“সিহঁতৰ ইমান কাষলৈ নাযাব। ভয় খাই পলাব পাৰে। তেতিয়া আকৌ সিহঁতক এই বিস্তীৰ্ণ অঞ্চলটোত সিহঁতক বিচাৰি উলিওৱাটো মোৰ বাবে কষ্টৰ কাম হৈ পৰিব, সিহঁতৰ যোৱাৰ ৰাস্তা ঠিকে ৰখা কামটো আছেই,” জেঠাভাই ৰাবাৰিয়ে কয়।

‘সিহঁত’ মানে ইয়াত যাযাবৰ পশুপালকজনে তেওঁলোকৰ প্ৰিয় উটবিধৰ কথা কৈছে। আৰু সিহঁতে খাদ্যৰ সন্ধানত সাতুৰি ফুৰিছে।

সাতুৰি ফুৰিছে? উটে? সঁচাকৈয়ে?

হয় সঁচাই। ‘বিস্তীৰ্ণ অঞ্চল’ বুলি যে জেঠাভাইয়ে কৈছে, তাৰমানে তেওঁ কচ্ছ উপসাগৰৰ দক্ষিণ উপকূলৰ সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যখনৰ কথা কৈছে। এই অভয়াৰণ্যখনত যাযাবৰ উটপালকে চৰাই লৈ ফুৰা উটবোৰে তেওঁলোকৰ অত্যাৱশ্যকীয় খাদ্য জলাহবন (আভিচেন্নিয়া মেৰিনা)ৰ সন্ধানত ইটোৰ পৰা সিটো দ্বীপলৈ সাতুৰি ফুৰে

“এই প্ৰজাতিৰ উটে যদি দীঘলীয়া সময়ৰ বাবে জলাহবন খাবলৈ নাপায়, তেতিয়া সিহঁত দুৰ্বল হৈ পৰিব, বেমাৰ হ’ব আৰু আনকি মৰিও যাব পাৰে,” কাৰু মেৰু জাটে কয়। “সেয়ে উদ্যানখনৰ ভিতৰত আমাৰ উটপালকবোৰে জলাহবনৰ সন্ধানত উটবোৰক লৈ যায়।”

Jethabhai Rabari looking for his herd of camels at the Marine National Park area in Khambaliya taluka of Devbhumi Dwarka district
PHOTO • Ritayan Mukherjee

দেৱভূমি দ্বাৰকা জিলাৰ খাম্বালিয়া তালুকৰ সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যানখনত জেঠাভাই ৰাবাৰিয়ে তেওঁৰ উটৰ জাকটো বিচাৰি ফুৰিছে

এই ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যখনত ৪২ টা দ্বীপ আছে , তাৰে ৩৭ টা সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যানখনত আৰু বাকী ৫ টা অভয়াৰণ্যৰ ভিতৰত পৰে। গোটেই মণ্ডলটো গুজৰাটৰ সৌৰাস্ত্ৰ অঞ্চলৰ জামনগৰ, দেৱভূমি দ্বাৰকা (জামনগৰৰ পৰা ২০১৩ পৃথক কৰা) আৰু মৰবিত বিয়পি আছে।

“আমি বহুকেইটা প্ৰজন্ম ধৰি ইয়াত বসবাস কৰি আহিছো,” মুছা জাটে কয়। কাৰু মেৰুৰ দৰে তেঁৱো ফকিৰাণী জাট ফৈদৰ লোক, সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰতে থাকে। এই উদ্যান আৰু অভয়াৰণ্য এলেকাত থকা আন এটা একেই যাযাবৰ গোট হৈছে ভোপা ৰাবাৰি (ৰেবাৰি বুলিও কয়) ফৈদ, জেঠাভাই তেওঁলোকৰ ফৈদৰ। দুয়োটা গোটেই পাৰম্পৰিকভাৱে উট পালন কৰি আহিছে, এই এলেকাত তেওঁলোকক মালধাৰী বুলি কয়। গুজৰাটী ভাষাত মাল মানে জন্তু আৰু ধাৰি মানে গৰাকী। সমগ্ৰ গুজৰাটত মালধাৰীসকলে গৰু, ম’হ, উট, ঘোৰা, ভেড়াছাগলী আৰু ছাগলী পালন কৰে।

১,২০০ লোকে বসবাস কৰা সামূদ্ৰিক উদ্যানখনৰ দাঁতিকাষৰীয়া গাঁৱত বাস কৰা এই ফৈদবোৰৰ সদস্যসকলক মই লগ পাইছো।

