২০১৯ৰ মাৰ্চত ইয়ৰপ্পা বাৱগেয়ে বেংগালুৰুত প্ৰকল্প পৰিচালক হিচাপে কাম পাইছিল, এবছৰৰ পিছত লকডাউনৰ বাবে যে তেওঁ সেই চাকৰিটো হেৰুৱাব, তেওঁ কেতিয়াও ভবা নাছিল, জনাৰ কোনো উপায় নাছিল। এইটোও জনা নাছিল যে ২০২০ৰ জুনত তেওঁ উত্তৰ-পূব কৰ্ণাটকৰ বিদৰ জিলাৰ তেওঁৰ গাঁও কামথানাত চলি থকা এমজিএনৰেগা ছাইটত কাম কৰিব।

তেওঁ কয়, “এমাহ ঘৰত হাত সাবতি বহি থকাৰ পিছত এপ্ৰিলত এনৰেগা প্ৰক্ৰিয়াটো বুজিবলৈ চেষ্টা কৰিলোঁ, যাতে পৰিয়ালটো পুহিব পাৰো। লকডাউন ঘোষণাৰ সময়ত আমাৰ হাতত পইচা বুলিবলৈ বিশেষ নাছিল। লকডাউনৰ কাৰণে পামৰ মালিকবোৰে কামলৈ শ্ৰমিকক আনিব নোৱাৰা হোৱাত মায়েও কাম নোপোৱা হৈছিল।”

বহু কষ্ট আৰু বাঢ়ি অহা ঋণৰ বোজাৰ বিনিময়ত আৰু পৰিয়ালটোৰ সদস্যবৰ্গৰ সহায় আৰু দৃঢ়তাৰ বলত পোৱা শিক্ষাৰে অৰ্জা চাকৰিটো লকডাউনত তেওঁ হেৰুৱাইছিল। চাকৰিটো আছিল পৰিয়ালটোৰ দীৰ্ঘদিনীয়া ঋণৰ বোজাৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায়।

ইয়ৰপ্পাই ২০১৭ৰ আগষ্টত ব্যক্তিগত কলেজৰ পৰা বি.টেক. ডিগ্ৰী সম্পূৰ্ণ কৰিছিল আৰু তাৰ পূৰ্বে ২০১৩ চনত চৰকাৰী পলিটেকনিকৰ পৰা অটোম’বাইল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা সম্পূৰ্ণ কৰিছিল, দুয়োটা ডিগ্ৰী তেওঁ বিদৰ চহৰত সম্পূৰ্ণ কৰিছিল। ডিগ্ৰী পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ আগেয়ে আঠ মাহ ধৰি তেওঁ খেতিৰ যন্ত্ৰপাতি নিৰ্মাণ কৰা পুনেৰ এটা বহুজাতিক কোম্পানীত কাৰিকৰী প্ৰশিক্ষাৰ্থী হিচাপে কাম কৰিছিল, দৰমহা আছিল মাহে ১২ হাজাৰ টকা। “মই এজন ভাল ছাত্ৰ আছিলো, ভাবিছিলো যে মই গুৰু দায়িত্ব ল’ব পাৰিম আৰু অধিক ধন উপাৰ্জন কৰিব পাৰিম। ভাবিছিলো, এদিন মোকো মানুহে অভিযন্তা বুলিব,” ২৭ বছৰীয়া ইয়ৰপ্পাই কয়।

তেওঁৰ শিক্ষাৰ বাবে তেওঁৰ পৰিয়ালে কেইবাটাও ঋণ লৈছিল। তেওঁ কয়, “[বি.টেক.ৰ] তিনি বছৰত মোক প্ৰায় ডেৰ লাখ টকাৰ প্ৰয়োজন হৈছিল। “কোনো কোনো সময়ত মা-দেউতাই স্থানীয় আত্মসহায়ক গোটৰ পৰা কেতিয়াবা ২০ হাজাৰ, কেতিয়াবা ৫০ হাজাৰ টকা লৈছিল।” পঞ্চম ষান্মাসিকত থাকোঁতে ২০১৫ৰ ডিচেম্বৰত তেওঁৰ ৪৮ বছৰীয়া পিতৃৰ জণ্ডিচ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে আত্মসহায়ক গোট আৰু আত্মীয়-স্বজনৰ পৰা প্ৰায় ১.৫ লাখ টকা ধাৰে লৈছিল। ইয়ৰপ্পাই কয়, “মই ডিগ্ৰী সম্পূৰ্ণ কৰাৰ সময়লৈকে মোৰ কান্ধত বহু দায়িত্ব আহি পৰিছিল।”

