কৃষ্ণা নদীৰ পাৰত অন্ধ্ৰপ্ৰদেশ চৰকাৰে স্বপ্নৰ ৰাজধানী চহৰ অমৰাৱতী গঢ়াৰ পৰিকল্পনা কৰিছে।প্ৰকল্পটোৰ বাবে হ্স্তগত কৰা হৈছে ২৯ খন গাঁৱৰ পৰা বিশাল পৰিমাণৰ কৃষিভূমি।সম্ভাব্য এই চহৰখনলৈ জাকে জাকে অহা প্ৰথম নতুন নাগৰিকসকল পিছে চাৰিঠেঙীয়া।

চৰকাৰে গাঁওসমূহৰ পৰা ভূমি হস্তগত কৰাৰ লগে লগে কৃষিকৰ্মত অচলাৱস্থাৰ সৃষ্টি হৈছে,কৃষিভূমি চৰণীয়া পথাৰত পৰিণত হৈছে আৰু হাজাৰ হাজাৰ কৃষি শ্ৰমিকৰ ভাগ্য অনিশ্চয়তাৰ দোলকত ওলমি ৰৈছে কাৰণ ৰাজধানী চহৰখন নিৰ্মাণ হয় নে নহয় তাৰ কোনো ঠিক নাই।হ’লেও কেতিয়া হয় সঠিক কোনো সিদ্ধান্ত হোৱা নাই।ইফালে সহ্স্ৰাধিক ছাগলী লৈ বছৰি তিনিবিধকৈ খেতি কৰিব পৰা অমৰাবতীৰ অত্যন্ত উৰ্বৰা ভূমিলৈ সোঁত বৈছে ছাগলীপালকৰ।    “বাতৰি কাকতত পঢ়িবলৈ পালো চৰকাৰে হেনো নদীৰ পাৰত এখন মহানগৰ সাজিব, সেয়ে খেতিয়কসকলক খেতি কৰা বন্ধ কৰিবলৈ কোৱা হৈছে,” ছাগলী পালক গোৰিপাৰ্থী লাধাৰ  বাবুৱে ক’লে।


02-IMG_0022-AS & SLA-The four-legged ‘first citizens’ of Amaravati.jpg

অন্ধ্ৰপ্ৰদেশৰ প্ৰস্তাবিত নদীতীৰবৰ্তী ৰাজধানী চহৰ অমৰাৱতীলৈ অহা প্ৰথম প্ৰব্ৰজক সমূহ


৩৪ বছৰীয়া গোৰিপাৰ্থীয়ে অমৰাবতীৰ চুবুৰীয়া কৃষ্ণা জিলাৰ মাল্লামপাল্লি গাঁৱৰ পৰা আন নজন মানুহৰ সৈতে ১০০০ টা ছাগলী লৈ ৰাষ্ট্ৰীয় ঘাইপথ আৰু উপপথেৰে ১৫০ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম ৰাজধানী চহৰ নিৰ্মাণ হ’বলগীয়া এই ঠাইখনলৈ আহিছে।যদি প্ৰস্তাবিত চহৰখন সম্পূৰ্ণ হৈ উঠে, ই সৰ্বমুঠ ৮,৬০৩ বৰ্গকিলোমিটাৰ এলেকা সামৰি ল’ব।

বৰ্তমান সম্ভবতঃ অন্ধ্ৰপ্ৰদেশৰ বৃহত্তম চৰণীয়া পথাৰ এই অঞ্চলটো।

“এই ঠাইডোখৰ পাবলৈ আমি ১৫ দিন খোজকাঢ়ি আহিছো,” আন এজন ছাগলীপালক গোৰিপাৰ্থি শিৱৰামকৃষ্ণই ক’লে।‘‘আমাৰ গাঁৱৰ কেইজনমানমান মানুহ এই ঠাইখন চাবলৈ আহিছিল,তাৰ পিছতে ঠাইখনত ছাগলী চৰাব পৰাকৈ প্ৰচুৰ পৰিমাণে উদং পথাৰ আছে বুলি চাৰিওফালে জনাজাত হ’ল।”


