গুণধৰ নাইক ঘৰত আছেনে, এইবুলি মই কাষৰে ঘৰৰ চোতালৰ দাঁতিত বাচন ধুই থকা মহিলাগৰাকীক সুধিলো।

“ক’ৰপৰা আহিছে আৰু ইয়াত কি লাগে?” মই যোৱাটো তেওঁ যেন যেন সিমান এটা ভাল পোৱা নাই।

মই খাৰিয়াৰৰ এগৰাকী সাংবাদিক, গুণধৰৰ বিষয়ে আগতে লিখিছো, মই বুজাই ক’লো। তেওঁৰ খবৰ ল’বলৈ আহিছো।

মহিলাগৰাকীয়ে মোক ভালকৈ নিৰীক্ষণ কৰিলে আৰু সুধিলে, “আপুনি ঠাকুৰজী নেকি?” হয়, মই উত্তৰ দিলো, ভাল লাগিল যে মোক মহিলাগৰাকীয়ে অতদিনৰ মূৰত হ’লেও চিনি পাইছে।

মই ১৯৯৬-৯৭ত ওড়িশাৰ বলাংগিৰ জিলা (বালাংগিৰ বুলিও কাগজে-পত্ৰই লিখে)ৰ বাংগোমুণ্ডা উন্নয়ন খণ্ডৰ বাৰ্লাবাহেলি গাওঁখন কেবাবাৰো সাক্ষাৎ কৰিছো। দুটা দশকৰ মুৰত মই পুনৰাই আহিছো।

১৯৯৬ত পশ্চিম ওড়িশাৰ বলাংগিৰ, নৌপাৰা আৰু আন জিলাত তীব্ৰ খৰাং পৰিছিল। তীব্ৰ খাদ্য সংকটৰ সৃষ্টি হৈছিল। বহুতেই তাত থাকিব নোৱাৰি কামৰ বাবে অন্ধ্ৰপ্ৰদেশৰ ইটাৰ ভাতীবোৰলৈ ওলাই আহিছিল। তেনে পৰিস্থিতি তাত নতুন নাছিল, সেই সময়ত প্ৰত্যেক ২-৩ বছৰৰ মুৰে মুৰে এনে খৰাঙে মানুহৰ পৰিস্থিতি শোচনীয় কৰি তুলিছিল।

Reports on Ghamela's starvation-driven death and her orphaned son Gundhar, in 'Dainik Bhaskar' in October 1996
PHOTO • Purusottam Thakur

খাবলৈ নাপাই মৃত্যু ঘটা ঘামেলা আৰু তাইৰ ঘাটমাউৰা হোৱা পুত্ৰ গুণধৰৰ খবৰ ‘দৈনিক ভাস্কৰ’ত ১৯৯৬ৰ অক্টোবৰত প্ৰকাশিত পাইছিল

বালমাটি নাইক ওৰফে ঘামেলা এগৰাকী ৩২ বছৰ বয়সীয়া আদিবাসী বিধবা মহিলা, এগৰাকী কৃষিশ্ৰমিক আছিল। তেওঁ আছিল বাৰ্লাবাহেলি গাঁৱৰ ৩০০ গৰাকী বাসিন্দাৰ মাজৰ এগৰাকী। তেওঁৰ গিৰিয়েক দুটা বছৰ আগতে ঢুকাইছিল। ঘামেলাই ঋণ পৰিশোধ কৰিবৰ কাৰণে নিজৰ একমাত্ৰ খেতিৰ মাটিটুকুৰা এৰি দিবলগীয়া হৈছিল। দিনহাজিৰা কৰি চলি আছিল যদিও খৰাং পৰিলত, তেওঁৰ বাবে গাওঁখনত কাম নাইকিয়া হৈ পৰিল। তেওঁৰ ছবছৰীয়া পুত্ৰ গুণধৰ আৰু তেওঁ নিজে ভোকত কলমলাবলৈ ধৰিলে। স্থানীয় লোকে দাবী কৰে যে তেওঁলোকে ঘামেলাৰ পৰিস্থিতিৰ বিষয়ে তেওঁ মৃত্যুৰ আগত খণ্ড উন্নয়ন বিষয়াক জনাইছিল যদিও তেওঁলোকে একো নকৰিলে।

