আব্দুল ৰহমানৰ পৃথিৱীখন এতিয়া সৰু হৈ পৰিছে। পেছা, ব্যক্তিগত জীৱন আৰু শাৰীৰিক অৱস্থা- কেউফালৰ পৰাই তেওঁৰ পৃথিৱীখন স্তব্ধ হৈ পৰিছে। কাম সংক্ৰান্তত চাৰিখনকৈ মহাদেশত ভ্ৰমি ফুৰা প্ৰব্ৰজিত কৰ্মীজন এতিয়া পৰিয়ালৰ পাঁচজন সদস্যৰ সৈতে ডেৰশ বৰ্গফুটৰ ঘৰটোতে আৱদ্ধ হৈ পৰিছে।

এয়া মুম্বাইৰ টেক্সি চালকজন। ছৌদি আৰৱ, ডুবাই, বৃটেইন, কানাডা, ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু আফ্ৰিকাৰ বিভিন্ন প্ৰান্তত বুলড’জাৰ আৰু কাৰ চলোৱাৰ অভিজ্ঞতা থকা মানুহজনৰ দেউতাক তামিলনাডুৰ গ্ৰামাঞ্চলৰ পৰা এই চহৰলৈ বহুদশক আগতে আহিছিল। দেশে-বিদেশে কাম কৰি ঘূৰি ফুৰা এই মানুহজনক মাহিম কলনিৰ এটা ঠেক ৰাস্তাত এতিয়া চকী এখনত কঢ়িয়াই টেক্সিখনলৈ নিয়া হৈছে, সেইখনতে তেওঁক চিয়’নৰ এখন হস্পিতাললৈ নিয়া হয়, সঘনাই।

হস্পিতাললৈ যোৱাৰ দিনা ৰহমান পুৱাৰ পৰাই কোঠাটোৰ পৰা ওলোৱা প্ৰস্তুতি চলায়। ঘৰৰ বাহিৰতে জখলাডাল আছে। তেওঁ মজিয়াত বহি দিয়ে, ল’ৰাটোৱে তেওঁৰ ভৰিৰ ফালে ধৰে, ভতিজা বা চুবুৰীয়াই ওপৰৰ ফালে ধৰে। তেনেকৈয়ে তেওঁ লাহে লাহে নামি আহে, এটা এটাকৈ নটা খলপা তেওঁ শাৰীৰিক যন্ত্ৰণাত কেঁকাই কেঁকাই নামে।

তলৰ ঠেক গলিটোত তেওঁক প্লাষ্টিকৰ দাগলগা পুৰণি চকী এখনত বহুৱাই দিয়া হয়। তেওঁৰ কাটি বিচ্ছিন্ন কৰি পেলোৱা পতাৰ সৈতে সোঁভৰিখন চকীখনৰ ওপৰতে ৰখা হয়। তাৰপাছত তেওঁৰ পুত্ৰ আৰু আন দুজনে তেওঁক চকীখনত উঠাই লৈ সেই দীঘল অকোৱা-পকোৱা ৰাস্তাটোৰে মাহিম বাছ ডিপ’টৰ ৰাস্তাটোলৈ লৈ যায়। তাতে ৰহমানক এখন টেক্সিত উঠাই দিয়া হয়।

কোনোমতে পাঁচ কিলোমিটাৰ দূৰৰ চিয়’নৰ চৰকাৰী হস্পিটেলখনলৈ টেক্সিৰ ভাৰা বহন কৰিব পৰাৰ সামৰ্থ তেওঁৰ নাই, কিন্তু তেওঁ যাবই লাগিব। এনেদৰেই যোৱাবছৰ মাহৰ পিছত মাহ ধৰি তেওঁ নিজৰ ভৰিখন বেণ্ডেজ কৰিবলৈ আৰু চুড়ান্ত পৰ্য্যায়ৰ মধুমেহ আৰু ৰক্তপ্ৰৱাহ বন্ধ হৈ যোৱাৰ ফলত দেখা দিয়া সমস্যাৰ বাবে চিকিৎসা কৰাবলৈ তালৈ যাবলগীয়া হ’ল। ঘাটুকুৰা অকণমান শুকোৱাৰ পিছত হস্পিটেললৈ যোৱাটো কমিল, কিন্তু অন্ত নপৰিল। কিন্তু উত্তৰ মুম্বাইৰ মৰি ৰোডৰ এই কলনিটোত থেপাথেপিকৈ গঢ়ি উঠা দুই-তিনিমহলীয়া ঠেক ঘৰবোৰৰ মাজেৰে যোৱা ৰাস্তাটোৰে চকীত উঠি তেওঁ এতিয়াও মাজে মাজে যাবলগীয়া হয়।