03-IMG_0001-AS & SLA-The four-legged ‘first citizens’ of Amaravati.jpg

ৰাষ্ট্ৰীয় ঘাইপথ আৰু উপপথেৰে ১৫ দিন ধৰি খোজকাঢ়ি আহি ডেৰশ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিছে এই ছাগলীপালকসকলে


অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ ‘ভূমি পুঁজি গঠন’ আঁচনিৰ বাবে ৰাজ্যখনত কৃষিকৰ্ম কৰাটো এতিয়া অসুবিধাজনক হৈ পৰিছে।২০১৩ চনৰ ভূমি অধিগ্ৰহণ আইনৰ জৰিয়তে সম্পূৰ্ণৰূপে ভূমি অধিগ্ৰহন কৰাটো কঠিন হৈ পৰাৰ বাবে অন্ধ্ৰপ্ৰদেশ চৰকাৰে বাধা প্ৰতিৰোধ কৰিবলৈ এক নতুন উপায় উলিয়াইছে।ৰাজধানী মহানগৰ খনৰ বাবে প্ৰয়োজন হোৱা ভূমিৰ পুঁজি গঠন কৰাৰ প্ৰস্তাব দিছে চৰকাৰখনে।যিসকলে নিজৰ ভূমি এই পুঁজিলৈ আগবঢ়াব, তেঁওলোকে সেই ভূমি সম্পত্তিৰ মুঠ পৰিমাণৰ ৩০ শতাংশ পিছত ঘূৰাই পাব।৩০ শতাংশ দিব বুলি এইকাৰণে কোৱা হৈছে যে অঞ্চলটো উন্নত হোৱালৈকে সেই ভূমিৰ দৰ বৰ্তমান বজাৰ মূল্যৰ তুলনাত বহুগুণে বৃদ্ধি পাব।

এনদৰে ভূমি একত্ৰিতকৰণ ব্যৱস্থা স্বেচ্ছামূলক বুলি ধৰা হৈছিল যদিও কৃষকসকলক স্থানীয় প্ৰশাসনীয় কৰ্ত্তৃপক্ষই ভীতিপ্ৰদৰ্শন তথা জোৰ-জবৰদস্তি কৰাৰো অভিযোগ উঠিছে।এই সম্পৰ্কে বাতৰিও প্ৰকাশ পাইছে সংবাদমাধ্যমত।ইতিমধ্যে কোনো কোনো অঞ্চলত চৰকাৰে পুঁজি গঠন কৰা কৃষিভূমি  বা সেউজ চাৰণভূমি গধুৰ যন্ত্ৰ-পাতিৰে মুকলি কৰাৰ কামো আৰম্ভ কৰিছে। বহুসংখক খেতিয়কক, আনকি যিসকলৰ মাটি এতিয়াও নিজৰ নামতে আছে তেঁওলোককো কৃষিকাৰ্য বন্ধ কৰিবলৈ কোৱা হৈছে।অমৰাবতীৰ উৰ্বৰ ভূমিলৈ চৰাবলৈ অনা ছাগলী আৰু ভেড়াবোৰক লৈ সৃষ্টি হৈছে আন এক সমস্যাৰ।


04-IMG_9925-AS & SLA-The four-legged ‘first citizens’ of Amaravati.jpg

কৃষিকৰ্মত অচলাৱস্থাৰ সৃষ্টি হৈছে , কৃষিভূমি চৰণীয়া পথাৰত পৰিণত হৈছে আৰু হাজাৰ হাজাৰ কৃষি শ্ৰমিকৰ ভাগ্য অনিশ্চয়তাৰ দোলকত ওলমি ৰৈছে কাৰণ ৰাজধানী চহৰখন নিৰ্মাণ হয় নে নহয় তাৰ কোনো ঠিক নাই


