‘মই দুয়োখন হাতত ৰেঞ্চ লৈয়ে এদিন বিদায় ল’ম,’ চামচুদ্দিন মোল্লাই কয়। ‘মৃত্যুৱেই মোৰ অৱসৰ হ’ব!’

এয়া শুনাত নাটকীয় যেন লাগিব পাৰে, কিন্তু চামচুদ্দিনে জীৱনটোৰ সৰহভাগ সময় ৰেঞ্চ আৰু আন সঁজুলি হাতত লৈয়ে কটাইছে। সেই সঁজুলিৰে তেওঁ পানীৰ পাম্প, ব’ৰৱেলৰ পাম্প, মিনি এগজেভেটৰ, ডিজেল ইঞ্জিন আৰু আন ভালেমান মেচিন মেৰামতি কৰে।

বিকল হৈ থকা, মাত-বোল নাইকিয়া হোৱা মেচিনক জীৱন্ত কৰি তোলাৰ দক্ষতাৰ বাবে কৰ্ণাটকৰ বেলগাম জিলা আৰু মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ গাওঁবোৰত তেওঁৰ সাংঘাতিক চাহিদা আছে। ‘মানুহে মোক মাতি নিয়ে,’ তেওঁ গৌৰৱেৰে কয়।

তেওঁৰ পাকৈত হাতত মেচিনৰ সমস্যা সমাধান কৰিবলৈ বহু কৃষক আৰু আন গ্ৰাহক তেওঁৰ ওচৰলৈ আহে। ‘মই অপাৰেটৰজনক মাত্ৰ হেণ্ডেলডাল ঘুৰাবলৈ দিলেই ইঞ্জিনৰ কি সমস্যা হৈছে গাম পাও,’ তেওঁ বুজাই কয়।

তাৰ পিছতহে আচল কাম আৰম্ভ হয়। এটা বিকল ইঞ্জিন ভাল কৰিবলৈ তেওঁক আঠ ঘণ্টা পৰ্যন্ত সময় লাগে। ‘মেচিনটো খোলাৰ পৰা পুনৰাই অংশবোৰ লগাবলৈ প্ৰয়োজন হোৱা সময়খিনি ধৰা হয়,’ চামচুদ্দিনে কয়। ‘আজিকালি (ইঞ্জিন) কিটবোৰ ৰেডিমেড, সেয়ে সেয়া মেৰামতি কৰাটো সহজ হৈ পৰিছে।’

কিন্তু বহু বছৰ দিন-ৰাতি কৰা অনুশীলনৰ মুৰতহে তেনেদৰে আঠ ঘণ্টাত মেচিন এটা মেৰামতি কৰিব পৰা দক্ষতা তেওঁ অৰ্জন কৰিছে। ৮৩ বৰ্ষীয় চামচুদ্দিনে এতিয়ালৈ অনুমান কৰা মতে তেওঁৰ ৭৩ বছৰীয়া কৰ্মজীৱনত ৫০০০ তকৈও অধিক মেচিন ভাল কৰিছে। নৈৰ পৰা পানী তোলা, বাদাম আৰু সৰিয়হ আদিৰ পৰা তেল নিষ্কাশন কৰা, নিৰ্মাণ খণ্ডৰ পৰা আৰু কুঁৱাৰ পৰা শিল আঁতৰোৱা আৰু অনান্য বিভিন্ন কামত ব্যৱহৃত ইঞ্জিন তেওঁ মেৰামতি কৰিছে।

PHOTO • Sanket Jain

৮৩ বৰ্ষীয় চামচুদ্দিন মোল্লাক বেলগামৰ গাঁৱত আৰু ক’লহাপুৰ জিলাত তেওঁৰ পাকৈত হাত দুখনৰ কাৰণে মানুহে চিনি পায়। প্ৰচণ্ড গৰমত কোনো অসুবিধা অনুভৱ নকৰাকৈ কাম কৰি থকা চামচুদ্দিনলৈ কানপুৰ নগৰৰ হাৰ্ডৱৰ ব্যৱসায়ীৰ পৰা ফোন আহিছে, তেওঁ কৈছে, ‘ডিলাৰে মোক দেখা কৰা গ্ৰাহকজনৰ নাম আৰু কি কি পাৰ্ট লগা হৈছে সেয়া সোধে’

