পাবলগীয়া ধন পোৱাৰ দাবীত চি ভেংকট চুব্বা ৰেড্ডীয়ে উপস্থিত থকা এইটো ৬ নম্বৰ ধৰ্ণা কাৰ্য্যসূচী। প্ৰায় ১৮ মাহ ধৰি অন্ধ্ৰপ্ৰদেশৰ ৱাইএছআৰ জিলাৰ খেতিয়কসকলে তেওঁলোকৰ কুঁহিয়াৰ টকা পোৱা নাই।

অন্ধ্ৰপ্ৰদেশৰ কুঁহিয়াৰ খেতিয়ক সংস্থাই আহ্বান জনোৱা ধৰ্ণা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ ২০২০ৰ ২ ফেব্ৰুৱাৰীত চুব্বা ৰেড্ডীয়ে বাছেৰে চিত্তুৰ জিলাৰ তিৰুপতিলৈ ১৭০ কিলোমিটাৰ বাট বাছেৰে গৈছিল।

“২০১৮ত মই যোগান ধৰা কুঁহিয়াৰৰ বাবদ ময়ূৰা চুগাৰ ফেক্টৰীৰ পৰা ১.৭৬ লাখ টকা পাবলৈ আছে।” কমলপুৰম মণ্ডলৰ বিভাৰমপুৰম গাঁৱৰ ৪.৫ একৰ মাটিৰ মালিক চুব্বা ৰেড্ডীয়ে কয়। ২০১৮-১৯ বৰ্ষৰ কুঁহিয়াৰ কেতিৰ সময়ত ময়ূৰা চেনিকলে প্ৰতি টনত ২৫০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। “পিছত কোম্পানীয়ে কুঁহিয়াৰৰ মূল্য ২৩০০ টকালৈ হ্ৰাস কৰে। মোক ঠগিলে।”

ধৰ্ণা কাৰ্য্যসূচীত উপস্থিত থকা আৰ বাবু নাইডুও চেনিৰ ফেক্টৰীটোৰ পৰা পাবলগীয়া ৪.৫ লাখ টকাৰ অপেক্ষাত আছে। এজন আত্মীয়ৰ পৰা ভাড়াত লোৱা আঠ একৰ মাটিত চিত্তুৰৰ ৰামচন্দ্ৰপুৰম মণ্ডলৰ গণেশপুৰমত তেওঁ কুঁহিয়াৰ খেতি কৰে। নলীনাদত পানী শুকাই যোৱাৰ বাবে তেওঁ নিজৰ মাটি চন পেলাই থ’লে। “মাটিত খেতি কৰিবলৈ মই ৮০,০০০ (২০১৯-২০)ত দিছিলো, কিন্তু আত্মীয়জনে মোৰ পৰা কম হাৰত মাটি ভাড়াৰ টকা লৈছিল। সাধাৰণতে প্ৰতি একৰ মাটিৰ ভাড়াৰ বাবদ ২০,০০০ টকাকৈ দিব লাগে।”

ময়ূৰা চুগাৰ ফেক্টৰীৰ পৰা পাবলৈ বাকী থকা ৮.৫ লাখ টকাৰ ভিতৰত মাত্ৰ ৪ লাখ টকাহে আদায় দিছে। “বাকীখিনি এতিয়াও পোৱা নাই। খেতিয়কক খেতি কৰিবলৈ টকাৰ আৱশ্যক হয়।”

চিত্তুৰ আৰু ৱাইএছআৰ জিলা (কাড়াপ্পা বুলিও জনা যায়)ত কুঁহিয়াৰ কেতিয়কসকলে এতিয়াও ময়ূৰা চুগাৰ ফেক্টৰীৰ পৰা পাবলৈ বাকী থকা টকাৰ বাবে অপেক্ষা কৰি আছে। “আমি আমাৰ প্ৰতিবাদ আৰু দীঘলীয়া কৰিব বিচাৰিছিলো যদিও নোৱাৰিলো,” ২০২০ৰ মাৰ্চত আৰম্ভ হোৱা ক’ভিড-১৯ৰ লকডাউনে অধিক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধা দিয়ে বুলি চুব্বা ৰেড্ডীয়ে কয়।