অমৰাবতীত খেতি কৰিবলৈ এৰা ঠাইবোৰলৈ যোৱা কেইমাহমানৰ পৰা দূৰ-দূৰণিৰ মানুহে ছাগলী আৰু ভেড়া চৰাবলৈ আনিবলৈ লৈছে।খেতি কৰি থকা কৃষকসকল বাবে সমস্যা হৈছে এই ছাগলী আৰু ভেড়াবোৰক লৈ।কাৰণ তেঁওলোকে এতিয়া খেতিত বেৰ দিয়াৰ লগতে ৰখি থাকিবলগীয়াও হৈছে।ফলত খেতিয়ক আৰু ছাগলীপালক সকলৰ মাজত বিবাদৰ সৃষ্টি হৈছে।এতিয়ালৈকে চৰকাৰক মাটি নিদিয়া কৃষকসকলে ইচ্ছা কৰিলে খেতি কৰিব পাৰে যদিও চৰণীয়া পশুৰ বাবেই তেঁওলোকে খেতি কৰিবলৈ বাদ দিছে। ফলত দক্ষিণ বিজয়ৱাড়াৰ একালৰ এই উৰ্বৰ কৃষিভূমিসমূহ উদং হৈ পৰি ৰৈছে আৰু তাত ঘাঁহ-বনেৰে ভৰি পৰিছে।

খেতিয়কসকলৰ দৰে পশুপালকসকলৰ ভবিষ্যতো অনিশ্চয়তাৰ অন্ধকাৰত নিমজ্জিত হৈছে।যোৱা অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰা প্ৰস্তাবিত চহৰখনৰ প্ৰতিষ্ঠা উৎসৱৰ পূৰ্বে সকলো পশুপালককে ঠাইখিনি এৰি যাবলৈ কোৱা হৈছিল।আামি কিছুসংখ্যকে কৃষ্ণা নদীৰ বালিচৰত লুকাই আছিলো।আন কিছুমানে কাষৰীয়া গাঁওসমূহলৈ গৈছিল,”শিৱৰামকৃষ্ণই জনালে।স্থানীয় বাসিন্দাই জনোৱামতে অনুষ্ঠানৰ পূৰ্বে অঞ্চলটোৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ ভেড়া আৰু ছাগলীৰে ভৰি পৰিছিল।


05-IMG_0114-AS & SLA-The four-legged ‘first citizens’ of Amaravati.jpg

কৃষকসকলৰ দৰে ছাগলীপালকসকলৰো ভৱিষ্যত অনিশ্চিত , খেতিয়কসকলৰ দৰে তেঁওলোকেও অমৰাবতীৰ ওপৰত নিৰ্ভৰশীল


এতিয়া পশুপালকসকল পুনৰ ভেড়া আৰু ছাগলীবোৰ লৈ অমৰাবতীলৈ উভত আহিছে।নিচেই পুৱাতে উঠি তেঁওলোকে ৭ বজামানৰ পৰা ভেড়া আৰু ছাগলীবোৰ চৰাবলৈ আৰম্ভ কৰে।পশুপালকসকলৰ বেছিভাগেই ২৫ ৰ পৰা ৪০ বছৰ বয়সৰ হ’ব।তেঁওলোকে দহ-পোন্ধৰজনীয়া দল হৈ এহেজাৰ ছাগলী লৈ ঘূৰি ফুৰে।

নিজৰ গাঁও এৰি দূৰণিলৈ ছাগলী, ভেড়া চৰাবলৈ যোৱা সময়ছোৱাত পশুপালকসকলে মুকলি পথাৰতেই খোৱা-বোৱা কৰে,শোৱেও।নিশা পাল পাতি জন্তুবোৰক পহৰা দিয়ে তেঁওলোকে।“আমি সদায় সতৰ্ক হৈ থাকিবলগীয়া হয়।কেইদিনমান পূৰ্বে পহৰাৰ দায়িত্বত থকা কোনোবা এজন টোপনি যোৱা সময়তে আমাৰ ছাগলী কেইটামান নোহোৱা হৈছিল,”শিৱৰামকৃষ্ণই ক’লে।