When it’s time to go to the hospital, Rahman begins to prepare for the descent from his room. In the narrow lane below, he is helped onto an old plastic chair
PHOTO • Sandeep Mandal
When it’s time to go to the hospital, Rahman begins to prepare for the descent from his room. In the narrow lane below, he is helped onto an old plastic chair
PHOTO • Sandeep Mandal

হস্পিটেললৈ যাবৰ দিনা ৰহমানে পুৱাৰ পৰাই কোঠাৰ পৰা ওলোৱাৰ প্ৰস্তুতি চলাবলগীয়া হয় ঠেক গলিটোত তেওঁক প্লাষ্টিক চকী এখনত উঠাই নিয়া হয়

এটা সময় আছিল, যেতিয়া আব্দুল ৰহমান আব্দুল চামাদ শ্বেইখ আছিল কৰ্মচঞ্চল, প্ৰতিদিন পুৱা তেওঁ এই বাটেৰে খৰধৰকৈ নামি আহিছিল আৰু টেক্সিখন লৈ ১২ ঘণ্টীয়া কৰ্মদিন আৰম্ভ কৰিছিল। ২০২০ৰ মাৰ্চত লকডাউন আৰম্ভ হোৱাত তেওঁৰ টেক্সি চলোৱা কাম বন্ধ হ’ল যদিও “দোস্ত লৌগ” মানে লগ-বন্ধুক দেখা কৰাৰ উদ্দেশ্যে চাহৰ দোকানলৈ তেওঁ ওলাই আহিছিল। তেওঁৰ মধুমেহ ৰোগ বাঢ়ি আহিছিল, স্বাস্থ্য বেয়া হৈ আহিছিল। লকডাউন শিথিল হৈ অহাৰ পিছতো তেওঁ কামত পুনৰাই ধৰিব পৰা নাছিল। কিন্তু তেওঁ চলা-ফুৰা কৰিবলৈ এৰা নাছিল।

এদিন তেওঁৰ ভৰিৰ আঙুলিত ক’লা দাগ এটা দেখিলে, ঠিক “কলমৰ চিয়াঁহীৰ দৰে চিন”। ডাক্তৰে যেতিয়া কেইটামান এণ্টিবায়’টিক খালে ঠিক হৈ যাব বুলি ক’লে, তেওঁ বেছি চিন্তা কৰি নাথাকিল। “কিন্তু সেয়া কামত নাহিল,” তেওঁ কয়। সোঁভৰিখনৰ মাজৰ আঙুলিটোত থকা সেই দাগটো বাঢ়িবলৈ ধৰিলে। “ভৰিখনত বহুত দুখ পোৱা হ’লো,” তেওঁ কয়। “খোজকাঢ়োতে এনে লগা হ’ল যেন তাত বেজী বা গজালজাতীয় কিবা এটা সোমাই আছে।”

ভালেকেইবাৰ ডাক্তৰক দেখুৱাৰ পিছত, এক্সৰে আৰু পৰীক্ষা কৰাৰ পিছত তেওঁৰ ক’লা ছালখিনি আঁতৰাই পেলোৱা হ’ল। এমাহৰ ভিতৰত, ২০২১ৰ আগস্তত ভৰিৰ সেই আঙুলিটো কাটি পেলাবলগীয়া হ’ল। কেইসপ্তাহমান পিছত কাষৰ আঙুলিটোও কাটিবলগীয়া হ’ল। মধুমেহৰ কাৰণে ৰক্তপ্ৰৱাহ বন্ধ হৈ গৈছিল আৰু তাৰে পৰিণামস্বৰূপে এটা এটাকৈ তেওঁৰ আঙুলিবোৰ কাটি পেলাবলগীয়া হৈছিল। যোৱাবছৰ অক্টোবৰত ৰহমানৰ ভৰিৰ আধাখন পতা কাটি পেলাবলগীয়া হ’ল। “পাঁচোটা আঙুলিয়ে তেওঁলোকে কাটি পেলালে,” কোঠাটোত পাৰি থোৱা পাতল তোচক এখনৰ ওপৰত বহি থকা ৰহমানে হুমুনিয়াহ কাঢ়ি কয়।

