এদিন আবেলি মই লগ পোৱাৰ সময়ত নিজৰ ভেড়াছাগলীৰ জাকটোৰ সৈতে এছ বান্দেপ্পা বাগালকোট-বেলগৌম পথেৰে গৈ আছিল। ভেড়াৰ জাকটোৰ সৈতে অলপ সময় থমকি ৰোৱাৰ বাবে তেওঁ পথাৰ বিচাৰি আছিল। “এতিয়া মোৰ কাম হ’ল মাটিৰ মালিকক বিচাৰি উলিওৱা, কিয়নো তেওঁৰ মাটিৰ বাবে মোৰ ভেড়াজাকে যি সাৰ এৰিব, তাৰ বাবে মাটিৰ মালিকে মোক ভাল পৰিমাণৰ টকা দিব,” তেওঁ কয়। এয়া শীতকাল, অক্টোবৰ-নৱেম্বৰৰ পৰা এই সময়চোৱাত কুৰুবা ভেড়াপালকসকলে যাত্ৰা আৰম্ভ কৰে, কিয়নো সেই সময়ত পথাৰত খেতিৰ কাম বিশেষ নাথাকে।

অক্টোবৰ-নৱেম্বৰৰ পৰা মাৰ্চ-এপ্ৰিল পৰ্যন্ত কৰ্ণাটকৰ পশুপালক কুৰুবাসকলৰ (ৰাজ্য চৰকাৰৰ তালিকাত অনুসূচিত জাতিৰূপে তালিকাভূক্ত) দুই-তিনিটা পৰিয়ালৰ একোটা গোটে এখন ঠাইৰ পৰা আন ঠাইলৈ গৈ থাকে। সাধাৰণতে একেটা পথেৰে তেওঁলোকে যায় আৰু আনুমানিক মুঠ ৬০০ৰ পৰা ৮০০ কিলোমিটাৰ পৰ্যন্ত এই যাত্ৰাত সামৰি লোৱা হয়। তেওঁলোকৰ ভেড়া আৰু ছাগলীবিলাক চন পৰি থকা পথাৰত চৰোৱা হয়, পশুবিলাকৰ পৰা পোৱা সাৰৰ বাবদ পথাৰৰ খেতিয়ক মালিকে তেওঁলোকক ভাল পৰিমাণৰ ধন দিয়ে। ‘ভাল ভূ-স্বামী’ হ’লে এবাৰ ৰখাৰ বাবদ ১০০০ টকা পোৱা যায় বুলি বান্দেপ্পাই কয়। পথাৰত কেইদিনমান ৰাখিলেই হয়। ইয়াৰ পিছত ভেড়াবোৰক লৈ দ্বিতীয়খন চৰণীয় পথাৰ বিচাৰে। প্ৰথমখনত থাকোতেই দ্বিতীয়খন পথাৰৰ সন্ধান কৰে আৰু ভূ-স্বামীৰ লগত বন্দোবস্ত কৰে। আগতে তেওঁলোকে খাদ্যশস্য-কাপোৰ আদিও পাইছিল, কিন্তু এতিয়া ভূ-স্বামীসকলৰ লগত বন্দোৱস্তি কৰা কঠিন হৈ উঠিছে।

“ভূ-স্বামীৰ মাটিত ভেড়া আৰু ল’ৰা-ছোৱালীক লৈ থকা এতিয়া ইমান সহজ নহয়,” নীলাপ্পা চাচড়িয়ে কয়। বেলগৌম (এতিয়াৰ বেলগাভি) জিলাৰ বালিহোংগাল তালুকত বালিহোংগাল-মুনাৱাল্লি পথৰ ওচৰত এখন পথাৰত মই তেওঁক লগ পাইছিলো, সেই সময়ত তেওঁ ভেড়াবোৰক বাবে ৰছীৰে গঁৰাল তৈয়াৰ কৰাত ব্যস্ত আছিল।

