গণেশ আৰু অৰুণ মুকান এতিয়া স্কুলত থাকিব লাগিছিল, দুয়ো ক্ৰমে ৯ম আৰু ৭ম মানত পঢ়ে। কিন্তু সিহঁত এতিয়া আছে থানে জিলাৰ মুম্বাইৰ উপকণ্ঠ অঞ্চলৰ এটা চুবুৰী কলচিৰ নিজ ঘৰত। পেলনীয়া বস্তুৰে সিহঁতে গাড়ী আৰু আন কিবাকিবি বস্তু বনাই আছে। নাইবা ইটাৰ ভাতীত কাম কৰা মাক-দেউতাকৰ কাষত বহি সময় কটাইছে।

“সিহঁতে এতিয়া কিতাপ নপঢ়ে। সৰুটোৱে (অৰুণ) পেলনীয়া বস্তু আৰু কাঠেৰে পুতলা সাজি থাকে। গোটেই দিনটো খেলিয়ে কটায়,” সিহঁতৰ মাক নিৰা মুকানে কয়। অৰুণে মাকৰ কথাৰ মাজতে কয়, “স্কুলত যে মই আমনি পাওঁ, তোমাক কিমানবাৰ ক’ম?” মাকে তাক বুজাব নোৱাৰিলে আৰু সি পেলনীয়া বস্তু আৰু কাঠ আদিৰে বনোৱা তাৰ লৈ ফুৰিব পৰা গাড়ীখনতে খেলিবলৈ বুলি উচাট মাৰি গ’ল।

২৬ বছৰীয়া নিৰাই ৭ম মানলৈ পঢ়িছে কিন্তু তেওঁৰ গিৰীয়েক বিষ্ণুই (৩৫) ২য় মানতে পঢ়াশালি এৰিছিল। মুকানেসকলে ভাবে যে তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে আনুষ্ঠানিক শিক্ষা পোৱা উচিত, যাতে সিহঁতৰ তেওঁলোকৰ দৰে পৰিণতি নহয়, ওচৰৰে নিজৰা আদিত মাছ মৰা বা ইটাৰ ভাতীত দেহাৰ খাটনিতে সিহঁত শেষ হৈ নাযায়।

“মই বেছি পঢ়িব নোৱাৰিলো। কিন্তু মই মোৰ সন্তানহঁত শিক্ষিত হোৱাটো বিচাৰো,” মহাৰাষ্ট্ৰৰ তিনিটা বিশেষভাৱে বিপন্ন জনজাতীয় গোট (পাৰ্টিকুলাৰলি ভালনাৰেবল্ ট্ৰাইবেল গ্ৰুপ চমুকৈ পি.ভি.টি.জি.)ৰ অন্তৰ্গত এটা কাটকৰি সম্প্ৰদায়ৰ বিষ্ণুৱে কয়। জিলাখনৰ কাটকৰি সম্প্ৰদায়ৰ লোকসকলৰ মাজত শিক্ষাৰ হাৰ ৪১ শতাংশ, জনজাতীয় কল্যাণ মন্ত্ৰালয়ৰ ২০১৩ৰ এক প্ৰতিবেদনৰ এই তথ্য।

সেয়ে যেতিয়া চাৰি বছৰ আগতে পৰ্যাপ্ত শিক্ষাৰ্থী নথকা বাবে চৰকাৰী স্কুলবিলাক বন্ধ কৰা হৈছিল, বিষ্ণু আৰু তেওঁৰ পত্নীয়ে নিজৰ সন্তান দুটাক মধ গাঁৱত থকা গভৰ্মেণ্ট ছেকেণ্ডাৰী আশ্ৰম স্কুল (মধ আশ্ৰম শালা বুলিও স্থানীয় লোকে কয়)ত নাম লগাই দিয়ে। এইখন ৰাজ্য চৰকাৰে চলোৱা ১-১২শ মানলৈ থকা আবাসিক স্কুল আৰু থানেৰ মুৰবাদৰ পৰা তাৰ দূৰত্ব ৩০ কিলোমিটাৰ। ৩৭৯ শিক্ষাৰ্থীৰ মাজত আবাসিক ১২৫ জন শিক্ষাৰ্থীৰ ভিতৰত তেওঁলোকৰ পুত্ৰদ্বয়ো আছিল। “সিহঁতে স্কুলতে খাবলৈ আৰু পঢ়িবলৈ পাইছিল বাবে ভাল পাইছিলো। কিন্তু সিহঁতলৈ বৰকৈ মনত পৰিছিল,” বিষ্ণুৱে কয়।

