তেওঁ দোকানখনৰ মালিক নহয়, মালিকৰ বন্ধুহে। অকণমান কথা-বতৰাৰ পিছত তেওঁ নিজকে “মালিকৰ সম্পৰ্কীয়” বুলি পৰিচয় দাঙি ধৰিলে। তাৰে অলপ পিছত তেওঁ ক’লে যে তেওঁ “দোকানখনত কাম কৰা এগৰাকী সম্পৰ্কীয়”। কিজানি আমি প্ৰশ্ন কৰি গৈ থাকিল তেওঁ শেষত নিজকে মালিক হিচাপে ঘোষণা কৰিলেহেঁতেন।

ফটো উঠিবলৈ তেওঁ অমান্তি হ’ল। দোকানখনৰ ভিতৰত আমি ফটো নোতোলাটোৱে তেওঁ ভাল পালেহেঁতেন। অৱশ্যে বাহিৰৰ চাইনব’ৰ্ডখনৰ ফটো তোলাত তেওঁ বেয়া নাপালে।

বিলাতী সুৰাৰ দোকান বুলি ব’ৰ্ডখনত লিখা আছিল, প্ৰৱেশদ্বাৰৰ পৰা সামান্য দূৰত সেইখন ওলমি আছিল। অনুজ্ঞাপত্ৰঃ ৰমেশ প্ৰসাদ। এতিয়াৰ ছত্তীশগড়ৰ (তেতিয়া মধ্যপ্ৰদেশত আছিল) সুৰগুজা জিলাৰ কাঠগৰা চহৰৰ উপকণ্ঠ অঞ্চলত সেই দোকানখন আছিল। আমাৰ সৈতে কথোপকথনত ভাগ লোৱা ব্যক্তিজন নিশ্চয়কৈ ৰমেশ প্ৰসাদ নাছিল। এই বিলাতী সুৰাৰ দোকানখনৰ তেওঁ বোধকৰো ডাঙৰ গ্ৰাহক, আমি তেনেকৈয়ে ভাবিবলৈ আৰম্ভ কৰিছিলো।

বিলাতী সুৰা? এৰা নিশ্চয়কৈ নহয়। শেষবাৰ কেতিয়া মই আইএমএফএল শব্দটো শুনিছিলো মনত নাই। আইএমএফএল মানে হৈছে ইণ্ডিয়ান মেড ফৰেইন লিকাৰ। ১৯৯৪ত এই ফটোখন লোৱাৰ সময়ত আইএমএফএল বনাম দেশীয় সুৰাৰ এখন তীব্ৰ বিতৰ্ক চলি আছিল।

আইএমএফএলৰ কথা মই ল ইনচাইডাৰৰ ৱেবছাইটৰ পৰা জানিবলৈ পালো। আইএমএফএল হৈছে “বিদেশৰ পৰা আমদানি কৰা জিন, ব্ৰেণ্ডি, হুইস্কি বা ৰামৰ উপাদান আনি ভাৰততে সেইখিনিৰে সুৰা প্ৰস্তুত কৰা, উৎপাদন কৰা বা মিশ্ৰণ কৰা য’ত মিল্ক পাঞ্চ আৰু আন স্পিৰিটযুক্ত সুৰা অন্তৰ্ভূক্ত হৈ থাকিব পাৰে, কিন্তু বিয়েৰ, ৱাইন আৰু বিদেশী সুৰা নাথাকে।” মন কৰিব যে তাত “বিয়েৰ, ৱাইন আৰু বিদেশী সুৰা” অন্তৰ্ভূক্ত কৰা হোৱা নাই।

আইএমএফএলত আমদানি কৰা সুৰা আৰু এবিধ বাধ্যতামূলক ঘৰুৱা উপাদান (বোধকৰো লালি নাইবা স্থানীয় মিশ্ৰণ বা আমদানিকৃত উপাদানৰ বটলিং) দুয়োবিধ থাকে। আমি সঁচাকৈয়ে গম নাপাওঁ।

