পানী আনিবলৈ মই সদায় আমাৰ গাঁৱৰ পৰা বাহিৰলৈ ডেৰ কিলোমিটাৰ বাট খোজকাঢ়ি যাও। দিনে চাৰিবাৰকৈ যাব লাগে। আমাৰ গাঁৱত পানী একেবাৰেই নাই। গৰমৰ দিনকেইটাত বহুত কষ্ট হয়। কুৱাৰ পানী তললৈ নামি গৈছে…' যোৱাবাৰৰ দৰে এইবাৰো নাচিক-মুম্বাই কৃষক মৰ্চাত ভাগ ল'বলৈ অহা ভীমবাঈ দাম্বাল ক্ষোভত ফাটি পৰিছে।

'বৰষুণ কম হোৱাৰ কাৰণে যোৱাবাৰো খেতি নষ্ট হ'ল। আমাৰ পাঁচ একৰ মাটিৰ পৰা মই প্ৰতিবাৰেই ৮-১০ কুইণ্টল শস্য পাও। কিন্তু এইবাৰ দুই কুইণ্টলো নাপালো। মাটিখিনি আমাৰ নামত নথকাৰ কাৰণে আমি ক্ষতিপুৰণো নাপালো।' নাচিক জিলাৰ পেইণ্ট তালুকৰ নিৰগুড়ে কৰঞ্জলি গাঁৱৰ ৬২ বৰ্ষীয় ভীমবাঈয়ে কয়।

শস্য চপোৱাৰ পিছত ভীমবাঈয়ে ৰাগী, মাহৰ দাইল আৰু ৰহৰ খেতি কৰিলেহেঁতেন। এইবাৰ সেয়া নহ'ল। সেয়ে গাঁৱৰ পৰা ৩০-৪০ কিলোমিটাৰ দুৰৰ দেউলালি আৰু সোনগিৰি গাঁৱত তাই আঙুৰ, বিলাহী আৰু পিয়াজ চিঙা  হাজিৰা কৰিবলৈ যায়। 'মই দিনে ১৫০ টকা উপাৰ্জন কৰোঁ আৰু অহা-যোৱা কৰোতে ভাড়া গাড়ীত গাই পতি ৪০ টকা খৰছ হয়। মই উপাৰ্জন কৰোঁ আৰু সেয়া খৰছো হৈ যায়।' তাই হুমুনিয়াহ কাঢ়ে।

Two women farmer
PHOTO • Jyoti Shinoli

খৰাং আৰু জলসিঞ্চনৰ অভাৱত ভীমবাঈ (বাওফালে) আৰু ইন্দুবাঈ (সোঁফালে) খেতিয়কৰ পৰা দিনহাজিৰা কৰা কৃষিশ্ৰমিক হৈ পৰিছে

কৃষকৰ মিচিলত ভাগ ল'বলৈ এইবাৰ ৫৫ বৰ্ষীয় ইন্দুবাঈ পাৱাৰো আহিছে। তাই যোৱাবাৰো আহিছিল। 'আমি পানীৰ সন্ধানত ২-৩ কিলোমিটাৰ বাট খোজকাঢ়ি যাব লাগে। বৰষুণ পাতল হোৱা কাৰণে যোৱাবাৰ মোৰ ৰাগি খেতিখিনি নষ্ট হৈ গ'ল,' তাই কয়। 'এতিয়া খেতিপথাৰত হাজিৰা কৰিয়ে জীৱন যাপন কৰিব লাগিব। পানীৰ কাৰণে এনেদৰে ইমান দুৰ অহা-যোৱা কৰি থাকিলে দিন হাজিৰা কৰিবলৈ কেতিয়া যাম? চৰকাৰে আমাৰ দুখ নেদেখে নেকি?'

পেইণ্ট তালুকৰ পৰা প্ৰায় ২০০ মান কৃষকে এই সপ্তাহৰ আৰম্ভণিৰ ভাগত মিচিলত (এতিয়া প্ৰত্যাহাৰ কৰা হৈছে) ভাগ ল'বলৈ আহিছিল। ভীমবাঈ আৰু ইন্দুবাঈৰ দৰে তেঁওলোকৰ প্ৰায়ভাগেই মহাদেৱ কোলি নামৰ অনুসূচিত জনজাতিৰ লোক। সকলোৱে তেঁওলোকৰ গাঁওবোৰত বৰষুণ কমি অহা আৰু জলসংকটৰ কথাকেই ক'লে।

অক্টোবৰ মাহত মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনৰ ২৬ খন জিলাৰ ১৫১ টা খণ্ডত খৰাংপীড়িত অঞ্চল বুলি ঘোষণা কৰিছিল। তাৰে ১১২ টা খণ্ডত এতিয়া তীব্ৰ খৰাং পৰিছে।

Framers getting in truck.
PHOTO • Jyoti Shinoli

যোৱাবছৰ লংমাৰ্চত ভাগ লোৱা ভিত্থাল চৌধাৰীৱেও কয়, 'আমি কিনো পাইছো? এতিয়া আকৌ খৰাং পৰিবৰ হৈছে!'