PHOTO • Mamta Pared
PHOTO • Mamta Pared

বাওঁফালে: অৰুণ মুকানেয়ে তেওঁ নিজে বনোৱা কাঠৰ চাইকেলখন লৈ খেলিছে। সোঁফালে: মুকানে পৰিয়ালটো: নিজৰ ঘৰৰ বাৰান্দাত বিষ্ণু, গণেশ, নিৰা আৰু অৰুণ

লকডাউন আৰম্ভ হোৱাৰ সময়ত যেতিয়া স্কুলবোৰ বন্ধ হৈ পৰিল, মধ আশ্ৰম শালাত অধ্যয়নৰত কলচিৰ প্ৰায়ভাগ শিক্ষাৰ্থীয়ে নিজৰ মাক-দেউতাকৰ ওচৰলৈ উভতি আহিল।

বিষ্ণুৰ ল’ৰাদুটাও ঘৰলৈ উভতিল। “প্ৰথমতে সিহঁত ঘৰলৈ আহোতে আমি বৰ সুখ পাইছিলো,” তেওঁ কয়। লাগিলে খৰছ বঢ়া বাবে তেওঁ বেছি কষ্টই কৰিব নালাগক কিয়। বিষ্ণুৱে ওচৰৰে বান্ধ এটাত মাছ ধৰা কাম কৰিছিল, দিনে দুই-তিনি কিলোগ্ৰাম মাছ তেওঁ ধৰি মুৰবাদত সেয়া বিক্ৰী কৰি পৰিয়ালটো চলাইছিল। দুয়োটা ল’ৰাই ঘৰলৈ উভতি অহাত মাছ বিক্ৰী কৰা পইচাৰে ঘৰ নচলা হ’ল। সেয়ে তেওঁ আয় বঢ়াবলৈ ওচৰৰে ইটাৰ ভাতী এটাত কাম কৰিবলৈ ল’লে। তেওঁক হাজাৰটা ইটা বনোৱাৰ বাবদ ৬০০ টকা দিয়ে, কিন্তু দিনৰ দিনটো কাম কৰিলেও দিনে ৭০০-৭৫০ৰ বেছি ইটা বনাব নোৱাৰি বুলি তেওঁ বুজি পালে।

দুটা বছৰ পিছত স্কুল পুনৰাই খুলিল আৰু মধ আশ্ৰম শালাই পুনৰাই পাঠদান আৰম্ভ কৰিলে। কিন্তু মাক-দেউতাকে বহুত কাবৌ-কাকূতি কৰিও গণেশ-অৰুণক স্কুললৈ পঠিয়াব নোৱাৰিলে। অৰুণে কয় যে দুটা বছৰৰ ব্যৱধান বহুত বেছি আৰু সেয়া তেওঁ পাৰ কৰিব নোৱাৰে আৰু স্কুলত শেষবাৰ কি পঢ়ুৱাইছিল তেওঁৰ মনত নাই। তেওঁলোকৰ দেউতাকে আশা এৰি দিয়া নাছিল আৰু ডাঙৰজনৰ কাৰণে কিতাপো আনি দিছিল, গণেশে স্কুললৈ যাবই লাগিব।

চতুৰ্থমানত পঢ়া নবছৰীয়া কৃষ্ণ ভগৱান যাদৱ আৰু তেওঁৰ বন্ধু ৩য় মানত পঢ়া কালুৰাম চন্দ্ৰকান্ত পাৱাৰে আশ্ৰম শালালৈ পুনৰাই যাব খোজে। “আমি লিখা-পঢ়া কৰিব খোজো,” কৃষ্ণ আৰু কালুৰামে একেস্বৰে কয়। কিন্তু তেওঁলোকে দুটা বছৰৰ বিৰতিৰ আগত কেইটামান বছৰহে আনুষ্ঠানিক শিক্ষা পাইছে, সেয়ে সিহঁতে সকলো পাহৰিছে। স্কুললৈ গ’লে আকৌ প্ৰথমৰ পৰাই আৰম্ভ কৰিব লাগিব।

