html ‘এইখন নৰকত মই দশকজুৰি আছো’

"সুৰক্ষা কবচ পিন্ধিলে তোমাক একেবাৰে মহাকাশচাৰী যেনেই লাগিব, পৌৰনিগমৰ এজন বিষয়াই মোক কৈছিল," কুইম্বটৰৰ পৌৰনিগমৰ চাফাই কৰ্মী হিচাপে কাম কৰা ৬০ বৰ্ষীয় মণিয়ে কয়, তেওঁ নলা-নৰ্দমা, মানৱ মল-মূত্ৰৰ মাজত সোমাই সেয়া চাফা কৰে "ছাৰ, আপুনি প্ৰথমে এয়া চেষ্টা কৰক, তাৰ পিছত মই নিশ্চয় অনুসৰণ কৰিম," তেওঁ বিনম্ৰতাৰে কয়।

মণিয়ে (তেওঁ প্ৰথম নামটোৱে কয়) কৈ গ'ল, "ভাৰতত, যদিহে কোনো বিষয়াই সুৰক্ষা কবচ আৰু অক্সিজেন মুখা পিন্ধি এটা মেনহোল বা নৰ্দমাত সোমাবলৈ কয়, তেন্তে জানিব যে তেওঁ অজ্ঞ অথবা এনেয়ে কথাৰ মহলা মাৰিছে, কিয়নো টেংকীৰ ভিতৰত লৰচৰ কৰিবলৈ ঠাই অকণো নাথাকে। আমি ভিতৰলৈ অন্তৰ্বাস পিন্ধিয়ে সোমাব লাগে। সিহতে আমাক মুৰ্খ সজাব বিচাৰে। সিহতে কেতিয়াও নাভাবে যে সেই মল-মূত্ৰৰ মাজত আমাৰ গোটেই দেহটো সোমাই যায়, সিহতৰ মতে আমাৰ জাতিটোৱে এই কামটো কৰাৰ বাবেই জন্ম।"

তথাপিও বহুবছৰৰ অভিজ্ঞতাৰে পুষ্ট মণিয়ে তেওঁৰ দক্ষতাক লৈ গৌৰৱবোধ কৰে। কেনেদৰে সেই মেনহোলত সোমাব লাগে আৰু সেই মাৰাত্মক গেছৰপৰা বাচিব লাগে সেইবিষয়ে তেওঁ অইন চাফাই কৰ্মীক শিকায়। "আজিৰ দিনত প্ৰত্যেকেই আমাক শিকাব বিচাৰে," তেওঁ কয়, "কিন্তু সমস্যাবোৰ আন যিকোনো লোকতকৈ ভালদৰে জানো।" মৃত্যু ৰোধ কৰিবলৈ হ'লে চৰকাৰে নৰ্দমাৰ প্ৰণালী আৰু মেনহোলবিলাক আধুনিকীকৰণ কৰিব লাগিব। বাকী সকলো কথা মিছা।"

মণিৰ শৈশৱকালত তেওঁৰ পিতৃ চাব্বান আৰু মাতৃ পন্নিয়ে কুইম্বটোৰৰ এখন চৰকাৰী হস্পিতালত চাফাই কৰ্মী হিচাপে কাম কৰিছিল। "আমি হস্পিতালৰ চৌহদতে থাকিছিলো," তেওঁ মনত কৰে। "স্কুল ছুটি হলেই মই পোনে পোনে হস্পিতাললৈ গৈ ইচিজি, এক্সৰে আৰু পোষ্টমৰ্টেমৰ কামত সহায় কৰি দিছিলো। তেওঁলোকে মোক সেই কামৰ বাবে ১৯৬০ৰ সেই দিনবোৰত ৫-১০ পইছা প্ৰতিদিন দিছিল। মই ৮ম শ্ৰেণীত পঢ়া সামৰি এজন চাফাইৱালাৰ কাম কৰিবলৈ ল'লো।"

চাক্কিলিয়াৰ জাতিৰ মণি এগৰাকী দলিত। দক্ষিণ ভাৰতত চাফাই কাম কৰা লোকক সাধাৰণতে ঠাট্টাসূচক শব্দ থোটি বুলি স্কুলত শিক্ষক আৰু সমনীয়াই জোকোৱা বাবেই তেওঁ স্কুল এৰিছিল। তদুপৰি তেওঁক স্কুলত একাষৰীয়াকৈ বহিবলৈ দিয়া হৈছিল। "মই মৃতদেহ আৰু মল-মূত্ৰ চাফা কৰা হেতুকে মোক সিহতে ঠাট্টা-মস্কৰা কৰিছিল। শিক্ষকে মোক শ্ৰেণীকোঠাৰ বাহিৰত বহিবলৈ কৈছিল," মণিয়ে কয়।

