গ্ৰীষ্মকালত লাদাখৰ চুৰু গাওঁখন প্ৰাণ-প্ৰাচুৰ্য্যৰে ভৰি পৰে। ভৰ সেউজীয়া ঘাঁহনিৰ বেষ্টনী ভাঙি জান-জুৰিবোৰ বৈ আহে, ৰং-বিৰঙৰ বনৰীয়া ফুল ফুলে, সুদূৰত পৰ্বতশিখৰ বৰফে ঢাকে। দিনৰ আকাশ কিযে নিৰ্মল হৈ পৰে, আকৌ নিশাৰ ভাগত আকাশীগংগাখন হাতে ঢুকি পোৱা হৈ পৰে।
কাৰ্গিল জিলাৰ এই উপত্যকাৰ শিশুবোৰৰ প্ৰকৃতিৰ সৈতে সম্পৰ্ক অতি নিবিড়। তাই চুৰু গাঁৱত এই ফটোখিনি লোৱা হৈছিল ২০২১ত। শিশুহঁতৰ কোনোবাই যদি শিল এটা বগাইছে, কোনোবাই গ্ৰীষ্মৰ ফুল গোটাইছে, কোনোবাই আকৌ নিজৰাৰ পানীৰ সৈতে খেলিছে। গ্ৰীষ্মকালত যৱধানৰ খেতিপথাৰত খেলাটো সিহঁতৰ অতিকৈ প্ৰিয় কাম।
কাৰ্গিল এখন দূৰণিবটীয়া ঠাই। স্বায়ত্বশাসিত অঞ্চল লাদাখৰ আনখন জিলা লেহৰ পৰ্য্যটকৰ প্ৰচুৰ সমাগমৰ পৰা বহু আঁতৰত এই জিলা।
বহুতেই কাৰ্গিল বুলি ক’লে কাশ্মীৰ উপত্যকা বুলি ভাবে। কিন্তু সেয়া নহয়। তাৰোপৰি কাশ্মীৰখন চুন্নি অধ্যূষিত, আনহাতে কাৰ্গিলৰ গৰিষ্ঠসংখ্যকেই চিয়া ঠালৰ।
কাৰ্গিল চহৰখনৰ পৰা ৭০ কিলোমিটাৰ দক্ষিণে থকা তাই চুৰু চিয়া মুচলমানসকলৰ বাবে পুণ্য ধাম। কাৰ্গিল নিবাসীসকলৰ বাবে ইচলামধৰ্মৰ নৱবৰ্ষ মহৰম মানে হৈছে পয়গম্বৰ মহম্মদৰ নাতি ইমাম হুছেইনৰ বাবে গভীৰ শোক প্ৰকাশৰ সময়। ৬৮০ খ্ৰীষ্টাব্দত হোৱা কাৰবালাৰ যুদ্ধত (বৰ্তমানৰ ইৰাকত) ইমান হুছেইনৰটক তেওঁৰ ৭২ জন অনুচৰসহ হত্যা কৰা হৈছিল।
মহৰমৰ দিনা পুৰুষ-মহিলা সকলোৱে ৰীতি-নীতিবোৰত ভাগ লয়। জুলুচ বা দাস্তা বুলি কোৱা শোভাযাত্ৰা কেবাদিনো চলে। মহৰমৰ দশম দিন অচুৰাত এই জুলুচ আটাইতকৈ ডাঙৰ হয়, যিটো দিনত হুছেইন আৰু তেওঁৰ অনুচৰবৰ্গক কাৰবালাত হত্যা কৰা হৈছিল। সিদিনা কিছুমানে চাবুক আৰু ব্লেড আদিৰে নিজকে বেত্ৰাঘাট (কামা জানি) কৰে আৰু সকলোৱে বুকু ভুকুৱায় (চিনা জানি)।


