এই ল’ৰাদুটাই স্কুল বন্ধ থকা দিনধৰি মাক-দেউতাকৰ সৈতে জান-জুৰিয়ে, নদীয়ে-পানীয়ে ঘূৰি বালি সংগ্ৰহৰ কাম কৰিছে। ল’ৰা-ছোৱালী ঘৰত থাকিলে পৰিয়ালৰ উপাৰ্জনৰ দায়িত্ব অভিভাৱকৰ ওপৰত বাঢ়ি যায়।

PHOTO • Mamta Pared
PHOTO • Mamta Pared

বাওঁফালে: থানে জিলাৰ মধ গাঁৱৰ গভৰ্ণমেণ্ট ছেকেণ্ডাৰী আশ্ৰম স্কুলখন। সোঁফালে: জুৰি এটাত কৃষ্ণা যাদৱ (বাওঁফালে) আৰু কালুৰাম পাৱাৰে খেলিছে

*****

গোটেই জিলাখনত অনুসূচিত জনজাতীয় গোষ্ঠীৰ শিশুৱে আধাতে স্কুল এৰাৰ হাৰ ৫ম মানৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত ৩৫ শতাংশ, ৮ম মানত এই হাৰ ৫৫ শতাংশ। কলচিৰ জনসংখ্যাৰ সৰহখিনিয়েই জনজাতীয় আৰু এই চুবুৰীটোত অতিকমেও ১৬ টা কাটকৰি পৰিয়াল আছে। মুৰবাদ ব্লকটোত মা ঠাকুৰ আদিবাসী লোকৰ সংখ্যাও অধিক। এই দুটা সম্প্ৰদায়ৰে ল’ৰা-ছোৱালী আশ্ৰম শালাত পঢ়িছে।

২০২০ৰ মাৰ্চৰ লকডাউনৰ সময়ত আন স্কুলবোৰে ভাবিছিল যে তেওঁলোকে অনলাইনযোগে হ’লেও পাঠদান চলাই যাব পাৰিব, কিন্তু মধ আশ্ৰম শালাত ক্ষেত্ৰত সেইটো সম্ভৱ নাছিল, তাৰে প্ৰায়ভাগ শিক্ষাৰ্থীয়ে জনজাতীয় পৰিয়ালৰ আছিল, সেয়ে স্কুলখন বন্ধ হৈ পৰিল।

“অনলাইন পাঠদান সম্ভৱ নাছিল, প্ৰায়ভাগ শিক্ষাৰ্থীৰে বা তেওঁলোকৰ পৰিয়ালৰ স্মাৰ্টফোন নাছইল। ফোন থকা সকলকো যেতিয়া ফোন কৰো, তেতিয়া তেওঁলোক কামত আছিল,” নাম প্ৰকাশত অনিচ্ছুক শিক্ষক এজনে কয়। আনসকলে কয় যে ভালেমান অঞ্চলত নেটৱৰ্কৰ সমস্যা আছে আৰু শিক্ষাৰ্থীসকল ফোনত পোৱা নাযায়।

তেওঁলোকে চেষ্টা যে কৰা নাছিল, তেনে নহয়। ২০২১ৰ শেষৰফালে আৰু ২০২২ৰ আৰম্ভণিৰ ভাগত কিছুমান স্কুলত নিয়মীয়া পাঠদান আৰম্ভ হৈছিল। কিন্তু বিষ্ণুৰ দুই পুত্ৰ গণেশ-অৰুণ, কৃষ্ণ-কালুৰামৰ দৰে বহুতৰেই শ্ৰেণীকোঠা আৰু বিদ্যায়তনিক দিশটোৰ সৈতে সম্পৰ্ক ছিন্ন হৈছিল, সিহঁতে উভতি আহিবলৈ টান পাইছিল।

