"এয়া ড্ৰাম নহয়,"- এৰা, এটা ড্ৰামলৈ আঙুলিয়াই দি সবিতাই কয়।

সমুখত দেখা দিয়া হাজাৰ বাধা নেওচি বিহাৰৰ ধিব্ৰা গাঁৱৰ মহিলাৰ এটা দলে এক সুকীয়া জীৱিকা বাচি লৈছে। কৃষি ভুমি কমি অহাৰ লগতে দিনহাজিৰাত নিচেই কম মজুৰী পোৱাৰ দিনতেই তেওঁলোকে হাতত ড্ৰামৰ মাৰি তুলি ল'লে। ১৬ গৰাকী মহিলাই এই যাত্ৰা আৰম্ভ কৰিছিল, কিন্তু পৰিয়ালৰ হেঁচা আৰু শেষ হৈ নহা মানুহৰ কটু কথাৰ ফলত ৬ গৰাকীয়ে বেণ্ড এৰে। দাস উপাধিৰ বাকী ১০ গৰাকীয়ে ২০১২ চনত স্বৰগম মহিলা বেণ্ড নামেৰে ৰাজ্যখনৰ প্ৰথমটো মহিলা বেণ্ডপাৰ্টি খোলে।


ভিডিঅ চাওকঃ মহিলাসৰ্বস্ব স্বৰগম মহিলা বেণ্ডে উত্সাহেৰে বিহাৰৰ ধিব্ৰা গাঁৱত ড্ৰামচ বজাইছে

"এই হাতবোৰ চাওক, এতিয়া আৰু খেতিপথাৰত কাম কৰাৰ সেই আচোৰ নাই। আমাৰ হাতত পইচা আছে। আমাৰ সন্মান আছে। ইয়াতকৈ বেছি আমাক আৰু কি লাগে?" দুই সন্তানৰ মাতৃ ৩৫ বৰ্ষীয় দামিনী দাসে কয়।

সবিতা আৰু দামিনীৰ দৰে স্বৰগম মহিলা বেণ্ডৰ অইন মহিলাসকল হৈছে পঞ্চম, অনিতা, লালতি, সোণা, বিজান্তি, চিত্ৰেখা, ছাতিয়া। এওলোক আটায়ে হৈছে মহাদলিত। বিহাৰত মহাদলিত মানে হৈছে আটাইতকৈ দৰিদ্ৰ আৰু বৈষম্যতাৰ স্বীকাৰ হোৱা এটা জাতি। ৰাজ্যখনৰ ১৮.৫ মিলিয়ন লোকৰ এক তৃতীয়াংশ জনসংখ্যা এঁওলোকৰ। ইয়াৰে প্ৰতিগৰাকী মহিলায়ে পুৰ্বপুৰুষৰ ওপৰত হৈ অহা দমন আৰু নিপীড়নৰ কাহিনী লগত লৈ আহিছে। নিজেও তেওঁলোকে খেতিপথাৰত উচ্চ জাতৰ মহাজনৰ আৰু ঘৰত গিৰীয়েকৰ হিংসা-বিদ্বেষৰ স্বীকাৰ হৈ আহিছে। এওলোক আটাইয়ে দানাপুৰ খণ্ডৰ জমচৌত পঞ্চায়তৰ অন্তৰ্গত ধিব্ৰা গাঁৱৰ।


PHOTO • Puja Awasthi

'প্ৰত্যেকবাৰেই যেতিয়া মই ড্ৰামত মাৰিৰে কোব মাৰো, মোৰ এনে অনুভৱ হয় যেন মই মোক বাধা দিয়া সেই প্ৰাচীৰবোৰ ভাঙি পেলাইছো', বেণ্ডটোৰ মুৰব্বী সবিতাই কয় (মাটিত বহা সোঁফালৰগৰাকী), সোফালেঃ স্বৰগম মহিলা বেণ্ডৰ ভিজিটিং কাৰ্ড