Left: A. Rambabu Naidu grows sugarcane in his 15 acres of land in Chittoor district. Right: Farm leader P. Hemalatha speaking at a dharna in Tirupati
PHOTO • G. Ram Mohan
Left: A. Rambabu Naidu grows sugarcane in his 15 acres of land in Chittoor district. Right: Farm leader P. Hemalatha speaking at a dharna in Tirupati
PHOTO • G. Ram Mohan

বাওঁফালেঃ চিত্তুৰ জিলাত থকা নিজৰ ১৫ একৰ মাটিত কুঁহিয়াৰৰ খেতি কৰা কৃষক এ ৰামবাবু নাইডু। সোঁফালেঃ কৃষক নেত্ৰী পি হেমলতাই তিৰুপতিত ধৰ্ণা কাৰ্য্যসূচীত বক্তব্য ৰাখিছে

কৃষকে চেনি কাৰখানাত কুঁহিয়াৰ যোগান ধৰা ১৪ দিনৰ ভিতৰত নিজৰ প্ৰাপ্য ধন পোৱা উচিত। ১৯৬৬ৰ কুঁহিয়াৰ (নিয়ন্ত্ৰণ) নিৰ্দেশে বাধ্যতামূলক কৰিছিল যে চেনি কাৰখানাই যদি কৃষকক ১৪ দিনৰ ভিতৰত টকা আদায় দিব নোৱাৰে, পিছত চেনি কাৰখানাই সুতৰ সৈতে সমুদায় ধন আদায় দিব লাগিব। চেনি কাৰখানাই যদি এনেদৰেও কৃষকক ধন আদায় দিবলৈ ব্যৰ্থ হয়, তেন্তে অন্ধ্ৰপ্ৰদেশ ৰাজহ আদায় আইন, ১৮৬৪ৰ অধীনত কুঁহিয়াৰ আয়ুক্তই চেনি কাৰখানাৰ সম্পত্তি নিলাম কৰিব পাৰে।

কিন্তু চিত্তুৰৰ বুচিনাইডু কানডিগ্ৰা মণ্ডলত অৱস্থিত ময়ূৰা চেনি কাৰখানাই ২০১৮ত তলাবন্ধ কৰিবলগা হৈছিল আৰু ২০১৯ৰ ফেব্ৰুৱাৰীত ইয়াৰ উৎপাদন বন্ধ হৈ যায়। তথাপিও কাৰখানাটোৰ পৰিচালকসকলে ২০১৯ৰ আগষ্ট পৰ্য্যন্ত কৃষকসকলক অলপ অলপকৈ টকা আদায় দিছিল, কোম্পানীয়ে কৃষকসকলক মুঠ ৩৬ কোটি টকা দিবলৈ বাকী আছে।

চিত্তুৰ জিলাৰ সহকাৰী কুঁহিয়াৰ আয়ুক্ত জন ভিক্টৰে কয় যে ৰাজ্য চৰকাৰে ৫০ কোটি টকা মূল্যৰ কোম্পানীটোৰ ১৬০ একৰ মাটি জব্দ কৰি কৃষকক দিবলগীয়া ধন আদায় দিয়াৰ পদক্ষেপ লৈছিল। ২০২০ৰ ৪ নৱেম্বৰত জব্দ কৰা কোম্পানীটোৰ ভূমি নিলাম কৰাৰ আগতে ময়ূৰা চুগাৰ ফেক্টৰীলৈ ৭ খন নটিচ প্ৰেৰণ কৰা হৈছিল। এইক্ষেত্ৰত চৰকাৰে অতি কম মূল্যৰ এখন মাত্ৰ নিবিদা লাভ কৰে বুলি ভিক্টৰে উল্লেখ কৰেয তাৰপিছত ময়ূৰা চুগাৰ ফেক্টৰীয়ে আয়ুক্তৰ ওচৰত এখন বেংকাৰ্চ চেক দাখিল কৰে। “২০২০ৰ ৩১ ডিচেম্বৰ তাৰিখ উল্লেখ থকা এখন চেক ময়ূৰা চুগাৰ ফেক্টৰীৰ পৰিচালকে মণ্ডলীয়ে মোক দিছিল, কিন্তু চেকখন বেংকত জমা দিওতে বাউন্স হয়,” আয়ুক্ত ভিক্টৰে কয়।