তেতিয়াৰে পৰা হস্পিটেললৈ যোৱাৰ দিনটোৰ বাদে বাকীখিনি সময় তেওঁৰ পৃথিৱীখন প্ৰথম মহলাৰ সেই বায়ুৰুদ্ধ কোঠাটোতে সীমিত হৈ ৰ’ল। “অকলেই পৰি ৰৈছো,” তেওঁ কয়। “সময় কটোৱাৰ মোৰ একো উপায় নাই। আমাৰ টিভি এটা আছে, কিন্তু চলাবলৈ পইচা নাই। মই কেৱল ভাবি থাকো… মই মোৰ বন্ধুবোৰক মনত পেলাও, মোৰ ল’ৰা-ছোৱালীকেইটাৰ কাৰণে অনা বস্তুবোৰ মনত পেলাও… কিন্তু এইবোৰ মনত পেলাই মই কৰিমনো কি?”

Carrying the chair are his eldest son Abdul Ayaan, a neighbour's son and a nephew.
PHOTO • Sandeep Mandal
The taxi fare to the hospital in Sion more than he can afford, and yet he has had to keep going back there
PHOTO • Sandeep Mandal

তেওঁৰ ডাঙৰ পুত্ৰ আব্দুল আয়ান (বাওঁফালে), চুবুৰীয়াৰ ল’ৰা এটা আৰু ভতিজা চিয় ’নৰ হস্পিটেলখনলৈ টেক্সিৰ ভাৰা তেওঁ বহন কৰিব নোৱাৰে যদিও যাবলগীয়া হয়

তেওঁৰ ভৰিৰ পতা কটা যোৱাৰ আগলৈকে চাৰিটা দশক ৰহমানৰ পৃথিৱীখন এই কোঠাটোত সীমাবদ্ধ নাছিল, তেওঁ চহৰৰ প্ৰতিটো চুকে-কোণে, আৰু তাৰ বাহিৰতো টেক্সি লৈ ঘূৰি ফুৰিছিল। ১৮ বছৰমান বয়সত ৰহমানে চহৰখনৰ ৰাস্তাত আন টেক্সিচালকৰ পৰা টেক্সি চলোৱা শিকিছিল। লাহে লাহে তেওঁ কেইঘণ্টামানৰ কাৰণে আনৰ পৰা টেক্সি ভাৰা লৈ “৩০-৪০ টকা উপাৰ্জন” কৰিবলৈ লোৱা হ’ল। ২০ বছৰমান বয়সত তেওঁ মুম্বাইৰ ৰাজহুৱা বাছ সেৱা বেষ্ট (BEST)ত চাফাইকৰ্মী আৰু মেকানিকৰ সহায়ক হিচাপে কাম পালে।

আঠ বছৰ পাছত, প্ৰায় ১৯৯২ত তেওঁৰ দৰমহা আছিল ১,৭৫০ টকা। তেতিয়াই তেওঁ এজেণ্ট এজনৰ যোগেদি ছৌদি আৰৱত কাম পালে। “তেতিয়াৰ দিনত সেয়া ইমান টান কাম নাছিল,” তেওঁ কয়। “তাতে মই মাহে ২,০০০-৩,০০০ টকা মাহে পোৱা হ’লো, পৰিয়াল এটা এমাহৰ বাবে চলাবলৈ পাঁচশ টকাই যথেষ্ট (বেষ্টত মই পোৱা দৰমহাতকৈ বেছি)।”

ৰহমানে তাতে বুলড’জাৰ অপাৰেটৰ হিচাপে কাম কৰে আৰু কেতিয়াবা ভাৰা কাৰো চলায়। “মোৰ স্পনছৰ (মালিক)জন বৰ ভাল মানুহ আছিল,” তেওঁ কয়। সেই স্পনছৰজনে থকা ঠাই ঠিক কৰি দিয়ে আৰু আন দেশৰ কৰ্মস্থলীলৈ শ্ৰমিক পঠিয়ায়। সময় বাগৰিল, তেওঁ পৃথিৱীৰ বিভিন্ন স্থানত কাম কৰাৰ সুযোগ পালে।

