“ইমান বছৰে যে তুমি মোৰ ফটোবোৰ তুলি আছা, কি কৰিবা এইবোৰেৰে?” শোকত ভাগি পৰা গোবিন্দম্মাই মোক প্ৰশ্ন কৰিলে। এই বছৰৰ মাৰ্চত তেওঁৰ পুত্ৰ চেল্লায়াৰ মৃত্যুৰ সন্তাপ তেওঁৰ গুছা নাই। পুত্ৰশোকত দগ্ধ গোবিন্দাম্মাৰ মোলৈ প্ৰশ্ন: “মই চকুৰে নেদেখা হ’লো। তোমাকো দেখা নাই। মোক আৰু মোৰ বৃদ্ধ মাক কোনে চাব?”
তেওঁ মোক তেওঁৰ হাতদুখন দেখুৱালে, কঠোৰ সময়ৰ কত যে আঘাতৰ চিন তাত। “ঘৰখনৰ কাৰণে ২০০ টকা উপাৰ্জনৰ বাবে মই কিমান যে কষ্ট স্বীকাৰ কৰিব নালাগে। এতিয়াও জাল মাৰি মিছা মাছ ধৰিব পৰা বয়স মোৰ আছে বুলি ভাবা নেকি? সেই বয়স মোৰ নাই। হাত দুখনেৰেই যি পাৰো ধৰো,” ৭০ বছৰমান বয়সৰ গোবিন্দম্মাই কয়। মিছা মাছ ধৰা গোবিন্দম্মাই অৱশ্যে তেওঁৰ বয়স ৭৭ বুলি ধৰে। “মানুহে সিমান বুলিয়ে কয়,” তেওঁ কয়। “নদীত বালি খান্দোতে আৰু মিছা মাছবোৰ হাতত লৈ থাকোতে হাতৰ তলুৱা কটা যায়। হাতদুখন পানীত থকা সময়ত কাটিলেও গম পোৱা নাযায়।”
বাকিংহাম কেনেল এলেকালৈ যাওঁতে ২০১৯ত তেওঁক প্ৰথম লক্ষ্য কৰিছিলো। উত্তৰ চেন্নাইৰ এটা এলেকা এন্ন'ৰৰ মাজেৰে যোৱা কোচাস্থালায়াৰ নদীখনৰ সমান্তৰালকৈ এই কেনেলটো আছে। এন্ন'ৰখন চুবুৰীয়া জিলা তিৰুভাল্লুৰৰ দাঁতিত আছে। তেওঁ পানীকাউৰীৰ দৰে পানীত ডুব মাৰি, সাতুৰি কেনেলটো অনায়াসে পাৰ হোৱা দেখি মই আচৰিত হৈছিলো। নদীৰ বুকুৰ খহটা বালিত হেতিয়াই তেওঁ যিদৰে মিছা মাছ ধৰে, সিমান খৰকৈ কোনেও মাছ ধৰিব নোৱাৰে। কঁকালত বান্ধি লোৱা খালৈটোত মাছবোৰ ভৰাই লৈ তেওঁ যেতিয়া কঁকালৰ ওপৰলৈকে উঠা পানী ফালি যায়, তেওঁৰ গাৰ ৰং কেনেলৰ পানীৰ ৰঙৰ সৈতে মিলি যায়।
১৯ শতিকাতে খন্দা বাকিংহাম কেনেলটোৰ লগতে কোচাস্থালায়াৰ আৰু আৰানিয়াৰ নদীদুখন এন্ন'ৰৰ মাজেৰে পাৰ হৈ গৈছে। চেন্নাই চহৰখনৰ জল-ব্যৱস্থাৰ ই এক গুৰুত্বপূৰ্ণ অংশ।

