“আমাৰ বাবে এই মাটি অমূল্য,” মুছা জাটে কয়। “জামনগৰৰ ৰজাই আমাক বহুযুগ আগতে আমাক ইয়ালৈ মাতি আনছিল। ১৯৮২ত এইখন সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান বুলি ঘোষণা কৰাৰ আগতেই।”

Jethabhai Rabari driving his herd out to graze in the creeks of the Gulf of Kachchh
PHOTO • Ritayan Mukherjee

জেঠাভাই ৰাবাৰিয়ে কচ্চ উপকূলৰ সাগৰীয় জলমুখ এলেকাত উটবোৰ চৰাইছে

সহজীৱন নামে বেচৰকাৰী সংগঠন চলোৱা ঋতুজা মিত্ৰই এই কথা সমৰ্থন কৰে, তেওঁ ভুজত চেণ্টাৰ ফৰ পেষ্টোৰেলিজিম চলায়। “অঞ্চলটোৰ ৰাজকুমাৰে দুয়োটা ফৈদৰ লোকক নৱগঠিত নৱনগৰ ৰাজ্যলৈ লৈ আহিছিল, পিছলৈ এইখনেই জামনগৰ নাম পায়। তেতিয়াৰে পৰা সেই উটৰখীয়াসকলক উত্তৰপুৰুষসকলে এই ভূমিত বসবাস কৰি আহিছে।”

“এই অঞ্চলৰ কেইখনমান গাঁৱৰ নামেও কয় যে তেওঁলোক বহুযুগ ধৰি ইয়াতে আছে,” বন অধিকাৰ আইন, সহজীৱনৰ ৰাজ্যিক সমন্বয়ক ঋতুজাই কয়। “এনে এখন গাঁৱৰ নাম হৈছে উটবেট চম্পাৰ, যাৰ অৰ্থ ‘উটৰ দ্বীপ’।”

তাৰোপৰি এই অঞ্চলত ইমান দীঘলীয়া সময় নকটালে উটে সাতুৰিবও নোৱাৰিলেহেঁতেন। চাচেক্সৰ ইনষ্টিটিউট অৱ ডেভলপমেণঅট ষ্টাডিজৰ গৱেষক লাইলা মেহতাইও তাকেই কয় : “জলাহবনৰ সৈতে উটৰ ইমান দীঘলীয়া সম্পৰ্ক নাথাকিলে সিহঁতে কেনেকৈ সাতুৰিব জানিলেহঁতেন?”

এই ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত প্ৰায় ১,১৮৪ উট চৰোৱা হয়, ঋতুজাই আমাক কয়। ৭৪ টা মালধাৰী পৰিয়াল এই উটবোৰৰ মালিক।

১৪৫০ চনত জামনগৰখনক নৱনগৰৰ সামন্ত ৰাজ্যৰ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৭ শতিকাত মালধাৰীসকল এই ঠাইলৈ আহিছিল আৰু তেতিয়াৰে পৰা আছে, তেওঁলোকে কয়।

The Kharai camels swim to the mangroves as the water rises with high tide
PHOTO • Ritayan Mukherjee

জোৱাৰৰ ফলত পানী বঢ়াত খাৰাই উটবোৰ জলাহবনৰ দিশে সাতুৰিছে

তেওঁলোকে কিয় এই মাটিক অমূল্য বুলি কয় তাৰ উত্তৰ বিচাৰিবলৈ বেছি কষ্ট কৰিব নালাগে। বিশেষকৈ আপুনি যদি এই সামূদ্ৰিক বৈচিত্ৰতাৰে ভৰা এই অঞ্চলত বাস কৰা এজন উটৰখীয়া। এই উদ্যানখন সামূদ্ৰিক প্ৰৱাল, জলাহবন, বালীয়া উপকুল, খাত, শিলাময় উপকূলৰেখা, সাগৰীয় বনৰ বিশাল অঞ্চল আদি বিভিন্ন বৈচিত্ৰতাৰে ভৰা।