তেওঁ ঘূৰি ফুৰা ঠাইত তোলা ফটোবোৰৰ বেছিভাগেই উৱলিছে। প্লাষ্টিক বেগ এটাৰ পৰা তেওঁৰ পত্নী তাজুনিচ্চাই সেইবোৰ উলিয়াই দেখুৱাইছে। তাত থকা ফটোবোৰত ইষৎ হাঁহি বিৰিঙি থকা মুখেৰে ৰহমানক কাৰ এখনত ভেঁজা দি থকা দেখা গৈছে, কোনোবাখনত তেওঁ বুলড’জাৰ এখনত বহি আছে, দোকানৰ ভিতৰত থিয় দি আছে, বন্ধুবৰ্গৰ সৈতে বহি আছে। অতীতৰ সেই ফটোবোৰত তেওঁ এজন ওখ-পাখ সুস্থ-সবল মানুহ। কিন্তু এতিয়া ৫৭ বছৰ বয়সীয়া ৰহমান, যিয়ে দিনটোৰ বেছিভাগ সময়ত তোচকখনতে কটায়, শুকাই-খীণাই হাড়ে-ছালে লাগিছে, কথা কওঁতে উশাহ ঘূৰাই নোপোৱাৰ দৰে হৈছে।

সকলো সময়তে শুই বহি থাকি হয়তো তেওঁৰ মনটো সেই ঠেক ৰাস্তাটোৰ পৰা ওলাই গৈ দূৰণিৰ ঠাইবোৰলৈ উৰি যায়। তাতে জীৱনটো আৰামদায়ক আছিল, তেওঁ কয়। “মোৰ কোঠাত (ছৌদিত) এচি আছিল, মই চলোৱা গাড়ীখনতো এচি আছিল। খাবলৈ চাউল আৰু গোটমূৰ্গী পাইছিলো। কোনো চিন্তাই নাছিল। মই কামৰ পৰা আহি গা ধুইছিলো, খাইছিলো আৰু শুই গৈছিলো। ইয়াতে মানুহৰ হৈ-হাল্লা আৰু সদায়েই দ্বন্দ-খৰিয়াল। কোনেও মনে মনে থাকিব নোখোজে। ইয়াৰে ফেনৰ বতাহে মোক কষ্ট দিয়ে, জীউ ওলাই যাব খোজে।”

For long, Rahman’s world stretched well past his room; he worked in countries on four continents and in images of a time past, he is tall and well-built
PHOTO • Courtesy: Shaikh family
PHOTO • Courtesy: Shaikh family
For long, Rahman’s world stretched well past his room; he worked in countries on four continents and in images of a time past, he is tall and well-built
PHOTO • Courtesy: Shaikh family

এই কোঠাটোৰ বাহিৰত ৰহমানৰ এখন দুনীয়া আছিল , তেওঁ দেশে-বিদেশে কাম কৰিছে আৰু তেওঁৰ অতীতৰ ফটোবোৰ চাই ধকিব পাৰি যে তেওঁ এজন ওখ-পাখ সুঠাম চেহেৰাৰ লোক আছিল

ৰহমানে ২০১৩ত ভাৰতলৈ ঘূৰি আহিবলগীয়া হয়, কিয়নো ছৌদিত আন দেশৰ শ্ৰমিকক ১৫ বছৰতকৈ বেছি ৰাখিব নোৱাৰে। তেওঁ ঘূৰি আহি এতিয়া থকা কোঠাটোতে থাকিছিল। ৰহমানৰ দেউতাক বেষ্টত ড্ৰাইভাৰ আছিল, তেওঁ ঢুকোৱাৰ পিছত প্ৰভিডেণ্ট ফাণ্ড (ভৱিষ্যনিধি)ৰ টকাৰ পৰা ২৫,০০০ টকা দি তেওঁৰ মাকে ১৯৮৫ত সেই ঘৰটো লৈছিল। (তাৰে আগলৈকে পৰিয়ালটোৱে ৱাদালাত থকা ষ্টাফ কোৱাৰ্টাৰত থাকিছিল, ৰহামানে তাতে ৭ম মানলৈ পঢ়িছিল। তেওঁৰ চাৰিজন ভাই আৰু চাৰিজনী ভনী আছিল। “আমি ইয়ালৈ আহোতে আমাৰ দহজনীয়া পৰিয়ালটো  ইয়াতেই থাকিছিল,” তেওঁ কয়। (২০২১ৰ ডিচেম্বৰলৈকে সেয়া সাতজন আছিল - ৰহমান আৰু তাজুনিচ্ছা, তেওঁলোকৰ চাৰি সন্তান আৰু তেওঁৰ মাক, যিজন সেই মাহত ঢুকায়।)