কোম্পানীয়ে নিযুক্তি দিয়া যন্ত্ৰকুশলীয়ে সাধাৰণতে গাঁৱলৈ নাযায়, সেয়ে যন্ত্ৰকুশলী বিচাৰি পোৱাটো টান, তেওঁ কয়। ‘কোম্পানীৰ যন্ত্ৰকুশলীক মতাটো খুবেই ব্যয়বহুল,’ তেওঁ কয়। ‘তাতে আকৌ তেওঁলোকে দূৰণিবটীয়া গাওঁ বিচাৰি উলিয়াওতে বহুত সময় লয়।’ কিন্তু চামচুদ্দিনে বেমাৰী মেচিন বিচাৰি উলিয়াওতে বেছি সময় নলয়। যুৱ যন্ত্ৰকুশলীয়ে মেচিনৰ বিজুতি ধৰাত আৰু মেৰামতি কৰাত অপাৰগ কাৰণে কৃষকে তেওঁৰ সৈতে পৰামৰ্শ কৰে।

সেয়ে বেলগাম জিলাৰ চিকড়ি তালুকৰ বাৰৱাড়ত চামচুদ্দিনক এজন দক্ষ যন্ত্ৰকুশলী- শৰ্মা মিস্ত্ৰী বুলি জনা যায়। এইখন গাঁৱতেই তেওঁ মানুহৰ ইঞ্জিনবোৰ ভাল কৰে, নাইবা চামচুদ্দিনে পথাৰ নাইবা কাৰখানালৈ গৈ বেয়া মেচিন তেওঁৰ নিপুণতাৰে ভাল কৰে।

ইঞ্জিন নিৰ্মাণ কৰা কোম্পানীবোৰেও চামচু্দ্দিনৰ শলাগ লয়। তেওঁ কিৰ্লোস্কাৰ, য়ানমাৰ আৰু স্ক’ডা আদি ডাঙৰ ডাঙৰ কোম্পানীকে ধৰি ভালেমান স্থানীয় কোম্পানীৰ মেচিনো মেৰামতি কৰিব পাৰে। ‘ইঞ্জিন উন্নত কৰাৰ বাবেও সিহঁতে মোৰ সৈতে পৰামৰ্শ কৰে, আৰু মই সদায়েই তেওঁলোকক ফিডবেক দিও,’ তেওঁ কয়।

উদাহৰণ স্বৰূপে আগতে ইঞ্জিনৰ হেণ্ডেলবোৰ মজবুত আৰু নিসন্ধি নাছিল। ‘মানুহে হেণ্ডেলডাল (ক্ৰেংকচেফট) কেবাবাৰো ঘুৰাবলগীয়া হৈছিল, ফলত হেণ্ডেল ঘুৰাওতে আঘাতো পাইছিল। কিছুমান কোম্পানীক মই হেণ্ডেলবোৰ উন্নত কৰিবলৈ কৈছিলো। এতিয়া কিছুমান কোম্পানীয়ে দুটা গিয়েৰৰ পৰিৱৰ্তে তিনিটা গিয়েৰ থকা হেণ্ডেল দিয়ে,’ তেওঁ কয়। ইয়ে হেণ্ডেলডালৰ ভাৰসাম্য, টাইমিং আৰু সঞ্চালন উন্নত কৰে।  ক’লহাপুৰ জিলাত শাখা থকা কিছুমান কোম্পানীয়ে স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস আৰু কোম্পানীৰ প্ৰতিষ্ঠা দিৱস আদি অনুষ্ঠানত আমন্ত্ৰণ জনায়।