প্ৰাপ্তবয়স্ক ছাগলী এটাৰ দাম যিহেতু ৪,৫০০ টকা পৰ্যন্ত পোৱা যায়, সেয়ে এটা ছগলী হেৰুৱালেও পশুপালকসকলৰ বহুত লোকচান হয়।গৰমকালি অহাৰ লগে লগে পশুপালকসকল নিজৰ নিজৰ ঘৰলৈ উভতি যাব।“অৰ্থাৎ বাৰিষাৰ খেতি আৰম্ভ নোহোৱালৈকে আৰু পথাৰবোৰ উদং হৈ থকালৈকে আমি ইয়াত ছাগলী চৰাব পাৰিম,”কুকুলা ৰাম কোটেশ্বৰ ৰাও নামৰ পশুপালকজনে ক’লে।“বছৰটোৰ আন সময়ত এই পথাৰবোৰ জলকীয়া গছেৰে ভৰি থাকে।”


06-IMG_9984-AS & SLA-The four-legged ‘first citizens’ of Amaravati.jpg

প্ৰাপ্তবয়স্ক ছাগলী এটাৰ দাম , ৫০০ টকা পৰ্যন্ত পোৱা যায় , সেয়ে ছাগলী যাতে কোনেও চুৰি কৰি নিব নোৱাৰে তাৰবাবে পালকসকলে চোকা দৃষ্টি ৰাখিছে


পশুপালকসকলৰ নিজৰ গাঁওবোৰত কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে তেঁওলোকে পোহনীয়া জীৱ-জন্তুবোৰ লৈ কৃষ্ণা নদীৰ পাৰে পাৰে চৰণীয়া পথাৰৰ সন্ধানত দক্ষিণলৈ যাত্ৰা আৰম্ভ কৰে।আগতে তেঁওলোকৰ বহুতে এতিয়াৰ প্ৰস্তাবিত ৰাজধানী অমৰাবতীৰ পৰা ৮০ কিলোমিটাৰ দক্ষিণ দিশত অৱস্থিত ৱেল্লামপাল্লি অৰণ্যলৈ পোহনীয়া জীৱ-জন্তু চৰাবলৈ নিছিল।


07-IMG_9963-AS & SLA-The four-legged ‘first citizens’ of Amaravati.jpg

কোনে জানে চহৰখন যেতিয়া নিৰ্মাণ কৰিবলৈ লয় , তেতিয়া বা কি হয় ?


“অৰণ্যত পশু চৰাবলৈ নিলে আমি সামান্য পৰিমাণে মাচুল দিবলগীয়া হয়,”কোটেশ্বৰ ৰাৱে ক’লে।এতিয়ালৈকে বাৰু আমি ৰাজধানীৰ বাবে নিৰ্দিষ্ট কৰা এই ঠাইখিনিতেই আছো।কোনে জানে চহৰখন যেতিয়া নিৰ্মাণ কৰিবলৈ লয়, তেতিয়া বা কি হয়?”

Nibha Rani Roy is a Kolkata-based independent journalist, translator and assistant editor of Nezine, an online magazine that focuses on India’s North East.

Ajai Sreevatsan and Sri Lakshmi Anumolu

Ajai Sreevatsan is an independent journalist; he has previously worked with 'The Hindu.' Sri Lakshmi Anumolu is an activist working on issues related to land acquisition in Andhra Pradesh. Both are presently Young India Fellows under a fellowship awarded by Ashoka University, Sonepat

Other stories by Ajai Sreevatsan and Sri Lakshmi Anumolu