তেওঁলোকে মাহিমলৈ আহোতে তেওঁৰ মাকে ঘৰুৱা কাম পায় (তেওঁৰ ভনীয়েকেও সেই কামকে কৰিছিল)। দুটা বছৰত দুজন ভায়েক, দুয়োজনেই ৰাস্তাৰ বিক্ৰেতা, দুটা পৃথক দূৰ্ঘটনাত ঢুকাল। ৰহমান আৰু তেওঁৰ দুই ভায়েক -  তাৰে এজন এচি মেকানিক, আনজন কাঠ পলিচ কৰে - তেওঁলোক মাহিমৰ বস্তি এলেকাৰ তিনিখলপীয়া ঘৰ এটাত থাকে। ৰহমান মাজৰ কোঠাটোত থাকে, ভায়েক দুটা ঠেক ঘৰটোৰ ওপৰে-তলে থাকে।

বিয়াৰ পিছত ভনীয়েক দুজনী ওলাই যায়। বাহিৰত কাম কৰোঁতে ৰহমানে বছৰেকত এবাৰ বা দুবছৰৰ মূৰত এবাৰ ঘৰলৈ আহে। সেই সময়ত তেওঁৰ দৰমহা আৰু সঞ্চয়ৰ পইচাৰেই ভনীয়েকহঁতৰ (আৰু পিছলৈ ভতিজাকহঁতৰ) বিয়া পতাত সহায় কৰিছিল, তেওঁ গৌৰৱেৰে কয়।

ৰহমানে ছৌদি আৰৱৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত আৰু লাখ টকা আনিছিল, তেওঁ অতি কষ্টৰে বছৰ বছৰ ধৰি সেয়া সাঁচিছিল। (তেতিয়ালৈ তেওঁৰ দৰমহা ১৮,০০০ টকা হৈছিল, তাৰে বেছিখিনি টকা তেওঁ ঘৰলৈ পঠিয়াই দিছিল।) ইয়াৰে সিংহভাগ পৰিয়ালৰ বিয়াৰ নামত খৰছ হৈছিল। তেওঁ টেক্সিৰো পাৰমিট উলিয়াইছিল, বেংকৰ পৰা ৩.৫ লাখ টকাৰ ঋণ লৈ এখন চেণ্ট্ৰো কিনিছিল। তেওঁ সেইখন নিজে চলাইছিল আৰু কেতিয়াবা ভাৰাও দিছিল। তেনেকৈ দিনে ৫০০-৬০০ টকা আৰ্জিছিল। দুবছৰ পিছত গাড়ীখনৰ খৰছ বহন কৰিব নোৱাৰা হৈ অহাত আৰু ভগ্নস্বাস্থ্যৰ বাবে ৰহমানে কেবখন বিক্ৰী কৰি এখন ভাৰা কৰা গাড়ী চলাবলৈ লয়, তেতিয়া তেওঁৰ উপাৰ্জন আছিল দিনে ৩০০ টকা।

Now he is confined to a 150 square feet airless room, and is fearful of his family losing that room too someday
PHOTO • Sharmila Joshi
Now he is confined to a 150 square feet airless room, and is fearful of his family losing that room too someday
PHOTO • Sharmila Joshi

এতিয়া তেওঁ ১৫০ বৰ্গফুটৰ ঘৰ এটাতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছে , তাকো ভয় হৈছে যে তেওঁৰ পৰিয়ালে সেইটোও কোনোবাদিনা হেৰুৱাব

সেয়া আছিল ২০১৫ৰ কথা। “লকডাউনলৈকে (২০২০ৰ মাৰ্চ) মই এয়া কৰি আছিলো,” তেওঁ কয়। “তেনেতে সকলো বন্ধ হৈ গ’ল।” অৱশ্যে তেওঁ খোজকাঢ়ি ওলাই গৈ চাহৰ দোকানত বহি লগ-বন্ধুৰ লগত আড্ডা দিছিল যদিও “বেছিভাগ সময় মই ঘৰতে থাকিছিলো,” তেওঁ কয়। পৰিয়ালৰ লোকে লকডাউনৰ সময়ত বিভিন্ন দাতব্য সংস্থা আৰু স্থানীয় দৰগাহৰ পৰা ৰেচন-পাতি পাইছিল, আৰ্থিকভাৱে টনকিয়াল আত্মীয়-কুটুম আৰু বন্ধুবৰ্গৰ পৰা মাজে-সময়ে দুই-চাৰিশ টকা পাইছিল।