“কোনোমতে বুজাই-পৰাই স্কুললৈ অনা কেইজনমান শিক্ষাৰ্থীয়ে পঢ়িব পাহৰিছিল,” এগৰাকী শিক্ষকে পাৰিক কয়। এনে শিক্ষাৰ্থীৰ এটা বিশেষ গোট বনাই শিক্ষকে পৃথকে তেওঁলোকক পঢ়ুৱাবলৈ লয়। ২০২১ৰ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰত দ্বিতীয় ঢৌ অহাৰ সময়লৈকে তেওঁলোকৰ অকণমান অগ্ৰগতি ঘটিছিল যদিও সেই ঢৌত তেওঁলোক পুনৰাই আগৰ অৱস্থালৈ গুছি গ’ল।

*****

PHOTO • Mamta Pared

কালুৰাম আৰু কৃষ্ণৰ সৈতে লীলা যাদৱ। সিহঁতে দুপৰীয়াৰ আহাৰ বুলিবলৈ কেৱল ভাত খাইছে

“আমি খামেই নে (উপাৰ্জনৰ টকাৰে) ল’ৰা-ছোৱালীৰ কাৰণে ম’বাইল ফোন কিনিম? মোৰ স্বামী নৰিয়াপাটিত থকা এটা বছৰৰো অধিক হ’ল,” কৃষ্ণাৰ মাক লীলা যাদৱে কয়। তেওঁ লগতে কয়, “মোৰ ডাঙৰজন ল’ৰা কল্যাণত থকা ইটাৰ ভাতীলৈ গৈছে।” কেৱল স্কুলৰ বাবেই ব্যৱহাৰ হ’বলগীয়া ম’বাইল ফোন এটা সৰুটোক কিনি দিয়াৰ কোনো অৰ্থ নাই।

কৃষ্ণ আৰু কালুৰামে দুপৰীয়াৰ আহাৰ খাইছে। আহাৰ বুলিবলৈ আছে কেৱল ভাত, পাচলি বা আন একো বস্তু নাই। লীলাই পৰিয়ালটোৰ বাবে সিজোৱা চাউলখিনি চৰুটোৰ ঢাকনি আঁতৰাই দেখুৱাইছে।

দেওঘৰৰ আনবোৰৰ দৰে লীলাই জুৰি এটাৰ পৰা বালি উলিওৱা কাম কৰে। সেই বালিৰে ট্ৰাক এখন ভৰ্তি কৰিব পাৰিলে তেওঁলোকে ৩,০০০ টকা পায়। তাৰবাবে চাৰিজন মানুহে এসপ্তাহ কাম কৰিব লাগে। শ্ৰমিককেইজনৰ মাজত সেই টকা ভাগ হয়।

খাই থকাৰ মাজতে কালুৰামে সোধে, “কেতিয়ালৈ আমি পুনৰাই স্কুললৈ যাব পাৰিম?” এই প্ৰশ্নৰ উত্তৰ দিব পাৰিলে লীলাইও সকাহ পালেহেঁতেন, কিয়নো স্কুল বুলিলে কেৱল শিক্ষাই নহয়, খাদ্যও সিহঁতে খাবলৈ পাব।

*****

মধ আশ্ৰম শালা ২০২২ৰ ফেব্ৰুৱাৰীত পুনৰাই খোলে। কিছুমান শিক্ষাৰ্থী ঘূৰি আহিল, কিন্তু প্ৰায় ১৫ জন প্ৰাথমিক আৰু মাধ্যমিক পৰ্য্যায়ৰ স্কুল (১ম মানৰ পৰা ৮ম মান)ৰ শিক্ষাৰ্থী ঘূৰি নাহিল। “সিহঁতক স্কুললৈ উভতাই আনিবলৈ যিমানখিনি পাৰো কৰিছো। কিন্তু সিহঁত পৰিয়ালৰ লগত থানে, কল্যাণ আৰু শ্বাহাপুৰত আছে। সিহঁতক এতিয়া বিচাৰি পোৱাই টান,” নাম প্ৰকাশত অনিচ্ছুক এগৰাকী শিক্ষকে কয়।

অনুবাদ: পংকজ দাস

Mamta Pared

Mamta Pared (1998-2022) was a journalist and a 2018 PARI intern. She had a Master’s degree in Journalism and Mass Communication from Abasaheb Garware College, Pune. She reported on Adivasi lives, particularly of her Warli community, their livelihoods and struggles.

Other stories by Mamta Pared
Editor : Smruti Koppikar

Smruti Koppikar is an independent journalist and columnist, and a media educator.

Other stories by Smruti Koppikar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das