মণিৰ পত্নি নাগাম্মাই জিলা প্ৰাথমিক শিক্ষা কাৰ্যালয়ত চুইপাৰৰ কাম কৰে। তাতে তেওঁ মাহে ১৫ হাজাৰমান পায়। তেওঁৰ পিতৃ নেছায়াৰ আৰু মাতৃ কিৰুবাও চাফাই কৰ্মী হিচাপেই কাম কৰিছিল, তেওঁ কয়। "মই চেইণ্ট মেৰী স্কুলত ৬ম মানলৈ পঢ়িলো। সেইখন আছিল এখন মিছনেৰী স্কুল, সেয়ে মই কোনোধৰণৰ ভেদাভেদৰ সমুখীন হোৱা নাছিলো। কিন্তু বাহিৰৰ পৃথিৱীখনত মই অস্পৃশ্য আছিলো। খ্ৰীষ্টিয়ান হোৱা হেতুকে মই সংৰক্ষণো পোৱা নাছিলো, সেয়ে পৌৰ নিগমত কোনো কামো পোৱা নাছিলো। মই কম বয়সতে বিয়া হৈ এম নাগাম্মা নামটো পালো আৰু এই নামটো হিন্দু নাম যেন লগা হেতুকে এই চৰকাৰী কামটো (চুইপাৰ হিচাপে) পালো," নাগাম্মাই ৩০ বছৰ ধৰি চুইপাৰ কাম কৰি আহিছে আৰু ২০২০ চনত অৱসৰ ল'ব।

মণিয়ে ২৭ বছৰ বয়সৰপৰাই এই কাম কৰি আহিছে আৰু এতিয়া বৃদ্ধ হৈ পৰা মণিৰ উপাৰ্জন ১৬ হাজাৰমান হয়। ইয়াৰ আগেয়ে তেওঁ চুক্তিবদ্ধ শ্ৰমিক হিচাপে কাম কৰিছিল। "এই সমগ্ৰ কালছোৱাত মই মোৰ দেহটো সেই মল-মূত্ৰৰ মাজত এৰি দিছো। কিন্তু আৰম্ভণিতে আটাইবোৰ কাপোৰ খুলি কেৱল অন্তৰ্বাসেৰে সেই নলা-নৰ্দমাত নমাটো মোৰ বাবে খুব কঠিন আছিল। ৰাস্তাত নাঙঠ হৈ থিয় দি থকাৰ কথাটোক লৈ মই এবছৰলৈ মই লাজো পাইছিলো। অৱশ্যে সময় আৰু দুৰ্দিনেই আটাইতকৈ ভাল শিক্ষক। আমাৰ জাতিটোৱে আমাৰ ভাগ্য, আমাৰ কপালতে এয়া লিখা আছে। আপুনি যদি থটি হৈ জন্ম লৈছে, তেন্তে মল-মূত্ৰৰ মাজতেই আপুনি ডুবি থাকিব লাগিব। সমাজে আপোনাক তেনে কৰিবলৈ বাধ্য কৰিব। এই কপালৰ লিখন খণ্ডাবলৈ হ'লে আপোনাক দৃঢ় মনোবল আৰু পৰিয়ালৰ সমৰ্থন লাগিব। আমি তাৰপৰা পৰিত্ৰাণ নাপালো, কিন্তু আমি আমাৰ সন্তানৰ বাবে বাট মুকলি কৰিছো।"

মণি আৰু নাগাম্মাই তেওঁলোকৰ প্ৰজন্মৰ লগতে জাতিগত জীৱিকাৰ অন্ত পেলাব বিচাৰিছে। তেওঁলোক নিশ্চিত যে তেওঁলোকৰ পিছত সন্তানক সেই একেই বৈষম্যতাৰ চিকাৰ হোৱা তেওঁলোকে নেদেখে। "মোৰ সপোন এটাই আছিল যে মোৰ সন্তানে এই কদৰ্যতাৰপৰা, সেই মাৰাত্মক গেছৰবোৰৰ পৰা আঁতৰি আহিব পাৰিব," মণিয়ে কয়। "মোৰ পত্নি আৰু মই এই সপোনটো বাস্তবায়িত কৰাৰ বাবে সংগ্ৰাম কৰিছো।" তেওঁলোকৰ জীয়ৰী তুলচিৰ বিয়া হৈছে আৰু এগৰাকী পণ্য নিয়ন্ত্ৰণ ব্যৱস্থাপক হিচাপে এটা কাপোৰৰ কোম্পানীত কাম কৰে। আনহাতে তেওঁৰ লৰাটোৱে এটা ব্যক্তিগত খণ্ডৰ কোম্পানীত কাম কৰে।

ভিডিঅ চাওকঃ পত্নি নাগাম্মাৰ সৈতে মণিয়ে তেওঁলোকৰ কাম আৰু জাতিৰ ওপৰত থকা কালিমাৰ কথা পাতিছে 