ৰহমান ছৌদি আৰৱত থাকোতেই তেওঁৰ দেহত মধুমেহ ধৰা পৰে। তেওঁ দৰৱ খাই আছিল যদিও তেওঁৰ স্বাস্থ্য বেয়া হৈ আহিছিল। ২০১৩ত তেওঁ ভাৰতলৈ ঘূৰি অহাৰ পিছত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিবলৈ লয়। সেইটো কাৰণতে তেওঁ বিদেশত কাম বিচাৰিব নোৱাৰা হৈ পৰিল। কিন্তু লকডাউনৰ সময়ত তেওঁৰ স্বাস্থ্য একেবাৰে ভাগি পৰিল। দীঘলীয়া সময়ৰ বাবে বিচনাত পৰি থাকি তেওঁ শয্যাক্ষত হ’ল। সেই ঘাবোৰৰ বাবেও তেওঁ চিয়’ন হস্পিটেলত চাৰ্জাৰি কৰাবলগীয়া হ’ল।

তাৰে ঠিক পাছতেই ৰহমানৰ সোঁভৰিৰ মাজৰ আঙুলিটোত ক’লা দাগ এটা চকুত পৰে।

ভালেমান হস্পিটেললৈ যোৱাৰ উপৰিও তেওঁ স্থানীয় ডাক্তৰ এজনৰ সৈতেও পৰামৰ্শ কৰিছিল। সেইজন ডাক্তৰে ৰক্তপ্ৰৱাহৰ ব্লকেজ আঁতৰাবলৈ এনজিঅ’প্লাষ্টি কৰাবলৈ কৈছিল। ২০২১ৰ অক্টোবৰত চিয়’ন হস্পিটেলত এনজিঅ’প্লাষ্টি কৰা হয়, তাৰে এসপ্তাহমান পিছত তেওঁৰ আধাখন পতা কাটি পেলোৱা হয়। “ৰক্তপ্ৰৱাহ ভাল হ’ল, বিষো কমিল, ক’লা পৰাটো কমি আহিল,” ৰহমানে কয়। “অৱশ্যে ভৰিখনত অকণ বিষ আৰু খজুৱতি থাকিল।” স্থানীয় সংস্থা এটাই ঘাটুকুৰা ড্ৰেচিং কৰিবলৈ পৰিচাৰক এগৰাকী ৰখাত হস্পিটেললৈ যোৱাটো কমি আহিল।

ৰহমানৰ ভৰিখন ভাল হৈ আহিবলৈ ধৰাত তেওঁৰ জীৱনলৈ আশা আহিল (যদিওবা তেওঁ চলা-ফিৰা নকৰাৰ বাবে হোৱা পেটৰ সমস্যাৰ বাবে এইবছৰ কেইদিনমান কে.ই.এম. হস্পিটেলতে কটাবলগীয়া হয়)। “পতাখনত ছাল অহাৰ পিছত, মই শুনিছো ইয়াৰ বাবে বিশেষ বুটজোতা থাকে,” তেওঁ কয়। “কিমান দাম পৰিব মই সুধি থৈছো। তাৰপিছত মই আকৌ খোজকাঢ়িব পৰা হ’ম…” তেওঁৰ বাবে এখন হুইলচেয়াৰ কিনিব খোজাৰ কথা তাজুনিচ্চাই কয় (তেওঁ এতিয়া ব্যৱহাৰ কৰিবলৈ যত্ন কৰা ৰিকেটি ৱাকাৰখনৰ পৰিৱৰ্তে)।

Rahman's debilitation has hit his family hard
PHOTO • Sandeep Mandal
Rahman's debilitation has hit his family hard: Abdul Samad, Afsha, Daniya and his wife Tajunissa (eldest son Abdul Ayaan is not in this photo)
PHOTO • Sharmila Joshi

ৰহমানৰ দেহা পৰি যোৱাৰ ফলত পৰিয়ালৰো কষ্ট হৈছেঃ ফটোখনত আব্দুল ছামাদ , আফছা, দানিয়া আৰু তেওঁৰ পত্নী তাজুনিচ্চাক দেখা গৈছে (ডাঙৰ ল’ৰা আব্দুল আয়ান এই ফটোখনত নাই)

ভৰিখন সুস্থ হৈ অহাত ৰহমানে তামিলনাডুৰ উলুন্দুৰপেট তালুকত থকা তেওঁৰ পৈতৃক গাওঁ ইলাভানাচুৰকট্টাইত (অতীতত) থকা নিজৰ ডাঙৰ ভনী আৰু পৰিয়ালৰ আন সদস্যসকলক সাক্ষাৎ কৰিবলৈ মাজে-সময়ে যাব পৰা হোৱাটোক লৈ আনন্দ প্ৰকাশ কৰে। তেওঁ যে সুস্থ হৈ আহিছে, এই কথা তেওঁৰ ককায়েক-ভায়েকহঁতে সোধোতে তেওঁ সন্তুষ্টিৰে কয়। “তেনেকৈ মনটো ভাল লাগে,” তেওঁ কয়।

