“মই সংগ্ৰহ কৰা বস্তুবিলাক আহি ভাগ ভাগ কৰিলো। তেওঁলোকে (পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীয়ে) এই বস্তুবিলাক ল’ব, ওজন কৰিব, মোক পইছা দিব,” লগত থকা বেগটোৰ পৰা কাগজ কেইখনমান উলিয়াবলৈ খৰখেদা কৰা কালু দাসে কয়। “সময় মতে যদি গাড়ী পাওঁ, তেন্তে ইয়াৰ পিছত দুঘণ্টাত গৈ মই ঘৰ পাম।”

কেইবামাহৰ পিছত দ্বিতীয় সপ্তাহান্তত ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত দক্ষিণ ২৪ পাৰগনা জিলাৰ প্ৰায় ২৮ কিলোমিটাৰ দূৰৰ তেওঁৰ গাওঁ হাছানপুৰৰ পৰা ৬০ বছৰীয়া কালু দাস কলকাতালৈ আহিছে। কান্ধত এখন গামোছা লৈ অটোৰিক্সা আৰু বাছেৰে তেওঁ ঘৰৰ পৰা কলকাতালৈ আহিছে।

দক্ষিণ-পূৱ কলকাতাৰ বিভিন্ন এলেকাৰ মানুহৰ ঘৰৰ পৰা ভঙা-ছিঙা সামগ্ৰী যোৱা ২৫ বছৰ ধৰি কালু দাসে সংগ্ৰহ কৰি আহিছে। তেওঁ কাবাড়িৱালা হোৱাৰ আগতে চলচ্চিত্ৰ বিতৰক কোম্পানী এটাত কাম কৰিছিল। “নেপচুন পিক্সাৰ প্ৰাইভেট লিমিটেডৰ কাৰণে মই ফিল্মৰ ৰীল কঢ়িয়াইছিলো,” তেওঁ কয়। “মুম্বাই, দিল্লী, মাদ্ৰাছৰ পৰা অৰ্ডাৰ (৩৫ মিলিমিটাৰ ৰীলৰ কাৰণে) আহে। ডাঙৰ বাকছত অহা ৰীলবিাক মই হাওৰালৈ লৈ যাওঁ, সেই বিলাকৰ ওজন কৰাও, আৰু বিতৰণৰ বাবে অনুমতি লওঁ।”

কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছত দাস কৰ্মহীন হৈ পৰিল। সেই সময়ত তেওঁ দক্ষিণ কলকাতাৰ বোসপুকুৰ এলেকাৰ এটা ভাড়াঘৰত আছিল। প্ৰতিবেশী এজনে তেওঁক পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰ ব্যৱসায়ৰ লগত চিনাকী কৰাই দিয়ে। “মই যেতিয়া কামটো হেৰুৱালো, তেওঁ মোক তেওঁৰ ব্যৱসায়ত যোগ দিবলৈ ক’লে। তেওঁ ক’লে, ‘মই তোমাক প্ৰতিদিনে ২৫ টকাকৈ দিম। তুমি পূৱা ৮ বজাত ওলাব লাগিব আৰু দুপৰীয়া ঘৰলৈ যাব পাৰিবা। তুমি ভঙা-ছিঙা বস্তু কঢ়িয়াব লাগিব আৰু মোৰ লগত ঘূৰিব লাগিব। আমি মাজে মাজে একেলগে চাহ খাম।’ মই সন্মত হ’লো। মই তেওঁৰ পৰা শিকিলো। শিক্ষকে ছাত্ৰক শিকোৱাৰ দৰে, তেওঁ মোৰ গুৰু আছিল।”

Kalu Das resumed his recycling rounds at the end of August, but business has been bad: 'In times of corona, people are not keeping many items'
PHOTO • Puja Bhattacharjee
Kalu Das resumed his recycling rounds at the end of August, but business has been bad: 'In times of corona, people are not keeping many items'
PHOTO • Puja Bhattacharjee

দুই দশকৰো আগতে দাসে তেওঁৰ গুৰুক পৰ্যবেক্ষণ কৰিছিল আৰু পুৰণি কাগজ , কাগজ , প্লাষ্টিক , গ্লাছৰ বটৰ , লোহা আৰু আন সামগ্ৰীৰ মূল্য কেনেকৈ হিচাপ কৰিব লাগে , সেয়া শিকিছিল

