বুধাৰ আচল ঘৰ নেপালত। তেওঁ যোৱা ডেৰ বছৰ ধৰি বিহাৰচৰিফ চহৰৰ মাদ্ৰাছা আজিজিয়াত কাম কৰি আছিল। “লণ্ডভণ্ড নকৰিবলৈ কাবৌ-কাকূতি কৰোঁতে তেওঁলোকে মোক মৰিয়াবলৈ ধৰে। মোক ঘোঁচা মাৰি কয়, ‘চালা নেপালী, পলা ইয়াৰ পৰা, মাৰ খাবি নহ’লে।’”
তেওঁ কৈ আছে ২০২৩ৰ ৩১ মাৰ্চৰ ঘটনাটোৰ কথা, যিদিনা চহৰখনত ওলোৱা ৰাম নৱমী শোভাযাত্ৰাৰ সময়ত সাম্প্ৰদায়িক কূটাঘাতকাৰীয়ে মাদ্ৰাছাখন (ইচলামিক অধ্যয়নৰ স্কুল আৰু লাইব্ৰেৰী) জ্বলাই দিছিল।
“লাইব্ৰেৰীটোত এতিয়া একো বাকী নাই,” বুধাই কয়। “এতিয়া সিহঁতক চিকিউৰিটি গাৰ্ডো নালাগে। মই কৰ্মহীন হৈ পৰিলো।”
২০২৩ৰ এপ্ৰিলত পাৰিয়ে মাদ্ৰাছা আজিজিয়ালৈ গৈছিল, তাৰে এসপ্তাহ আগেয়ে কেৱল এই মাদ্ৰাছাখনেই নহয়, বিহাৰৰ নালন্দা জিলাৰ বিহাৰচৰিফৰ বিভিন্ন স্থানত থকা উপাসনাস্থলত আক্ৰমণ চলোৱা হৈছিল। আৰম্ভণিতে কৰ্তৃপক্ষই চহৰখনত সান্ধ্য আইন জাৰী কৰিছিল আৰু ইণ্টাৰনেট বন্ধ কৰি দিছিল যদিও, এসপ্তাহ পিছত সেইবোৰ উঠাই লোৱা হৈছিল।
প্ৰাক্তন ছাত্ৰ ছৈয়দ জামাল হাচানে আমি যোৱা সময়ত অৱসন্নভাৱে খোজ কাঢ়ি থকা দেখা পোৱা গ’ল, তেওঁ কয়, “লাইব্ৰেৰীটোত ইমান কিতাপ আছিল, আটাইবোৰ পঢ়িব নোৱাৰিলো।” তেওঁ ১৯৭০ত তৃতীয় শ্ৰেণীত এই স্কুলত নাম লগাইছিল আৰু আলিম লৈছিল (স্নাতক)।
“কিবা ৰৈছে নেকি চাবলৈ মই আহিছিলো,” হাচানে কয়।