সিদিনা আছিল শুকুৰবাৰ, ২০২২ৰ ১ এপ্ৰিল। ৰমাৰ বাবে সেইটো আছিল গতানুগতিক এটা দিন। তেওঁ ৪ বাজি ৩০ মিনিটত শোৱাপাটী এৰিলে, গাওঁখনত টহল দি পানী আনিলে, কাপোৰ ধুলে, ঘৰ সৰা-মচা কৰিলে। তাৰ পাছত মাকলৈ কাঞ্জি বনালে। তাৰপিছত তেওঁ কামলৈ বুলি ওলাল। কাম মানে তেওঁৰ গাঁৱৰ পৰা ২৫ কিলোমিটাৰ দূৰৰ বেদসন্দুৰ তালুকৰ নাটচি এপাৰেলত তেওঁ কাম কৰে। কিন্তু সেইদিনা আবেলি ২৭ বছৰীয়া ৰমা আৰু তেওঁৰ সহকৰ্মী মহিলাসকলে এক ইতিহাস গঢ়িলে। তেওঁলোকৰ পোচাকৰ কাৰখানাটোত যৌন উৎপীড়নৰ অন্ত পেলাবলৈ এটা বছৰতকৈও বেছি সময় যুঁজি শেষত তেওঁলোকে সেই সফলতা লাভ কৰিলে।
“এনে লাগে যেন কিবা এটা অসম্ভৱক সম্ভৱ কৰি তুলিলো”, ৰমাই সেইদিনা স্বাক্ষৰ হোৱা দিণ্ডিগুল চুক্তিখনৰ কথা কৈছে। সেইখন সেইদিনা ইষ্টমেন এক্সপ’ৰ্টচ্ গ্ল’বেল ক্ল’থিং (তিৰুপ্পুৰত থকা নাটচি এপাৰেলে যিটো কোম্পানীৰ অধীনত কাম কৰে, সেইটো) আৰু তামিলনাডু টেক্সটাইল এণ্ড কমন লেবাৰ ইউনিয়ন চমুকৈ টি.টি.চি.ইউ.ৰ মাজত এই চুক্তিখন স্বাক্ষৰিত হৈছিল। উদ্দেশ্য আছিল তামিলনাডুৰ দিণ্ডিগুল জিলাত চলি থকা ইষ্টমেন এক্সপ’ৰ্টচৰ কাৰখানাবোৰত লিংগভিত্তিক হিংসা আৰু উৎপীড়নৰ অন্ত পেলোৱা।
টি.টি.চি.ইউ.-ইষ্টমেন এক্সপ’ৰ্টচৰ চুক্তিখন কাৰ্য্যকৰী কৰাত সুবিধা কৰি দিয়াৰ উদ্দেশ্যে এই ঐতিহাসিক, বলৱৎযোগ্য চুক্তি চমুকৈ ই.বি.এ.খন বহুজাতিক ফেছন ব্ৰেণ্ড এইচ.এণ্ডএম.-য়ে স্বাক্ষৰ কৰিছিল। ইষ্টমেন এক্সপ’ৰ্টচৰ নাটচি এপাৰেল-য়ে ছুইডেনত মুখ্য কাৰ্য্যালয়ত থকা কোম্পানী এইচ.এণ্ডএম.-ৰ বাবে সাজ-পোচাক প্ৰস্তুত কৰে। ফেছন উদ্যোগটোত লিংগভিত্তিক হিংসা ৰোধৰ বাবে এনেদৰে কোনো কোম্পানীয়ে কৰা চুক্তিৰ নজিৰ হিচাপে এইখন দ্বিতীয়খন চুক্তি।
ৰমা দলিত মহিলাৰ দ্বাৰা পৰিচালিত বস্ত্ৰ উদ্যোগত কাম কৰা মহিলা শ্ৰমিক সংগঠন টি.টি.চি.ইউ.ৰ এগৰাকী সদস্য়। তেওঁ নাটচি এপাৰেলত চাৰিবছৰ ধৰি কাম কৰি আহিছে। “দলিত মহিলাৰ ট্ৰেড ইউনিয়নৰ সৈতে তেনে এটা ব্ৰেণ্ড (এইচ.এণ্ডএম.) আৰু মেনেজমেণ্টে যে চুক্তিত চহী কৰিব, কেতিয়াও ভবা নাছিলো,” তেওঁ কয়। “বহুত বেয়া কাম কৰাৰ পিছথ তেওঁলোকে যেনিবা শেষত ভাল পদক্ষেপ এটা ল’লে।” ইউনিয়নৰ সৈতে এইচ.এণ্ডএম.ৰ এই চুক্তি ভাৰতত হোৱা প্ৰথমখন এনে ই.বি.এ.। এয়া হৈছে আইনী চুক্তি, য’ত এইচ.এণ্ডএম. কোম্পানীটোৱে ইষ্টমেন এক্সপ’ৰ্টচৰ ওপৰত পোনপটীয়াকৈ বিহিত ব্যৱস্থা ল’ব পাৰে যদি ইষ্টমেন এক্সপ’ৰ্টচে টি.টি.চি.ইউ.ৰ সৈতে কৰা চুক্তি উলংঘা কৰে।
কিন্তু নাটচি এপাৰেলত কাম কৰি থকা ২০ বছৰীয়া দলিত যুৱতী জেয়াশ্ৰী কাটিৰভেলৰ ধৰ্ষণ আৰু হত্যাৰ এবছৰ আগতেই ইষ্টমেনে বিষয়টো লৈ আলোচনাৰ বাবে ৰাজী হৈছিল। জেয়াশ্ৰীয়ে মাহৰ পিছত মাহ ধৰি কাৰখানাত তেওঁৰ তত্ত্বাৱধায়কৰ হাতত যৌন উৎপীড়নৰ বলি হৈ আহিছিল। তত্ত্বাৱধায়কজন আছিল উচ্চ জাতৰ, ২০২১ৰ জানুৱাৰীত জেয়াশ্ৰীক হত্যা কৰা হয়। এই অপৰাধৰ বাবে তত্ত্বাৱধায়কজনক অভিযুক্ত কৰা হৈছে।
জেয়াশ্ৰীৰ মৃত্যুৱে বস্ত্ৰ উদ্যোগটোৰ লগতে তাৰ উৰ্দ্ধতন কোম্পানীৰ বিৰুদ্ধে সকলোকে জগাই তুলিলে। এইচ.এণ্ডএম., গেপ আৰু পি.ভি.এইচ. আদিৰ দৰে কাপোৰৰ বহুজাতিক কোম্পানীলৈ কাপোৰৰ যোগান ধৰা এক্সমেন এক্সপ’ৰ্টৰ বিৰুদ্ধে শ্ৰমিকসকল সৰৱ হৈ পৰিল। জেয়াশ্ৰীৰ বাবে ন্যায়ৰ দাবীত অভিযান চলিল। আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ইউনিয়নবোৰ, শ্ৰমিক সংঘবোৰ আৰু মহিলা সংগঠনবোৰ একত্ৰিত হৈ একেসুৰে “ইষ্টমেন এক্সপ’ৰ্টচৰ ওপৰত বিহিত ব্যৱস্থা” লোৱাৰ বাবে ফেছন ব্ৰেণ্ডবোৰক দাবী জনালে।