PHOTO • P. Sainath

সেই দিনবোৰত দেশীয় সুৰা নিৰ্মাতাসকল ক্ষোভিত হোৱাটো স্বাভাৱিক আছিল। আজিকালি খেজুৰ বা তাল গছৰ ৰসৰ পৰা প্ৰস্তুত কৰা আৰাককে ধৰি ইটো নহয় সিটো দেশীয় সুৰা ইখন নহয় সিখন ৰাজ্যত নিষিদ্ধ কৰা হৈ থাকে। কিন্তু আইএমএফএল সদায় উদযাপিত হৈ আহিছে। বিলাতী সুৰাৰ দোকানখনলৈ চাই মোৰ সেই ঠাইৰ পৰা ১৭০০ কিলোমিটাৰ দূৰৰ ১৯৯৩ৰ তামিলনাডুৰ পুডুকোট্টাইলৈ মনত পৰিল। তাত আৰাকবিৰোধী কৰ্তৃপক্ষক মই সাক্ষাৎ কৰিবলৈ গৈছিলো। তেওঁলোকে ‘ব্ৰেণ্ডিৰ দোকান’ (তামিলনাডুৰ দক্ষিণভাগত আইএমএফএল দোকানবোৰক সেই বুলিয়েই কোৱা হয়) নিলামৰ হিচাপ-নিকাচত ব্যস্ত আছিল। আৰাকে বৈধ সুৰাৰ পৰা অহা ৰাজহ হ্ৰাস কৰে, সেয়ে আৰাক প্ৰশাসনৰ চকুৰ কুটা হৈ পৰিছিল।

এখন ৰাজহুৱা সভাত দেশীয় সুৰাৰ নিষেধাজ্ঞাৰ কথা কৈ থকা বিষয়াবৰ্গক ডিএমকেৰ কৰ্মী এজনে লাজত পেলাইছিল, তেওঁ ৰাজহ বিষয়া এজনক ৫ টকা দি কৈছিল, এয়া হৈছে “সুৰাপানৰ ক্ষতিৰ বিষয়ে কৈ ব্ৰেণ্ডিৰ দোকানৰ প্ৰচাৰ কৰা আপোনাৰ যুঁজখনৰ ইনাম।”

কাঠগৰাৰ ১৯৯৪ৰ দিনটোলৈ উভতি আহো। আমাৰ পলম হৈছিল। নিজেই গাইড হ’বলৈ ওলোৱাজন এতিয়া বিলাতীৰ মোহত ডুবিছিল, তেওঁৰ চাৰি নম্বৰ চলি আছিল। আমি আৰু সেই বিলাতী সুৰাৰ দোকানৰ লাইচেন্সধাৰী ৰমেশ প্ৰসাদক লগ নাপালো। দেশী হাইৱে ঢুকি পালেহে আমি সিফালে তিনিঘণ্টাত গৈ অম্বিকাপুৰ পামগৈ।

আইএমএফএলৰ প্ৰসংগ কেনেদৰে আহিল সেই কথা কওঁ। ২২ ডিচেম্বৰত মধ্য প্ৰদেশৰ ৰাজহ মন্ত্ৰী জগদীশ দেউৰাই ৰাজ্যিক বিধানসভাত কয় (অকণমান গৰ্ববোধেৰে) যে “আইএমএফএল সেৱনৰ পৰিমাণ ২০২০-২১ত ৪২০.৬৫ লাখ প্ৰুফ লিটাৰ হৈছে, ২০১০-১১ৰ ৩৪১.৮৬ লাখ প্ৰুফ লিটাৰৰ তুলনাত ২৩.০৫ শতাংশ বাঢ়িছে।”

আকৌ প্ৰুফ লিটাৰত ‘প্ৰুফ’ মানে কি বুজাব খুজিছে? সুৰাত কিমান পৰিমাণৰ এলকহল আছে, সেয়া পৰীক্ষা কৰিবলৈ ইংলেণ্ডত বহু শতিকা আগতে এই পৰীক্ষা কৰা হৈছিল। বিশেষজ্ঞই কোৱা মতে এলকহলৰ পৰিমাণ চোৱা এই ‘প্ৰুফ’ পদ্ধতি এতিয়া ইতিহাস। অঁ, অৱশ্যে মন্ত্ৰী দেউৰাই চাগে ইয়াতো যুক্তি দৰ্শাব যে তেওঁ ইতিহাস ৰচিছে। একেটা দশকতে ভাৰতত নিৰ্মিত বিলাতী সুৰা ২৩ শতাংশ বঢ়াৰ পৰিৱৰ্তে দেশীয় সুৰাৰ সেৱনৰ হাৰ মুঠে ৮.২ শতাংশ বাঢ়িল, যদিওবা দেশীয় সুৰা সেৱনৰ হাৰ আইএমএফএলৰ দুগুণ আছিল। মানে দেশীয় সুৰা সদায় আগত আছে, কিন্তু বিলাতী সুৰাৰ বিকাশৰ হাৰ দুগুণ বাঢ়িছে। আত্মসন্মান থকা দেশভক্তক এই বিৰোধাভাসে অস্বস্তিত নেপেলাবনে?

অনুবাদ: পংকজ দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das