ভেডামাল গাঁৱৰ চাহাদু জোগাড়ে কয়, 'আমাৰ গাঁওখন খৰাংপীড়িত বুলি ঘোষণা কৰা হোৱা নাই যদিও যোৱা বছৰতকৈ এইবাৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। পানী পোৱাটো তেনেই দুৰুহ হৈ পৰিছে। আমি পানীৰ কাৰণে বহুদুৰ খোজকাঢ়ি যাবলগীয়া হয়। তথাপি চৰকাৰে ভ্ৰূক্ষেপ নকৰে।'

তেঁওৰ গাঁৱৰ খেতিয়কসকলে গৰু-ছাগলীৰ কাৰণে ঘাঁহ আৰু পানী বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। জীৱ-জন্তুৱে কথা ক'ব নোৱাৰে। নিজৰ অধিকাৰৰ কাৰণে যুঁজ দিবও নোৱাৰে। আমাৰ গাঁৱৰ আশে-পাশে ক'তো পশুখাদ্যৰ শিবিৰ নাই। গৰু-মহ, ছাগলী সকলোকে পানী লাগে। আমি ক'ৰপৰা আনিম?

তিলভাত গাঁৱৰ ভিত্থাল চৌধাৰীয়েও খৰাঙৰ বিষয়ে ক'লে। 'একোৱে বাকী ৰোৱা নাই। শস্যবোৰ মৰহি গ'ল। খাবলৈও পানী নাই।' ভাল দিনত ভিত্থালে তেঁওৰ পাঁচ একৰ মাটিত ধান, মাহৰ দাইল আৰু চানা দাইলৰ খেতি কৰিছিল।

'মই ইয়ালৈ যোৱাবাৰো আহিছিলো। চৰকাৰে আমাৰ দাবীবোৰ ছমাহতে পূৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল।' তেঁও কয়। 'বছৰ পাৰ হৈ গ'ল। কিন্তু আমি কিনো পাইছো? এতিয়া আকৌ খৰাং পৰিবৰ হৈছে।'

ভিত্থালে ২০ ফেব্ৰুৱাৰীত তিলভাতত থকা ঘৰ এৰিছিল, ২০০ কিলোমিটাৰ নিলগৰ মুম্বাইলৈ যাবলৈ মন বান্ধিছিল। নাচিকৰ যি ঠাইত তেঁওলোক ৰাতিটোৰ বাবে ৰৈছিল, তাতেই তেঁওৰ চশমাজোৰ হেৰাল। 'মই চশমা নহলে দিনত খুব কম দেখো, ৰাতি খোজ কাঢ়িবলৈ লগত এজন লাগে। কিন্তু চৰকাৰখনে কি মোৰ দৰেই কম দেখে নেকি? আমাৰ জীৱন সংগ্ৰাম তেঁওলোকৰ চকুত নপৰে নেকি?'

পুনশ্চঃ ২১ ফেব্ৰুৱাৰীৰ দিনা নিশা মিচিলৰ আয়োজক সৰ্বভাৰতীয় কিষাণ সভাই চৰকাৰী প্ৰতিনিধিৰ সৈতে পাঁচ ঘণ্টাজোৰা আলোচনাৰ অন্তত প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে৷ চৰকাৰে কৃষকৰ সকলো দাবী পুৰণ কৰিব বুলি লিখিত অংগীকাৰ কৰাৰ পিছত কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হয়৷ ‘আমি নিৰ্ধাৰিত সময়সূচীৰ ভিতৰত প্ৰতিটো সমস্যা সমাধান কৰিম আৰু প্ৰতি দুমাহৰ মুৰে মুৰে অগ্ৰগতিৰ খতিয়ান ৰখাৰ কাৰণে বৈঠক পাতিম,’ জলসম্পদৰ ৰাজ্যিক মন্ত্ৰী গিৰিশ মহাজনে প্ৰতিবাদী দলটোক উদ্দ্যেশী ঘোষণা কৰিলে৷ ‘আপোনালোকে (কৃষক আৰু কৃষিশ্ৰমিক) মুম্বাইলৈ এনেদৰে মুৰৰ ঘাম মাটিত পেলাই আহিবলগীয়া নহয়৷ এই চৰকাৰ হৈছে জনতাৰ কথা শুনা চৰকাৰ৷ আপোনালোকে দুনাইবাৰ যাতে এনেদৰে মৰ্চা উলিয়াবলগা নহয় তাৰ বাবে আমি আমাৰ প্ৰতিশ্ৰুতিসমূহ বাস্তবায়িত কৰিম৷’

অনুবাদঃ পংকজ দাস

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das