তেওঁ বেংগালুৰুত প্লাষ্টিক মল্ডিং মেচিন বনোৱা এটা সৰু ইউনিটত প্ৰজেক্ট মেনেজাৰ হিচাপে ২০ হাজাৰ টকা দৰমহাৰ চাকৰি পোৱাত তেওঁৰ পৰিয়ালটো সুখী হৈ পৰিল। সেয়া ২০১৯ৰ মাৰ্চৰ কথা। “মই মালৈ প্ৰতিমাহে ৮,০০০-১০,০০০ টকা পঠিয়াইছিলো। কিন্তু লকডাউনে সকলো শেষ কৰি দিলে,” তেওঁ কয়।

Earappa Bawge (left) with his mother Lalita and brother Rahul in Kamthana village (right) of Karnataka's Bidar district, where many sought work at MGNREGA sites during the lockdown
PHOTO • Courtesy: Earappa Bawge
Earappa Bawge (left) with his mother Lalita and brother Rahul in Kamthana village (right) of Karnataka's Bidar district, where many sought work at MGNREGA sites during the lockdown
PHOTO • Courtesy: Sharath Kumar Abhiman

মাতৃ ললিতা আৰু ভাতৃ ৰাহুলৰ সৈতে (সোঁফালে) কৰ্ণাটকৰ বিদৰ জিলাৰ কামথানা গাঁৱত ইয়ৰপ্পা বাৱগে (বাওঁফালে), তাতেই লকডাউনৰ সময়ছোৱাত বহুতে এমজিএনৰেগা ছাইটত কাম বিচাৰিছিল

মাক ললিতাৰ পৰা ইয়ৰপ্পালৈ প্ৰায়ে উন্মাদৰ দৰে ফোন আহিবলৈ ধৰিলে। তেওঁ ভাবিছিল যে ল’ৰাটো গাঁৱত অধিক সুৰক্ষিত হৈ থাকিব। “মই ২২ মাৰ্চলৈকে কাম কৰিছিলো, মাহৰ শেষ কাৰণে ঘৰলৈ উভতি আহিবলৈ মোৰ লগত পৰ্যাপ্ত নগদ ধন নাছিল। মোৰ খুলশালীকৰ পৰা ৪ হাজাৰ টকা ধাৰলৈ ল’ব লগা হ’ল,” তেওঁ কয়। ব্যক্তিগত গাড়ী এখনত আহি তেওঁ এটা সময়ত আহি ঘৰ পালে।

পিছৰ এটা মাহলৈ অনুসূচিত গণ্ড আদিবাসী সম্প্ৰদায়ৰ চাৰিজনীয়া পৰিয়ালটোৰ বাবে মাকে পথাৰত বন নিৰোৱা আদি কাম কৰিবলৈ লৈছিল, তেনেকৈ দিনে পোৱা ১০০-১১৫ টকাৰ মজুৰিৰে ঘৰখন চলিল। এই সম্পৰ্কত ইয়ৰপ্পাই কয় যে পথাৰত মালিকবোৰে সাধাৰণতে কামৰ অভিজ্ঞতা থকা মহিলাক নিয়োগ কৰে, তেওঁৰ দৰে যুৱকক নহয়। আৰু তেওঁলোকে তেওঁলোকৰ বিপিএল (দৰিদ্ৰ সীমাৰেখাৰ তলৰ) কাৰ্ডত পিডিএছ ৰেচনখিনি সংগ্ৰহ কৰিছিল। ইয়ৰপ্পাৰ দুজন কনিষ্ঠ ভাতৃ আছে – ২৩ বছৰীয়া ৰাহুলে কৰ্ণাটক লোকসেৱা আয়োগৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, আনহাতে ১৯ বছৰীয়া বিলাসে স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত পঢ়ি আছে, আৰু সেনাবাহিনীত যোগদানৰ বাবে প্ৰস্তুতি চলাই আছে। পৰিয়ালটোৰ এক একৰ বৰ্ষানিৰ্ভৰ খেতিমাটিত তেওঁলোকে মচুৰ, মুগ আৰু জোৱাৰ খেতি কৰে, ইয়াৰ বেছিভাগেই ঘৰত খাবলৈ। পৰিয়ালটোৰ এটা ম’হ আছে যিটো ইয়ৰপ্পাৰ ভায়েকে চোৱাচিতা কৰে, আৰু তেওঁলোকে গাখীৰ বিক্ৰী কৰি মাহে প্ৰায় ৫ হাজাৰ টকা উপাৰ্জন কৰে।

