আচল প্ৰশ্ন মূল্যবোধক লৈ। এই মূল্যবোধেই আমাৰ জীৱনৰ সাৰ। আমি প্ৰকৃতিৰ পৰা নিজকে পৃথককৈ চাব নোৱাৰো। আদিবাসীয়ে যেতিয়া যুঁজে, তেতিয়া তেওঁলোকে কোনো চৰকাৰ কিম্বা কোম্পানীৰ বিৰুদ্ধে নুযুঁজে। তেওঁলোকৰ নিজৰ ‘ভূমিসেনা’ আছে, তেওঁলোকে লোভ-লালসা আৰু স্বাৰ্থৰ বিৰুদ্ধে যুঁজে।
সভ্যতাৰ বিকাশৰ পৰাই ইয়াৰ সূত্ৰপাত হৈছিল। যেতিয়া ব্যক্তিবাদে গা কৰি উঠিছিল আৰু আমি মানৱ জাতিটোক প্ৰকৃতিৰ পৰা সুকীয়া অস্তিত্বৰে চাইছিলো। ইয়াৰ পৰাই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। এবাৰ আমি নদীখনৰ পৰা নিজকে আঁতৰাই পেলোৱাৰ পিছত নদীখন নলা-নৰ্দমাৰ পানী, ৰাসায়নিক আৰু ঔদ্যোগিক আৱৰ্জনাৰে স্তব্ধ কৰি পেলাবলৈ সংকোচ নকৰা হ’লো। নদীখন আমাৰ নিজৰ ব্যক্তিগত সম্পত্তি বুলি ধৰি ল’লো আৰু নিজকে প্ৰকৃতিৰ পৰা পৃথক আৰু শ্ৰেষ্ঠ বুলি ভাবিবলৈ লোৱাৰে পৰা নদীখন শোষণ কৰাটো আমাৰ বাবে সহজ হৈ পৰিল। অন্যহাতে আদিবাসী সম্প্ৰদায়ৰ বাবে মূল্যবোধ কেৱল কাগজত লিখি থোৱা কিছুমান নিয়ম নহয়, এই মূল্যবোধ আমাৰ জীৱন যাপনৰ সাধনোপায়।


