ফোন আহিলেই ভীত-সন্ত্ৰস্ত হৈ পৰে শীতল ৱাঘমাৰে। ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান (ক্ষু.বি.প্ৰ.)ৰ ঋণ উদ্ধাৰকাৰী এজেণ্টৰ ফোন এৰাই চলিব বিচৰা নম্বৰটোৰ বাদে আন নম্বৰৰ পৰা ফোন আহিলে ভালেমান দিন সকাহ পোৱাৰ দৰে স্বস্তিৰ নিশ্বাস এৰে। ‘সিহঁতে কৰ’ণা ভাইৰাছলৈ কেৰেপ নকৰে,’ ৩১ বছৰীয়া শীতলে কয়। সৌভাগ্যক্ৰমে প্ৰায় এসপ্তাহৰ আগলৈকে ফোনৰ উপদ্ৰৱ শাম কাটিছিল। ইয়াৰ কাৰণ শীতলে নাজানে, কিন্তু তেওঁ কয়, ‘কিন্তু সিহঁতে আকৌ ফোন কৰিবলৈ আৰম্ভ কৰিব পাৰে...।’
মহাৰাষ্ট্ৰৰ কৃষি-নিৰ্ভৰ অঞ্চল মাৰাঠাৱাড়াৰ ওছমানাবাদত কৃষি শ্ৰমিকৰূপে দিনমজুৰী কৰা ৱাঘমাৰে পৰিয়ালটো থাকে। জনলক্ষ্মী ফাইনেন্সিয়েল চাৰ্ভিছ নামৰ ক্ষু.বি.প্ৰ. এটাৰ পৰা শীতলৰ মাতৃ মঙলে ৬০,০০০ টকাৰ ঋণ ২০১৯ৰ জুলাইত লৈছিল। ‘আমি এটা চিলাই মেচিন কিনিলো, মই ব্লাউজ চিলাবলৈ, এম্ব্ৰইডেৰী কৰিবলৈ আৰু আন আন কাম কৰিবলৈ আৰম্ভ কৰিলো।’ ৫৩ বছৰ বয়সীয়া মঙলে কয়। ‘মোৰ স্বামী আৰু মোৰ ল’ৰাই কৃষিশ্ৰমিক হিচাপে কাম কৰে। আমাৰ নিজৰ খেতিৰ মাটি নাই।’
২৪ শতাংশ সুতলৈ লোৱা ঋণৰ প্ৰতি মাহে দিবলগা ৩,২৩০ টকাকৈ কিস্তিৰ ধন ক্ষতি নকৰাকৈ তেতিয়াৰে পৰা ৱাঘমাৰে পৰিয়ালে আদায় দি আহিছিল। ‘তলাবন্ধ আৰম্ভ হোৱাৰ পৰা আমাৰ হাতত একেবাৰে টকা নোহোৱা হ’ল,’ শীতলে কয়। ‘আমাৰ আশে-পাশে থকা কাৰো হাতত টকা নাই। তলাবন্ধৰ সময়ৰে পৰা (মহাৰাষ্ট্ৰত ২৩ মাৰ্চৰ পৰা আৰম্ভ হৈছিল) প্ৰত্যেকৰে ক্ৰয় ক্ষমতা হ্ৰাস পাবলৈ ধৰিলে। কোনেও কাপোৰ চিলাবলৈ নহা হ’ল।’
কিন্তু এনে পৰিস্থিতি স্বত্ত্বেও ক্ষু.বি.প্ৰ.বোৰে ঋণী লওঁতা সকলক ফোন কৰিবলৈ এৰা নাই আৰু কিস্তিৰ ধন আদায় দিব লাগিব বুলি আকোৰগোজ হৈ পৰিছে। ‘সিহঁতে আমাক কৈছে, যি নহওক, তোমালোকে ঋণ পৰিশোধ কৰা। সিহঁতে কয় কিবা এটা কৰা, মাহৰ শেষত কিস্তি যেনেতেনে দিয়া,’ শীতলে কয়।