চেকখন আছিল ১০ কোটি টকাৰ। “কিন্তু ময়ূৰা চুগাৰ ফেক্টৰীয়ে কৃষকক আদায় দিবলৈ বাকী আছে ৩৬ কোটি টকা। কোম্পানীৰ সম্পত্তি বিক্ৰী কৰি ২০২১ৰ ১৮ জানুৱাৰীৰ ভিতৰত কোম্পানীৰ পৰিচালকসকলে কৃষকৰ ধন আদায় দিব বুলি আমাক কোৱা হ’ল, কিন্তু কৃষকে টকা নাপালে,” নিখিল ভাৰত কুঁহিয়াৰ খেতিয়ক সংঘৰ সদস্য পি হেমলতাই কয়।

কেৱল চিত্তুৰৰ ময়ূৰা চুগাৰ ফেক্টৰীৰ পৰাই প্ৰাপ্য ধন লাভ কৰাৰ আশাত কৃষকসকলে অপেক্ষা কৰিবলগা হোৱা নাই। নিন্দ্ৰা মণ্ডলত নাটেমচ চুগাৰ প্ৰাইভেট লিমিটেড নামৰ চেনি মিলটোৱে ২০১৯-২০ত কৃষকৰ পৰা ক্ৰয় কৰা কুঁহিয়াৰৰ মূল্য আদায় নিদিলে।

নাটেমচ চুগাৰ ফেক্টৰী কৃষক সংগঠনৰ সম্পাদক দাসাৰি জনাৰ্দনৰ মতে নাটেমচ মিলৰ কৰ্ত্তৃপক্ষই ধন আদায় দিব বুলি কৃষকক প্ৰতিশ্ৰুতি দিছিল। “কিন্তু ২০২০ৰ লকডাউনে আমাৰ আশাত চেচাপানী ঢালিলে। কৰ্ত্তৃপক্ষই কৃষকক জানিবলৈ দিয়ে যে পৰিচালন সঞ্চালকগৰাকী লণ্ডনত আৱদ্ধ হৈ পৰাৰ বাবে কৃষকক প্ৰাপ্য ধন আদায় দিয়া সম্ভৱ নহ’ব।”

Left: Entrance of Natems' sugar factory in Chittoor's Nindra mandal. Right: Farmers demanding their dues at the factory
PHOTO • G. Ram Mohan
Left: Entrance of Natems' sugar factory in Chittoor's Nindra mandal. Right: Farmers demanding their dues at the factory
PHOTO • G. Ram Mohan

বাওঁফালেঃ চিত্তুৰৰ নিন্দ্ৰা মণ্ডলত থকা নাটেমচ চুগাৰ ফেক্টৰীৰ প্ৰৱেশপথ। সোঁফালেঃ কৃষকে নিজৰ প্ৰাপ্যৰ বাবে দাবী জনাইছে

২০২০ৰ ছেপ্টেম্বৰ পৰ্য্যন্ত নাটেমচ চেনি কোম্পানীয়ে কৃষকক ৩৭.৬৭ কোটি টকা আদায় দিবলৈ বাকী আছে বুলি ভিক্টৰে কয়। ২০২০ৰ ১৯ ছেপ্টেম্বৰত কোম্পানীটোৰ যন্ত্ৰ-পাতি নিলামত দিবলৈ ব্যৱস্থা চূড়ান্ত কৰা হৈছিল। আয়ুক্তগৰাকীয়ে কয়, “কোম্পানীয়ে উচ্চ ন্যায়ালয়ৰ পৰা এক অন্তৰ্ৱতী স্থগিতাদেশ লাভ কৰে।”

