এইবাৰ দেৱালীত শ্ৰীকাকুলাম পৰদেশমে প্ৰায় ১০ৰ পৰা ১২ হাজাৰ মাটিৰ চাকি বনাইছে। এই সপ্তাহত উদযাপিত হ’বলগীয়া দীপান্বিতা উৎসৱৰ কাৰণে ৯২ বছৰ বয়সীয়া এইগৰাকী শিল্পীয়ে এমাহ আগৰে পৰা চাকি বনোৱা আৰম্ভ কৰিছিল। প্ৰতিদিনে পুৱা চাহ একাপ খাই তেওঁ চাকি বনোৱা আৰম্ভ কৰে আৰু ৰাতি দেৰিলৈকে কাম কৰে। মাজত অলপহে জিৰণি লয়।

অক্টোবৰৰ আৰম্ভণিৰ ভাগত পৰদেশমে সৰু এডাল গছা বনাবলৈ চেষ্টা কৰিছিল। “গছা থকা চাকি বনাবলৈ অকণমান টান”, তেওঁ কয়। “গছাডালৰ গাটো কিমান মোটা হ’ব লাগিব, সেয়া জনা দৰকাৰ।” সেই গছাডালে তেলেৰে ভৰ্তি কাপটো পৰি নোযোৱাকৈ ধৰি ৰাখিব পাৰিব লাগিব, তেল যাতে ওলাই আহি শলিতাডাল নুমুৱাই নেপেলায়। এনেকুৱা এডাল গছা সাজি উলিয়াবলৈ তেওঁক পাঁচ মিনিট সময় লাগে। সাধাৰণ এডাল বনাবলৈ অৱশ্যে তেওঁক দুই মিনিটহে লাগে। কিন্তু গ্ৰাহক নেহেৰুৱাবলৈ তেওঁ ৩ টকাত বিক্ৰী কৰা সাধাৰণ চাকিতকৈ এটকা বেছি দামত সেই চাকিগছা বিক্ৰী কৰে।

পৰদেশমৰ আগ্ৰহ আৰু উৎসুকতাৰ কাৰণেই বিশাখাপট্টনমৰ কুম্মাৰিবিধি (কুমাৰ পথ)ত যোৱা আঠটা দশকৰো অধিক কাল কুমাৰৰ চকা স্তব্ধ হৈ যোৱা নাই। এই দীৰ্ঘকাল দেৱালীৰ সময়ত হাজাৰ হাজাৰ মানুহৰ ঘৰ তেওঁৰ চাকিয়ে পোহৰাই তুলিছে। “হাত, হাতৰ পাক আৰু এটা চকা - এইকেইটাৰেই আকাৰহীন মাটিয়ে আকাৰ লয়। ই এক কলা,” নব্বৈৰ ঊধৰ্বৰ পৰদেশমে কয়। তেওঁ তেওঁৰ পৰিয়ালটোৰ লগতে থাকে আৰু কাণেৰে ভালকৈ নুশুনে কাৰণে বেছি বাহিৰত ঘুৰা-ফুৰা কৰি নাথাকে।

কুম্মাৰিবিধি হৈছে বিশাখাপট্টনম চহৰৰ অক্ষয়াপালেমৰ ব্যস্ত বজাৰ এলেকাৰ কাষৰে এটা ঠেক ৰাস্তা। এই ৰাস্তাটোৰ কাষৰ মানুহখিনিৰ প্ৰায়ভাগেই কুম্মাৰা - পাৰম্পৰিকভাৱে মূৰ্তিকে ধৰি মাটিৰ বিভিন্ন সামগ্ৰী সজা কুমাৰ সম্প্ৰদায়ৰ লোক। পৰদেশমৰ আজোককাকে বিশাখাপট্টনম জিলাৰ পদ্মনাভান মণ্ডলৰ পটনুৰু গাঁৱৰ পৰা চহৰলৈ প্ৰব্ৰজন কৰি আহিছিল। শৈশৱত তেওঁ দেখিছিল এই ৰাস্তাটোৰ কাষৰ ৩০ টা কুম্মাৰা পৰিয়ালে চাকি, গছৰ পুলিৰ টাব, পিগি বেংক, মাটিৰ পাত্ৰ, কাপ আৰু প্ৰতিমাকে ধৰি বিভিন্ন মাটিৰ সামগ্ৰী সাজিছিল।