এয়াই একমাত্ৰ পৰিৱৰ্তন নহয়, যি পশুপালক কুৰুবাসকলে সন্মুখীন হ’বলগীয়া হৈছে। যোৱা দুটা দশকত তেওঁলোকৰ ভেড়াৰ ঊল (যি ভেড়া কেৱল দক্ষিণ-মধ্য ভাৰতৰ দাক্ষিণাত্য অঞ্চলৰ পাৰ্বত্য ভূমিত জন্ম হয়)ৰ চাহিদা হ্ৰাস পাইছে। দাক্ষিণাত্যৰ স্বাস্থ্যৱান হৃষ্টপুষ্ট ভেড়াবিলাকে দীৰ্ঘদিনৰ পৰা ভূমিৰ অৰ্ধ-অনুৰ্ব্বৰ অৱস্থা প্ৰতিহত কৰি আহিছে। স্থানীয়ভাৱে কাম্বালি (মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশত গোংগাড়ি বা গোংগালি) বুলি কোৱা খহটা ক’লা ঊলৰ কম্বল তৈয়াৰ কৰিবলৈ ঊল যোগান ধৰাৰ পৰা ভেড়া দীৰ্ঘদিন ধৰি কুৰুবা ভেড়াপালকসকলৰ মূল উপাৰ্জনৰ উৎস আছিল। অতিৰিক্তভাৱে ভেড়াৰ গোবৰ খেতিয়কক যোগান ধৰিও উপাৰ্জন হৈছিল। এতিয়া স্থানীয়ভাৱে উৎপাদিত আঁহ সুলভ হৈ পৰাত ঊলৰ দাম মন্দা হৈছে আৰু চাহিদাও হ্ৰাস পাইছে।

বেলগাভি জিলাৰ ৰামদুৰ্গ তালুকৰ দাৰিভাৱি সালাপুৰ গাঁৱৰ বোৱনীসকলো এই ঊলৰ ক্ৰেতা আছিল। অধিকাংশ বোৱনী সম্প্ৰদায়টোৰ উপগোট কুৰুবাৰ ভিতৰত পৰে। (কুৰুবাসকলৰ স্থায়ী ঘৰ আৰু গাওঁ থাকে, বিভিন্ন উপগোট আছে, যেনে পশুপালক, বোৱনী, খেতিয়ক তথা আনান্য)। এসময়ত তেওঁলোকে তাঁতশালত প্ৰস্তুত কৰা কম্বল দেশৰ সেনাবাহিনীৰ মাজত জনপ্ৰিয় আছিল, এতিয়া সেই চাহিদা নোহোৱা হ’ল। “তেওঁলোকে এতিয়া শ্লিপিং বেগ ব্যৱহাৰ কৰে,” পি ইশ্বৰাপ্পা নামৰ বোৱনীজনে কয়। পৰম্পৰাগত ক’লা ঊলৰ কম্বল এতিয়াও উৎপাদন কৰা দাৰিভাৱি সালাপুৰ গাঁৱত তেওঁৰ কম্বল বোৱা এখন তাঁতশাল আছে।

“মিশ্ৰিত সংশ্লেষিত (চিন্থেটিক) সূতাৰ লগতে আন আন ধৰণৰ ঊলৰ সামগ্ৰীকে ধৰি সস্তীয়া বিকল্প বজাৰত উপচি পৰাৰ ফলত দাক্ষিণাত্যৰ ঊলৰ চাহিদা হ্ৰাস পাবলৈ ধৰিছে,” দাৰিভাৱি সালাপুৰ গাঁৱৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দূৰৰ হাভেৰি জিলাৰ ৰাণেবেন্নুৰ চহৰৰ এখন দোকানৰ মালিক দীনেশ শেঠে কয়।

Left: Walking on major roads (here, the Bagalkot-Belgaum road) is not easy, and the animals often get sick or injured. Right: ‘Off road’ migration has its own difficulties due to the rugged terrain. And the pastoralists have to avoid any patches of agricultural land if they don’t have a grazing and manure agreement with that farmer
PHOTO • Prabir Mitra
Left: Walking on major roads (here, the Bagalkot-Belgaum road) is not easy, and the animals often get sick or injured. Right: ‘Off road’ migration has its own difficulties due to the rugged terrain. And the pastoralists have to avoid any patches of agricultural land if they don’t have a grazing and manure agreement with that farmer
PHOTO • Prabir Mitra