২০২১ৰ জানুৱাৰীৰ ভিতৰত লাটেমচ কৰ্তৃপক্ষই দিবলগীয়া হোৱা মুঠ ধনৰ সামান্য পৰিমাণৰ ধন আদায় দিয়ে। “এতিয়া আমি কৃষকৰ ৩২ কোটি টকা দিবলৈ বাকী আছে। মই ধনৰ ব্যৱস্থা কৰি আছো। জানুৱাৰী মাহৰ শেষৰ ফালে আমি কৃষকসকলক ধন দিম আৰু কুঁহিয়াৰ চেপা কাম আৰম্ভ কৰিছো। কোম্পানীটোক ৰক্ষা কৰিবলৈ মই সমল গোটাইছো,” সেই মাহতে কোম্পানীৰ সঞ্চালক আৰ নন্দকুমাৰে এইদৰে কৈছিল। কিন্তু কৃষকে একো নাপালে।

নন্দ কুমাৰে কয় যে অন্ধ্ৰপ্ৰদেশত চেনি মিলবোৰৰ অৱস্থা ভাল নহয়। ভাৰতীয় চেনি মিল সংস্থা (আইএছএমএ)ৰ অন্ধ্ৰপ্ৰদেশ শাখাৰ তেওঁ সভাপতি। “এসময়ত ৰাজ্যখনত উৎপাদনশীল হৈ থকা ২৭ টা চেনি কাৰখানাৰ এতিয়া মাত্ৰ ৭ টা সক্ৰিয় হৈ আছে।”

এই সমস্যাৰ মূলতে দায়ী হ’ল আঁসোৱাহপূৰ্ণ নীতি বুলি কৃষক নেতাসকলে কয়। চেনিৰ খুচুৰা মূল্য আৰু কুঁহিয়াৰৰ সুলভ তথা লাভজনক মূল্যৰ মাজত থকা বিসংগতি প্ৰধান সমস্যাসমূহৰ অন্যতম।

২০১৯ত কুঁহিয়াৰ আৰু চেনি কাৰখানা সম্পৰ্কীয় নীতি আয়োগৰ টাস্ক ফ’ৰ্চৰ ওচৰত উপস্থাপন কৰা টোকাত আইএছএমএ-য়ে উল্লেখ কৰে যে চেনিৰ বিক্ৰীমূল্যৰ তুলনাত উৎপাদন ব্যয়ৰ পৰিমাণ বেছি হয়। “এক কিলোগ্ৰাম চেনি উৎপাদন কৰোঁতে ৩৭-৩৮ টকা খৰছ হয়। কিন্তু চেন্নাইত ৩২ টকাত আৰু হায়দৰাবাদত ৩১ টকাত বিক্ৰী কৰা হয়,” নন্দ কুমাৰে ব্যাখ্যা কৰে- “২০১৯-২০ত আমি ৫০ কোটি টকাৰ লোকচান ভৰিছো আৰু তাৰ আগৰ বছৰত আমি ৩০ কোটি টকাৰ লোকচান ভৰিছিলো।”

নিন্দ্ৰা মণ্ডলৰ গুৰাপ্পা নাইডু কান্দ্ৰিগা গাঁৱত ১৫ একৰ ভূমিত কুঁহিয়াৰৰ খেতি কৰা এ ৰামবাবু নাইডুৱে ভাবে যে চেনিৰ খুচুৰা মূল্য চেনী কোম্পানীবোৰক নিৰ্ধাৰণ কৰিবলৈ অনুমতি দিব লাগে। “চেনি কিয় প্ৰতি কিলোগ্ৰামত ৫০ টকাকৈ বিক্ৰী কৰিব নোৱাৰি? আন কোম্পানীবোৰে নিজৰ উৎপাদিত সামগ্ৰীৰ মূল্য নিজে নিৰ্ধাৰণ কৰিব যদি পাৰে, চেনি কোম্পানীয়ে কিয় নোৱাৰে?”