ইণ্ডো-জাৰ্মান বায়’ডাইভাৰ্চিটি প্ৰগ্ৰাম, জি.আই.জেডৰ দ্বাৰ প্ৰকাশিত ২০১৬ৰ এক গৱেষণাপত্ৰত এই অঞ্চলৰ জৈৱবৈচিত্ৰতাৰ সুকীয়া স্বৰূপ প্ৰকাশ পাইছে। অঞ্চলটোত ১০০ৰো অধিক প্ৰজাতিৰ এলগি, ৭০ বিধ বিভিন্ন প্ৰজাতিৰ স্পঞ্জ, ৭০ বিধ কঠিন আৰু কোমল প্ৰৱাল আছে। তাত তাৰোপৰি ২০০ ধৰণৰ মাছ, ২৭ বিধ মিছা, ৩০ বিধ কেঁকোৰা আৰু চাৰিটা প্ৰজাতিৰ সাগৰীয় ঘাঁহ আছে।

তাতেই বৰ্ণনা শেষ হোৱা নাই। গৱেষণা পত্ৰখনত কোৱা মতে আপুনি তিনিটা প্ৰজাতিৰ সাগৰীয় কাছ আৰু সামূদ্ৰিক স্তন্যপায়ী প্ৰাণী দেখিব, ২০০ বিধ শামুকজাতীয় প্ৰাণী, ৯০ বিধ দ্বিকপাটী প্ৰাণী, ৫৫ বিধ গেষ্ট্ৰ’পদ আৰু ৭৮ বিধ চৰাই দেখিবলৈ পাব।

ইয়াত ফকিৰাণী জাট আৰু ৰাবাৰিসকলে ইটোৰ পিছত সিটো প্ৰজন্ম খাৰাই উট চৰাই আহিছে। খাৰাই মানে গুজৰাটী ভাষাত নিমখীয়া। উট যেনে এটা পৰিৱেশত থাকে, তাতকৈ পৃথক এটা পৰিৱেশত খাপ খাব পৰাকৈ এই খাৰাই উটবোৰ বিৱৰ্তিত হৈছে। সিহঁতৰ খাদ্যাভাসত পৰে বিভিন্ন উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ খাদ্যবিধ হৈছে যিটো কাৰু মেৰু জাটে আমাক কয়, জলাহবন।

কুঁজ থকা প্ৰাণীৰ ভিতৰত এইবিধেই সাতুৰিব জানে, লগত থাকে বিশেষ মালধাৰী ফৈদৰ লোক। সাধাৰণতে দুজন মালধাৰীয়ে উটৰ জাকটোৰ দুফালে সাতোৰে। কেতিয়াবা তেওঁলোকে খাদ্য আৰু খোৱাপানী নিবলৈ আৰু গাঁৱলৈ ঘুৰি যাবলৈ সৰু নাও ব্যৱহাৰ কৰে। আন উটৰখীয়াবোৰ দ্বীপতে থাকে য’ত তেওঁলোকে উটৰ গাখীৰৰ সৈতে পাতলীয়া আহাৰ খায়। এই গাখীৰ তেওঁলোকৰ খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ।

Jethabhai Rabari (left) and Dudabhai Rabari making tea after grazing their camels in Khambaliya
PHOTO • Ritayan Mukherjee

জেঠাভাই ৰাবাৰি (বাওঁফালে) আৰু দুদাভাই ৰাবাৰিয়ে খাম্বালিয়াত উটৰ জাকটো চৰোৱাৰ পিছত চাহ বনাইছে

কিন্তু মালধাৰীসকলৰ বাবে পৰিস্থিতি দ্ৰুত গতিত পৰিৱৰ্তন ঘটিছে, বেয়াৰ ফালে ঢাল খাইছে। “এই জীৱিকা চলাই নিয়া টান হৈ আহিছে,” জেঠাভাই ৰেবাৰিয়ে কয়। “এই অঞ্চলৰ মাটিবোৰ বন বিভাগে লাহে লাহে নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ ফলত আমাৰ চৰণীয়া পথাৰ কমি আহিছে। আগতে আমি জলাহবনত মুক্তভাৱে বিচৰণ কৰিব পাৰিছিলো। ১৯৯৫ৰ পৰা উট চৰোৱা নিষিদ্ধ কৰা হৈছে। তাৰোপৰি আকৌ লোণডোবাবোৰ আছে, সিটোৰ কাৰণেও সমস্যা হয়। প্ৰব্ৰজনৰো একো সুবিধা নাইকিয়া হৈছে। তাতে আকৌ মাত্ৰাধিক হাৰত উট চৰোৱা বুলিও আমাৰ ওপৰত দোষ জাপি দিয়া হয়। সেইটো কেনেকৈ সম্ভৱ হ’ব পাৰে?”