ইয়ৰপ্পাই ৩৩ দিন এমজিএনৰেগা ছাইটত কাম কৰিছিল – তেওঁৰ কাম আছিল নলাৰ পৰা পলস আঁতৰোৱা – আৰু ৯ হাজাৰ টকাৰ অলপমান বেছি পইচা উপাৰ্জন কৰিছিল। জুলাইত তেওঁৰ দুই ভায়েকে ১৪ দিন, মাকে ৩৫ দিনৰ কাম পাইছিল। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন, ২০০৫ৰ অধীনত এবছৰত পৰিয়াল এটাই মুঠ ১০০ দিনৰ কামৰ অধিকাৰী। ছেপ্টেম্বৰৰ পৰা মাকে পথাৰত বন নিৰোৱা কাম ঘনকৈ পাইছিল। মজুৰি আছিল দৈনিক ১০০ৰ পৰা ১৫০ টকা।

বিদৰলৈ উভতি অহাৰ কেইদিনমানৰ ভিতৰতে বেংগালুৰুত ইয়ৰপ্পাই কাম কৰা উৎপাদন কেন্দ্ৰটো তিনিমাহৰ বাবে বন্ধ হৈ পৰে। “মোৰ বছে কৈছিল যে সকলোকে কামত ৰাখিব পৰাকৈ পৰ্যাপ্ত কাম নাই,” তেওঁ বিচলিত হৈ কয়। তেওঁ লগতে কয়, ‘মই মোৰ চি.ভি. বেংগালুৰু, পুনে আৰু বম্বেত কাম কৰা অভিযান্ত্ৰিক কলেজৰ তিনি-চাৰিজন বন্ধুলৈ পঠিয়াইছো। “নিয়মিতভাৱে চাকৰিৰ ৱেবছাইটবোৰ চাই তাকো। আশা কৰো, কিবা এটা হ’ব আৰু মই [আকৌ] চাকৰি পাম।”

*****

একেখন গাঁৱৰে আন এজন যুৱক, আতিশ মেট্ৰেও আশাহত হৈ পৰিছে। ২০১৯ৰ ছেপ্টেম্বৰত (বেংগালুৰুৰ অক্সফৰ্ড কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা) এম বি এ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ২৫ বছৰীয়া আতিশে যোৱা কেইমাহমানত কামথানা গাঁৱৰ এমজিএনৰেগা ছাইটত ইয়ৰপ্পাৰ সৈতেও কাম কৰিছিল।

 Atish Metre (right), who has completed his MBA coursework, also went to work at MGNREGA sites in Kamthana village in Karnataka
PHOTO • Courtesy: Earappa Bawge
 Atish Metre (right), who has completed his MBA coursework, also went to work at MGNREGA sites in Kamthana village in Karnataka
PHOTO • Courtesy: Atish Metre

এম.বি.এ. ড্গ্ৰী সম্পূৰ্ণ কৰা আতিশ মেট্ৰে (সোঁফালে)ও কৰ্ণাটকৰ কামথানা গাঁৱত এমজিএনৰেগা ছাইটত কাম কৰিছিল

চলিত বৰ্ষৰ এপ্ৰিলত লকডাউনৰ বাবে তেওঁ বেংগালুৰুৰ এইচ ডি এফ চি বেংকৰ চেলচ্ বিভাগৰ চাকৰি এৰিবলগীয়া হৈছিল। “চাকৰিত টাৰ্গেট আছিল আৰু ঘৰৰ পৰা ওলোৱাৰ অনুমতি নাছিল, বাহিৰলৈ যোৱাটো নিৰাপদো নাছিল। মোৰ টিমটোৰ বহুতেই চাকৰি এৰিছিল। হাতত আন কোনো উপায় নাছিল,” তেওঁ কয়।

