লাডাখৰ পাৰ্বত্য হ্ৰদ ‘মৰিৰি’লৈ যোৱা পথটোৰ চাৰণভূমিবোৰত যিবোৰ ঊলেৰে সজা তম্বু সিঁচৰতি হৈ আছে, সেইবোৰ চাংপাসকলৰ ঘৰ। এওঁলোকে চাংথাংগি (পছমিনা) ছাগলী প্ৰতিপালন কৰে। উৎকৃষ্ট গুণসম্পন্ন খাটি কাশ্মীৰী ঊণসূতা সৰবৰাহ কৰা তেনেই তাকৰীয়া লোকসকলৰ মাজৰ কিছুসংখ্যক এই চাংপাসকল।

চাংপাসকল যাযাবৰী পশুপালক সম্প্ৰদায়। বিদ্যাতনিক তথ্য-পাতিৰ পৰা জানিবলৈ পোৱা মতে তেওঁলোক খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাত তেওঁ তিব্বতৰ পৰা হিমালয় পাৰ হৈ তিব্বতী মালভূমিৰ পশ্চিমাঞ্চলৰ অংশ ভাৰতৰ চাংথাং অঞ্চললৈ আহিছিল। ভাৰত-চীন সীমান্তৰ দাঁতিকাষৰীয়া এই অঞ্চলটোত বিদেশী নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ, আনকি ভাৰতীয়সকলেও তালৈ যাবলৈ লেহৰ পৰা বিশেষ অনুমতি ল’বলগীয়া হয়।

এই আলোকচিত্ৰ-প্ৰতিবেদনখনত পূৱ লাডাখৰ হানলে উপত্যকাৰ চাংপাসকলৰ জীৱন তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে। তেওঁলোকৰ নিজা হিচাপ অনুসৰি অঞ্চলটোত ৪০ৰ পৰা ৫০টা চাংপা পৰিয়াল বসবাস কৰে।

হানলে উপত্যকা এক বিশাল অসমতল অঞ্চল। ইয়াৰ শীতকালটো অতি দীঘলীয়া আৰু জহকালিটো তেনেই চুটি। অঞ্চলটোত মাটিৰ প্ৰকাৰ ইমানেই কঠিন যে গছ-বন দুষ্প্ৰাপ্যপ্ৰায়। সেয়ে জহকালি তেওঁলোকৰ সম্প্ৰদায়ৰ মূৰব্বীয়ে দিয়া অনুমতি লৈ চাংপাসকলে উপত্যকাৰ নিৰ্দিষ্ট চাৰণভূমি পাৰ হৈ সেউজ তৃণভূমিৰ সন্ধানত অন্য ঠাইত ভ্ৰমি ফুৰে।

হানলে উপত্যকালৈ মই ২০১৫ চনৰ জাৰকালি গৈছিলো। দীৰ্ঘ অনুসন্ধানৰ অন্তত গাওঁবাসীৰ সহায়ত মোৰ চাংপা কৰ্মা ৰিনচেনৰ সৈতে পৰিচয় হৈছিল। জাৰকালি চাংপাসকলৰ হাতত কাম-কাজ সিমান নাথাকে বাবে ২০১৬ চনৰ জহকালি মই আকৌ এবাৰ হানলেলৈ গ’লো। সেই বছৰ আগষ্টত, দুটা দিনৰ অপেক্ষাৰ অন্তত অৱশেষত কৰ্মা ৰিনচেনক লগ পালো। পিছদিনা তেওঁ মোক তেওঁলোকৰ গ্ৰীষ্মকালীন চাৰণভূমিলৈ লৈ গ’ল। হানলেৰ পৰা গাড়ীৰে গ’লে তালৈ তিনিঘণ্টা লাগে।

কৰ্মাৰ গ্ৰীষ্মকালীন বাসস্থান সঁচাকৈয়ে বহুত বেছি ওখ ঠাইত অৱস্থিত - ৪,৯৪১ মিটাৰ উচ্চতাত। ইয়াত বহুসময়ত জহকালিও তুষাৰপাত হয়। সাতটা দিন মই কৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সৈতে কটাইছিলো। প্ৰায় ৫০ বছৰ বয়সীয়া কৰ্মা ‘গোবা’ অৰ্থাৎ তেওঁলোকৰ সম্প্ৰদায়ৰ বয়োজ্যেষ্ঠ সদস্য। চাংপাসকলৰ পৰিয়ালৰ তেওঁ অভিভাৱক স্বৰূপ।  গোবা পদাধিকাৰী অৱশ্যেই জ্ঞানী, আধ্যাত্মিক তথা অভিজ্ঞ হ’বই লাগিব। কোৱা বাহুল্য, কৰ্মাৰ এই সকলো গুণেই আছে। “যাযাবৰী জীৱন আমাৰ পছন্দ, এই জীৱনে আমাক স্বাধীনতা দিয়ে,” লাডাখী আৰু তিব্বতী ভাষাৰ সংমিশ্ৰণেৰে তেওঁ কৈছিল।

