“এইটোৰ দাম ৩৫০ টকা। আৰু দাম-দৰ নকৰিব, কৰ’নাৰ কাৰণে একোয়ে উপাৰ্জন নাই”, দাম-দৰ কৰি থকা গ্ৰাহকজনক প্ৰ্কাশ ককৰেয়ে ক’লে। তেওঁ মতা ভেড়া পোৱালী এটা মাটিতে পাতি লোৱা পাল্লাত তুলি ল’লে। “তিনি কিলো”, কিলোৱে প্ৰতি ২০০ টকাকৈ দিব বুলি লাগি থকা গ্ৰাহক দুজনক উদ্দেশ্য কৰি ককৰেই কলে। “বৰ কম দামতে দিছো, কাৰণ মোক পইছাৰ দৰকাৰ,” প্ৰকাশে ভেড়াটোক তাৰ নতুন মালিকৰ হাতত গতাই দি ক’লে।
“আমিনো আৰু কি কৰিব পাৰো, হ’ব আৰু যাব দিয়া,” জুন মাহৰ শেষৰ সপ্তাহত সেইদিনা আবেলি মই যেতিয়া তেওঁৰ পৰিয়ালক ৱাড়া তালুকৰ দেশাইপাৰা নামৰ সৰু ঠাইখনৰ মুকলি পথাৰত লগ পাইছিলো, তেওঁ মোক এনেকৈ কৈছিল। ক’ভিড-১৯ৰ কাৰণে হোৱা তলাবন্ধৰ তেতিয়া তিনি মাহ হৈছিল।
ধনগৰ গোষ্ঠীৰ সকলো অঘৰী পশুপালক, প্ৰকাশৰ পৰিয়ালটোৰ লগতে আৰু ছয়টা পৰিয়ালে মহাৰাষ্ট্ৰৰ পালঘৰৰ সেই পথাৰখনত দুটা দিনৰ বাবে বাহৰ পাতিছিল। কেইগৰাকীমান মহিলাই সৰু পোৱালীবোৰ ৰাখিবৰ বাবে নাইলনৰ আঁঠুৱা তৰিছিল। শস্যৰে ভৰ্তি বস্তা, এলুমিনিয়ামৰ বাচন, প্লাষ্টিকৰ বাল্টি আৰু অন্যান্য বস্তু পথাৰখনত সিঁচৰতি হৈ পৰি আছিল। কেইটামান সৰু ল’ৰা ছোৱালীয়ে ভেড়া পোৱালীৰ লগত খেলি আছিল।
প্ৰকাশে যিদৰে পোৱালী এটা দৰদাম কৰি বিক্ৰী কৰিলে ঠিক তেনেকৈয়ে ভেড়া, ছাগলী আৰু পোৱালীবোৰ বেচাটোয়ে ধনগৰৰ এই গোটটোৰ জীৱিকা আৰ্জনৰ মূল উপায়। এই সাতটা পৰিয়ালৰ ৫০০ টা জন্তু আছে তাৰে ভিতৰত ২০ টা ঘোঁৰাও আছে।
তেওঁলোকে ভেড়া পোহে আৰু সেয়া বেচি পইছা বা শস্য লয়। তেওঁলোকে ছাগলীবোৰ সাধাৰণতে ঘৰতে গাখীৰ খাবলৈ আৰু সময়ে সময়ে মাংস বেপাৰীক বেচিবৰ বাবে ৰাখে।
মাজে-সময়ে পথাৰৰ গৰাকীয়ে জন্তুবোৰক পথাৰত চৰিব দি সিহঁতৰ গোবৰ লয় আৰু বিনিময়ত পৰিয়ালকেইটাক কেইদিনমানৰ বাবে থাকিব দিয়াৰ লগতে খোৱা বস্তু আৰু পানীও দিয়ে।
“আমি কেৱল মেন্ধা (মতা ভেড়া) বেচো আৰু মাইকীবোৰ ৰাখি থওঁ”, অঘৰী ভেড়াপালক গোটতোৰ মুখিয়াল ৫৫ বছৰীয়া প্ৰকাশে ক’লে। খেতিয়কবোৰে তেওঁলোকৰ মাটিবোৰ চৰণীয়া পথাৰ কৰিবৰ বাবে আমাৰ পৰা ভেড়া কিনে। ভেড়াৰ গোবৰে মাটি সাৰুৱা কৰি তোলে।