বাণিজ্যৰ স্নাতক ডিগ্ৰীধাৰী ২২ বছৰীয়া তেওঁৰ নৱপৰিণীত সত্যৱতী লাড়গেৰীৰ সৈতে তেওঁ কামথানালৈ উভতি আহিছিল আৰু তেঁৱো আতিশৰ সৈতে এমজিএনৰেগা ছাইটত কিছুদিন কাম কৰিছিল। কিন্তু দেহাই টানিব নোৱাৰাত বেছিদিন সেই কাম কৰিব নোৱাৰিলে। আতিশে কাম কৰি গৈ থাকিল, আৰু ২১ নৱেম্বৰলৈকে সেই ছাইটত ১০০ দিনৰ কাম কৰিছিল – নলা খান্দিছিল, সৰু সৰু বান্ধ পৰিষ্কাৰ কৰিছিল, হ্ৰদবোৰ পলসমুক্ত কৰিছিল – এনেদৰে মুঠ প্ৰায় ২৭ হাজাৰ টকা উপাৰ্জন কৰিছিল।

এপ্ৰিল মাহত, অনুসূচিত জাতি হোলেয়া সম্প্ৰদায়ৰ পৰিয়ালটোত আতিশৰ দুজন জ্যেষ্ঠ ভাতৃৰ অনুষ্টুপীয়াকৈ বিয়া হয়, তাৰবাবে মাকে স্থানীয় আত্মসহায়ক গোটৰ পৰা মুঠ ৭৫ হাজাৰ টকা ধাৰে লয়। তাৰে কিস্তি প্ৰতি সপ্তাহত দিব লাগে। আতিশেও ২০১৯ৰ নৱেম্বৰত বাইক কিনিবলৈ মাহে ৩৭০০ টকা কিস্তিত ৫০ হাজাৰ টকা ধাৰে লয়। যোৱা মাহকেইটাত পৰিয়ালটো বহুলাংশে তেওঁৰ ডাঙৰ ভায়েকৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। বেংগালুৰুৰ কোম্পানী এটাত এচি টেকনিচিয়ান হিচাপে কাম কৰা তেওঁৰ ডাঙৰ ভায়েক প্ৰদীপৰ আয়ৰ ওপৰত। তেওঁৰ পিতৃ-মাতৃ শ্ৰমিক।

“লকডাউনৰ পিছত এপ্ৰিলত মোৰ ভাই প্ৰদীপ মোৰ সৈতে কামথানালৈ উভতি আহিছিল। কিন্তু আগষ্টত তেওঁ পুনৰ বেংগালুৰুলৈ গৈ নিজৰ পুৰণি কোম্পানীত যোগদান কৰিলে,” আতিশে কয়। ‘মইও সোমবাৰে [২৩ নৱেম্বৰ] বেংগালুৰুলৈ যাম। বন্ধু এজনৰ লগত থাকি চাকৰি বিচাৰিম; যিকোনো খণ্ডতে কাম কৰিবলৈ মই ইচ্ছুক।”

*****

আতিশ আৰু ইয়ৰপ্পাৰ দৰে নকৰি ২০১৭ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত প্ৰীতম কেম্পে কামথানাত ঘূৰি আহিছিল। তেওঁ খোৱাপানীৰ প্ৰকল্প এটাত গুণগত পৰীক্ষক হিচাপে মাহে ৬ হাজাৰ টকাত অংশকালীন কাম পাইছিল। ইয়াৰ পিছত ২০১৯ৰ ডিচেম্বৰত তেওঁ বিএড পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। তেওঁ কয়, “স্নাতক হোৱাৰ লগে লগে পৰিয়াল পোহপাল দিবলৈ কামত ধৰিবলগীয়া হৈছিল, চহৰলৈ ওলাই যোৱাৰ বিকল্প মোৰ নাছিল। “মাক মোৰ প্ৰয়োজন থকা হেতুকে মই এতিয়াও চহৰলৈ যাম বুলি চিন্তা কৰা নাই।”

তেওঁৰ মাকৰ ফালৰ পৰিয়ালটোও হোলেয়া অনুসূচিত জাতি সম্প্ৰদায়ৰ – কাপোৰ চিলাই কৰি উপাৰ্জন কৰে, কিন্তু কামৰ বাবে দৃষ্টিশক্তিৰ সমস্যা আৰু ভৰিৰ বিষ হয়; তেওঁৰ ভনীয়েকেও বিএড ডিগ্ৰীৰ বাবে পঢ়ি আছে, দুজন ডাঙৰ ভনীৰ বিয়া হৈ গৈছে আৰু বেলেগে থাকে; ২০০৬ত তেওঁলোকৰ কৃষক পিতৃৰ মৃত্যু হৈছিল।