এই অঞ্চলটোত বন অধিকাৰ আইনৰ ওপৰত দীৰ্ঘদিন ধৰি কাম কৰি অহা ঋতুজা মিত্ৰই উটৰখীয়াসকলৰ এই দাবীৰ প্ৰতি সমৰ্থন জনায়। “উটে কেনেকৈ চৰি ফুৰে, সেয়া যদি ভালকৈ লক্ষ্য কৰা যায়, দেখিব যে উটে সাধাৰণতে তৃণবোৰৰ ওপৰৰ অংশবোৰহে খায়, যিটোৱে পুনৰ পাত অহাত সহায় কৰে! সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যানখনৰ দ্বীপবোৰ বিপদাপন্ন খাৰাই উটবোৰৰ কাৰণে এক উৎকৃষ্ট স্থান, তাতেই উট আদি জন্তুৱে জলাহবনৰ ওপৰত নিৰ্ভৰ কৰি চলে।”

বন বিভাগে অৱশ্যে অন্যধৰণে ভাবে। বন বিভাগে প্ৰকাশ কৰা কিছুমান গৱেষণাপত্ৰ আৰু আন কিছুমান বিদ্যায়তনিক পত্ৰতো দাবী কৰা হৈছে যে উট চৰোৱাটো অত্যধিক চাৰণৰ কাৰণ।

২০১৬ৰ গৱেষণা পত্ৰ এখনে জলাহবনৰ অৱক্ষয় ঘটাৰ বিভিন্ন কাৰণ আঙুলিয়াই দিছে। উদ্যোগীকৰণৰ লগতে আন বিভিন্ন কাৰকৰ যোগসূত্ৰ অৱক্ষয়ৰ সৈতে পত্ৰখনে প্ৰকাশ কৰিছে। পত্ৰখনত অৱক্ষয়ৰ ক্ষেত্ৰত মালধাৰীসকল আৰু উটবোৰৰ কোনো ভূমিকাৰ কথা উল্লেখ নাই।

সেই একাধিক কাৰকবোৰ তাৎপৰ্য্যপূৰ্ণ।

সাতুৰিব জনা একমাত্ৰ কুঁজ থকা জন্তু খাৰাই উটবোৰ বিশেষ মালধাৰী লোকে চৰায়

ভিডিঅ’টো চাওক : গুজৰাটৰ সাতুৰি ফুৰা ভোকাতুৰ উট

১৯৮০ৰ দশকৰ পৰা জামনগৰ আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত উদ্যোগীকৰণ খৰতকীয়া হৈছে। “লোণডোবাবোৰ, অইল জেট্টি আৰু আন উদ্যোগিক কাৰ্য্যকলাপৰো ইয়াত ভূমিকা আছে,” ঋতুজাই আঙুলিয়াই দি কয়। “ব্যৱসায়ৰ বাবে তেওঁলোকৰ চৰণীয় ভূমিবোৰ অধিগ্ৰহণ কৰা হৈছে, কিন্তু উটৰখীয়াবোৰৰ জীৱিকাৰ কথা আহি পৰিলেই বন বিভাগ সংৰক্ষণবিদ হৈ পৰে। যিটোৱে ‘যিকোনো পেছাৰ অনুশীলন, যিকোনো জীৱিকা যাপন, বেপাৰ বা ব্যৱসায় চলোৱা’ৰ সংবিধানৰ ১৯(জি) অনুচ্ছেদত উল্লেখ কৰা অধিকাৰৰ নিশ্চয়তাক উলংঘা কৰিছে।”

সামুদ্ৰিক উদ্যানখনৰ চৰণীয় উপকূলভূমি উটৰখীয়াসকলৰ বাবে নিষিদ্ধ কৰা কাৰণে উটৰখীয়াসকলে বন বিভাগৰ পৰা হাৰাশাস্তি ভোগে। আদাম জাট তেনে এজন ভুক্তভোগী। “কেইবছৰমান আগৰ কথা, বন বিভাগৰ মানুহ আহি মোক উট চৰোৱা বাবে ধৰি লৈ গ’ল আৰু ২০,০০০ টকাৰ জৰিমনা বিহিলে।” একেই অভিজ্ঞতাৰ কথা আন উটৰখীয়াসকলেও কয়।