দাসে তেওঁৰ গুৰুক পৰ্যবেক্ষণ কৰি পুৰণি কাগজ, প্লাষ্টিক, গ্লাছৰ বটল, লোহা আৰু আন সামগ্ৰীৰ মূল্য কেনেকৈ নিৰ্ধাৰণ কৰিব লাগে, সেয়া শিকিছিল। “১৫০ গ্ৰাম, ২০০ গ্ৰাম, ২৫০ গ্ৰাম আৰু ৫০০ গ্ৰাম হ’বলৈ কিমান লাগিব? সামগ্ৰীবোৰৰ মাজত পাৰ্থক্য বিচাৰ কৰিবলৈও মই শিকিছিলো।” সেই সময়ত বজাৰ ভাল আছিল। দুই দশকৰ আগতে আৰম্ভ কৰা ব্যৱসায়ৰ কথা দাসে মনত পেলায়।

বাংলাদেশৰ পৰা ১৯৭১ চনত দাস ভাৰতলৈ আহিছিল। বাংলাদেশত তেওঁৰ পৰিয়ালে খেতি কৰিছিল। কিন্তু সেই সময়ৰ হিংসাত্মক পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ভাৰতলৈ পলাই আহিছিল। “সংঘাত আৰু সংঘৰ্ষৰ বাবেই মই বাংলাদেশ এৰিলো,” তেওঁ কয়। সেই সময়ত উত্তৰ পাৰগনাৰ কাঞ্চাৰাপাৰা নগৰত তেওঁৰ ভাতৃ নৰেন্দ্ৰ (ঢুকাইছে, ৰিক্সা চলাইছিল) আছিল। কালু দাস আহি প্ৰথমতে মিস্ত্ৰীৰ যোগালি হিচাপে কাম কৰিছিল। সময় পাৰ হোৱাৰ পিছত তেওঁ সকলো অনুমোদন আৰু নথিপত্ৰ লাভ কৰিলে। তেওঁ কয় যে ভাৰত চৰকাৰে তেওঁৰ ভোটাৰ পৰিচয় কাৰ্ড, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডকে ধৰি নাগৰিকত্বৰ সকলো দিছে।

তলাবন্ধৰ আগতে, পেলনীয়া আৰু পুনৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰী সংগ্ৰহ কৰিবলৈ সপ্তাহত চাৰিবাৰকৈ সোণাৰপুৰ তালুকৰ হাছানপুৰ গাঁৱৰ পৰা দাস কলকাতালৈ আহে। দিনে চাৰি-পাঁচ ঘণ্টাকৈ তেওঁ বিল্ডিং আৰু বস্তি কলনীত ঘূৰিবলৈ যায়। এনেদৰে মাহত প্ৰায় ৩০০০ টকা উপাৰ্জন কৰিছিল।

মাৰ্চত যেতিয়া তলাবন্ধ আৰম্ভ হয় আৰু বাছ আৰু লোকেল ট্ৰেইনৰ চলাচল বন্ধ হৈ পৰিল, দাসৰো কাম বন্ধ হৈ পৰিল। “মই (কোনোমতে) কলকাতালৈ আহিবলৈ চেষ্টা কৰিলো,” তেওঁ কয়। “কিন্তু মানুহে মোক সতৰ্ক কৰিলে আৰু ময়ো টিভিত দেখিলো যে পুলিচে মানুহক খেদি ফুৰিছে আৰু তলাবন্ধ উলংঘা কৰাসকলক মাৰধৰ কৰিছে।” তাৰোপৰি তেওঁৰ এলেকাত ক’ভিড-১৯ৰ কেইবাজনো সংক্ৰমিত লোক ওলাল। সেয়ে চিন্তা কৰিলে, “মই মোৰ সিদ্ধান্ত সলনি কৰিলো, ঠিক কৰিলো যে ভোকত মৰিলেও ঘৰৰ পৰা নোলাও।”

The total fare from and to his village, as well as the cycle rickshaw to the scrap dealers, cost roughly Rs. 150, and he makes barely any profit –'just 2-4 rupees'
PHOTO • Puja Bhattacharjee
The total fare from and to his village, as well as the cycle rickshaw to the scrap dealers, cost roughly Rs. 150, and he makes barely any profit –'just 2-4 rupees'
PHOTO • Puja Bhattacharjee