মাৰ্চ, এপ্ৰিল আৰু মে’ মাহকেইটা চামচুদ্দিনৰ বাবে আটাইতকৈ ব্যস্ততাপূৰ্ণ, সেই মাহটোত তেওঁ প্ৰায় মাহে ১০ টা মান ইঞ্জিন ভাল কৰে। কামৰ খাটনি আৰু জটিলতা চাই মেৰামতিৰ বাবদ তেওঁ ৫০০ৰ পৰা ২০০০ পৰ্যন্ত টকা লয়। ‘বাৰিষাৰ আগেয়ে কৃষকে খেতি পথাৰত কুঁৱা খান্দে আৰু তেতিয়াই ভালেমান মেচিন মেৰামতিৰ প্ৰয়োজন হয়,’ তেওঁ কয়। বছৰটোৰ বাকীখিনি সময়ত মেৰামতিৰ কাম চলে যদিও সিমান কাম নাহে।

PHOTO • Sanket Jain

ওপৰৰ শাৰীতঃ চামচুদ্দিনে কয় যে এনেদৰে লিকটীয়া ক’লা ইঞ্জিনত যুৱ প্ৰজন্মৰ বহুতেই হাত দিব নোখোজে। ‘মই আগতে কেতিয়াও গ্লোভচ্ ব্যৱহাৰ কৰা নাই, এতিয়া ব্যৱহাৰ কৰিনো কি কৰিম?’ তেওঁ প্ৰশ্ন কৰে। তলৰ শাৰীতঃ খুলি পেলোৱা ইঞ্জিনৰ ভিতৰভাগ (বাওঁফালে) আৰু চামচুদ্দিনে প্ৰায় সাতটা দশক পূৰ্বে অনা সঁজুলি (সোঁফালে)। তেওঁ সঠিক ধৰণৰ সঁজুলি ব্যৱহাৰ কৰাৰ পক্ষপাতি, যিকোনো মেৰামতিৰ কামত তেওঁ নিজাকৈ সঁজুলিৰ বেগ এটা লৈ যায়

চামচুদ্দিনে মেৰামতিৰ কাম নাথাকিলে তেওঁৰ দুই একৰ মাটিৰ কুঁহিয়াৰ খেতিৰ চোৱাচিতা কৰে। তেওঁৰ সাত কি আঠ বছৰ বয়সত তেওঁৰ খেতিয়ক পিতৃ-মাতৃ আপ্পালাল আৰু জন্নতে ক’লহাপুৰৰ হাতকানাংলে তালুকৰ পাট্টান কড়লিৰ পৰা বাৰৱাড়লৈ উঠি আহিছিল। পৰিয়ালৰ উপাৰ্জনত সহায় কৰিবলৈ ১০ বছৰমান বয়সত চামচুদ্দিনে বাৰৱাড়ৰ যন্ত্ৰকুশলী এজনৰ তাত সহায়ক হিচাপে কাম কৰিবলৈ লয়। তাতে দহ ঘণ্টা কাম কৰি তেওঁ দিনে এটকাকৈ পাইছিল। পৰিয়ালৰ অভাৱ-অনাটনৰ ফলত তেওঁ প্ৰথম শ্ৰেণীৰ পৰাই পঢ়া এৰিবলগীয়া হয়। ‘শিক্ষা সম্পূৰ্ণ কৰা হ’লে আজি মই উৰাজাহাজ উৰুৱাই থাকিলোহেঁতেন,’ তেওঁ হাঁহি হাঁহি কয়।

১৯৫০ৰ দশকত ডিজেল ইঞ্জিনৰ কাৰণে ডিজেল কিনিবলৈ চামচুদ্দিনে প্ৰতি মাহেকত দুবাৰ তেওঁৰ গাঁৱৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ হাতকানাংলে গাঁৱলৈ গৰু গাড়ীত উঠি যোৱা মনত পেলায়। তাতে ৰেল ৰয়। ‘তেতিয়া ডিজেলৰ দাম প্ৰতি লিটাৰত এটকা আছিল আৰু মই প্ৰতিবাৰেই তিনি বেৰেল (মূঠ ৬০০ টকাৰ) ডিজেল কিনিছিলো।’ তেতিয়া চামচুদ্দিনক মেচিন চোৱাচিতা কৰা চামা ড্ৰাইভাৰ বুলি জনা গৈছিল।