চাংপাসকল বৌদ্ধ ধৰ্মাৱলম্বী তথা দালাই লামাৰ অনুগামী। ছাগলীৰ উপৰি তেওঁলোকে ভেড়া আৰু ছুঁৱৰী পহু প্ৰতিপালন কৰে। স্থানীয় জনসংযোগৰ ওপৰত ভিত্তি কৰি তেওঁলোকে প্ৰাচীন বিনিময় প্ৰথাৰ দস্তুৰ মানি নিজ নিজ উৎপাদিত পণ্যৰ আদান-প্ৰদান কৰে।

কিন্তু সম্প্ৰতি সময় সলনি হৈছে। অঞ্চলটোৰে পাৰ হৈ যাওতে দেখিলো ভাৰতীয় সেনা তথা ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সহজ যাতায়াত সুনিশ্চিত কৰিবলৈ এটা পথ নিৰ্মাণ কৰা হৈছে - পথটোৱে এই অঞ্চলৰ চেহেৰাই সলনি কৰি দিছে। কৰ্মাই কয়, “২০১৬ বছৰটো তেওঁলোকৰ বাবে একেবাৰেই আশাব্যঞ্জক নহয়। কাৰণ লেহৰ সমবায় সমিতিয়ে তেতিয়াও ঊণসূতা সংগ্ৰহ কৰিবলৈ অহা নাছিল। তাৰ সম্ভাব্য কাৰণ — চীনৰ পৰা আমদানিকৃত সস্তীয়া কাশ্মীৰী ঊণে বজাৰ আগতেই ছানি ধৰিছে।

চাংপাসকলে বাস কৰা তম্বুৰ নাম ৰেবো তেওঁলোকে চুঁৱৰী পহুৰ ঊণসূতা যঁতৰত কাটি উলিয়াই তাঁতত বৈ উলিয়ায় সেই কাপোৰ চিলাই কৰি তম্বু তৈয়াৰ কৰা হয় এই ডাঠ কাপোৰে যাযাবৰসকলক হাঁড় কপোৱা শীত আৰু হিমশীতল বতাহৰ পৰা ৰক্ষা কৰে প্ৰায় দুফুট এটা গাঁতৰ ওপৰত ৰেবো বহুৱাই লৈ কাঠৰ খুটিৰ সহায়ত ৰেবোসমূহ মজবুতকৈ পোতা হয় প্ৰতিটো ৰেবোত বেলেগ বেলেগ পৰিয়াল বাস কৰে

PHOTO • Ritayan Mukherjee

জহকালি এটা চাংপা পৰিয়ালে তেওঁলোকৰ তম্বুৰ বাহিৰত ছুঁৱৰী পহুৰ ঊণসূতা চিলাই তেওঁলোকৰ জীৱনৰ অধিকাংশ সময় পশুপালন , গাখীৰ খীৰোৱা আৰু ঊণসূতা আহৰণ কৰাৰ দৰে নানানটা দৈনন্দিন কাম - কাজৰ মাজেৰেই অতিবাহিত হয় ছামদুপ নামৰ সৰু ৰাটোৱে মাজতে ৰৈ উৎসুকতাৰে চাইছে বয়স্কসকলৰ কাম

PHOTO • Ritayan Mukherjee

ইয়ামা আৰু পেমা ঊণসূতা তৈয়াৰ কৰাত ব্যস্ত চাংপা মহিলাসকল পশুপালনত অভিজ্ঞ কম বয়সীয়া মহিলাসকলে সাধাৰণতে গৰু - ছাগলী চৰাবলৈ নিয়ে আৰু বয়স্কসকলে গাখীৰ খীৰোৱা তথা দুগ্ধজাত সামগ্ৰী উৎপাদনত ব্যস্ত থাকে সম্প্ৰদায়টোৰ পুৰুসকলেও পশুপালন কৰাৰ লগতে ঊণসূতা কাটে আৰু পশুজাত সামগ্ৰী বিক্ৰী কৰে

PHOTO • Ritayan Mukherjee

অতীজত চাংপা মহিলাসকলৰ মাজত বহুবিবাহৰ প্ৰচলন আছিল একেটা পৰিয়ালৰ কেবাজনো ভ্ৰাতৃৰ সৈতে একেগৰাকী মহিলাৰ বিয়া হৈছিল অৱশ্যে বৰ্তমান তেনে প্ৰথা প্ৰায় বিৰল

PHOTO • Ritayan Mukherjee

জহকালি চাংপাসকল ইমানেই ব্যস্ত যে কোনো কোনো সময়ত দুপৰীয়াৰ আহাৰ খোৱাৰ বাবে বিৰতি লোৱাটোও প্ৰায় বিলাসীতাৰ লেখীয়াই হৈ পৰে সেয়ে চাংপাসকলে ফল বা চুঁৱৰী পহুৰ শুকান মাংস অথবা বাৰ্লিৰে তৈয়াৰী কিছু খাদ্যৰ ওপৰতে সেইকেইটা দিন নিৰ্ভৰ কৰে