বাওঁফালেঃ মূল পথেৰে (ইয়াত বাগালকোট-বেলগৌম) খোজকাঢ়ি যোৱা ইমান সহজ নহয়, কেতিয়াবা ভেড়াবিলাক বেমাৰত পৰে বা আহত হয়। সোঁফালেঃ ওখোৰা-মোখোৰা ভূ-ভাগত প্ৰব্ৰজন কৰা সিহঁতৰ নিজৰ সমস্যা। ভূস্বামীৰ লগত যদি ভেড়া চৰোৱা আৰু সাৰৰ চুক্তি নাথাকে, তেন্তে ভেড়া পালকসকলে তেনে পথাৰৰ পৰা আঁতৰি থাকিব লাগিব

দুই দশকৰ আগতে যেতিয়া এই কম্বল আৰু ৰাগবোৰৰ চাহিদা অতি বেছি আছিল, তেতিয়া বোৱনীসকলে কুৰুবা পশুপালকসকলৰ পৰা কিলোগ্ৰামত ৩০-৪০ টকাকৈ ঊল ক্ৰয় কৰিছিল। এতিয়া তেনে ঊল ৮-১০ টকাত পোৱা যায়। বোৱাৰ পিছত ডাঙৰ কম্বলবিলাক স্থানীয় দোকানত ৬০০-৮০০ টকাত বিক্ৰী হয় আৰু সৰু আকাৰৰ বিলাক ২০০-৩০০ টকাত বিক্ৰী কৰিব লাগে। পশুপালকসকলৰ বাবে এই উপাৰ্জন সঘনে উঠা-নমা হৈ থাকে। প্ৰায় ১০০ টা ভেড়া থকা এটা পৰিয়ালে ঊল, গোবৰ আৰু ভেড়া বিক্ৰী কৰাকে ধৰি বিভিন্ন উৎসৰ পৰা গোটেই বছৰত ৭০,০০০ ৰপৰা ৮০,০০০ টকা উপাৰ্জন কৰিব পাৰে।

দাৰিভাৱি সালাপুৰ আৰু আন গাঁৱৰ মহিলাসকলে ঊলৰ উপাৰ্জন স্থিৰ কৰিবলৈ চলোৱা প্ৰচেষ্টা হিচাপে নিজে তাঁতশালত ঊল বব পৰা কৰি সেই ঊলেৰে তাঁতশালত কম্বল বয়- ইয়াৰ বাবে আত্মসহায়ক গোটত মহিলাসকল সংগঠিত হৈছে। এই সম্প্ৰদায়ৰ পুৰুষসকলে এতিয়া কৃষিকাৰ্যত বেছিকৈ মনোনিবেশ কৰিছে।

পানীত হাঁহ নচৰা অৱস্থা নহ’বলৈ কুৰুবাসকলেও বেলেগ বেলেগ পন্থা বাচি লৈছে। বেলাগাভিৰ বেইলহোংগাল তালুকৰ চম্পাগাওঁ ব্লকৰ মেকালমাৰাভি গাঁৱৰ বিশেষভাৱে সক্ষম কুৰুবা বোৱনী দাস্তাগিৰ জামদাৰ নামৰ লোকজনে মৰাপাট, চামৰা আৰু ঊল মিহলি কৰি বেগ আৰু ৰাগ তৈয়াৰ কৰিছে। “এই সামগ্ৰীবিলাক স্থানীয় বজাৰত বিক্ৰী কৰিবপৰা যাব। মাজে-সময়ে বেংগালুৰুৰ পৰা দোকানী আহি আগতীয়া সৰু অৰ্ডাৰ দি যায়, সেয়ে চাহিদা অনিশ্চিত,” তেওঁ কয়।

