ৰত্না বিশ্বাসে প্ৰতিমাহে ১৫ দিনৰ বাবে চাকৰি এটা কৰে। পশ্চিমবংগত ৰত্নাৰ নিজ গাওঁ টেমাৰপুৰৰ গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত “এদিনত ছঘণ্টাৰ ভিতৰত মই ২০ টা শ্ৰেণী-কোঠা আৰু চাৰিটা শৌচাগাৰ চাফা কৰিব লাগে” বুলি তেওঁ কয়। তেওঁ নাজানে যে তেওঁ বিদ্যালয়ৰ এগৰাকী কৰ্মচাৰী নে এগৰাকী ‘অনানুষ্ঠানিক’ কৰ্মী, য’ত তেওঁক মাহে ২৫০০ টকা পৰিশোধ কৰা হয়। মাহটোৰ আন ১৫ দিনৰ বাবে আন এগৰাকী চাফাই কৰ্মচাৰীয়ে সেই একেই কাম কৰে।
আকৌ ৩৫ বছৰীয়া ৰত্না কেতিয়াও নিশ্চিত নহয় যে তেওঁ এই ‘অৰ্দ্ধদিন’ৰ দৰমহা তেওঁ লাভ কৰিবনে নকৰে। “স্কুলখনে মোক এতিয়ালৈকে এটা বছৰৰ বাবে কোনো দৰমহা দিয়া নাই,” তেওঁ কয়। “পঞ্চায়তে কয় যে তেওঁলোকে আমাৰ বাবে পুঁজি পোৱা নাই আৰু সেয়ে তেওঁলোকে আমাক দৰমহা পৰিশোধ কৰিব নোৱাৰে।”
২০১৮ৰ নৱেম্বৰ মাহত, ঐতিহাসিক কিষাণ মুক্তি মৰ্চাত অংশগ্ৰহণ কৰিবলৈ পশ্চিমবংগৰ উত্তৰ দিনাজপুৰ জিলাৰ কৰনদীঘি ব্লকৰ বিভিন্ন গাঁৱৰ পৰা অহা আন বহুতো চৰকাৰী স্কুলৰ কৰ্মীৰ সৈতে ৰত্নাও দিল্লীলৈ আহিছিল।
![A group of women sitting](/media/images/IMG_0943.max-1400x1120.png)
টেমাৰপুৰ গাঁৱৰ ৰত্না বিশ্বাসে তিনিটা কাম কৰে - এখন চৰকাৰী বিদ্যালয়ত তেওঁ এগৰাকী চাফাই কৰ্মী, এগৰাকী ঘৰুৱা সহায়িকা আৰু এগৰাকী কৃষিশ্ৰমিক
সেই গোটটোত ফুলমণি কিস্কু নামৰ ৪০ বছৰীয়া চাওঁতালি আদিবাসী এগৰাকীও আছিল যি ৰৌশনগঞ্জ গাঁৱৰ পৰা আহিছিল। তেওঁ যোৱা ১৫ বছৰে নিজৰ গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰতিদিনে ১০টা শ্ৰেণীকোঠা আৰু তিনিটা শৌচাগাৰ চাফা কৰি আহিছে। ১৫ দিনৰ কামৰ বাবে তেওঁ দিনে ১৫০ টকাকৈ পায়। “আমাকো এটা স্থায়ী চাকৰি প্ৰদান কৰিব লাগে যাতে আমিও পেঞ্চন পাওঁ,” তেওঁ কয়।