১৯৯৬ৰ ৬ ছেপ্টেম্বৰত, ১৫ দিন অনাহাৰে থকাৰ পিছত ঘামেলাৰ মৃত্যু ঘটে। তাৰে কেবাঘণ্টা পিছত চুবুৰীয়াই তেওঁৰ পুত্ৰক মাতৃৰ নিথৰ দেহৰ ওচৰত বহি কান্দি থকা দেখা পায়।

অনাহাৰে হোৱা মৃত্যু আৰু তাৰ পাছৰ পৰ্য্যায়ৰ মই লিখা প্ৰতিবেদন ১৯৯৬ৰ অক্টোবৰত দৈনিক ভাস্কৰত প্ৰকাশ পাইছিল। স্থানীয় সমাজকৰ্মী আৰু বিৰোধী দলৰ নেতাই গাওঁখনলৈ গৈ ঘটনাৰ বুজ লৈছিল। মানৱ অধিকাৰ আয়োগৰ সদস্য আহিছিল আৰু সিদ্ধান্তলৈ আহিছিল যে অনাহাৰে থকাই ঘামেলাৰ মৃত্যু হ’ল। ৰাজনৈতিক নেতা, খণ্ড উন্নয়ন বিষয়া, জিলা উপায়ুক্ত আৰু জিলা দণ্ডাধীশো গাওঁখনলৈ আহিল। আনকি প্ৰধানমন্ত্ৰী এইছ.ডি. দেৱেগৌড়াও তেওঁৰ খৰাংপিড়ীত অঞ্চল সাক্ষাৎ অভিযানৰ অধীনত তালৈ অহাৰ কথা আছিল, অৱশ্যে নাহিল।

গাঁৱৰ মানুহে বিষয়া-আমোলাক কৈছিল যে তেওঁলোকক নিয়োগৰ সুবিধা লাগে। কিন্তু তেওঁলোকে যেতিয়া দাবী কৰাত লাগিল, তেতিয়া গাঁৱৰ মানুহে কোৱা অনুসৰি জিলা দণ্ডাধীশে ধমকি দিলে যে তেওঁলোকে যাতে এই লৈ ৰাজনীতি নেখেলে নাইবা তেওঁলোকৰ প্ৰতিবাদ দীঘলীয়া নকৰে, নহ’লে গাওঁখনত আন সা-সুবিধা (যেনে ৰেচন কাৰ্ড আদি) বন্ধ কৰি দিয়া হ’ব।

মাকৰ মৃত্যুৰ পিছথ গুণধৰ বৰ দুৰ্বল হৈ পৰিছিল। স্থানীয় পঞ্চায়তৰ সদস্যই গুণধৰক তাৰ পৰা ন কিলোমিটাৰ দুৰৰ খাৰিয়াৰ মিছন হস্পিতাললৈ লৈ যায়। তাত তেওঁৰ অপুষ্টি আৰু চেৰেব্ৰেল মেলেৰিয়া ধৰা পৰে। তেওঁৰ অৱস্থা সংকটজনক আছিল যদিও তেওঁ বাচি যায়।

Top: Gundhar's wife Rashmita (standing, left), his sister-in-law, and parents-in-law outside their house in Tukla village
PHOTO • Purusottam Thakur

