পাছৰ নিকটৱৰ্তী মীনামাৰ্গলৈ উঠে।


