তেওঁৰ দীৰ্ঘদিনীয়া ভগ্নস্বাস্থ্যই পৰিয়ালটোৰ যথেষ্ট ক্ষতি কৰিছে। লকডাউনৰ পিছতো কোনো উপাৰ্জন নথকাত তেঁওলোকে আনৰ সহায়ৰ ওপৰতে জীয়াই আছে। স্থানীয় বালৱাড়ি এখনত মাহে তিনিশ টকাৰ কম সময়ৰ চাফাইকৰ্মী হিচাপে কাম পাইছে। “মই ঘৰুৱা কাম বিচাৰিব লাগিব,” তেওঁ কয়। “হয়তো আমাৰ ডাঙৰজন ল’ৰাক চিলাইৰ কামৰ বাবে পঠিয়াম।”

তেওঁলোকৰ ডাঙৰজন ল’ৰা আব্দুল আয়ানৰ এতিয়া বয়স ১৫ বছৰ। ল’ৰাৰ বয়স আৰু অলপ বেছি হোৱাহেঁতেন তাকেই কামলৈ বুলি ডুবাই পঠিয়াই দিব পাৰিলোহেঁতেন, ৰহমানে কয়। “আমাৰ অৱস্থা খুবেই বেয়া,” তাজুনিচ্চাই কয়। “আমাৰ বিদ্যুতৰ বিল (লকডাউনৰ পিছৰেপৰা) প্ৰায় ১৯,০০০ হ’ল, কিন্তু বিদ্যুৎ বিভাগৰ মানুহজনে আহি আমাৰ অৱস্থা দেখি আমাক পৰিশোধৰ বাবে কিছু সময় দিলে। ল’ৰা-ছোৱালীকেইটাৰ স্কুলৰো মাচুল সম্পূৰ্ণকৈ দিব পৰা নাই, তাৰবাবেও আমি সময় বিচাৰিবলগীয়া হৈছে। চিলিণ্ডাৰ (গেছৰ) শেষ হৈছে। আমাৰ ঘৰখন কেনেকৈ চলিব, আমাৰ ল’ৰা-ছোৱালীকেইটা কেনেকৈ পোহপাল দিম? ”

তেওঁলোকৰ সৰুটো ল’ৰা আঠ বছৰীয়া আব্দুল ছামাদ আৰু ১২ বছৰীয়া সৰু জীয়াৰী আফছাই প্ৰায় দুটা বছৰ অনলাইন পাঠগ্ৰহণত ভাগ ল’ব পৰা নাছিল (চাৰিওটা সন্তানে স্থানীয় বিদ্যালয়ত পঢ়ে)। “শ্ৰেণীত এতিয়া কি চলি আছে মই নাজানো,” স্কুল পুনৰাই খোলাৰ পিছৰ কথা আফছাই কয়।

ডাঙৰজনী ছোৱালী দানিয়াৰ বয়স এতিয়া ১৬ বছৰ আৰু তেওঁ সম্পৰ্কীয় ভায়েক আৰু বন্ধুবৰ্গৰ ম’বাইল ব্যৱহাৰ কৰি পঢ়া-শুনা অব্যাহত ৰাখিছে। তেওঁ বিউটিচিয়ান হ’ব খোজে আৰু মেহেন্দী লগাব ইতিমধ্যে জানে, তাৰ পৰাই তেওঁ উপাৰ্জন কৰিব পাৰিব বুলি আশা কৰে।

'Now I don't know how long I am alive. My hopes for my children have died'
PHOTO • Sandeep Mandal

‘এতিয়া কিমানদিন জীয়াই থাকিম মই নাজানো মোৰ ’ৰা-ছোৱালীকেইটাৰ কাৰণে আশা নাইকিয়া হৈছে’