Left: K. Venkatesulu and K. Doravelu making the rounds of Natems to collect their payment. Right: V. Kannaiah, a tenant farmer, could not repay a loan because the factory had not paid the full amount that was his due
PHOTO • G. Ram Mohan
Left: K. Venkatesulu and K. Doravelu making the rounds of Natems to collect their payment. Right: V. Kannaiah, a tenant farmer, could not repay a loan because the factory had not paid the full amount that was his due
PHOTO • G. Ram Mohan

বাওঁফালেঃ প্ৰাপ্য ধন আদায়ৰ বাবে নাটেমচৰ সন্মুখত কে ভেংকটচুলু আৰু কে ডোৰাভেলু। সোঁফালেঃ প্ৰাপ্য ধন চেনি কোম্পানীয়ে আদায় নিদিয়াৰ বাবে আধিয়াৰ কুঁহিয়াৰ খেতিয়ক ভি কান্নায়াই তেওঁ লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰিলে

চেনি কাৰখানাবোৰ নগদ ধনৰ সংকটত পৰিছে। “যিবোৰ অনুসূচীভুক্ত বেংকৰ পৰা বিত্ত লাভ কৰিব পাৰিব লাগে, সেই বেংকবোৰৰ অস্তিত্ব নাইকিয়া হৈছে। আনকি কম মূলধনৰ বাবেও চেনি কাৰখানাৰ মূল ধনৰ অভাৱ হৈছে,” নন্দ কুমাৰে কয়।

কৃষকক সামান্য পৰিমাণৰ ঔদ্যোগিক ঋণ দিয়া হয়, সেয়ে খেতিৰ বাবে হোৱা প্ৰয়োজন পূৰাবলৈ কৃষকে ব্যক্তিগত ঋণ লয়। “আমাৰ আন শস্যৰ বাবে ঋণৰ ধনেৰে আন শস্যৰ বাবে সাৰ ক্ৰয় কৰো। চেনি কোম্পানীয়ে স্বাভাৱিকতে কৃষকক শ্ৰমিকৰ খৰছ দিয়ে, যাতে তেওঁলোকে্ শ্ৰমিকসকলক মজুৰি দিব পাৰে। কিন্তু শ্ৰমিকসকলক দিবলৈ ৫০ হাজাৰ টকা ঋণলৈ ল’লো। সেই ধনৰ সুত মই এতিয়া ভৰি আছো,” শ্ৰমিকক মজুৰি আদায় দিবলৈ ধন ধাৰে লোৱা জনাৰ্দনে কয়।

কৃষক সংস্থাসমূহৰ সংঘৰ ৰাজ্যিক সভাপতি মংগতি গোপাল ৰেড্ডীয়ে কয় যে চেনিৰ নিম্ন মূল্যই পেকেজড্ খাদ্য-সামগ্ৰী আৰু লঘু পানীয় উৎপাদন কৰা কোম্পানীবোৰক লাভৱান কৰিছে। “চেনিৰ বৰ্তমানৰ মূল্যই ডাঙৰ কোম্পানীবোৰৰ স্বাৰ্থ সিদ্ধি কৰিছে।” যোৱা তিনিটা দশকত দেশত লঘু পানীয় তথা বিস্কুট আদি সামগ্ৰী উৎপাদন কৰা যথেষ্ট সংখ্যাক কোম্পানী গঢ়ি উঠিছে আৰু চেনি উপভোগ্যৰ ধৰণৰ সলনি হৈছে। এনে ধৰণৰ কোম্পানীবোৰ মুঠ উৎপাদিত চেনিৰ ৬৫ শতাংশ ক্ৰয় কৰে বুলি ৰাজ্যিক আইএছএমএ-য়ে টাস্ক ফ’ৰ্চৰ ওচৰত দাখিল কৰা প্ৰতিবেদনত কয়।