“কেন্দ্ৰ চৰকাৰে ২০০৬ত গৃহীত কৰা আইনখনো কোনো কামত অহা নাই,” ঋতুজা মিত্ৰই কয়। বন অধিকাৰ আইন, ২০০৬ৰ ৩(১)ডি অনুযায়ী সম্প্ৰদায়ভিত্তিক ব্যৱহাৰৰ অধিকাৰ, পশুচাৰণ (স্থায়ী আৰু ঋতু অনুসৰি দুয়োটাই) আৰু ঋতুকালীন সম্পদৰ ব্যৱহাৰৰ অধিকাৰ যাযাবৰ বা গৰখীয়া সম্প্ৰদায়ৰ লোকক দিয়া হৈছে,” ঋতুজাই কয়।

“তৎস্বত্ত্বেও বনৰক্ষীসকলে এই মালধাৰীসকলক মাজে-সময়ে জৰিমনা বিহে আৰু ধৰিলে ২০ৰ পৰা ৬০ হাজাৰ টকা আদায় কৰে,” ঋতুজাই কয়। তেওঁ ইয়াকো কয় যে বন অধিকাৰ আইনখনৰ বিভিন্ন দিশ কাগজে-পত্ৰই সীমাবদ্ধ হৈ ৰৈছে।

উটৰখীয়াসকলে এই অঞ্চল ভালেকেইটা প্ৰজন্ম ধৰি বাস কৰি আহিছে, সেয়ে এই অঞ্চলটো তেওঁলোকত বাদে আন কোনোৱে পাত পাতকৈ নাজানে। তেওঁলোকৰ সহায় অবিহনে জলাহবনৰ পৰিসৰ বঢ়াব খোজাটো নিতান্তই অনৰ্থক কথা। জাগাভাই ৰাবাৰিৰ কথাত, “এই মাটি আমি ভালদৰে চিনো-জানো, এই পৰিস্থিতিতন্ত্ৰ কেনেকৈ কাম কৰে আমি সেয়া বুজো, এই জলাহবন সংৰক্ষণ কৰাত চৰকাৰে যি যি পদক্ষেপ লৈছে আমি তাৰ বিৰুদ্ধাচৰণ কোনো কাৰণতে কৰা নাই। আমি এটাই অনুৰোধ কৰো: দয়া কৰি কিবা নীতি-নিয়ম বনোৱাৰ আগতে আমাৰ কথা তেওঁলোকে শুনক। নহ’লে এই অঞ্চলত বাস কৰি থকা ১২০০ মান যি মানুহ আছে, তেওঁলোকৰ অৱস্থা সংকটজনক হৈ পৰিব, উটবোৰো নাবাচিব।”

The thick mangrove cover of the Marine National Park and Sanctuary located in northwest Saurashtra region of Gujarat
PHOTO • Ritayan Mukherjee

গুজৰাটৰ উত্তৰ -পশ্চিমে অৱস্থিত সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ ঘন জলাহবন

Bhikabhai Rabari accompanies his grazing camels by swimming alongside them
PHOTO • Ritayan Mukherjee

নিজৰ উটৰ জাকটোৰ কাষে কাষে পানী ভাঙি উটৰখীয়া ভিখাভাই বাৰাৰি আগবাঢ়িছে

Aadam Jat holding his homemade polystyrene float, which helps him when swims with his animals
PHOTO • Ritayan Mukherjee

ঘৰতে নিজে সাজি লোৱা এই থাৰ্ম ’কলৰ সামগ্ৰীবিধ লৈ সাতুৰিবলৈ সহজ হয়

Magnificent Kharai camels about to get into the water to swim to the bets (mangrove islands)
PHOTO • Ritayan Mukherjee

জলাহবনলৈ বুলি পানীত নামিবলৈ খৰধৰ কৰা এজাক উট

Kharai camels can swim a distance of 3 to 5 kilometres in a day
PHOTO • Ritayan Mukherjee

খাৰাই উটে এদিনত ৩ৰ পৰা ৫ কিলোমিটাৰ পৰ্য্যন্ত সাতুৰিব পাৰে

The swimming camels float through the creeks in the Marine National Park in search of food
PHOTO • Ritayan Mukherjee

খাদ্যৰ সন্ধানত সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যানখনৰ পানীত সাতুৰি ফুৰা উটবোৰ

Hari, Jethabhai Rabari's son, swimming near his camels. ‘I love to swim with the camels. It’s so much fun!’
PHOTO • Ritayan Mukherjee

উটবোৰৰ পিছে পিছে সাতুৰি গৈ থকা জেঠাভাই ৰাবাৰিৰ পুত্ৰ হৰি ‘উটৰ লগত সাতুৰি বৰ ভাল লাগে বৰ ফুৰ্তি পাও !’