মণিয়ে মেনহোলত সোমোৱাৰ আগতেই মেনহোলটোৰ ভিতৰখন কেনে হ'ব পাৰে সেই সম্পৰ্কে ধাৰণা কৰি লয়। পিছদিনা ৰাতিপুৱা তেওঁক জিলা মহকুমাধিপতিৰ কাৰ্যালয়ৰ কাষৰ এটা অৱৰুদ্ধ নলালৈ মাতিলে। তেওঁ এখন ট্ৰাকৰ পিছফালে গ'ল আৰু কেৱল অন্তৰ্বাসটো পিন্ধি ওলাই আহিল। তাৰপিছত হাঁহি মাৰি ক'লে, "এনেদৰেই মই এই নৰকখনত দশকজুৰি সোমাই আহিছো, কিন্তু প্ৰত্যেকবাৰেই মোৰ মনত এটাই ভয়- মই জীৱিত অৱস্থাত ওলাই আহিম নে নাই। সোমোৱাৰ আগতে মই মোৰ জীয়ৰীজনীৰ মুখখন মনত পেলাও। তাৰপিছতে মই ডুব মাৰো। তাই মোৰ কৱচৰ দৰে। জটিল সময়ত যেতিয়া অৱৰোধ আঁতৰোৱাটো কঠিন হৈ পৰে, মই তাইৰ নাম লও আৰু ওলাই অহাৰ সিদ্ধান্ত লও। এতিয়ালৈ মই ৰক্ষা পৰি আহিছো।"

যাহওক, এপ্ৰিল মাহৰ ১ তাৰিখৰ পৰা জুলাইৰ ১০ তাৰিখলৈ ৩৯ গৰাকী চাফাই কৰ্মীয়ে নলা-নৰ্দমাৰ কামত আৰু চেপটিক টেংকীৰ ভিতৰত প্ৰাণ হেৰুৱাইছে। এই তথ্য প্ৰকাশ পাইছে দেশত মেনুৱেল চাফাই কৰ্মৰ পৰম্পৰা নাইকিয়া কৰিবলৈ সামূহিক আন্দোলনৰ গুৰি ধৰোতা চাফাই কৰ্মচাৰী আন্দোলনৰ তৰফৰপৰা সাংসদসকলৰ হাতত দাখিল কৰা প্ৰতিবেদনত।

মণিয়ে মেনহোলত সোমোৱাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে অইন চাফাই কৰ্মীয়ে সেয়া খুলিছে আৰু বিষাক্ত গেছৰ উপস্থিতি পৰীক্ষা কৰাৰ বাবে দিয়াশলাইৰ এডাল কাঠি জ্বলাই চাইছে। তেওঁলোকে সেউজ সংকেত দিয়াৰ পিছত মণিয়ে ভিতৰত সোমাইছে আৰু অদৃশ্য হৈ গৈছে।

তেওঁ জীৱন্তে ওলাই নাহিলে কি হ'ব? অইন চাফাই কৰ্মীক তেনেই শান্ত থকা যেন দেখা গৈছে। সিহতৰ কাৰণে সেয়া এক স্বাভাৱিক ব্যৱসায়। নাগাম্মাই কৈ থকা শুনিলো, "প্ৰত্যেক দিনাই মই ভয়ত জীৱন কটাও। ইমান চাপৰ মাজত স্বাভাৱিক জীৱন এটা কটোৱাটো অতিকৈ কষ্টকৰ। মণিয়ে প্ৰায় গোটেই দিনটো মদ্যপান কৰে। এই কথা লৈ তেওঁৰ লগত মোৰ কাজিয়াও লাগে, কিন্তু আসক্তি নথকাকৈ এনেধৰণে মানুহৰ মল-মূত্ৰৰ মাজত সোমাই কাম কৰাটো টান। নলা-নৰ্দমাত আৰু চেপটিক টেংকত সোমাই কাৰোবাৰ মৃত্যু ঘটা বুলি মই শুনিলে বহুত দুখ পাও। মই জানো যে ডুব মৰাজন কাৰোবাৰ স্বামী হ'ব। আমাৰ জাতিটোক কোনেও মানুহৰ শাৰীত নধৰে। আমি জাতিৰ এই কলংক লৈয়েই জীয়াই থাকিব লাগিব।"

কিছু সময়ৰ পিছতে মণিয়ে সেই মেনহোলৰপৰা ওলাই আহিল। তেওঁৰ গোটেই দেহটোত বোকামাটি, আৱৰ্জনা আৰু মল-মূত্ৰ লাগি আহিছে। তেওঁ হাতেৰে মুখখন চাফা কৰাত চকুকেইটা দেখা হ'ল। "এইবাৰ মই বৰ ভাগ্যৱান," তেওঁ কয়।

ফটোবোৰঃ ভাষা সিং

অনুবাদকঃ ৰশ্মি ৰেখা দাস 

Translated by: Rashmi Rekha Das

Bhasha Singh

Bhasha Singh is an independent journalist and writer, and 2017 PARI Fellow. Her book on manual scavenging, ‘Adrishya Bharat’, (Hindi) was published in 2012 (‘Unseen’ in English, 2014) by Penguin. Her journalism has focused on agrarian distress in north India, the politics and ground realities of nuclear plants, and the Dalit, gender and minority rights.

Other stories by Bhasha Singh