PHOTO • Ritayan Mukherjee

চাংপা বালক টেনজিনে দেউতাকৰ পৰা মুড়ি লৈছে অতীজত চাংপা পৰিয়ালসমূহে শিশুসকলক পশু গণনা কৰিবলৈ শিকাইছিল কিন্তু জীৱন - যাপনৰ সেই ধৰণ দ্ৰুততাৰে সলনি হৈ আহিছে আজিকালি পূব লাডাখৰ বেছিভাগ শিশুৱে বিদ্যালয়লৈ যায়

PHOTO • Ritayan Mukherjee

চাংপা পশুপালক থোমকেই দিনটোৰ বাবে সাজু হৈছে প্ৰত্যেক পশুপালকে পশুচাৰণৰ কামত প্ৰতিদিনে - ঘণ্টা সময় কটায় নিজৰ পশুবোৰৰ সৈতে চাংপাসকলৰ সম্পৰ্ক অতি গভীৰ আৰু সেই সম্পৰ্ক ৰক্ষা কৰিবলৈ চাংপাসকলে সকলো ধৰণৰ কষ্ট সহ্য কৰিব পাৰে

PHOTO • Ritayan Mukherjee

কৰ্মা ৰিনচেন হৈছে গোবা অৰ্থাৎ সম্প্ৰদায়টোৰ জ্যেষ্ঠ ব্যক্তি গোবা পদাধিকাৰী অৱশ্যেই জ্ঞানী , আধ্যাত্মিক তথা অভিজ্ঞ হবই লাগিব কোৱা বাহুল্য , কৰ্মাৰ এই সকলো গুণেই আছে

PHOTO • Ritayan Mukherjee

দিনটোৰ আৰম্ভণিতে অধিক উচ্চতাবিশিষ্ট এলেকাৰ চাৰণভূমিত পছমিনা ছাগলীবোৰ চৰি ফুৰিছে , বছৰৰ অধিংকাশ সময়েই পশুবোৰ , ৫০০ মিটাৰৰো অধিক উচ্চতাৰ চাৰণক্ষেত্ৰত চৰি ফুৰে

PHOTO • Ritayan Mukherjee

গোটেই দিনটো চৰি ফুৰাৰ পাছত উভতি অহা গৰু - ছাগলীজাকৰ হিচাপ কৰা আৰু জাকৰ মাজৰ পৰা মাইকী ছাগলীবোৰ নিলগোৱাটো এটা গুৰুত্বপূৰ্ণ কাম এই কাম শেষ হোৱাৰ লগে লগেই গাখীৰ খীৰোৱা কাম আৰম্ভ হৈ যায়

PHOTO • Ritayan Mukherjee

থোমকেৰ দৰে আন বহু পৰিয়ালে ছাগলীৰ লগতে ভেড়াৰ গাখীৰো খীৰায় চাংপা পৰিয়ালৰ বাবে গাখীৰ , পনীৰ আদিৰ উপৰি আন আন দুগ্ধজাত সামগ্ৰী আয় তথা বিনিময়ৰ প্ৰধান উৎস

PHOTO • Ritayan Mukherjee

চাংপাসকল কাশ্মীৰী ঊণসূতাৰ প্ৰধান সৰবৰাহকাৰী , এই ঊণসূতা পছমিনা বা চাংথাংগি ছাগলীৰ গাইৰ দেহৰ ওপৰৰ ঊণসূতাৰ আৱৰণৰ তলত থকা কোমল নোমৰ পৰা তৈয়াৰ কৰা হয় শীতকালত এই নোমৰ দৈৰ্ঘ্য আটাইতকৈ বেছি হয় , চাংপাসকলে বসন্তৰ আৰম্ভণিতে এই নোম কাটে

PHOTO • Ritayan Mukherjee

জুই জ্বলাবলৈ জোপোহা গছৰ ডাল - পাত সংগ্ৰহ কৰি দুই চাংপা মহিলা তেওঁলোকৰ ৰেবোলৈ উভতিছে

PHOTO • Ritayan Mukherjee

সমুদ্ৰপৃষ্ঠৰ পৰা , ৯৪০ মিটাৰ উচ্চতাত অৱস্থিত হোৱাৰ বাবে স্বাভাৱিকতে হানলে উপত্যকাত গ্ৰীষ্মকালি খুব গৰম নপৰে দিন অথবা ৰাতি যিকোনো সময়তে তুষাৰপাত বা বৃষ্টিপাত হোৱাৰ সম্ভাৱনা থাকেই


অনুবাদ: নিভা ৰাণী ৰায়

Ritayan Mukherjee

Ritayan Mukherjee is a Kolkata-based photographer and a PARI Senior Fellow. He is working on a long-term project that documents the lives of pastoral and nomadic communities in India.

Other stories by Ritayan Mukherjee
Text Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Nibha Rani Roy

Nibha Rani Roy is an independent journalist and a translator based in Guwahati. She has a decade's experience as a reporter and desk editor in both print and electronic media. She reports on women and children, environment and wildlife, literature and culture.

Other stories by Nibha Rani Roy