এক দশকৰো অধিক কাল ধৰি তেলাংগনাৰ সাংগাৰেড্ডী জিলাৰ গুম্মাড়িদালা ব্লকৰ ডোমাডুগ্গু গাঁৱৰ এটা ইটা ভাতীত বৈদেহী আৰু তেওঁৰ স্বামীয়ে কাম কৰি আহিছে। নুৱাপাড়া জিলাৰ কুৰুমপুৰী পঞ্চায়তৰ পৰা প্ৰতিবছৰে তেওঁলোক ইয়ালৈ আহে। “আমি মহাজনৰ পৰা ২০,০০০ টকা আগধন লৈছিলো,” বৈদেহীয়ে কয়। ইয়াৰ উপৰিঞ্চিকৈ ইটাভাতীৰ মালিকে খোৱা-বোৱাৰ বাবদ তেওঁলোকক দৈনিক ৬০ টকা ভাট্টা দিয়ে। “আমি যাতে আধাপেটীকৈ অন্ততঃ শুবলৈ যাব পাৰো, তাৰ কাৰণে ৮০ টকাকৈ দিবলৈ মহাজনক অনুৰোধ জনাওকচোন।”
২০১৭ত মই বৈদেহীৰ পৰিয়ালক লগ পাইছিলো, সেই সময়ত মই তেলাংগনাৰ ৰাংগাৰেড্ডী, সাংগাৰেড্ডী আৰু য়াদাদ্ৰি ভুৱনগিৰি জিলাকেইখনলৈ আহিছিলো।
বহুবছৰৰ আগতে যেতিয়া মই কালাহান্দি (বৰ্তমান নুৱাপাড়া জিলা হিচাপে বিভাজিত হ’ল) আৰু ইয়াৰ সংলগ্ন বোলাংগীৰ (বা বালাংগীৰ, বৰ্তমান ইয়াক সুৱৰ্ণপুৰ বুলি কোৱা হয়) বিষয়ে ১৯৯০ত গৱেষণা আৰু প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত, মই চাৰিপ্ৰকৃতিৰ প্ৰব্ৰজনকাৰীৰ মুখামুখি হৈছিলো:
যিসকল লোকে দৈনিক মজুৰ ৰূপে কাম কৰিবলৈ, ৰিক্সা চলাবলৈ, হোটেলত কাম কৰিবলৈ আৰু আন ধৰণৰ শ্ৰম কৰিবলৈ ৰায়পুৰ চহৰলৈ আহে (বৰ্তমান ছত্তীশগড়ৰ ৰাজধানী); যিসকলে বাৰগঢ় আৰু সম্বলপুৰৰ উন্নত জলসিঞ্চন ব্যৱস্থা থকা জিলাত কাম কৰিবলৈ আহে; বিশেষকৈ নিৰ্মাণ শ্ৰমিকৰূপে দিল্লী, মুম্বাই আৰু আন চহৰত কাম কৰিবলৈ যিসকল যুৱক আহে; আৰু যিবোৰ পৰিয়াল অন্ধ্ৰপ্ৰদেশ (আৰু কেতিয়াবা উপকূলীয় ওড়িশা)ত ইটাভাতীত কাম কৰিবলৈ আহে।

