তেওঁলোকৰ মাজত লুটফা বেগমো আছিল। মাহটোত ১৫ দিন কাম কৰাৰ দৰমহাৰ ঠাইত তেওঁ বছৰটোত কেৱল মাত্ৰ ১০ মাহৰ দৰমহাহে লাভ কৰে। ৩০ বছৰীয়া লুটফাই ভৱানীপুৰ গাঁৱৰ এছ.এছ.কে. প্ৰাথমিক চৰকাৰী স্কুলত যোৱা ১৫ বছৰ মধ্যাহ্ন ভোজনৰ কৰ্মী হিচাপে কাম কৰি আহিছে। তেওঁৰ কাম হৈছে স্কুলখনৰ ২০০ ল’ৰা-ছোৱালীৰ বাবে আহাৰ ৰন্ধা (আন দুগৰাকী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ সৈতে), পৰিৱেশন কৰা আৰু বাচন ধোৱা। এই কামখিনিৰ বাবে তেওঁৰ এদিনত চাৰি ঘণ্টা সময় লাগে।
“গৰমৰ বন্ধবোৰ, দেওবাৰ আৰু দূৰ্গাপূজাৰ বন্ধবোৰৰ বাবে তেওঁলোকে আমাক দৰমহা নিদিয়ে, কিন্তু স্কুলৰ শিক্ষকসকলে পায় [এই বন্ধৰ দিনবোৰৰ বাবে],” তেওঁ কয়। “আমি মাত্ৰ বিচাৰো যে আমাৰ দৰমহা বৃদ্ধি হওঁক।” ২০০৪ চনত এই কাম কৰিবলৈ আৰম্ভ কৰাৰ সময়ত লুটফাই মাহে ৩০০ টকা পাইছিল আৰু ইমান বছৰৰ পিছত সেইয়া বাঢ়ি মাত্ৰ ১৫০০ টকা হৈছেগৈ।
![Mother and daughter standing](/media/images/IMG_0929.max-1400x1120.png)
![Old woman sitting on makeshift bed](/media/images/IMG_0937.max-1400x1120.png)
‘আমি মাত্ৰ বিচাৰো যে আমাৰ দৰমহা বাঢ়ক,’ এইবুলি কোৱা ভৱানীপুৰ গাঁৱৰ লুটফা বেগম (বাওঁফালে, তেওঁৰ জীয়াৰী ৰিফাতৰ সৈতে)। 'আমাকো এটা স্থায়ী চাকৰি প্ৰদান কৰিব লাগে যাতে আমিও পেঞ্চন পাওঁ,' বুলি কোৱা ফুলমণি কিচকু (সোঁফালে), তেওঁৰ গাওঁ ৰৌশনগঞ্জ
দক্ষিণ পশ্চিম দিল্লীৰ বিজৱাসনত কিষাণ মুক্তি মৰ্চাৰ স্বেচ্ছাসেৱকসকলে পতা শিবিৰত মই লগ পোৱা চৰকাৰী স্কুলৰ কৰ্মচাৰীৰ সকলোৱেই আৰু অলপ বেছি উপাৰ্জনৰ বাবে অতিৰিক্ত কাম কৰাৰ কথা জনায়। স্কুলত ছঘণ্টা কাম কৰাৰ পিছতো ৰত্নাই ৰাতিপুৱা ৬টা বজাৰ পৰাই মানুহৰ ঘৰে ঘৰে গৈ কাম কৰে, এনেকৈ অতিৰিক্ত সাত ঘণ্টা সময় তেওঁ সৰা-পোচা কাম কৰে। ঘৰুৱা সহায়কাৰী ৰূপে তেওঁ মাহে ১৬০০ টকা উপাৰ্জন কৰে। তেওঁৰ এটা তৃতীয় কামো আছেঃ এটা মাহত ১০ দিনৰ বাবে তেওঁ তেওঁৰ গাঁৱৰ খেতিয়কসকলে চপোৱা খেতিৰ ধান খুন্দে। “সিহঁতে মোক তাৰ পৰা প্ৰায় পাঁচ কিলো চাউল দিয়ে,” তেওঁ কয়। পাঁচ বছৰৰ আগতে তেওঁৰ স্বামীয়ে পৰিয়ালটো এৰি থৈ যায়। সেইজন এতিয়া ক’ত আছে ৰত্নাই নাজানে। তেওঁৰ ছোৱালী দুজনী ১৪ বছৰীয়া সৰস্বতী আৰু ১০ বছৰীয়া ভূমিকা গাঁৱৰে স্কুলত পঢ়ি আছে।