ৰহমান সকলো সময়তে নিজৰ পৰিয়ালটোক লৈ দুশ্চিন্তাত থাকে। “মই নাথাকিলে সিহঁতকেইটাৰ কি হ’ব? মোৰ সৰুটো ল’ৰাৰ বয়স মাত্ৰ আঠ বছৰ…” তাতে আকৌ আন এক চিন্তাই তেওঁক খুলি খুলি খায় যে উন্নয়নমূলক প্ৰকল্পৰ বাবে তেওঁলোকৰ বস্তিটো কেতিয়াবা ভাঙি পেলোৱা হয় যদি। গোটেই পৰিয়ালটোৰ তিনিভায়েক তিনিটা কোঠাত থাকি আহিছে, যদি গোটেই পৰিয়ালটোক এটামাত্ৰ ইউনিট/কোঠালী দিয়ে। “মোৰ ভাইকেইটাই ঘৰ বিক্ৰী কৰি আন ঠাইত থাকিবলৈ যায় যদি? সিহঁতে মোৰ পৰিয়ালটোক ৩-৪ লাখ টকা দি যাবলৈ ক’ব চাগে। মোৰ পৰিয়ালটো ক’লৈ যাব?” তেওঁ প্ৰশ্ন কৰে।

“ভৰিত নহৈ মোৰ যদি দেহৰ আন অংগত এয়া হ’লহেঁতেন, আনকি মোৰ হাতত হোৱা হ’লেও অন্ততঃ মই খোজকাঢ়ি ক’ৰবালৈ যাব পাৰিলোহেঁতেন। এতিয়া কিমানদিন মই জীয়াই থাকিম নাজানো, ল’ৰা-ছোৱালীকেইটাৰ কাৰণে আশা নাইকিয়া হৈছে। কিন্তু যিমানদিন আছো, সিহঁতক পঢ়াই যাম। মই পইচা ধাৰে আনিম, কাৰোবাৰ পৰা সুধিম, যেনেকৈ নহওঁক ব্যৱস্থা কৰিম।”

ফেব্ৰুৱাৰীৰ মাজভাগত, চিয়’ন হস্পিটেললৈ নিয়মিত সাক্ষাতৰ সময়ত ডাক্তৰে ক’লে যে তেওঁৰ চুগাৰ সাংঘাতিক ধৰণে বাঢ়িছে, সেয়ে তেওঁক হস্পিটেলত ভৰ্তি কৰাব লাগিব। তেওঁ তাতে এমাহ থাকিল আৰু ১২ মাৰ্চত ঘৰলৈ পঠিওৱা হ’ল। তেওঁৰ মধুমেহ ৰোগ নিয়ন্ত্ৰণত নাই, তেওঁৰ সোঁভৰিখনত কেৱল হাড় আৰু ছালহে আছে।

“সোঁভৰিৰ পতাখনৰ অৱশিষ্ট ছালখিনি আকৌ ক’লা পৰিছে, দুখো পাওঁ,” তেওঁ কয়। “মোৰ ভৰিৰ গোটেই পতাখন কাটি পেলাবলগীয়া হ’ব বুলি ডাক্তৰে ভাবিছে।”

১৪ মাৰ্চৰ ৰাতি বিষ অসহ্যকৰ হৈ পৰিল, “বিষত কান্দিবলগীয়া হ’ল,” ৰহমানে কয়। সেই ৰাতি তেওঁক আকৌ এবাৰ চকীত কঢ়িয়াই টেক্সিত উঠাই হস্পিটেললৈ নিবলগীয়া হ’ল। কিবাকিবি পৰীক্ষা আকৌ কৰিবলগীয়া হ’ল, বিষটো ঘূৰি অহাৰ আগলৈকে বেজী আৰু দৰৱে তাক থমাই ৰাখিছে। আকৌ এবাৰ স্কেন আৰু পৰীক্ষাৰ বাবে তেওঁ সোনকালেই যাবলগীয়া হ’ব। বোধকৰো আকৌ এবাৰ চাৰ্জাৰী কৰা হ’ব।

তেওঁ ভাগৰুৱা আৰু নিৰুৎসাহ হৈ পৰিছে। পৰিয়ালটোৱে মনে-প্ৰাণে বিচাৰিছে বেয়া দিনবোৰ আঁতৰি যাওঁক। “ইনশাআল্লাহ,” ৰহমানভাইয়ে কয়।

প্ৰচ্ছদ ফটো: সন্দীপ মণ্ডল
এই ষ্ট ’ৰিটো কৰোঁতে আন্তৰিকতাৰে সময় দিয়াৰ বাবে আৰু সহায়ৰ বাবে লক্ষ্মী কাম্বলেলৈ লেখকে কৃতজ্ঞতা জ্ঞাপন কৰিছে

অনুবাদ: পংকজ দাস

Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das