গুণধৰৰ পত্নী ৰশ্মিতা (বাওঁফালে), ননদ, শাহুৱেক, টুকলাৰ নিজ ঘৰত

আৰোগ্যলাভৰ পিছত গুণধৰক গাঁৱলৈ পঠিয়াই দিয়া হয়। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংবাদমাধ্যমে বাতৰি যুগুতাবলৈ আহে। জিলা প্ৰশাসনে তেওঁৰ বাবে ৫,০০০ টকা - ৩,০০০ টকাৰ স্থিৰ জমা আৰু ২,০০০ টকাৰ সঞ্চয় খাতাত ৰাখিলে। এনেকৈয়ে তেওঁলোকে সেই ঘাটমাউৰাটোৰ প্ৰতি দায়িত্ব সামৰিলে।

যোৱা ১৯ টা বছৰত গুণধৰৰ কি হ’ল, ভাবি আচৰিত হওঁ।

ঘামেলাৰ গিৰীয়েকৰ আগৰজনী পত্নীৰ এজন পুত্ৰ আছিল, নাম সুশীল। পত্নীৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ২০ বছৰ আৰু তেওঁ খাৰিয়াৰ-ভৱানীপাটনা পথ নিৰ্মাণৰ ছাইট এটাত তেওঁ কাম কৰি আছিল।

চুবুৰীয়াই মোক ক’লে যে গুণধৰে এতিয়া টুকলা গাঁৱৰ পাপ্পু ৰাইচ মিলত কাম কৰে, বাৰ্লাবাহেলিৰ পৰা পাঁচ কিলোমিটাৰ দুৰত। তেওঁৰ শাহু-শহুৰেক টুকলাত থাকে আৰু তেওঁৰ দুমহীয়া সন্তান এটা আছে। তেওঁৰ সতীয়া ভাইটোৱে কাষৰে পাম এখনত হালিয়া (সহায়ক) হিচাপে কাম কৰে।

পথাৰৰ কাষে কাষে মোৰ মটৰ চাইকেলখন চলাই মই সুশীলক লগ পালো। যিডৰা মাটিত তেওঁ কাম কৰি আছিল, সেয়া তেওঁৰ মালিকৰ। তেওঁৰ তিনি জীয়ৰী আৰু এক পুত্ৰ ওচৰতে আছিল। গুণধৰৰ মাকৰ মৃত্যুৰ পিছত তেওঁক লগ পাওতে তেওঁ বিয়া পতা নাছিল, এতিয়া তেওঁৰ বয়স ৪০। তেওঁ মোক চিনি নাপালে যদিও মই লিখা প্ৰতিবেদনৰ কথা কওঁতে তেওঁৰ মনত পৰিল।

সুশীলে মাহে ৪,০০০ টকা পায়, বা দিনে ১৩০ টকা। সেইখিনিৰেই তেওঁৰ পৰিয়ালটো চলে। তেওঁৰ ল’ৰা-ছোৱালীকেইটাৰ গাত কাপোৰ আছে, কেইটামানৰ নাই। তেওঁলোকৰ দৰিদ্ৰ অৱস্থাটো স্পষ্ট।

মই গুণধৰক লগ পাবলৈ বুলি টুকলালৈ বুলি আগবাঢ়িলো। পাপ্পু ৰাইচ মিলত মই মালিক পাপ্পুক লগ পালো আৰু তেওঁ ক’লে যে গুণধৰে সেইদিনা তেওঁৰ নিজৰ গাঁৱলৈ গৈছে। মই তেওঁৰ শহুৰেকৰ ঘৰ ওলালো, তাতেই তেওঁৰ পত্নী ৰশ্মিতাক লগ পালো, তেওঁৰ কোলাত আছিল তেওঁলোকৰ পুত্ৰ শুভম। তেওঁৰ গিৰীয়েক বাৰ্লাবাহেলিলৈ ঘৰটো চাফা কৰিবলৈ গৈছে আৰু বহুসময় হ’ল, ৰশ্মিতাই কয়।