গাঁৱৰ পৰা অহা আৰু যোৱাৰ মুঠ ভাড়া , পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰলৈ বস্তু লৈ যোৱাৰ চাইকেল ৰিক্সাৰ ভাড়া মিলাই প্ৰায় ১৫০ টকা হয় আৰু লাভ একো নাথাকে - মাত্ৰ দুই - চাৰি টকা হাতত থাকেগৈ

তেওঁ পত্নী মীৰাই দক্ষিণ কলকাতাৰ যাদৱপুৰ অঞ্চলত সম্পূৰ্ণ দিন ঘৰুৱা কাম কৰিছিল। গাওঁ এৰাৰ আগতে ১৮, ১৬ আৰু ১২ বছৰীয়া তিনিওটা নাতিনীক ককাকৰ লগত থাকিবলৈ কৈছিল। “তেওঁ সিহঁতক কৈছিল, তোমালোকৰ ককা বুঢ়া মানুহ। তেওঁ অকলে থাকে।” দাসে কয়। পত্নীৰ উপাৰ্জনৰ ৭০০০ টকাৰ বেংকৰ একাউণ্টত অলপ জমা আছিল। তলাবন্ধৰ সময়ত সেই টকাৰেই চলিছে।

“মোৰ পত্নীয়ে তলাবন্ধৰ সময়তো কাম কৰিবলগা হৈছিল। অন্যথা ঘৰ ভাড়া আৰু আন যাৱতীয় খৰছ আমি ক’ৰ পৰা পাম?” তেওঁ কয়। মীৰাই মাহে দুই তিনি দিনৰ বাবে গাঁৱলৈ আহে। “তেওঁ নাতি-নাতিনীকেইটাক দেখা নাই। বেছি দিন নেদেখিলে মীৰাই কান্দে। ঘৰলৈ আহিলে সিহঁতক নিজে ৰান্ধি খুৱায়,” দাসে কয়। ডাঙৰ নাতি ল’ৰাটোৱে ইলেক্ট্ৰিচিয়ান হিচাপে কাম কৰে। কিন্তু তলাবন্ধৰ পৰা কোনেও কাম কৰিবলৈ বিচৰা নাই। একেবাৰে সৰুটোৱে স্কুলত পঢ়ি আছে। মাজু নাতি ল’ৰাটো নিবনুৱা।

কিন্তু অতি সোনকালে মীৰাৰ কাম নোহোৱা হ’ব। “মালিকে আৰু মীৰাক নাৰাখে,” দাসে কয়। “মীৰা সোনকালেই ঘৰলৈ উভতি আহিব। সিহঁতে (মীৰাক কাম দিয়াসকলে) দৰমহা দিব নোৱৰা হৈ পৰিছে।”

আগস্তৰ শেষ সপ্তাহত দাসে তেওঁৰ পেলনীয়া সামগ্ৰীৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে। কিন্তু ব্যৱসায় মন্দা। “ক’ৰনাৰ সময়ত মানুহে বহু (পুনৰ ব্যৱহাৰৰ উপযোগী) বস্তু ঘৰত নাৰাখে, পেলাই দিয়ে।” পেলনীয়া মিক্সাৰ-গ্ৰাইণ্ডাৰ এটা বান্ধি তেওঁ কয়।

Decades ago, Das observed his teacher and learned how to calculate the price of each item – paper, plastic, glass bottles, iron and other metals:
PHOTO • Puja Bhattacharjee
Decades ago, Das observed his teacher and learned how to calculate the price of each item – paper, plastic, glass bottles, iron and other metals:
PHOTO • Puja Bhattacharjee

আগস্তৰ শেষ সপ্তাহত দাসে তেওঁৰ পেলনীয়া সামগ্ৰীৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিছে কিন্তু ব্যৱসায় মন্দা ৰনাৰ সময়ত মানুহে বহু ( পুনৰ ব্যৱহাৰৰ উপযোগী ) বস্তু ঘৰত নাৰাখে

