“এটা বছৰত আমাৰ বহুত ছাগলী-ভেড়া নাহৰফুটুকীয়ে খালে। সিহঁত ৰাতি আহে আৰু ছাগলী-ভেড়ী ধৰি লৈ যায়,” ভেড়াৰখীয়া গৌৰ সিং ঠাকুৰে কয়। স্থানীয় ভুটীয়া কুকুৰ চেৰুৱেও সিহঁতক ৰখাব নোৱাৰে, তেওঁ যোগ দিয়ে।
হিমালয়ৰ গংগোত্ৰী গিৰিমালাৰ ওখ ঠাই এটুকুৰাত আমি কথা পাতি আছো। উত্তৰকাশী জিলাৰ সৌৰা গাঁৱৰ সাতটা পৰিয়ালৰ পশুধন তেওঁ চৰাই ফুৰিছে। গৌৰ সিঙৰো ঘৰ একেখন গাঁৱতে, তাৰ পৰা ২,০০০ মিটাৰ তলত। তেওঁক বছৰটোৰ নটা মাহৰ বাবে পশুধনৰ চোৱা-চিতাৰ দায়িত্ব দিয়া হৈছে। বতাহ-বৰষুণ, তুষাৰপাত নেওচি তেওঁ ওলাই যাবই লাগিব আৰু গন্তি ঠিক ৰাখিবই লাগিব।
“ইয়াত প্ৰায় ৪০০ ভেড়া আৰু ১০০ টা ছাগলী আছে,” ৪৮ বছৰ বয়সীয়া আন এগৰাকী ভেড়াৰখীয়া হৰদেৱ সিং ঠাকুৰে পাহাৰখনৰ ওপৰত সিঁচৰতি হৈ থকা ছাগলী-ভেড়াকেইটালৈ চাই কয়। “তাতোকৈ হয়তো বেছিও থাকিব পাৰে,” সঠিক সংখ্যা নিশ্চিতকৈ হৰদেৱে ক’ব পৰা নাই। হৰদেৱে যোৱা ১৫ দিন ধৰি এই কাম কৰি আহিছে। “কিছুমান ভেড়াৰখীয়াই দুসপ্তাহ থাকি গুছি যায়, আমাৰ দৰে কিছুমান থাকি যায়,” তেওঁ বহলাই কয়।
অক্টোবৰ মাহ। উত্তৰাখণ্ডৰ গাৰ্হাৱাল হিমালয় পৰ্বতৰ গংগোত্ৰী গিৰিমালাৰ চুলি টপ নামৰ ওখ ঠাইখনৰ ঘাঁহনিৰ ওপৰেৰে হাড় কঁপোৱা জাৰত বতাহ বলিছে। পুৰুষবোৰে জন্তুবোৰৰ মাজেৰে ঠেলা-হেঁচা কৰি গাত ব্লেংকেট মেৰিয়াই আগবাঢ়িছে। এইখন ভাল ঘাঁহনি, নিজৰাবোৰ যিটো বৰফ গলা জলাশয়ৰ পৰা নামি আহিছে, ওপৰৰ সেই জলাশয়টো ছাগলী-ভেড়াৰ কাৰণে পানীৰ ভাল উৎস। শিলৰ মাজেৰে ই তললৈ সৰ্পিল গতিৰে নামি আহিছে আৰু ২,০০০ মিটাৰ তলত ভাগিৰথী নদীৰ উপনৈ ভিলাংগনাত মিলিছে।