দুধগংগা নদীৰ পানী পথাৰলৈ সিঁচিবলৈ ব্যৱহাৰ কৰা ১৮ অশ্বশক্তিৰ ইঞ্জিন ইনষ্টল কৰিবলৈ ১৯৫৮ত ক’লহাপুৰ চহৰৰ পৰা বাৰৱাড়লৈ খুব কমেইহে যন্ত্ৰকুশলী আহিছিল। তেতিয়া ২২ বৰ্ষীয় চামচুদ্দিনে কামৰ সময়ত ইঞ্জিনবোৰ ভালদৰে চাই ইঞ্জিন এটাই কেনেদৰে কাম কৰে বুজি লৈছিল। ‘তেনে ইঞ্জিনক প্ৰতিদিনে দুটকাৰ খাৰুৱা তেল লাগিছিল,’ তেওঁ মনত পেলালে। মেচিন এটা এবছৰ হোৱাৰ পিছত নৈৰ বাঢ়নী পানীত বুৰ গৈ বিকল হৈ আছিল। যন্ত্ৰকুশলীক মতা হৈছিল আৰু চামচুদ্দিনে সেইখিনি সময়তে কৌশল আয়ত্ব কৰাৰ সুযোগ ল’লে। মেচিনটো ১৯৬০ত পুনৰাই বেয়া হয় (সেইটো নতুন সংস্কৰণৰ মেচিন আছিল) আৰু চামচুদ্দিনে নিজেই সেইটো ভাল কৰে। ‘সেই দিনটোৰ পৰা মোৰ নামটো চামা ড্ৰাইভাৰৰ পৰা সলনি হৈ চামা মিস্ত্ৰী হৈ পৰিছিল,’ তেওঁ গৌৰৱেৰে সেই কথা মনত পেলালে।

১৯৬২ৰ এটা ঘটনাৰ পৰা চামচুদ্দিনে বুজি পালে যে ইঞ্জিনৰ জগতখন খুঁচৰাৰ সেয়াই সঠিক সময়। বাৰৱাড়ৰ এজন কৃষকে তেওঁক খেতিৰ বাবে ইঞ্জিন এটা অনাৰ দায়িত্ব দিলে। ‘হাটকানাংলে তালুকৰ ঘুনাকি গাঁৱত (প্ৰায় ৫০ কিলোমিটাৰ দূৰত)থকা কোম্পানীৰ গুদামলৈ গৈ ৫০০০ টকাত ইঞ্জিনটো আনিলো,’ তেওঁ ক’লে। সেই ইঞ্জিনটো এচেম্বল কৰোঁতে তেওঁক মুঠ তিনিটা দিনত ২০ ঘণ্টা লাগিল। ‘কোম্পানীৰ এজন যন্ত্ৰকুশলীয়ে পিছত আহি ইঞ্জিনটো চাই ক’লে যে কামটো খুব ভালদৰেই হৈছে,’ তেওঁ মনত পেলালে।

PHOTO • Sanket Jain

বাৰৱাড় গাঁৱৰ নিজ ঘৰতঃ চামচুদ্দিন আৰু তেওঁৰ পত্নি গুলশন, তেওঁ কয়, ‘মোৰ মতে মেচিন মেৰামতিৰ কামতকৈ খেতি কৰাই ভাল’