দাসে মানুহৰ ঘৰৰ পৰা পুৰণি কাগজ, বাতৰি কাগজকে ধৰি আন কাগজ প্ৰতি কিলোত ৮ টকাকৈ ক্ৰয় কৰে আৰু ৯-৯.৫০ টকাত বিক্ৰী কৰে (পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰত)। এটোপোলা বটল তেওঁ ২-৪ টকাত বিক্ৰী কৰে। “ভঙা-ছিঙা সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰলৈ বস্তুবিলাক লৈ যাবলৈ মই ৰিক্সা ভাড়া কৰিব লাগে। মোৰ নিচিনা ব্যৱসায় কৰা কিছুমান মানুহৰ নিজা গাড়ী আছে। সিহঁতে বটল বেছি দামত ক্ৰয় কৰিব পাৰে।”

বাঁহৰ ঢৰীয়া কাঠীৰ ডাঙৰ খদা এটাত তেওঁ সংগ্ৰহ কৰা বস্তুবোৰ ভৰায়। তেওঁ মূৰত কমেও ২০ কিলো ওজন ল’ব পাৰে। তাৰ পিছত চাইকেল ৰিক্সা এখন ভাড়া কৰি পেলনীয়া সামগ্ৰীৰ ব্যৱসায়ীৰ ওচৰলৈ যায়। দোকানখন ৰথটালাত আছে। গাঁৱৰ পৰা অহা-যোৱা কৰাৰ ভাড়া আৰু ৰিক্সাৰ ভাড়াকে ধৰি প্ৰায় ১৫০ টকা তেওঁৰ দৈনিক খৰছ হয় আৰু লাভ প্ৰায় নোহোৱা হৈছে। “হাতত ২-৪ টকা থাকে।” সপ্তাহত চাৰিদিনমান তেওঁ কলকাতালৈ আহি পেলনীয়া সামগ্ৰী গোটাই অহা-যোৱাৰ খৰছ বাদ দিয়াৰ পিছতো তেওঁৰ উপাৰ্জন কেনেকৈ ভাল হৈছিল আৰু দিনে ৮০ৰ পৰা ২০০ টকা পৰ্যন্ত পাইছিল, সেই কথাৰ তেওঁ ইংগিত দি গাঁৱলীয়া সুৰত কথাখিনি কয়।

“মই এই কাম আৰম্ভ কৰাৰ সময়ত আমাৰ ঘৰত কোনেও উপাৰ্জন কৰা নাছিল। এই কাম কৰিয়েই খাব পাৰিছিলো। কলকাতাত বৰ্তি থকা (বোসপুকুৰ) ইমান সহজ নহয়। মোৰ তিনিটা ল’ৰা-ছোৱালী আছে - দুটা ল’ৰা আৰু এজনী ছোৱালী। সিহঁত স্কুললৈ গৈছিল। তাৰ পিছত মই ছোৱালীজনীক বিয়া দিলো।” কালু দাসে কয় যে তেওঁৰ ডাঙৰ ল’ৰা তাৰকৰ ঢুকোৱাৰ বহুদিন হ’ল। তেওঁ জীয়ৰী পূৰ্ণিমাৰ বয়স প্ৰায় ৩০ বছৰ আৰু কনিষ্ঠ পুত্ৰ নাৰুৰ বয়স প্ৰায় ২৭ বছৰ। দুয়োটাই কাৰোবাক সহায় কৰে - সিহঁতৰ কাম সম্পৰ্কে  কয়।

দাসে কয় যে আন কাম বিচাৰিবলৈ তেওঁ সুবিধা নাপালে। “আৰু কি কৰিম? এই বয়সতে এতিয়া মোক কোনে কাম দিব?”

সপ্তাহৰ খোলা দিনত সাধাৰণতে আজিকালি তেওঁ ঘৰতে থাকে বা নাৰুৰ ওচৰলৈ যায়। তাৰ ঘৰ ওচৰতে। “মই ক’ৰনাৰ কথা নাভাবো। কোনোবাই যদি কাম কৰি থাকে, তেওঁ ব্যস্ত হৈ থাকিব। কাম কৰিবলৈ যোৱাৰ সলনি যদি ঘৰত বহি থাকে, তেন্তে বেমাৰৰ ভয়ে দেহত বাহ ল’ব। আপুনি সাহ কৰিবই লাগিব,” পাতল বগাৰঙী কাপোৰৰ মাস্কখন ঠিক কৰি দাসে কয়।

অনুবাদ - পংকজ দাস

Puja Bhattacharjee

Puja Bhattacharjee is a freelance journalist based in Kolkata. She reports on politics, public policy, health, science, art and culture.

Other stories by Puja Bhattacharjee
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das