আজিৰ তাৰিখত বিশাখাপট্টনমৰ সেই ঠাই, যিটোক কুমাৰৰ ঘৰ বুলি কোৱা হয়, তাত কেৱল পৰদেশমেই চাকি বনোৱা শেষজন শিল্পী। আন কুমাৰ পৰিয়ালে বাকী সামগ্ৰী এৰি মূৰ্তি বনোৱা আৰম্ভ কৰিলে, বা কুমাৰৰ কাম একেবাৰে এৰি পেলালে। এটা দশক আগতে তেওঁ নিজেও উৎসৱৰ কাৰণে মূৰ্তি বনাইছিল যদিও লাহে লাহে সেই কাম এৰিলে। মূৰ্তি বনোৱাটো শাৰীৰিক কষ্টৰ কাম আৰু মাটিত এনেকৈ ঘণ্টাৰ পিছত ঘণ্টা তেওঁ বহি থাকিব নোৱাৰা হ’ল বুলি আমাক কয়।

Paradesam is the only diya maker on Kummari Veedhi (potters' street) in Visakhapatnam He starts after Vinayak Chaturthi and his diyas are ready by Diwali
PHOTO • Amrutha Kosuru
Paradesam is the only diya maker on Kummari Veedhi (potters' street) in Visakhapatnam He starts after Vinayak Chaturthi and his diyas are ready by Diwali
PHOTO • Amrutha Kosuru

বাওঁফালে: বিশাখাপট্টনমৰ কুম্মাৰিবিধিত পৰদেশমেই একমাত্ৰ চাকি নিৰ্মাতা। বিনায়ক চতুৰ্থীৰ পিছৰেপৰা তেওঁ কাম আৰম্ভ কৰে আৰু দেৱালীলৈ তেওঁৰ চাকিবোৰ সাজু হৈ উঠে

Paradesam made a 1,000 flowerpots (in the foreground) on order and was paid Rs. 3 for each. These are used to make a firecracker by the same name.
PHOTO • Amrutha Kosuru
Different kinds of pots are piled up outside his home in Kummari Veedhi (potters' street)
PHOTO • Amrutha Kosuru

বাওঁফালে: অৰ্ডাৰ পোৱাৰ পিছত পৰদেশমে ১,০০০ টা ফ্লাৱাৰপট বনাইছিল আৰু এটাত তিনি টকাকৈ পাইছিল। একে নামেৰে ফটকা বনোৱাত এই পট ব্যৱহাৰ হয়। সোঁফালে: কুম্মাৰিবিধি (কুমাৰ পথ)ৰ তেওঁৰ ঘৰৰ সন্মুখত বিভিন্ন ধৰণৰ চাকি দ’ম কৰি থোৱা আছে

সেয়ে আজিকালি পৰদেশমে বিনায়ক (গণেশ) চতুৰ্থী শেষ হোৱালৈ বাট চায়, যাতে তেওঁ চাকি বনোৱা আৰম্ভ কৰিব পাৰে। “এই চাকি বনোৱা কামটো কৰি কিয় ভাল পাও নাজানো। কিন্তু মই কৰোঁ। মাটিৰ গোন্ধটোৱে চাগে মোক আকৰ্ষিত কৰে,” ঘৰৰ কাষৰ বাটটোৰ অস্থায়ী তেওঁৰ কৰ্মশালাটোত কাম কৰি থকাৰ সময়ত তেওঁ কয়। কোঠাটো মাটিৰ দ’ম, ভগা পাত্ৰ, মূৰ্তি আৰু পানী থোৱা ড্ৰামেৰে ভৰি আছে।