PHOTO • Purusottam Thakur

ৰশ্মিতা আৰু তেওঁৰ পুত্ৰ শুভম

মই বাৰ্লাবাহেলিলৈ গ’লো। গুণধৰ ঘৰতে আছিল। তেওঁ মিচিকিয়াই হাঁহি মোক সম্ভাষণ জনালে। সেই ছবছৰীয়া ল’ৰাটো এতিয়া ডেকাল’ৰা, এজন স্বামী আৰু পিতৃ। কিন্তু তেওঁৰ কথাত এক সৰলতা আছিল। শৈশৱৰ দুৰ্বলতা আৰু অপুষ্টিৰ চিন তেতিয়াও তেওঁৰ দেহৰ পৰা নাইকিয়া হোৱা নাছিল।

ঘৰটো মাটি লেপা আৰু মজিয়াখনো কেঁচা। গুণধৰৰ পৰিয়ালটো এটা কোঠাত আৰু আনটোত সুশীলৰ পৰিয়াল থাকে। গুণধৰে কয় যে সন্তানটোৰ জন্ম পোৱাৰ সময়ৰে পৰা তেওঁলোক শহুৰেকৰ ঘৰতে আছে। তেওঁলোক বাৰ্লাবাহেলিলৈ সোনকালেই উভতিব।

অতীতৰ কথা মনত পৰেনে, মই গুণধৰক সুধিলো।

“সদায় ভোকত থকা বাবেই মোৰ মা-দেউতা কেতিয়াও সুস্থ নাছিল,” তেওঁ কয়। “মাৰ সদায়ে জ্বৰ উঠি থাকিছিল। কেবাদিনো একো নোখোৱাকৈ থকাৰ পিছত তেওঁ ঢুকাইছিল।”

হস্পিতালৰ পৰা তেওঁ ঘৰলৈ অহাৰ পিছত বাতৰি কাকতৰ দ্বাৰা কৰা প্ৰচাৰৰ পিছত প্ৰশাসনে তেওঁক আদিবাসী ছাত্ৰ-ছাত্ৰীৰ আশ্ৰম (আবাসিক স্কুল) এখনত নাম লগাই দিছিল।

“মই ২ কি ৩ শ্ৰেণীলৈ পঢ়িছিলো, কিন্তু গ্ৰীষ্মৰ বন্ধত যেতিয়া ঘৰলৈ আহিছিলো, কিবা খাবলৈ পোৱাটো বৰ কঠিন আছিল। সেয়ে মই লোকৰ গৰু-ছাগলী আদি চৰাবলৈ ল’লো আৰু তেওঁলোকে যি দিয়ে সেয়া খাবলৈ পোৱা হ’লো। স্কুললৈ পুনৰাই ঘুৰি নগ’লো। তাৰপিছত মই টুকলাৰ কাষৰে হোটেল এখনত কাম কৰিবলৈ ল’লো। তেওঁলোকে মোক এদিনত ৫০ টকা আৰু খোৱা-লোৱা দিছিল। এবাৰ মই ২-৩ জন বন্ধুৰ সৈতে মহাচামুণ্ডত থকা ইটাৰ ভাতীলৈ কাম কৰিবলৈ গৈছিলো। তাত আমি ৩-৪ মাহ কাম কৰিলো, কিন্তু ভাতীৰ মালিকে আমাক পইচা নিদি দাবী-ধমকি কি খেদি পঠিয়ালে। আমি ঘৰলৈ ঘুৰি আহি আকৌ গৰু-ম’হ চৰোৱাত লাগিলো।”

তেওঁৰ ভায়েক আৰু ননদে তেওঁক বিয়া পাতি দিলে। “মই দুখীয়া মানুহ। যিদিনা দুইপচা পাও, সিদিনা খাও। সেয়ে মই কোনো ভোজ দিব নোৱাৰিলো, কইনাজনী আনি মাত্ৰ ঘৰ সুমোৱালো।”