কিছুমান ভেড়াপালকে জীৱিকা উপাৰ্জন কৰিবলৈ ভেড়াৰ গাখীৰ বিক্ৰী কৰে আৰু মাংসৰ বাবে ভেড়া বিক্ৰী কৰিবলৈ ধৰিছে। ৰাজ্য চৰকাৰে (কৰ্ণাটক ভেড়া ছাগলী আৰু ঊল উন্নয়ন নিগমৰ জৰিয়তে) ঊলতকৈ বেছি মাংস ওলোৱা ডেক্কানী ভেড়াৰ উপৰি ৰেড নেল্লোৰ, য়েলগু আৰু মদগ্যাল প্ৰজাতিৰ ভেড়া পালনত গুৰুত্ব দিছে, কুৰুবা সম্প্ৰদায়ৰ একাংশ লোকেও ডেক্কানীৰ উপৰিও আন প্ৰজাতিৰ ভেড়া পালন কৰিবলৈ লৈছে। মাংস উদ্যোগে এটা মতা ভেড়াৰ বাবদ ভাল মূল্য দিয়ে- কেতিয়াবা ৮০০০ টকা পৰ্যন্ত পোৱা যায়। ২০১৯ৰ ফেব্ৰুৱাৰীত কুৰুবা পশুপালক পি নাগাপ্পাই এটা হৃষ্ট-পুষ্ট তিনিমহীয়া ভেড়া টুমকুৰ জিলাৰ ছিৰা চহৰৰ ভেড়াৰ বজাৰত বিক্ৰী কৰি ৬,০০০ টকা পাইছিল। অঞ্চলটোত ছাগলী গাখীৰৰ উদ্যোগ বৃদ্ধি পোৱাৰ বাবে কিছুমান ভেড়াপালকে গাখীৰ বিক্ৰী কৰাৰ উদ্দেশ্যে ভেড়াপালন কৰিছে।

দুই দশক ধৰি কৰ্ণাটকৰ পশুপালকসকলৰ মাজত কাম কৰি অহা এজন স্থানীয় পশু চিকিৎসকে মোক কয় যে তেওঁলোকৰ ভেড়াবিলাক দেখাত স্বাস্থ্যৱান কৰি তুলিবলৈ কিছুমান কুৰুবা পশুপালকে ভেড়াবোৰক ঔষধ খুৱায়। সমস্যাটো হৈছে যে ভেড়াপালকসকলে প্ৰায়ে পশু চিকিৎসকৰ লগত আলোচনা নকৰাকৈ অৰ্হতাহীন ঔষধ বিক্ৰেতাৰ পৰা ঔষধ ক্ৰয় কৰে।

পুনৰ বাগালকোট-বেলগৌম ৰোডৰ প্ৰসংগলৈ আহিছো, এছ বান্দেপ্পাই সুবিধাজনক পথাৰৰ সন্ধান চলাই আছে। প্ৰায় এক দশকমানৰ আগৰে পৰা উত্তৰ কৰ্ণাটকৰ বহুতো খেতিয়কে জৈৱসাৰ ব্যৱহাৰৰ প্ৰতি পিঠি দি ৰাসায়নিক সাৰ প্ৰয়োগ কৰাত গুৰুত্ব দিবলৈ ধৰিছে। ফলস্বৰূপে বান্দেপ্পা বা আন ভেড়াপালকৰ বাবে এতিয়া ভেড়াৰ গোবৰ নিশ্চিত উপাৰ্জনৰ উৎস হৈ থকা নাই, বছৰৰ বাকী দিনকেইটাতো পথাৰত খেতি কৰিব বিচৰা দুই-এজনে ভেড়াৰ গোবৰ বিচাৰে।

খেতিয়ক আৰু পশুপালকৰ মাজৰ পৰম্পৰাগত সহজীৱিতাৰো অৱসান ঘটিছে। বুজাবুজি কৰিব পৰা কৃষক আৰু সমতলীয় পথাৰৰ সন্ধানত কিছুমান ভেড়াপালকে কষ্টকৰ যাত্ৰা কৰি বহু দূৰ-দূৰণিলৈ নিজৰ ভেড়াবিলাক আৰু প্ৰয়োজনীয় সামগ্ৰী লগত লৈ প্ৰব্ৰজন কৰে।