সময় বাগৰাৰ লগে লগে দক্ষ যন্ত্ৰকুশলী হিচাপে চামচুদ্দিনৰ সুনাম বাঢ়িল। তেতিয়ালৈ আন এজন যন্ত্ৰকুশলীৰ তাত তেওঁ দিনে দুটকাকৈ পাঁচ বছৰ নবিচ হিচাপে কাম কৰিছিল। নিজাকৈ ইঞ্জিন ভাল কৰিবলৈ লোৱাৰ পৰা তেওঁৰ আয় দিনে ৫ টকালৈ বাঢ়িল। বেলাগৌমৰ (এতিয়া বেলাগাৱি) চিকড়ি তালুকৰ গাওঁবোৰলৈ তেওঁ চাইকেল চলাই যায়। আজিকালি গ্ৰাহকে তেওঁক ফোনতে যোগাযোগ কৰে আৰু সিহঁতৰ গাড়ীৰে অনা-নিয়া কৰে।

কিন্তু ইঞ্জিন ভাল কৰা কামত ক্ষতিৰ ভয়ো নথকা নহয়। ‘এবাৰ (১৯৫০ দশকৰ মাজভাগত) মই মেচিন এটা ভাল কৰি থাকোতে আঘাত পাইছিলো। মোৰ পিঠিৰ ঘাঁ এতিয়াও দেখিব। সেয়া কেতিয়াও ভাল নহয়,’ চামচুদ্দিনে কয়। কেইমাহমান আগতে তেওঁ ক’লহাপুৰৰ এখন চিকিৎসালয়ত এনজিঅ’প্লাষ্টি কৰাইছিল। ‘ডাক্তৰে তেওঁক ছমাহৰ বাবে জিৰণি ল’বলৈ কৈছিল, কিন্তু আন কোনেও ইঞ্জিন মেৰামতিৰ কাম কৰিব নোৱাৰে,’ তেওঁৰ পত্নি গুলশনে কয়। ‘দুমাহ নৌহওতেই তেওঁক মানুহে ইঞ্জিন ভাল কৰিবলৈ মাতি আমনি দিবলৈ ধৰিলে।’

৭০ৰ দেওনা গৰকা গুলশনে পৰিয়ালৰ দুই একৰ মাটিৰ কুঁহিয়াৰ খেতিত লাগি দিয়ে। সেই কুঁহিয়াৰ তেওঁলোকে বজাৰত বিক্ৰী কৰে। ‘মেচিন মেৰামতিৰ কাম শিকিবলৈ তেওঁ মোক কয় আৰু কেতিয়াবা শিকাইও দিয়ে, কিন্তু মোৰ সিমান মন নাই। মোৰ কাৰণে মেচিন মেৰামতি কৰাতকৈ খেতি কৰাই ভাল,’ গুলশনে হাঁহি মাৰি কয়।

তেওঁলোকৰ সন্তানেও চামচুদ্দিনৰ কলা শিকা নাই। (দম্পত্তিহালৰ কোনো জীয়ৰী নাই)। ডাঙৰজন পুত্ৰ, ৫৮ বৰ্ষীয় মৌলাৰ বাৰৱাড়ত এখন বৈদ্যুতিক মটৰৰ দোকান আছে। ৫০ বৰ্ষীয় ঈশাকে খেতিৰ কাম চোৱাচিতা কৰে। তেওঁলোকৰ সৰুজনা পুত্ৰ দহবছৰমান আগতে ঢুকাইছে।

‘মই ওলাই গৈছিলো, মানুহে কাম কৰা লক্ষ্য কৰিছিলোঁ আৰু তেনেদৰেই এই কলা আয়ত্ব কৰিছিলোঁ,’ চামচুদ্দিনে অলপ দুখমনে কথাখিনি ক’লে। ‘আজি আমাৰ হাতত জ্ঞান আৰু সমল আছে, কিন্তু কোনেও ইঞ্জিন চুবই নোখোজে।’

PHOTO • Sanket Jain
PHOTO • Sanket Jain

ডাঙৰ আৰু গধুৰ ইঞ্জিন ভাল কৰিবলৈ চামচুদ্দিনে পোনে পোনে চাইটলৈ যাবলগীয়া হয়। বেলগাম জিলাৰ গাজাবাৰৱাড়ি গাঁৱত কুঁৱা খন্দাৰ সময়ত শিল দাঙিবলৈ ব্যৱহাৰ কৰা এটা ডিজেল ইঞ্জিন মেৰামতিৰ কাম কৰাৰ দৃশ্য