নন্দ কুমাৰৰ মতে ভাৰতে উদ্বৃত্ত চেনিও উৎপাদন কৰে। “এইটো বন্ধ কৰিব লাগিব। এটা অংশৰ ৰপ্তানি কৰা হয় আৰু এটা অংশ ইথানললৈ ৰূপান্তৰ কৰা হয়। এই প্ৰৱণতা চলি থাকিলে বজাৰ স্থবিৰ হৈ পৰিব,” নন্দ কুমাৰে কয়।

উদ্যোগপতিসকল চৰকাৰৰ ইথানল ব্লেণ্ডেড পেট্ৰল কাৰ্য্যসূচীৰ ওপৰত নিৰ্ভৰশীল, ইয়াৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ চেনি কোম্পানীবোৰে চেনি উৎপাদন কৰোতে ওলোৱা উপজাত সামগ্ৰী গুৰ ৰাজহুৱা খণ্ডৰ তেল মাৰ্কেটিং কোম্পানীক যোগান ধৰে। “ইথানল উৎপাদনৰ কাৰণে কুঁহিয়াৰৰ ব্যৱহাৰে বজাৰত চেনিৰ আধিক্য হ্ৰাস কৰিব,” নন্দ কুমাৰে কয়।

২০২০ৰ অক্টোবৰত কুঁহিয়াৰ খেতিয়কক ধন আদায় দিব পৰাকৈ চেনি কোম্পানীৰ সামৰ্থ বঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰে কুঁহিয়াৰক ইথানললৈ ৰূপান্তৰ কৰাৰ বাবে কেঁচামাল হিচাপে ব্যৱহাৰ কৰাৰ ওপৰত সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰিছিল। কিন্তু কৃষক নেতা জনাৰ্দন পতিয়ন যোৱা নাই। “চেনি কোম্পানীৰ কৰ্তৃপক্ষই ধনৰ নিৰ্গমন বেলেগ উদ্দেশ্যত কৰাটোৱে পৰিস্থিতিৰ অধিক অৱনতি ঘটাইছে,” তেওঁ কয়।

Sugarcane farmers protesting in Tirupati in April 2021, seeking the arrears of payments from Mayura Sugars
PHOTO • K. Kumar Reddy
Sugarcane farmers protesting in Tirupati in April 2021, seeking the arrears of payments from Mayura Sugars
PHOTO • K. Kumar Reddy

ময়ূৰা চুগাৰ ফেক্টৰীৰ পৰা বাকী থকা ধন বিচাৰি ২০২১ৰ এপ্ৰিলত চিত্তুৰত কুঁহিয়াৰ খেতিয়কে প্ৰতিবাদ সাব্যস্ত কৰিছে

নাটেমচ কৰ্তৃপক্ষই একেলগে আন এটা সহযোগী উদ্যোগত ৫০০ কোটি টকা বিনিয়োগ কৰাটো উদ্বেগৰ বিষয়। চেনি কোম্পানীয়ে উৎপাদন কৰা উদ্বৃত্ত বিদ্যুৎ বিভাগলৈ দিব লাগে। “আমাৰ কাৰখানাৰ সংস্থাপিত ক্ষমতা ৭.৫ মেগাৱাট, কিন্তু ৰাজ্য চৰকাৰে আমি নিৰ্ধাৰণ কৰা মূল্যত বিদ্যুৎ ক্ৰয় কৰিব নিবিচাৰে কাৰণে আমি বিদ্যুৎ যোগান নধৰো আৰু বিদ্যুৎ বিনিময়ৰ হাৰ প্ৰতি ইউনিটত ২.৫০ টকাৰ পৰা ৩.০০ টকালৈ নিম্নগামী হৈছে,” উৎপাদন মূল্যতকৈ কম হাৰত মূল্য নিৰ্ধাৰণ কৰা সম্পৰ্কে কোম্পানীৰ সঞ্চালকজনে কয়।