Left: Some families hire vans to fit in their entire world as they migrate – their belongings, children, sheep and goats are all packed in. Bigger animals like horses are taken on foot separately to the new destinations. Right: Some families still journey on bullock carts. This is around Chachadi village in Parasgad block of Belagavi district
PHOTO • Prabir Mitra
Left: Some families hire vans to fit in their entire world as they migrate – their belongings, children, sheep and goats are all packed in. Bigger animals like horses are taken on foot separately to the new destinations. Right: Some families still journey on bullock carts. This is around Chachadi village in Parasgad block of Belagavi district
PHOTO • Prabir Mitra

বাওঁফালেঃ কিছুমান পৰিয়ালে ঘৰুৱা লাগতিয়াল সামগ্ৰী, ল’ৰা-ছোৱালী, ভেড়া আৰু ছাগলী সকলো লগত লৈ ভেন ভাড়া কৰি বহু দূৰলৈ প্ৰব্ৰজন কৰে। ঘোৰাৰ দৰে ডাঙৰ জন্তু থাকিলে নতুন ঠাইলৈ খোজ কঢ়াই নিয়ে। সোঁফালেঃ কিছুমান পৰিয়াল এতিয়াও গৰুৰ গাড়ীৰে যাত্ৰা কৰে। বেলাগাভি জিলাৰ পৰাশগড় ব্লকৰ চাচাৰি গাঁৱৰ আশে-পাশে এই দৃশ্য

PHOTO • Prabir Mitra

প্ৰায়ে দুই-তিনিটা পৰিয়ালে একেলগে ভেড়াবিলাক চোৱাচিতাৰ দায়িত্ব ভগায় লয়। তেওঁলোকে ডাঙৰ পৰিয়ালৰ দৰে বাস কৰে আৰু (অক্টোবৰ-নৱেম্বৰত) দেৱালীৰ পিছত একেলগে প্ৰব্ৰজন কৰে আৰু বসন্তকালত (মাৰ্চ-এপ্ৰিল মাহত) নিজৰ গাঁৱলৈ ঘূৰি আহে

PHOTO • Prabir Mitra

এজাক ভেড়াৰ মাজত থাকিলেও ৫ বছৰীয়া বিজয় আৰু ৮ বছৰীয়া নাগাৰাজুৱে ততালিকে নিজৰ ভেড়াবোৰ চিনাক্ত কৰিব পাৰে। “ই মোৰ ভাল বন্ধু,” নাগাৰাজুৱে মিচিকীয়াই হাঁহি মাৰি কয়

Left: Young Vijay and Nagaraju accompanying their horse (the animals are used for carrying heavier loads), along with their father Neelappa Chachdi. Right: Setting up home in a new settlement after days on the road is an important task. Children chip in too. Vijay is only five, but pitches in readily
PHOTO • Prabir Mitra
Left: Young Vijay and Nagaraju accompanying their horse (the animals are used for carrying heavier loads), along with their father Neelappa Chachdi. Right: Setting up home in a new settlement after days on the road is an important task. Children chip in too. Vijay is only five, but pitches in readily
PHOTO • Prabir Mitra

বাওঁফালেঃ পিতৃ নীলাপ্পা চাচড়িৰ সৈতে কণমানি বিজয় আৰু নাগাৰাজুৱে তেওঁলোকৰ ঘোৰাটো (গধূৰ সামগ্ৰী কঢ়িওৱাৰ বাবে ঘোৰা ব্যৱহাৰ কৰা হয়)ৰ সৈতে। সোঁফালেঃ কেইবাদিনো পথৰ ওপৰত কটোৱাৰ পিছত নতুন ঠাইত এখন ঘৰ পাতি লোৱা অতি জৰুৰী কাম। ল’ৰা দুটাও কামত লাগিছে। বিজয় মাত্ৰ ৫ বছৰীয়া, কিন্তু কামত খৰ