শৈশৱত পৰদেশমে ঘৰ সজাবলৈ ব্যৱহাৰ কৰা সৰু চাকি বনোৱা শিকিছিল দেউতাকৰ পৰা। তেওঁ সাধাৰণ আৰু সৌন্দৰ্য্যবৰ্ধক চাকি, ফুলৰ টাব, মানি বেংক আৰু বিনায়ক চতুৰ্থীৰ কাৰণে গণেশৰ মূৰ্তি আৰু ফটকা উদ্যোগত ব্যৱহৃত ফ্লাৱাৰপট নামে এবিধ মাটিৰ পাত্ৰ বনায়, যিটোৰ নামেৰে ফটকা এটাও আছে। তেওঁক এইবাৰ ১,০০০ টা ফ্লাৱাৰপটৰ অৰ্ডাৰ পাইছিল আৰু প্ৰতিটোত ৩ টকাকৈ পাইছে।

কুশলী পৰদেশমে দেৱালীৰ আগে আগে এদিনত প্ৰায় ৫০০ চাকি বা ফ্লাৱাৰপট বনাব পাৰে। তেওঁ কয় যে কাঠৰ জুইত দিওতে বা পিছত মিহি কৰোতে তেওঁৰ প্ৰায় তিনিটা চাকিৰ মাত্ৰ এটামানহে ভাঙে বা ফাঁট মেলে। আজিকালি মাটিৰ গুণ কমিল বুলি কুমাৰসকলে কয়।

পৰদেশমৰ পুত্ৰ শ্ৰীনিবাস ৰাও আৰু বোৱাৰী সত্যৱতীয়ে চিজনৰ সময়ত সহায় কৰি দিয়ে। পৰিয়ালটোৱে উৎসৱৰ বতৰত, জুলাই-অক্টোবৰত প্ৰায় ৭৫,০০০ টকা উপাৰ্জন কৰে। বছৰটোৰ বাকীখিনি সময়চত কুমাৰৰ সংখ্যা কম, বিক্ৰী প্ৰায় নাই বুলিবই পাৰি। এইখিনি সময়ত শ্ৰীনিবাস যিখন স্কুলত কাম কৰে, তাৰ পৰা অহা মাহে ১০ হাজাৰ টকাৰে পৰিয়ালটো চলে।

যোৱাবছৰ দেৱালীত ক’ভিডে কেণা লগাইছিল, তেওঁলোকে কেৱল ৩,০০০-৪,০০০ টকাৰ চাকি বিক্ৰী কৰিব পাৰিছিল আৰু ফ্লাৱাৰপটৰো অৰ্ডাৰ অহা নাছিল। “আজিকালি কোনেও এই সাধাৰণ মাটিৰ চাকি নিবিচাৰে,” দেৱালীৰ আগত চাহিদা বাঢ়িব বুলি আশা পালি থকা পৰদেশমে পাৰিৰ সৈতে কথা পতাৰ সময়ত কৈছিল। “সিহঁতে (ক্ৰেতাক) মেচিনত বনোৱা ডিজাইন থকা চাকি বিচাৰে,” ক্ষুদ্ৰ উদ্যোগত ডাই-কাষ্ট ম’ল্ডত দি বনোৱা ডিজাইন থকা চাকিৰ প্ৰসংগ উলিয়াই তেওঁ কয়। কুম্মাৰিবিধিৰ বহুতো কুমাৰ পৰিয়ালে ৩-৪ টকাত এই ডিজাইন থকা চাকি কিনি আনি ৫-৬ টকাত বিক্ৰী কৰে।

প্ৰতিযোগিতা থকা স্বত্ত্বেও পৰদেশমৰ মনটো এটা কথাই উজ্বলাই তোলে, তেওঁ কয়, “মোৰ নাতিনীজনীয়ে এই মাটিৰ চাকি বৰ ভাল পায়, সেয়ে মই এই চাকি বনাও।”