ভৱানীপুৰ গাঁৱৰ ৩২ বছৰীয়া চফিনা বেবীয়ে লুটফাই কাম কৰা স্কুলখনতে যোৱা পাঁচ বছৰে মাহটোত ১৫ দিনৰ বাবে চাফাই কৰ্মীৰূপে কাম কৰি আহিছে। অতিৰিক্ত উপাৰ্জনৰ বাবে তেওঁ বিড়ি বনোৱা কাম কৰে। ওচৰৰে গাঁও এখনত থকা এটা ফেক্টৰীত কাম কৰি তেওঁ ১০০০ টা বিড়িৰ বাবদ ১৪৫ টকা লাভ কৰে। “ইয়াৰ পৰা মই মাহে ৫০০-৬০০ টকা উপাৰ্জন কৰিব পাৰোঁ,” তেওঁ কয়। তেওঁৰ তিনিটা ল’ৰা আৰু এজনী ছোৱালী আছে। ১২ বছৰৰ পৰা ৪ বছৰ বয়সৰ ভিতৰৰ এই ল’ৰা-ছোৱালীকেইটাই গাঁৱৰে স্কুলত পঢ়ি আছে।
![](/media/images/IMG_0947.max-1400x1120.png)
![](/media/images/IMG_0933.max-1400x1120.png)
বাওঁফালে: ‘যোৱা চাৰি মাহে মই কোনো দৰমহা পোৱা নাই। আমি কি দৰে জীয়াই থাকোঁ?’ পশ্চিম পিপলা গাঁৱৰ সন্ধ্যা মণ্ডলে প্ৰশ্ন কৰে। সোঁফালে: ভৱানীপুৰ গাঁৱৰ চফিনা বেবী, স্কুলৰ চাফাইকৰ্মী চফিনাই অতিৰিক্ত উপাৰ্জনৰ বাবে বিড়ি তৈয়াৰ কৰে
চাৰি বছৰ আগেয়ে ফুলমণিৰ গিৰিয়েক ধাবু মাৰ্দি যক্ষ্মা ৰোগত ঢুকাল। “মোৰ ল’ৰাটো আঠ বছৰ আগতে ডায়েৰিয়া হৈ ঢুকাল। মাটি টুকুৰা [এক একৰতকৈ কম] মোৰ মানুহটোৰ নামত আছে আৰু মই ইয়াক কিদৰে মোৰ নামলৈ আনিব পাৰিম সেইয়া মই নাজানো,” হতাশভাৱে তেওঁ কয়। সেইখিনি মাটিত ফুলমণিয়ে কেইগৰাকীমান মজদুৰৰ সহায়ত অলপ ধানখেতি কৰে।
পশ্চিম পিপলা গাঁৱৰ ৪২ বছৰীয়া সন্ধ্যা মণ্ডলে তেওঁৰ স্বামী অজিতৰ সৈতে মিলি তেওঁলোকৰ পৰিয়ালৰ এক একৰ মাটিত কৰা ধান আৰু সৰিয়হ খেতিত বীজ চটিওৱাৰ পৰা শস্য কটালৈকে সকলো কাম কৰে। সন্ধ্যাই তেওঁৰ গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত এগৰাকী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰূপেও কাম কৰে। “যোৱা চাৰি মাহে মই কোনো দৰমহা পোৱা নাই। আমি কি দৰে জীয়াই থাকিম?” তেওঁ প্ৰশ্ন কৰে। তেওঁ এদিনত কিমান ঘন্টা কাম কৰে বুলি মই সোধাত তেওঁ মিচিকিয়াই হাঁহি মাৰি ক’লে, ‘‘চৌব্বিচ ঘণ্টা গেবাৰি খাটিলেও আমাৰ খাবলৈ নোজোৰে।’’
অনুবাদ: ল’নলী গগৈ