Left: Pritam Kempe with his mother Laxmi Kempe and sister Pooja in Kamthana. Right: Mallamma Madankar of Taj Sultanpur village in Gulbarga district. Both put their career plans on hold and tried their hand at daily wage labour
PHOTO • Courtesy: Pritam Kempe
Left: Pritam Kempe with his mother Laxmi Kempe and sister Pooja in Kamthana. Right: Mallamma Madankar of Taj Sultanpur village in Gulbarga district. Both put their career plans on hold and tried their hand at daily wage labour
PHOTO • Courtesy: Mallamma Madankar

বাওঁফালে: কামথানাত মাতৃ লক্ষ্মী কেম্পে আৰু ভগ্নী পূজাৰ সৈতে প্ৰীতম কেম্পে। সোঁফালে: গুলবাৰ্গা জিলাৰ তাজ চুলতানপুৰ গাঁৱৰ মল্লামা মদনকাৰ। দুয়োজনে নিজৰ কেৰিয়াৰ পৰিকল্পনা স্থগিত ৰাখি দৈনিক মজুৰিৰ কামত লাগিল

প্ৰীতমে ফেব্ৰুৱাৰীত ডাঙৰ ভনীয়েকৰ বিয়াৰ বাবে ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ১ লাখ টকা ধাৰ লৈছিল। ঋণ পৰিশোধ কৰিবলৈ প্ৰতিমাহে ৫৫০০ টকাকৈ পৰিশোধ কৰিব লাগিব। লকডাউনৰ সময়ত সেই কিস্তি পৰিশোধ কৰিবলৈ তেওঁ পুনৰ মাকৰ সোণ-গহনা বন্ধকীত ৰাখি গাঁৱৰ এজনৰ পৰা ধন ধাৰে ল’বলগীয়া হৈছিল।

মে’ৰ প্ৰথম সপ্তাহত তেঁৱো ইয়ৰপ্পা আৰু আতিশৰ সৈতে এমজিএনৰেগা ছাইটত কাম কৰিবলৈ আৰম্ভ কৰে। “এইদৰে চলাটো টান হৈ পৰিছে। বৰষুণ দিলে আমাৰ ওচৰত মনৰেগাৰ কামো নাথাকে,” তেওঁ কিছুদিন আগতে মোক কৈছিল। প্ৰীতমে ২১ নৱেম্বৰলৈকে বিভিন্ন স্থানত ৯৬ দিন কাম কৰিছিল, আৰু মুঠতে ২৬ হাজাৰ টকা উপাৰ্জন কৰিছিল।

তেওঁ লগতে কয়, “মই যিটো খোৱাপানীৰ প্ৰকল্পত কাম কৰি আছো, তাত বেছি কাম নাই। মই সপ্তাহত তিনি-চাৰিবাৰ কেইঘণ্টামানৰ বাবে তালৈ যাওঁ। মোক অক্টোবৰত ৫০০০ টকা দিছিল। মোৰ কেইমাহমানৰ দৰমহা বাকী আছে। এতিয়াও নিয়মীয়া দৰমহা পোৱাৰ কোনো নিশ্চয়তা নাই৷ গতিকে মই বিদৰৰ উদ্যোগিক এলেকাত কাম বিচাৰি আছো।”

*****

ইয়ৰপ্পা, আতিশ আৰু প্ৰীতমৰ দৰে ১১,১৭৯ জনসংখ্যাৰ কামথানা গাঁৱৰ আন বহু লোকে লকডাউনৰ সময়ছোৱাত হতাশ হৈ এমজিএনৰেগাৰ কামত ধৰিলে।