The kiln in Kummara Veedhi is used by many potter families.
PHOTO • Amrutha Kosuru
Machine-made diyas washed and kept to dry outside a house in the same locality
PHOTO • Amrutha Kosuru

বাওঁফালে: কুম্মাৰিবিধিৰ ভাতীটো বহু কুমাৰ পৰিয়ালে ব্যৱহাৰ কৰে। সোঁফালে: একেটা চুবুৰীৰে এটাইত মেচিনত বনোৱা চাকিবোৰ ধুই শুকাবলৈ দিয়া হৈছে

On a rainy day, Paradesam moves to a makeshift room behind his home and continues spinning out diyas
PHOTO • Amrutha Kosuru

বৰষুণৰ দিনত পৰদেশমে তেওঁ ঘৰৰ পিছফালে থকা প্লাষ্টিকৰ চালি দিয়া ঠাইখিনিলৈ কাম স্থানান্তৰ কৰে

কুমাৰিবিধিৰ মাত্ৰ কেইটামান পৰিয়ালহে এতিয়া এই কামত জৰিত আৰু প্ৰতিবছৰে বিনায়ক চতুৰ্থী অহাৰ আগে আগে বেপাৰীৰ পৰা মাটি কিনে। একেলগে তেওঁলোকে পাঁচ টনমান মাটি থকা এক ট্ৰাক মাটি কিনে; তাত তেওঁলোকে বোকাৰ কাৰণে ১৫ হাজাৰ টকা আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়ানগৰম জিলাৰ নিৰ্দিষ্ট কেতবোৰ স্থানৰ পৰা সেই মাটি পৰিবহন কৰি অনাৰ বাবে ১০ হাজাৰ টকা দিয়ে। বিশেষ ধৰণৰ আঠালেতীয়া জিংকামাট্টিৰ পৰাহে মাটিৰ সামগ্ৰী আৰু মূৰ্তি আদি বনাব পাৰি।

পৰদেশমৰ পৰিয়ালে প্ৰায় ১,০০০ কিলোগ্ৰাম মাটি কিনে। দেৱালীৰ এসপ্তাহ আগলৈকে তেওঁৰ ঘৰৰ বাহিৰত ডাঙৰ মোনাত এতিয়াও সেই মাটি থোৱা আছে। ডাঠ ৰঙচুৱা মাটিখিনি শুকাই আছে আৰু পানীৰ সঠিক পৰিমাণেৰে সেয়া লাহে লাহে আঠালেতীয়া কৰি তুলিবলগীয়া হয়। তাৰপিছত মাটিখিনি ভৰিৰে গছকি মাৰি মাৰি তাক ভালদৰে সংমিশ্ৰণ কৰা হয়। এই কাম বৰ টান, শিলবোৰ ভৰিত লাগে।

মাটিখিনি সঠিক ৰূপ পালে মূল শিল্পীজনে কাঠৰ গধুৰ চকাটো আনে আৰু এচুকত এডাল ষ্টেণ্ডত বহুৱাই লয়। তাৰপিছত তেওঁ খালি ৰঙৰ ডাব্বা এটাত কাপোৰ এখন পাৰি লয় আৰু সেইটোকে মূঢ়া সজাই বহে।

কুম্মাৰিবিধিৰ আনবোৰৰ দৰে পৰদেশমৰ চকাটোও হাতেৰে ঘূৰোৱা চকা। বিজুলেৰে চলা চকাৰ কথা তেওঁ শুনিছে যদিও সেয়া কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, তাকে লৈ তেওঁ অনিশ্চিত। “পাত্ৰ আৰু চাকি ভেদে চকাৰ গতি ভিন্ন হ’ব লাগে,” তেওঁ আঙুলিয়াই দি কয়।

