পলম হৈছিল, ইতিমধ্যে সেই আলোড়নে ৰজাঘৰীয়াৰ শোৱনিকোঠা কঁপাইছিল। ভাগি যোৱা দুৰ্গ মেৰামতিৰ কৰাৰ সময় নাছিল, পলম হৈছিল। পৰাক্ৰমী বহতীয়া ৰজা, চিপাহী-চন্তৰী, পতাকাধাৰী কোনোৱে সাজু নাছিল, পলম হৈছিল।

সাম্ৰাজ্যজুৰি বৃহৎ দ ফাট মেলিছিল। সেই ফাটৰ পৰা ওলোৱা গন্ধ যেন আবেলি চপাই আনি চোতালত থোৱা পকাধান। বুভুক্ষ জনতাৰ প্ৰতি ৰজাই পুহি ৰখা ঘৃণাতকৈ দ সেই ফাট, তেওঁৰ বহল বুকুতকৈও বিশাল। ৰাজপ্ৰাসাদলৈ, হাট-বজাৰলৈ আৰু তেওঁৰ পৱিত্ৰ গোশালালৈ যোৱা বাটবোৰ দুভাগ কৰি পেলাইছিল সেই ফাটে।

ইতিমধ্যে পলম হৈছিল পোহনীয়া কাউৰীবোৰ এৰি দিয়াৰ, কা কা কৰাৰ। এয়া এমুঠিমান মানুহৰ তেনেই সৰু মিচিল, এইবুলি সিহঁতে কৰ্কশ মাতেৰে বিলাই ফুৰা অভিসন্ধিৰ বতৰাবোৰ ব্যৰ্থ হৈছিল। হোহোৱাই আগুৱাই অহা সেই জনতাৰ মিচিলক তেওঁলোকে ঘৃণাৰ নাম দিব নোৱাৰিলে। সেই গোৰোহা ফটা আৰু তপত সুৰুযে পুৰি নিয়া ভৰিবোৰ, কেনেকৈ সিহঁতে মচনদ কঁপাই তুলিব পাৰে! এই পৱিত্ৰ সাম্ৰাজ্য হাজাৰ বছৰ টিকিব বুলি শিকাওতে সিহঁতৰ পলম হৈ গৈছিল। বোকামাটিৰ পথাৰক লহপহীয়া সোণবুলীয়া ধাননিলৈ ৰূপান্তৰ কৰা সেই সজীৱ সেউজীয়া হাতে ইতিমধ্যে আকাশ চুইছিল।

কিন্তু কাৰ সেই দৈত্যকায় হাতৰ মুঠি? তাৰে আধাখিনি আছিল মহিলা, এক তৃতীয়াংশৰ ডিঙিত ওলমি আছিল দাসত্বৰ শিকলি, এক চতুৰ্থাংশ আছিল আনবোৰতকৈও প্ৰাচীন। কিছুমানে ৰামধেনুখন মেৰিয়াই লৈছিল, কিছুমানে তেজৰ ৰং ছটিয়াই লৈছিল, কিছুমানে অকণমান হালধীয়া সানি লৈছিল, কিছুমানে কঁথা মেৰিয়াই লৈছিল। সেই কঁথাকেইখন ৰজাঘৰীয়াৰ কোটিটকীয়া হলৌ-চোলাতকৈ বহুগুণে বেছি ৰাজকীয় আছিল। গান গাই, হাঁহি-মাতি আনন্দত আগবঢ়া সেয়া আছিল মৃত্যুক পৰোৱা নকৰা মিচিল। তেওঁলোক আছিল নাঙলৰ ফাল গঢ়া কঠিন হাতৰ কৃষক, যাক কোনো কামানে আৰু পৱিত্ৰ বন্দুকে শেষ কৰিব নোৱাৰিলে।

আলোড়ন বিয়পি সাম্ৰাজ্যৰ সেই হৃদয়হীনৰ দুৱাৰ পাইছিল, কিন্তু তেতিয়া খুবেই পলম হৈছিল।

প্ৰতিষ্ঠা পাণ্ডিয়াৰ কণ্ঠত কবিতাটোৰ ইংৰাজী আবৃত্তি

কৃষকলৈ

1)

ফটাকানিৰ পুতলা কৃষক,
কিয় তুমি হাঁহিছা?
“শ্বটগানৰ আঘাতত উখহা চকুৱেই
উত্তৰৰ বাবে যথেষ্ট”

হে বহুজন কৃষক,
কিয় তুমি তেজ দিছা?
“মোৰ ছালখনেই পাপ,
ভোকেই মোৰ আনুগত্য।”

2)

বৰ্মসজ্জিত মহিলা, কেনেকৈ তুমি খোজ দিছা?
“এটা বেলি আৰু এখন কাঁচিৰে,
যেতিয়া হাজাৰ চকুৱে আমাক চাই থাকে”

এক নয়া এটা নথকা কৃষক,
কেনেকৈ তুমি হুমুনিয়াহ কঢ়া?
“এমুঠি ধানৰ দৰে,
বহাগৰ দৰে”

3)

তেজৰঙী কৃষক, ক’ত তুমি উশাহ লোৱা?
“এজাক বৰদৈচিলাৰ মাজত,
বহাগৰ অপেক্ষাত”

ৰঙুচুৱা পোৰা মাটিৰ খেতিয়ক, ক’লৈনো ঢাপলি মেলিছা?
“উপঙি থকা সুৰুযটোৰ
এটি প্ৰাৰ্থনা আৰু বজ্ৰকঠোৰ সংহতিৰ মাত শুনি”

4)

ভূমিহীন কৃষক, কিহৰ তুমি সপোন দেখা?
“যেতিয়া এটোপাল বৰষুণৰ পানীয়ে
তোমাৰ ভীতিপ্ৰসাৰী সাম্ৰাজ্য দাহ কৰে?”

ঘৰলৈ বুলি আকুল যোদ্ধা,
কেতিয়া সিচিবা কঠিয়া?
“নাঙলৰ ফালটো যেতিয়া
কাউৰীসোপাৰ ওপৰত পৰিব।”

5)

আদিবাসী কৃষক, কি গান তুমি গাইছা?
“তেজৰ বদলি তেজ, আৰু
ৰজা নিপাত যোৱা গান।”

মাজৰাতিৰ কৃষক, কি টানি নিছা?
“আমাৰ কেউ-কিছু নোহোৱা মাটিডৰা,
যেতিয়া সাম্ৰাজ্যৰ পতন ঘটিব”


এই দলীয় প্ৰচেষ্টাত অশেষ সহায় আগবঢ়োৱা স্মিতা খাটৰলৈ ধন্যবাদ।

অনুবাদ: পংকজ দাস

Poems and Text : Joshua Bodhinetra

Joshua Bodhinetra (Shubhankar Das) has an MPhil in Comparative Literature from Jadavpur University, Kolkata. He is a translator for PARI, and a poet, art-writer, art-critic and social activist.

Other stories by Joshua Bodhinetra
Paintings : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das