“ফেঁক দেবে, খাদান মে গাঢ় দেবে (দলিয়াই পেলাম, বালিৰ খনিত পুতি থম)”
খাপতিহা কালান গাঁৱৰ বাসিন্দা মাথুৰিয়া দেৱীক বালি খনন কৰা ঠিকাদাৰে এইদৰে কৈছিল। তেওঁৰ বিৰুদ্ধে বালিৰ মহলদাৰ খঙত অগ্নিশৰ্মা হৈ পৰিছিল, তেওঁ কয়। বুন্দেলখণ্ডৰ এখন ডাঙৰ নদী কেন ধ্বংস কৰাৰ বিৰুদ্ধে তেওঁৰ লগতে আন ২০ জন কৃষকে সমবেত হৈ ১ জুনত প্ৰতিবাদ কৰিছিল।
কেন নদীত আৰম্ভ কৰা জল সত্যাগ্ৰহত সেইদিনা প্ৰায় দুপৰীয়া পৰ্যন্ত দুঘণ্টা সময় গাওঁবাসীয়ে থিয় হৈ প্ৰতিবাদ জনাইছিল। উত্তৰ প্ৰদেশৰ বান্দা জিলাত চিল্লা গাঁৱত যমুনা নদীত চামিল হোৱাৰ আগতে মধ্যপ্ৰদেশৰ জবলপুৰত উৎপত্তি হোৱা কেন নদীয়ে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মাজেৰে ৪৫০ কিলোমিটাৰ বৈ আহিছে। প্ৰায় ২০০০ লোকে বাস কৰে মাথুৰিয়া দেৱীৰ গাওঁখন জিলাখনৰ তিন্দৱাৰি ব্লকত অৱস্থিত।
এদল স্থানীয় লোকে দুয়োপাৰত বালি খনন কৰাৰ ফলত কেন নদীৰ দুয়োপাৰ বহল হৈ ই প্ৰৱাহিত হোৱা গাওঁকেইখনৰ পৰিসীমা সংকুচিত কৰিছে। কৃষকসকলে অভিযোগ কৰা মতে বালি খনন কৰা দুটা কোম্পানীৰ হৈ এই বালি মাফিয়াই বালি খন্দা কাম কৰে। এই বালি খনন অবৈধ, ৬৩ বছৰীয়া মাথুৰিয়া দেৱীয়ে কয়, কেন নদীৰ পাৰত তেওঁৰ এক বিঘাতকৈ অলপ বেছি, অৰ্থাৎ প্ৰায় আধা একৰ কৃষিভূমি আছে। কিন্তু নদীৰ দুয়োপাৰে চলি থকা বালি খননে তেওঁৰ খেতি আৰু জীৱিকা ধ্বংস কৰিছে।
“সিহঁতে ব্যাপক হাৰত আমাৰ মাটি খান্দি পেলাইছে- ১০০ ফুট পৰ্যন্ত গভীৰ কৰিছে- খান্দিবলৈ বুলড’জাৰ ব্যৱহাৰ কৰিছে,” তেওঁ কয়। ২ জুনত যেতিয়া তেওঁ মোক নদীৰ কাষত সাক্ষাৎ কৰোঁ, সেই সময়ত তেওঁৰ অপৰিচিত দুজন ডেকা মানুহে ভিডিঅ’ ৰেকৰ্ডিং কৰি আছিল। “সিহঁতে আমাৰ গছবোৰ ইতিমধ্যে ধ্বংস কৰিছে, এসময়ত আমি পানী আনিবলৈ ব্যৱহাৰ কৰা আমাৰ নদীখনো এতিয়া হত্যা কৰিছে। আমি আৰক্ষীৰ কাষ চাপিছিলো, কিন্তু আমাৰ কথা কোনেও নুশুনিলে। আমাক ভাবুকি দিয়া যেন লাগিল...।”
বালিখনন প্ৰতিৰোধৰ প্ৰচেষ্টাত দেখা গ’ল মাথুৰিয়া দেৱীৰ দৰে দলিত আৰু দুটা সন্তানৰ মাতৃ ৩৮ বছৰীয়া বিধৱা ক্ষুদ্ৰ ঠাকুৰ সুমন সিং গৌতমৰ মাজত জোটবন্ধন হৈছে। তেওঁৰ মালিকানাধীন একমাত্ৰ এক একৰ মাটিৰ এটা অংশৰ পৰাও বালিৰ মহলদাৰে বালি বলপূৰ্বভাৱে আহৰণ কৰিছে। “আমাক ভাবুকি দি ভয় খুৱাবলৈ সিহঁতে শূন্যলৈ গুলী চালনাও কৰিছিল,” তেওঁ কয়।
খাপতিহা কালান গাঁৱৰ খেতিয়কসকলে প্ৰধানকৈ ঘেঁহু, বুটমাহ, সৰিয়হ আৰু দাইলৰ খেতি কৰে। “মোৰ মালিকানাধীন ১৫ বেছৱা মাটিত সৰিহয় খেতি আছিল, কিন্তু গোটেই মাৰ্চ মাহটো সিহঁতে এই মাটিৰ পৰা বালি খনন কৰিছে,” সুমন সিং গৌতমে কয়।


