টুকলাৰ ধান বনা মিলটোত কিমান উপাৰ্জন হয়, মই সুধিলো।

Two of Sushil's children at the family's bare home in Barlabaheli village
PHOTO • Purusottam Thakur

বাৰ্লাবাহেলি গাঁৱৰ সুশীলৰ পৰিয়ালটোৰ উদং কোঠাটোত তেওঁ দুই শিশু

মই মৰাপাটৰ বস্তা চিলাই প্ৰতিদিনে ৮০ টকা পাও, তেওঁ উত্তৰ দিলে। “চাউলৰ বস্তা দঙাবোৰে দিনে ১৩০ টকা পায়। কিন্তু এই গৰমত মই বস্তা দাঙিব নোৱাৰো, সেয়ে মই বস্তা চিলাও।” গুণধৰৰ বিপিএল কাৰ্ড নাই কিন্তু অন্তোদয়া কাৰ্ড এখন আছে, যিখনৰ পৰা তেওঁ মাহে ৩৫ কিলো চাউল পায়।

নিজৰ ল’ৰাটোক পঢ়া-শুনা কৰোৱাবানে, মই সুধিলো।

“মই দুখীয়া মানুহ। যিমানখিনি পাৰো কৰিম। খাবলৈ বস্তু গোটোৱাটোৱে আমাৰ বাবে কঠিন। তাতে আকৌ মোৰ পত্নীয়ে শিশুটিক স্তনপান কৰাব নোৱাৰে। প্ৰতিদিনে আমুল গাখীৰ কিনিব লাগে, তাতেই বহুত পইচা যায়,” তেওঁ উত্তৰ দিয়ে।

এমাহ আগতে মই আকৌ এবাৰ তালৈ যাওতে গুণধৰক লগ নাপালো। গুণধৰ অন্ধ্ৰপ্ৰদেশৰ ইটাৰ ভাতীত কাম কৰিবলৈ গৈছে। ননদজনীৰ বিয়াৰ বাবে পইচা যোগাৰ কৰাৰ বাবে তেওঁৰ গোটেই পৰিয়ালটো তালৈ গৈছে। কিন্তু মালিকজনৰ পৰা লোৱা অগ্ৰীম ধন ১৮,০০০ টকাৰ বাবে তেওঁলোকে ছমাহ ইমান বেছি হাড়ভঙা শ্ৰম কৰিব লগা হৈছিল যে বাৰ্লাবাহেলিলৈ ঘুৰি অহাৰ পিছত তেওঁলোকৰ সৰহভাগ টকাই বেমাৰ-আজাৰৰ নামতে খৰছ হয় আৰু বিয়াৰ বাবে পইচা নাবাচে।

এতিয়া গুণধৰে আকৌ ইটাৰ ভাতীলৈ গৈছে। তাতে তেওঁ এতিয়া লোডাৰ। ইটাবোৰ ট্ৰেক্টৰত লোড কৰি দিয়া কাম কৰে।

এতিয়ালৈ উনৈশটা বছৰ পাৰ হ’ল। যি অনাহাৰে তেওঁৰ মাকৰ প্ৰাণ কাঢ়ি নিছিল, তেওঁক জীৱনটোৰ বাবে নিশকতীয়া কৰি থৈ গৈছিল, সেই অনাহাৰৰ বিৰুদ্ধে এই ডেকাল’ৰাজন আৰু তেওঁৰ পৰিয়ালটোৱে এতিয়াও যুঁজি থাকিবলগীয়া হৈছে।

এই ষ্ট’ৰিটোৰ এটা সংস্কৰণ ২০১৬ৰ ১৪ আগষ্টত অমৰ উজালাত প্ৰকাশ পাইছিল।

অনুবাদ: পংকজ দাস

Purusottam Thakur

Purusottam Thakur is a 2015 PARI Fellow. He is a journalist and documentary filmmaker. At present, he is working with the Azim Premji Foundation and writing stories for social change.

Other stories by Purusottam Thakur
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das