২০২০ৰ মাৰ্চত বুদ্ধ বাসৱ আম্বেদকাৰ য়ুথ টিম গঠনত সহায় কৰা লক্ষ্মী বাৱগে কয়, “প্ৰথম অৱস্থাত লকডাউন জাৰি কৰাৰ সময়ত বহু লোক কৰ্মহীন হৈ খাদ্যৰ বাবে সংগ্ৰাম কৰিছিল, লকডাউনৰ প্ৰথম সপ্তাহত বিদৰ চহৰত জিলা প্ৰশাসনৰ সৈতে সহযোগিতা কৰি কামথানাত হয় কাৰ্ড নথকা বা পিডিএছ আউটলেটত প্ৰৱেশ কৰিব নোৱাৰা পৰিয়ালক ৰেচন বিতৰণ কৰিছিল, অংগনবাড়ীৰ পৰা গৰ্ভৱতী মহিলালৈ খাদ্য পৰিপূৰক যোগান ধৰিছিল, আৰু আন বিভিন্ন ধৰণে সহায়ৰ চেষ্টা কৰিছিল।

অল ইণ্ডিয়া ডেম’ক্ৰেটিক উইমেন এছ’চিয়েশ্যনৰ সদস্যা ২৮ বছৰীয়া লক্ষ্মীয়ে চুবুৰীয়া গুলবাৰ্গা জিলাৰ জ্যেষ্ঠ কৰ্মীসকলৰ সৈতে কথা পাতি এমজিএনৰেগাৰ কামৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়াৰ বিষয়ে বুজি লয়। পঞ্চায়ত পৰ্যায়ত এই প্ৰক্ৰিয়াত অনিয়মৰ বাবে এই নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে জব কাৰ্ড পোৱাটো সহজ নাছিল। “অৱশ্যে জিলাখনৰ জ্যেষ্ঠ বিষয়াসকলে সহায় কৰিছিল আৰু নিশ্চিত কৰিছিল যে তেওঁলোকে কাম আৰম্ভ কৰিব পাৰে।”

At MGNREGA trenches in Kamthana. The village's young people are desperate for work where they can use their education
PHOTO • Courtesy: Sharath Kumar Abhiman
At MGNREGA trenches in Kamthana. The village's young people are desperate for work where they can use their education
PHOTO • Courtesy: Sharath Kumar Abhiman

কামথানাত খন্দা নলাৰ কাষত এমজিএনৰেগা। গাঁৱৰ ডেকা ল’ৰাবোৰে নিজৰ শিক্ষাৰ সৈতে মিলা কামৰ সন্ধানত ব্যাকুল

২০২০ৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে কামথানাত মুঠ ৪৯৪খন এমজিএনৰেগা জব কাৰ্ড প্ৰদান কৰা হৈছে বুলি বিদৰ তালুক পঞ্চায়তৰ সহকাৰী সঞ্চালক সাৰথ কুমাৰ অভিমানে কয় ৷ “জিলা প্ৰশাসনে উপলব্ধি কৰিলে যে বৃহৎ চহৰ আৰু নগৰৰ পৰা বিদৰলৈ উভতি অহা প্ৰব্ৰজিত শ্ৰমিকৰ বিপুল সোঁত বৈছে। গতিকে আমি তেওঁলোকক জব কাৰ্ড প্ৰদান কৰিবলৈ আৰম্ভ কৰিলো আৰু সৰু সৰু গ্ৰুপ বনাই এনৰেগাৰ অধীনত কাম আবণ্টন দিলো,’’ অভিমানে মোক ফোনত কয়।

*****

কামথানাৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত, গুলবাৰ্গা জিলাৰ তাজ চুলতানপুৰ গাঁৱত, ২৮ বছৰীয়া মল্লামমা মদনকাৰে ২০১৭ৰ পৰাই এম জি এনৰেগা ছাইটত ছাত্ৰৱস্থাৰে পৰা হ্ৰদৰ পলস উলিওৱা, পামৰ পুখুৰী, নলা আৰু পথ নিৰ্মাণৰ কাম কৰিছিল। “মই ঘৰৰ পৰা সোনকালে ওলাই আহিছিলো, ৰাতিপুৱা ৯ বজালৈকে কাম কৰিছিলো, তাৰ পিছত ছাইটৰ পৰা মোৰ কলেজলৈ বাছত উঠিছিলো,” তাই কয়।