৫০ বৰ্ষীয় চিত্ৰেখে মনত পেলায় যেতিয়া তেওঁ বাহিৰত ওলাব বিচাৰিলেই গিৰীয়েকে হকা-বাধা কৰে। প্ৰতিবাৰেই তেনেকুৱা হয়। "ঘৰৰ কামবোৰ কৰ- তেওঁ মোক সদায় কয়। কেতিয়াবা তেওঁ আকৌ একেচাটে ধেৰ দাবী কৰে। এতিয়া মই ওলাই যাব লাগিলে তেওঁ লৰা-লৰিখন কৰে। কিজানি মোৰ পলমেই হৈ যায়। দিনবোৰ কেনেদৰে যে সলনি হৈ গ'ল," কৈ কৈ তেওঁ হাঁহি দিলে।

এই বেণ্ডপাৰ্টি খোলাৰ ধাৰণাটো তেওঁলোকৰ মনলৈ বেলেগ বেলেগকৈ অহা নাছিল। তেওঁলোক এটা আত্মসহায়ক গোটত আছিল আৰু তেওঁলোকে ক'বৰ দৰে সদায় "একেলগে কাম কৰিছিল।" আৰ্থিক দিশত স্বাৱলম্বী হোৱাৰ বাবে পাপৰ আৰু আচাৰ তৈয়াৰ কৰাৰ পৰিৱৰ্তে আন কিবা কৰাৰ ইচ্ছাৰ বলতেই তেওঁলোকে এইখিনি কৰিছে। নাৰী গুঞ্জন নামৰ পাটনাৰ এটা সংস্থাই দিহা মতে তেওঁলোকে এজন সংগীতৰ শিক্ষকৰ অধীনত সংগীতৰ প্ৰশিক্ষণ লয়। আদিত্য কুমাৰ গুঞ্জন নামৰ শিক্ষকজনে পাটনাৰ পৰা ২০ কিলোমিটাৰ দুৰৈৰ তেওঁলোকক শিকাবলৈ আহে। এনেদৰে ডেৰ বছৰ ধৰি সপ্তাহত এদিনকৈ তেওঁ শিকায়।


PHOTO • Puja Awasthi

পঞ্চম (বাওফালে) আৰু চিত্ৰেখাকে (সোফালে) ধৰি বেণ্ডপাৰ্টিৰ সদস্যসকলৰ বয়স ৩০ ৰপৰা ৫০ বছৰ

৩০ ৰপৰা ৫০ বছৰ বয়সৰ সদস্যসকলৰ বাবে প্ৰাৰম্ভিক মাহবোৰ খুবেই কষ্টকৰ আছিল। গাঁৱৰ মানুহৰ ককৰ্থনা, বিশেষকৈ পুৰুষৰ দৰে হ'ব বিচৰাৰ বাবে ঠাট্টা-মস্কৰাৰ সীমা নাছিল। তাতে আকৌ তেওঁলোকৰ ড্ৰামত দিয়া চাপৰত হাতবোৰ বিষাইছিল আৰু কান্ধত লওতে ড্ৰামৰ পটিবোৰৰ বাবে কান্ধ বিষাইছিল।

এই সুকীয়া ড্ৰামবাদকৰ বিষয়ে ইকাণে-সিকাণে বিয়পি পৰাৰ পিছতেই স্থানীয় উত্সৱ-পাৰ্ৱণত বজোৱাৰ বাবে আমন্ত্ৰণ উপচি পৰে। তেতিয়াৰপৰা তেওঁলোকে ভ্ৰমণ কৰিবলৈ লয়। পাটনাকে ধৰি দাঁতিকাষৰীয়া জিলাবোৰত বজোৱাৰ উপৰিও, উৰিষ্যা আৰু দিল্লীতো বেণ্ডটোৱে প্ৰদৰ্শন ৰাখিছে। ৰাজধানী জিলাৰপৰা আহোতে প্ৰথমবাৰৰ বাবে মেট্ৰো ৰেলত উঠাৰ আনন্দময় অভিজ্ঞতা এতিয়াও পাহৰা নাই।