চকাটোৰ কেন্দ্ৰভাগত এমুঠি ভিজা মাটি দি তেওঁৰ হাতৰ কাম আৰম্ভ হয়, কিন্তু কোমলতাৰে অথচ দৃঢ়তাকে তেওঁ হাতখন সেই মাটিৰ ভিতৰত সোমাই পৰে আৰু তাক লাহে লাহে চাকিৰ আকাৰ দিবলৈ ধৰে। এক মিটাৰমান ব্যাসৰ চকাটো ঘূৰিবলৈ ধৰাৰ লগে লগে মাটিৰ গোন্ধ বতাহত মিহলি হৈ যায়। গতি একে থাকিবলৈ তেওঁ মাজে মাজে কাঠৰ মাৰিডালেৰে সেইটো ঘূৰাই থাকে। “মই এতিয়া বুঢ়া হ’লো। আগৰ দৰে বল নাই,” পৰদেশমে কয়। চাকিটোৱে আকাৰ লোৱাৰ পিছত যেতিয়া টান হৈ পৰে, কুমাৰে সাধাৰণতে এডাল সূতাৰে সেইটো চলন্ত চকাটোৰ পৰা পৃথক কৰে।

চকাৰ পৰা উলিয়াই অনাৰ পিছত তেওঁ চাকি বা ফ্লাৱাৰপটটোক সাৱধানে কাঠৰ টুকুৰা এটাৰ ওপৰত সুন্দৰকৈ সজাই লয়। মাটিৰ সামগ্ৰীবোৰ ৩-৪ দিনৰ বাবে ছাঁত শুকুৱাব লাগে। এবাৰ শুকোৱাৰ পিছত সেয়া ভাতীত দি দুদিনৰ বাবে পোৰা হয়। জুলাইৰ পৰা অক্টোবৰত ভাতী প্ৰতি ২-৩ সপ্তাহৰ অন্তৰে অন্তৰে জ্বলোৱা হয় (বিনায়ক চতুৰ্থী, দশেৰা আৰু দেৱালীৰ কাৰণে)। বছৰটোৰ বাকীখিনি সময়ত কাচিৎহে মাহত এবাৰ ভাতীত জুই দিয়া হয়।

Left: The wooden potters' wheel is heavy for the 92-year-old potter to spin, so he uses a long wooden stick (right) to turn the wheel and maintain momentum
PHOTO • Amrutha Kosuru
Left: The wooden potters' wheel is heavy for the 92-year-old potter to spin, so he uses a long wooden stick (right) to turn the wheel and maintain momentum
PHOTO • Amrutha Kosuru

বাওঁফালে: ৯২ বছৰ বয়সীয়া কুমাৰ পৰদেশমৰ কাৰণে কাঠৰ চকাটো ঘূৰোৱা কামটো টান, সেয়ে তেওঁ কাঠৰ মাৰি এডাল ব্যৱহাৰ কৰি চকাটোৰ গতি নিয়ন্ত্ৰিত কৰে

Paradesam is not alone – a few kittens area always around him, darting in and out of the wheel.
PHOTO • Amrutha Kosuru
His neighbour and friend, Uppari Gauri Shankar in his house.
PHOTO • Amrutha Kosuru

বাওঁফালে: পৰদেশমে অকেলনো ক’ত কাম কৰে, সংগ দিবলৈ কেইটামান মেকুৰী পোৱালী খেলি ফুৰিছে। সোঁফালে: তেওঁৰ চুবুৰীয়া বন্ধু, উপ্পাৰা গোৰী শংকৰ তেওঁৰ ঘৰত

দেৱালীৰ আগে আগে ভাৰতৰ পূৱ উপকূলত হোৱা বৰ্ষান্তৰ বৰষুণে তেওঁৰ কাম লেহেমীয়া নকৰে। বৰষুণ দিলে পৰদেশমে ঘৰৰ পিছফালে প্লাষ্টিক দি ৰখা ঠেক ঠাইটুকুৰাত গৈ তাতে কাম চলাই যায়। কেইটামান মেকুৰী পোৱালীয়ে তেওঁৰ আশে-পাশে খেলি থাকে, ঘূৰি থকা চকাটোৰ কাষত মাটি চটিয়াই ফুৰে। ঘৰৰ পেলনীয়া বয়-বস্তুৰ মাজত খেলে।