২০১৮ৰ মাৰ্চত তেওঁ গুলবাৰ্গাৰ ড° বি আৰ আম্বেদকাৰ কলেজৰ পৰা আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ সক্ষম হয়, আৰু ৯ মাহ ভাৰতীয় ষ্টেট বেংকৰ কেৰাণী হিচাপে মাহে ৬ হাজাৰ টকাত ঠিকাভিত্তিক কামত নিয়োজিত হয়। “মই গুলবাৰ্গাৰ জিলা আদালতৰ এজন জ্যেষ্ঠ উকীলৰ অধীনত মোৰ আইনী অনুশীলন আৰম্ভ কৰিব বিচাৰিছিলো, আনকি কলেজৰ প্ৰজেক্ট এটাত মোক সহায় কৰা এজনৰ সৈতেও কথা পাতিছিলো। মোৰ পৰিকল্পনা আছিল এই বছৰ আদালতত কাম আৰম্ভ কৰা, কিন্তু মই [ক’ভিডৰ বাবে] আৰম্ভ কৰিব নোৱাৰিলো।”

সেয়ে হোলেয়া অনুসূচিত জাতি সম্প্ৰদায়ৰ মাল্লাম্মাই এপ্ৰিল আৰু মে’ৰ শেষৰ ফালে কিছু সময়ৰ বাবে এমজিএনৰেগা ছাইটলৈ উভতি গ’ল। “কিন্তু বৰষুণ আৰু সামাজিক দূৰত্বৰ বাবে আমাৰ গাঁৱৰ বিষয়াসকলে এইবাৰ এনৰেগাৰ অধীনত বেছি কাম কৰিবলৈও নিদিলে। মই মাত্ৰ ১৪ দিন কাম কৰিলোঁ,’’ তেওঁ কয়। “ক’ভিড নাথাকিলে মই আদালতত কাম আৰম্ভ কৰিলোহেঁতেন।”

মাল্লাম্মাৰ সাতজনীয়া পৰিয়ালটোৱে শিক্ষাৰ ক্ষেত্ৰত আগৰণুৱা হ’বলৈ বহুত চেষ্টা কৰিছে; এগৰাকী ভনীৰ এম এ-বি ডি ডিগ্ৰী আছে (আৰু বেংগালুৰুৰ এটা বেচৰকাৰী সংস্থাত সমীক্ষাকাৰী হিচাপে কাম কৰিছিল), আন এগৰাকীয়ে সমাজকৰ্ম বিষয়ৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে (আৰু বিদৰৰ এটা এনজিঅ’ত চাকৰি কৰিছিল); ভায়েক এটাৰ বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰী আছে।

তেওঁলোকৰ মাতৃ ভীমবাই (৬২)য়ে তেওঁলোকৰ তিনি একৰ খেতিমাটিৰ কাম কৰে, তাত তেওঁলোকে জোৱাৰ, বাজৰা আৰু অন্যান্য শস্যৰ খেতি কৰে, আৰু উৎপাদিত সামগ্ৰীসমূহ নিজ খাবলৈ ৰাখে। তেওঁলোকৰ পিতৃ গুলবাৰ্গা জিলাৰ জেৱৰ্গী তালুকত হাইস্কুলৰ শিক্ষক আছিল। ২০০২ত অৱসৰ লোৱাৰ পিছত তেওঁৰ মৃত্যু হয়, আৰু পৰিয়ালে পেঞ্চন হিচাপে মাহে ৯ হাজাৰ টকা পায়।

মাল্লাম্মাই কয়, “লকডাউনৰ বাবে মোৰ ভনীয়েকহঁত ঘৰলৈ উভতি আহিল। আমি সকলোৱে বৰ্তমান নিবনুৱা।”

তাই আৰু কামথানা গাঁৱৰ ডেকা ল’ৰাবোৰে নিজৰ শিক্ষাৰ ব্যৱহাৰ কৰিব পৰা কাম বিচাৰি হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে। ইয়ৰপ্পাই কয়, “মই এনেকুৱা কিবা এটা বিচাৰো য’ত মোক দায়িত্ব দিয়া হয়। "মই বিচাৰো মোৰ শিক্ষাখিনি কামত আহক। মই এজন অভিযন্তা আৰু এনে ঠাইত কাম কৰিব বিচাৰো য'ত মোৰ ডিগ্ৰীটোক সামান্যতম হ’লেও মূল্য দিয়া হয়।"

এই লেখাটোৰ বাবে সকলো সাক্ষাৎকাৰ ২৭ আগষ্টৰ পৰা ২১ নৱেম্বৰৰ ভিতৰত ফোনযোগে কৰা হৈছিল।

অনুবাদ: পংকজ দাস

Tamanna Naseer

Tamanna Naseer is a freelance journalist based in Bengaluru.

Other stories by Tamanna Naseer
Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das