Often, two or more families divide the responsibilities of looking after their herds. They live as an extended family and migrate together after Diwali (in October-November) and return to their villages by spring (March-April).
PHOTO • Prabir Mitra
On a farm, Gayathri Vimala, a Kuruba pastoralist, is cooking food for her toddler while keeping an eye on her animals as they feed.
PHOTO • Prabir Mitra

বেলগাভি জিলাৰ বালিহোংগাল-মুনাৱাল্লি ৰোডৰ এখন খেতি নথকা পথাৰত এপাল ভেড়াৰ সৈতে ভেড়াপালকসকল। সাৰ সংগ্ৰহৰ এনে পৰিৱেশ অনুকূল উপায়ৰ অৱসান ঘটিছে। বহুতো খেতিয়কে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছে। সোঁফালেঃ যাত্ৰাপথত এখন পথাৰত ৰৈ কুৰুবা পশুপালক গায়ত্ৰী বিমলাই ভেড়াবোৰৰ ওপৰত চকু ৰাখিছে আৰু নিজৰ কণমানি শিশুটিৰ বাবে আহাৰ প্ৰস্তুত কৰিছে। ৰছীৰে আগুৰি দিয়া সীমাৰ ভিতৰতে ভেড়াবিলাকৰ নতুন ‘ঘৰ’। প্ৰব্ৰজন কৰি থকা পথত ৰ’বলগীয়া ঠাইত পানীৰ উৎস থকা অতি আৱশ্যকীয়

PHOTO • Prabir Mitra

দ্বিতীয় এখন ঠাইলৈ যোৱাৰ সময়ত সৰু সৰু ভেড়া পোৱালীবোৰক লগত লৈ যোৱা আৰু লালন-পালন কৰা বৰ টান কাম আৰু কণমানি মানৱ শিশুতকৈ ই বেলেগ নহয়

During the migration walks, great care is taken to safeguard the wounded or ill animals – here, a wounded goat had occupied the front passenger seat of a van.
PHOTO • Prabir Mitra
Left: During the migration walks, great care is taken to safeguard the wounded or ill animals – here, a wounded goat had occupied the front passenger seat of a van. Right: Kurubas revere their animals, especially the horse; in Alakhanur village, a shepherd bows before the animal
PHOTO • Prabir Mitra

বাওঁফালেঃ প্ৰব্ৰজনৰ সময়ত গৈ থাকোতে আহত বা ৰুগীয়া ভেড়াৰ খুব যত্ন ল’ব লাগে। ইয়াতে আহত ভেড়া এটাক এখন ভেনৰ যাত্ৰীৰ সন্মুখৰ আসনত ৰাখিছে। সোঁফালেঃ কুৰুবাসকলে তেওঁলোকৰ পশুবিলাকক সন্মান কৰে, বিশেষকৈ ঘোৰাক; আলাখানুৰ গাঁৱত ভেড়াপালক এজনে ঘোৰাটোৰ আগত মূৰ দোৱাইছে

PHOTO • Prabir Mitra

ডেক্কানী ঊলৰ পৰা ভাল উপাৰ্জন পাবলৈ কিছুমান গাঁৱত মহিলাসকলে আত্মসহায়ক গোট গঠন কৰিছে। দাৰিভাৱি সালাপুৰ গাঁৱত শান্তৱা বেউৰে যঁতৰত সূতা কাটিছে, সাবিত্ৰীয়ে ভেড়াৰ ঊলবিলাক সাহ কৰিছে আৰু লাম্মাছ বেউৰে মহুৰা ফুৰোৱাত তেওঁৰ পালৰ বাবে অপেক্ষা কৰিছে

PHOTO • Prabir Mitra

ডেক্কানী কম্বল বয়নৰ বাবে গাঁত তাঁতশাল ব্যৱহাৰ কৰা হয়। তাঁতশালত কনিষ্ঠ নাতিনী নাৰায়নকে ধৰি পি ইশ্বৰাপ্পা আৰু তেওঁ পুত্ৰ বীৰেন্দ্ৰ