পৰদেশমৰ পত্নী পৈৰিটল্লিৰ গা ভাল নহয় আৰু প্ৰায়ভাগ বিচনাতে থাকে। পৰিয়ালটোৰ চাৰিটা সন্তান আছিল, দুজনী ছোৱালী আৰু দুজন ল’ৰা, তাৰে এটা সৰু থাকোতে ঢুকাইছে।

“কেৱল ময়েই এই চাকি বনোৱা কামটো কৰো, ভাবি বেয়া লাগে। গোটেই জীৱনটো ভাবি থাকিলো যে মোৰ ল’ৰাই এই কামটো চলাই যাব,” পৰদেশমে কয়। “চকা কেনেকৈ ঘূৰাব লাগে মই মোৰ ল’ৰাটোক শিকাইছিলো। কিন্তু গণেশৰ মূৰ্তি আৰু চাকি বনোৱাটোৰে ঘৰ নচলে, সেয়ে তেওঁ প্ৰাইভেট স্কুল এখনত পিয়নৰ কাম কৰে।” পৰদেশমৰ এক ডজন হাতেসজা চাকি ২০ টকাত বিক্ৰী হয়, কিন্তু কোনোবাই দৰদাম কৰিলে তেওঁ ১০ টকালৈকে নামে আৰু লাভৰ দুই-এক টকাও হাতৰ পৰা যায়।

“এই সাধাৰণ চাকিবোৰ বনাওতে কিমান কষ্ট, কোনেও বুজি নাপায়,” উপ্পাৰা গৌৰি শংকৰে কয়। কুম্মাৰিবিধিৰ বাসিন্দা ৬৫ বছৰ বয়সীয়া উপ্পাৰা পৰদেশমৰ ঘৰৰ পৰা কেইঘৰমান দূৰৈত থাকে। গোটেই জীৱনটো তেওঁলোকে আশে-পাশেই কটাইছে। গৌৰী শংকৰে মাটিত বহি চকা ঘূৰাব নোৱাৰা হৈছে। “মোৰ পিঠি বিষায় আৰু উঠি অহাটোৱে মস্কিল হৈ পৰে,” তেওঁ কয়।

কেইটামান বছৰ আগলৈকে গৌৰী শংকৰ কয় যে তেওঁৰ পৰিয়ালটোৱে দেৱালীৰ আগে আগে নিজহাতে চাকি সাজিছিল। কিন্তু এই হাতেসজা চাকিৰ দাম ইমান কম পায় যে খৰছখিনিও নোলায়। সেয়ে তেওঁলোকে মাটিৰ চাকি সজা বন্ধ কৰিলে। এইবাৰ তেওঁলোকে মেচিনত সজা ২৫,০০০ চাকি আনিছে, সেয়া বিক্ৰী কৰি কিছু মুনাফা পাব বুলি আশা কৰিছে।

অৱশ্যে তেওঁ মাটিখিনি ভৰিৰে গছকি মাৰি পৰদেশমত সহায় কৰি দিছে। “চাকি বনোৱাৰ এইটো প্ৰথম ঢাপ। তেওঁৰ চকাটো ঘূৰি থকাৰ যি ইচ্ছা, সেই ইচ্ছাত মই কেৱল এই কামটোৰেই  এতিয়া সহায় কৰিব পাৰো,” তেওঁ কয়, লগতে যোগ দিয়ে, “পৰদেশমৰ বয়স হৈছে। প্ৰতি বছৰে এনে লাগে এইটো বছৰেই তেওঁ চাকি বনোৱাৰ অন্তিমটো বছৰ।”

ৰং দে ফেল ’শ্বিপৰ অধীনত পোৱা অনুদানৰ পৰা এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে

অনুবাদ: পংকজ দাস

Amrutha Kosuru

Amrutha Kosuru is a 2022 PARI Fellow. She is a graduate of the Asian College of Journalism and lives in Visakhapatnam.

Other stories by Amrutha Kosuru
Editor : Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das