তেওঁলোকৰ ঘৰৰ বাহিৰতো একেই পৰিস্থিতি। ‘কোনেও ক’লা ইঞ্জিন অইলত হাত লেতেৰা কৰিব নিবিচাৰে। যুৱ প্ৰজন্মই ইয়াক ‘লেতেৰা কাম’ বুলি কয়। আপুনি যদি তেল চুবই নোখোজে, তেন্তে ইঞ্জিন এটা কেনেদৰে ভাল কৰিব?’ হাঁহি মাৰি তেওঁ সোধে। ‘তাৰোপৰি মানুহৰ এতিয়া বহুত ধন-সম্পত্তি হৈছে, এটা ইঞ্জিন বেয়া হ’লে নতুন এটা কিনি আনে।’

তথাপি যোৱা কেইবছৰমানত চামচুদ্দিনে চুবুৰীয়া গাঁৱৰ প্ৰায় ১০ৰ পৰা ১২ জন যন্ত্ৰকুশলীক প্ৰশিক্ষণ দিছে। সিহঁতে সহজেই ইঞ্জিন ভাল কৰিব পাৰে, তাকে লৈ তেওঁ গৌৰৱান্বিত। অৱশ্যে সিহঁতৰ কোনেও তেওঁৰ সমান নিপুণ নহয় আৰু মাজে-সময়ে ইঞ্জিনৰ সমস্যা চিনাক্ত কৰিবলৈ তেওঁৰ পৰামৰ্শ লয়।

নতুন প্ৰজন্মক কি পৰামৰ্শ দিব বুলি সোধাত চামচুদ্দিনে মিচিকিয়াই হাঁহি কয়, ‘আপোনাৰ সেই কামৰ প্ৰতি গভীৰ আৱেগ থাকিব লাগিব। আপুনি যি কামেই কৰে তাক আন্তৰিকতাৰে ভাল পাব লাগিব। মই ইঞ্জিন ভাল পাওঁ, তাতেই মোৰ জীৱনটো কটাইছো। শৈশৱৰ পৰা মই ইঞ্জিন পৰীক্ষা কৰি আৰু মেৰামতি কৰিবলৈ ভাল পাইছিলোঁ আৰু মই সেই সপোন সাৰ্থক কৰিব পাৰিছো।’

এইখিনি কৈয়েই তেওঁ ঘোষণা কৰিলে, ‘মই দুয়োখন হাতত ৰেঞ্চ লৈয়ে এদিন বিদায় ল’ম।’ তাৰ পিছত তেওঁ জনালে যে সেই শব্দকেইটা তেওঁৰ কৈশোৰ অৱস্থাত যন্ত্ৰকুশলী গুৰু এজনৰ পৰা শিকা কথা। সেইজন গুৰুৰ ইঞ্জিন মেৰামতিৰ প্ৰতি খুবেই আগ্ৰহ আছিল, চামচুদ্দিনে মনত পেলাই ক’লে। ‘এই কামৰ বাবে তেওঁ শ শ কিলোমিটাৰ বাট বাইছিল,’ তেওঁ কয়। গুৰুজনে (নামটো চামচুদ্দিনে মনত পেলাব পৰা নাই) এবাৰ তেওঁক ৰেঞ্চ হাতত লৈ মৰাৰ কথা কৈছিল। ‘সেই কথাই মোক অনুপ্ৰাণিত কৰিছিল, সেয়ে মই ৮৩ বছৰ বয়সতো কাম কৰিছো। মৃত্যুৱেই মোৰ অৱসৰ হ’ব!’ চামা মিস্ত্ৰীয়ে দোহাঁৰে।

অনুবাদঃ পংকজ দাস

Sanket Jain

Sanket Jain is a journalist based in Kolhapur, Maharashtra, and a 2019 PARI Fellow.

Other stories by Sanket Jain
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das