Left: In Mekalmardi village, in an effort to enhance his income, Dastagir Jamdar has been combining jute, leather and wool to improvise bags and other items. Right: Dinesh Seth, shop manager, checks the quality of a blanket. The average price of such blankets in the shops ranges between Rs. 800 and Rs. 1,500, and smaller rugs cost Rs. 400 to Rs. 600. But the demand for Deccani woollens has been steadily falling
PHOTO • Prabir Mitra
Left: In Mekalmardi village, in an effort to enhance his income, Dastagir Jamdar has been combining jute, leather and wool to improvise bags and other items. Right: Dinesh Seth, shop manager, checks the quality of a blanket. The average price of such blankets in the shops ranges between Rs. 800 and Rs. 1,500, and smaller rugs cost Rs. 400 to Rs. 600. But the demand for Deccani woollens has been steadily falling
PHOTO • Prabir Mitra

বাওঁফালেঃ মেকালমাৰি গাঁৱত উপাৰ্জন বঢ়াবলৈ দাস্তাগিৰ জামদাৰে মৰাপাট, চামৰা আৰু ঊল মিহলি কৰি বেগ আৰু আন সামগ্ৰী বনাবলৈ লৈছে। সোঁফালেঃ দোকানৰ মালিক দীনেশ শেঠে কম্বলৰ গুণাগুণ পৰীক্ষা কৰিছে। দোকানত তেনেকুৱা এখন কম্বলৰ মূল্য ৮০০ টকাৰ পৰা ১৫০০ টকা পৰ্যন্ত হয় আৰু ৰাগবিলাকৰ দাম ৪০০ৰ পৰা ৬০০ টকা হয়। কিন্তু ডেক্কানী কম্বলৰ চাহিদা হ্ৰাস পাইছে

PHOTO • Prabir Mitra

ভেড়া-ছাগলী বিক্ৰী কৰা বজাৰত সিহঁতক দেখাত নোদোকা লগাৰ বাবে কিছুমান কুৰুবা লোকে যধেমধে ঔষধ খুৱায়। পশুপালক মাইলাৰা বান্দেপ্পাই নিজৰ ভেড়াবিলাকক (পেলু আৰু বীজাণুনাশক) ঔষধ খুৱায়, তাৰ কাৰণে পশু চিকিৎসকৰ পৰামৰ্শও নলয়

PHOTO • Prabir Mitra

কেইটামান ভেড়া বিক্ৰী কৰাৰ আশাত কাকা নাগাপ্পাই তেওঁৰ ভেড়াৰ পালটো ছিৰাত থকা বজাৰলৈ লৈ গৈছে। ডেক্কানীৰ উপৰি আন প্ৰজাতিৰ ভেড়াপালনক উৎসাহিত কৰাৰ বাবে কিছুমান কুৰুবালোকে আন প্ৰজাতিৰ ভেড়া পুহিবলৈ আৰম্ভ কৰিছে। মাংসৰ উদ্যোগত মতা ভেড়াৰ পৰা বেছি দাম পোৱা যায়

PHOTO • Prabir Mitra

টুমকুৰ জিলাৰ ছিৰা চহৰত থকা ছাগলী আৰু ভেড়াৰ মঙলবৰীয়া বজাৰলৈ নিয়াৰ বাবে ভেড়াবিলাক এখন ট্ৰাকত উঠোৱা হৈছে

অনুবাদঃ পংকজ দাস

Pankaj Das is a journalist and translator, based in Guwahati. He is the co-founder of newsnextone.com, an Assamese language news portal focused on news related to Assam.

Prabir Mitra

Prabir Mitra is a general physician and Fellow of The Royal College of Physicians, London, UK. He is an associate of the Royal Photographic Society and a documentary photographer with an interest in rural Indian cultural heritage.

Other stories by Prabir Mitra