তেওঁলোকে তেওঁলোকৰ পইছা আৰু কামবোৰ নিজাববীয়াকৈ ব্যৱস্থা কৰে। পইছা সিহতৰ মাজত সমানে ভগাই লয় যদিও কামত যিগৰাকী উপস্থিত নাথাকে তেওঁ পইছা নাপায়। কামৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি অনুশীলন (গাঁৱত অসুবিধা হয় কাৰণে পথাৰত) কৰা হয়। তেওঁলোকৰ ভিজিটিং কাৰ্ড আছে আৰু আচৰণবিধি এখনো আছে। তাতে সকলোকে সকলো সময়তে ভাল পোচাক পৰিধান কৰিবলৈ কোৱা হৈছে আৰু দাম-দৰবোৰ মুৰব্বী সবিতাই কৰে।


PHOTO • Puja Awasthi

গীত-বাদ্যৰ কুশলী এই মহিলাসকলকে এতিয়া সকলো জাতৰ লোকেই বিচাৰে, আনকি তেওঁলোকৰ সুবিধা অনুযায়ী তাৰিখ থিৰ কৰে

এয়াও এক নিয়ম যে প্ৰতিগৰাকী মহিলাই নিজৰ আৰ্জনখিনি নিজৰ লগতে ৰাখিব। "সেয়া কেতিয়াও গিৰীয়েকক নিদিয়ে," তেওঁলোকে দঢ়ায় কয়। ৩২ বৰ্ষীয় অনিতাই কয়, "মই মোৰ ল'ৰা-ছোৱালীৰ পঢ়া-শুনাৰ বাবে খৰছ কৰো, ভাল খাদ্য খাও। সঞ্চয়ো কৰো আৰু মাজে মাজে মোৰ চখো পুৰণ কৰো। এই স্বাধীনতাৰ বাবে এটা জীৱন পাৰ হৈছে। মই কিয় এৰি দিম?"

জাত-পাতৰ পুৰণি নীতি অনুযায়ী উচ্চ জাতৰ বিয়া-সবাহত অনিতাৰ লগতে বেণ্ডৰ অইন সদস্যসকলৰ উপস্থিতিয়ে সেয়া 'কলুষিত' কৰিলেহেঁতেন। কিন্তু পৃথিৱীখন সলনি হৈ পৰিল যেতিয়া সেই মহিলাসকলে নিজকে কৌশলী কৰি তুলিলে। এতিয়া সকলো জাতৰ লোকেই মহিলাৰ এই গোটটোক বিচাৰে। আনকি তেওঁলোকৰ আহিব পৰা তাৰিখতহে উত্সৱ-পাৰ্ৱণৰ দিন থিৰাং কৰে। আগতে মুৰ তুলি চাব নোৱাৰা হোটেলবোৰত এতিয়া আৰামত সোমাব পৰাটো এতিয়া সিহতে গৰ্বৰে কয়।


PHOTO • Puja Awasthi

বেণ্ডৰ জনপ্ৰিয়তা বঢ়াৰ লগে লগে, অনিতা (বাওফালে) চাতিয়া (সোঁফালে) আৰু বেণ্ডটোৰ অইন সদস্যসকলক উত্সৱ-পাৰ্ৱণত নিমন্ত্ৰণ জনোৱা হয় যিবোৰ কল্পনাৰো অগোচৰ আছিল

এদিনৰ কামৰ বাবে তেওঁলোকে ১০ ৰপৰা ১৫ হাজাৰ টকা লয়। বিয়াৰ বতৰত তেওঁলোকে মাহটোত ১০ টামান অৰ্ডাৰ পায়। গতিকে তেনেকুৱা মাহবোৰত মাহে ১.৫ লাখমান উপাৰ্জন হয়। "আমি বেছি ধৰি নাথাকো আৰু দাম কম-বেছো কৰো। দাম-দৰ নকৰা অংশটো হৈছে সিহতৰ গাঁৱৰপৰা অনা-নিয়া কৰাটো আৰু ৰাতি থাকিবলগা হ'লে থকা-খোৱাৰ সুবিধা কৰি দিয়াটো।"

