“কিহৰনো ধুন-পেচ মাৰিবলৈ বিউটি পাৰ্লাৰলৈ যাব লাগে? বজাৰলৈ গৈ পইচা এসোপামান খৰছ কৰাৰ এয়া বাহানাহে।”
বিউটি পাৰ্লাৰলৈ গ’লে এনেকুৱা কথাই মণিকা কুমাৰীয়ে শাহুৱেকহঁতৰ পৰা এনেকুৱা কথাই শুনিবলগীয়া হয়। চাৰিজনীয়া পৰিয়ালটো পূৱ বিহাৰৰ এখন সৰু চহৰ জামুইৰ পৰা তিনি কি.মি.মান দূৰৰ খৈৰ্মা গাঁৱত থাকে। এনেবোৰ কথালৈ ভ্ৰুক্ষেপ নকৰি ২৫ বছৰীয়া মণিকাই নিয়মীয়াকৈ মন গ’লে বিউটি পাৰ্লাৰলৈ গৈ চেলাউৰি থ্ৰেডিং কৰা, তাইৰ ওঠৰ ওপৰৰ নোম আঁতৰোৱা আৰু ফেচিয়েল মাচাজ কৰায়। পঞ্চায়ত অফিছত কাম কৰা গিৰীয়েকে আগৰ দিনৰ মানুহৰ দৰে কথাবোৰ নাভাৱে, বৰঞ্চ তাইক পাৰ্লাৰলৈ ড্ৰপ দি আহে।
কেৱল মণিকাই নহয়, বহু ছোৱালী আৰু মহিলাই জামুই আৰু তাৰে আশে-পাশে থকা গাওঁ-চহৰ আদিৰ পৰা ওচৰতে থকা পাৰ্লাৰলৈ আহেই।
“আমি আৰম্ভ কৰাৰ সময়ত ১০ খন মান পাৰ্লাৰ আছিল। এতিয়া হাজাৰখনমান আছে যেন লাগে,” বিউটি পাৰ্লাৰ চলোৱাৰ ১৫ বছৰ অভিজ্ঞতা থকা প্ৰমীলা শৰ্মাই সেইখিনি সময়ত জামুইত ব্যৱসায়বিধৰ উত্থানৰ কথা কয়।
জামুই চহৰৰ মূল পথত থকা বিবাহ লেডিজ বিউটি পাৰ্লাৰৰ গৰাকী হৈছে প্ৰমীলা। ৮৭,৩৫৭ জনসংখ্যাৰ চহৰখনৰ প্ৰায়ভাগেই কৃষি আৰু অনান্য আনুষংগিক কামত জৰিত।