বহুতো চেনি কাৰখানাৰ এনেকুৱা উদ্যোগ গোটবোৰ অকামিলা সম্পদ হৈ পৰিছে বুলি নন্দ কুমাৰে কয়। “এনেবোৰ উদ্যোগ গোটত বিনিয়োগ কৰাৰ পিছত আমাৰ ওচৰত কোনো বিকল্প নাই। চৰকাৰৰ নীতিৰ বাবেই ২০ মেগাৱাটৰ এক উদ্যোগ স্থাপন কৰাৰ পৰিকল্পনা আমি বাদ দিলো। চৰকাৰৰ নীতিৰ পৰিৱৰ্তন নোহোৱা আৰু পৰিস্থিতিৰ উন্নয়ন নঘটা পৰ্য্যন্ত আমি নিজক ৰক্ষা কৰিব লাগিব।”

কিন্তু চিত্তুৰৰ পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। এই জিলাখন হৈছে অন্ধ্ৰপ্ৰদেশৰ ২য় সৰ্বাধিক কুঁহিয়াৰ উৎপাদনকাৰী জিলা। জিলা প্ৰশাসনৰ হিচাপৰ পৰা দেখা যায় যে চিত্তুৰৰ ৬৬ টা মণ্ডলত যোৱা আঠটা বছৰত কুঁহিয়াৰ উৎপাদন অৰ্দ্ধাংশলৈ অৱনমিত হৈছে। ২০১১ত জিলাখনৰ ২৮,৪০০ হেক্টৰ ভূমিত কুঁহিয়াৰ উৎপাদন আৰম্ভ কৰা হৈছিল, আৰু ২০১৯ত মাত্ৰ ১৪,৫০০ হেক্টৰ মাটিত কুঁহিয়াৰ খেতি কৰা হৈছে।

প্ৰাপ্যধন দেৰিকৈ পোৱাৰ বাবে কুঁহিয়াৰ খেতিয়কসকলে আন খেতিৰ কথা ভাবিবলগা হৈছে। কিয়নো কুঁহিয়াৰ উৎপাদন কৰিলে নিৰ্ধাৰিত চেনি কোম্পানীত বিক্ৰী কৰিব লাগে। কিন্তু আন খেতিৰ ক্ষেত্ৰতো কৃষকসকল সফল হোৱা নাই। আন শস্যৰ খেতিৰ ক্ষেত্ৰতো কৃষকসকল অলাভজনক অৱস্থাত নিমজ্জিত হৈছে বুলি চুব্বা ৰেড্ডীয়ে কয়।

বাবু নাইডুৰ বাবে এই পৰিস্থিতিত তেওঁৰ পৰিয়ালৰ আন লোকৰ সাহায্য বিচাৰিব লগা হৈছে। “মোৰ আত্মীয়সকলৰ সহায়ত চেন্নাইৰ এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত মোৰ ছোৱালীৰ নাম ভৰ্তি কৰাইছিলো। সময়মতে ধন আদায় পোৱা হ’লে পৰিয়ালৰ সহায় ল’বলগা নহ’লহেঁতেন,” তেওঁ কয়।

চুব্বা ৰেড্ডীয়ে ভাবে যে চেনি কাৰখানাই তেওঁলোকৰ প্ৰতি কি স্থিতি গ্ৰহণ কৰে এইক্ষেত্ৰত তেওঁলোকৰ ইচ্ছা-অনিচ্ছাৰ কোনো মূল্য নাই। তেওঁ কয়, মাচুল আদায় দিব নোৱাৰাৰ বাবে আমাৰ ল ৰা-ছোৱালীক শিক্ষানুষ্ঠানৰ পৰা ঘৰলৈ ঘূৰাই পঠোৱা হৈছে। এনে পৰিস্থিতিত কৃষকে আত্মহত্যাৰ কথা নাভাবিবনে ?”

অনুবাদ: পংকজ দাস

G. Ram Mohan

G. Ram Mohan is a freelance journalist based in Tirupati, Andhra Pradesh. He focuses on education, agriculture and health.

Other stories by G. Ram Mohan
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das