সিহতৰ আগৰ মজুৰীৰ তুলনাত এতিয়া সিহতৰ অৱস্থাৰ তুলনা হয়নে? এইখন ৰাজ্যতে এমজিএনৰেগা আঁচনিৰ অধীনত দৈনিক মজুৰী ১৬৮ টকা দিয়া হয়। যিটো কাচিতহে হয়। আকৌ কৌশলীবিহীন শ্ৰমিকৰ বাবে এয়া আছিল ২০০ টকাৰো কম। ২০১২ চনত খেতিপথাৰত কাম কৰাৰ বাবে এঁওলোকক খুব বেছি ১০০ টকামানহে মজুৰী দিয়া হৈছিল।

যদিও অৰ্থনৈতিক দিশৰ স্বাধীনতাই গাঁৱত তেওঁলোকৰ সন্মানৰ পাত্ৰ কৰি তুলিছে (এতিয়া বহুতেই তেওঁলোকৰ বেণ্ডপাৰ্টিৰ অংশ হ'ব বিচাৰে), তথাপি তেওঁলোকে নিজৰ সামাজিক দায়বদ্ধতা পাহৰা নাই। মাৰ-পিট কৰা গিৰীয়েকৰ পৰা আৰম্ভ কৰি যৌতুক বিচৰাসকললৈকে- আটাইবোৰ দিশেই তেওঁলোকে মোকাবিলা কৰে আৰু ধিব্ৰাকে ধৰি চুবুৰীয়া গাওঁবোৰত এই বিষয়বোৰত দিহা-পৰামৰ্শ দিয়াৰ লগতে মধ্যস্থতাও কৰে। তেওঁলোকে এনে বহু ঘটনাৰ উদাহৰণ দিছে য'ত তেওঁলোকে হস্তক্ষেপ কৰে, কিন্তু নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে।


PHOTO • Puja Awasthi

ললিতা (সোফালে) ৰ দৰেই আন সকলোৱে বেণ্ডটোৰ সদস্য হৈ কষ্টসাধ্য বাটেৰে স্বাধীনতা আৰু সন্মান কঢ়িয়াই আনিব পাৰিছে

ইতিমধ্যে থকা নটা ড্ৰাম আৰু এটা ঝুনঝুনাৰ লগত বেণ্ডটোত এতিয়া এটা বেছ ড্ৰাম আৰু এটা কেচিঅ ইলেক্ট্ৰনিক কীবোৰ্ড যোগ দিয়াৰ পৰিকল্পনা চলিছে। যদিও ভাংৰাৰ ছন্দই তেওঁলোকৰ প্ৰিয়, তথাপি তেওঁলোকে আন সংগীতো বজাবৰ কাৰণে প্ৰচেষ্টা চলাইছে। তেওঁলোকে এতিয়া ইউনিফৰ্ম পিন্ধিব বিচাৰে- ট্ৰাউজাৰ, চাৰ্ট, অইন আনুষাংগিক সামগ্ৰী, টুপি আৰু এটা সৰু শ্লিং বেগ আদি পিন্ধি মিলিটাৰী বেণ্ডৰ দৰে হ'ব বিচাৰে। সেইটো ৰূপতে তেওঁলোকে নিজকে কল্পনা কৰে।

অইনবোৰৰ দৰে সবিতায়ো এই যাত্ৰা বিষ্ময়েৰে ৰোমন্থন কৰে। এনেদৰেই ড্ৰামটো কেৱল তাইৰ বাবে এক বাদ্যযন্ত্ৰ হৈ নাথাকে। সেয়া হৈ পৰে এক প্ৰতিকী সাধন। "মই যিমানেই ড্ৰামত কোব ধৰো, সিমানেই মই অনুভৱ কৰো যে মোক পিছলৈ টনা আটাইবোৰ শক্তিক মই প্ৰতিহত কৰিছো," তেওঁ কয়।

পৃথিৱীখনৰ এই সৰু চুকটোত স্বৰগম মহিলা বেণ্ডে পৰিৱৰ্তন আনিছে, প্ৰতিটো কোবতে।

অনুবাদকঃ  ৰশ্মি ৰেখা দাস

Translated by: Rashmi Rekha Das

Puja Awasthi

Puja Awasthi is a freelance print and online journalist, and an aspiring photographer based in Lucknow. She loves yoga, travelling and all things handmade.

Other stories by Puja Awasthi