পথাৰৰ কাম শেষ হোৱাৰ পিছত শীতকালৰ আবেলিবোৰত পৰিয়ালৰ ডেকা-ডেকেৰীবোৰ যেতিয়া কামৰ বাবে ঘৰৰ পৰা বাহিৰত থাকে, মতাবোৰে তেতিয়া চৌপাল (গাঁৱৰ আড্ডা দিয়া ঠাই)ত তাচ খেলি বা আৰাম কৰি কটায়।
মহিলাক তাত কেতিয়াও দেখা নাযায়।
‘তিৰোতাবোৰ তালৈ আহিবনো কিয় লাগে?’ স্থানীয় বাসিন্দা বিজয় মণ্ডলে প্ৰশ্ন কৰে। ‘ঘৰুৱা কামৰ পৰা সিহঁতৰ আজৰি নাথাকে। ডাঙৰ মানুহৰ মাজত বহি তেওঁলোকে কৰিব কি?’
দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ কিছুমান অঞ্চলৰ পৰা অতি বেছি ৩৫ কিলোমিটাৰ দূৰৰ প্ৰায় ৫০০০ জনসংখ্যাৰ এইখন গাঁৱত এবছৰ আগলৈকে মহিলাই ওৰণি লোৱা প্ৰথা কঠোৰভাৱে মানিবলগীয়া হৈছিল।
‘মহিলাই চৌপালৰ ফালে মুৰ তুলি নাচায়,’ মণ্ডলে কয়। গাওঁখনৰ প্ৰায় সোঁমাজত অৱস্থিত এই স্থানত মেল-মিটিং বহে, বাদ-বিবাদ নিষ্পত্তি কৰিবলৈ পঞ্চায়ত বহে। ‘আগৰ দিনত তিৰোতাবোৰ সংস্কাৰী আছিল,’ হাৰ্চানা কালানৰ প্ৰাক্তন গাওঁবুঢ়া সতীশ কুমাৰে কয়।
‘তেওঁলোকে মান-সন্মান আৰু মৰ্যাদা কি বুজি পাইছিল,’ মণ্ডলে কয়। ‘চৌপালৰ দিশে আহিলেও সিহঁতে ওৰণি লৈছিল,’ তেওঁৰ মুখখন মিচিকিয়া হাঁহিৰে বেকেটা হৈ পৰিছে।
৩৬ বছৰীয়া সাইৰাৰ বাবে এয়া কোনো নতুন কথা নহয়। দিল্লীৰ কাষৰ তাইৰ গাওঁ মাজৰা দাবাচৰ পৰা ২০ বছৰীয়া কইনা হৈ অহাৰ দিনধৰি ১৬ বছৰ এনেদৰেই তাই নানা হুকুম মানি আহিছে। কথ-বতৰাত তাই কেৱল নিজৰ নামটোহে উল্লেখ কৰিছে।
‘মই মোৰ গিৰীক বিয়াৰ আগতেই লগ পোৱা হ’লে, এইখন বিয়ালৈ কেতিয়াও মত নিদিলোহেঁতেন। বিশেষকৈ এইখন গাঁৱলৈ কেতিয়াও নাহিলোহেঁতেন,’ সাইৰাই কয়। কথাৰ মাজতে তাইৰ হাত চিলাই মেচিনত ক্ষীপ্ৰতাৰে চলিছে, বেঙুনীয়া কাপোৰ এখনৰ কাম তাই কৰিছে। (তাইৰ লগতে তাইৰ পৰিয়ালৰ মানুহৰ নামবোৰ এই প্ৰতিবেদনত সলনি কৰা হৈছে)।