The camels’ movement in the area and their feeding on plants help the mangroves regenerate
PHOTO • Ritayan Mukherjee

অঞ্চলটোত উটৰ চলাফিৰা কৰা আৰু চৰোৱাৰ কাৰণে জলাহবনবোৰ পুনৰ গজি উঠাত সহায় কৰে

A full-grown Kharai camel looking for mangrove plants
PHOTO • Ritayan Mukherjee

এটা পূৰ্ণবয়স্ক খাৰাই উটে জলাহবন বিচাৰিছে

Aadam Jat (left) and a fellow herder getting on the boat to return to their village after the camels have left the shore with another herder
PHOTO • Ritayan Mukherjee

আন এজন উটৰখীয়াৰ হাতত উটবোৰ গতাই দি আদাম জাট (বাওঁফালে) আৰু লগৰীয়া এজনে নাৱেৰে ঘৰলৈ বুলি ওলাইছে

Aadam Jat, from the Fakirani Jat community, owns 70 Kharai camels and lives on the periphery of the Marine National Park in Jamnagar district
PHOTO • Ritayan Mukherjee

ফকিৰাণী জাট সম্প্ৰদায়ৰ আদাম জাটৰ ৭০ টা খাৰাই উট আছে আৰু জামনগৰৰ সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিত তেওঁ বাস কৰে

Aadam Jat in front of his house in Balambha village of Jodiya taluka. ‘We have been here for generations. Why must we face harassment for camel grazing?’
PHOTO • Ritayan Mukherjee

জোড়িয়া তালুকৰ বালাম্ভা গাঁৱৰ নিজ ঘৰৰ সন্মুখত আদাম জাট ‘আমি ইয়াত বহুকেইটা প্ৰজন্ম ধৰি আছো তৎস্বত্ত্বেও উট চৰোৱাৰ কাৰণে আমাক কিয় হাৰাশাস্তি কৰিব ?’


Jethabhai's family used to own 300 Kharai camels once. ‘Many died; I am left with only 40 now. This occupation is not sustainable anymore’
PHOTO • Ritayan Mukherjee

জেঠাভাইৰ পৰিয়ালৰ আগতে ৩০০ খাৰাই উট আছিল ‘বহুত মৰিল এতিয়া মোৰ ৪০ টা আছে এই জীৱিকাৰ ভৰসাত আৰু বেছিদিন চলিব নোৱাৰি


Dudabhai Rabari (left) and Jethabhai Rabari in conversation. ‘We both are in trouble because of the rules imposed by the Marine National Park. But we are trying to survive through it,’ says Duda Rabari
PHOTO • Ritayan Mukherjee

দুদাভাই ৰাবাৰি (বাওঁফালে) আৰু জেঠাভাই ৰাবাৰিয়ে কথা পাতিছে ‘সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যানখনত জাপি দিয়া নিয়মৰ বাবে আমি সমস্যাত পৰিছো কিন্তু তাৰ মাজতো চলি থাকিবলৈ চেষ্টা কৰিছো ,’ দুদা ৰাবাৰিয়ে কয়

As the low tide settles in the Gulf of Kachchh, Jethabhai gets ready to head back home
PHOTO • Ritayan Mukherjee

কচ্চ উপকূলত জোৱাৰ কমাত জেঠাভাইয়ে ঘৰলৈ বুলি ওলাইছে

Jagabhai Rabari and his wife Jiviben Khambhala own 60 camels in Beh village of Khambaliya taluka, Devbhumi Dwarka district. ‘My livelihood depends on them. If they are happy and healthy, so am I,’ Jagabhai says
PHOTO • Ritayan Mukherjee

দেৱভূমি দ্বাৰকা জিলাৰ খাম্বালিয়া তালুকৰ বেহ গাওঁ নিবাসী জাগাভাই ৰাবাৰি আৰু তেওঁ পত্নী জীৱিবেন খাম্ভালাৰ ৬০ টা উট আছে ‘মোৰ জীৱিকা এয়াই সিহঁতবোৰ সুখী আৰু সুস্থ থাকিলেহে মই ভালে থাকো ,’ জাগাভাইয়ে কয়

A maldhari child holds up a smartphone to take photos; the back is decorated with his doodles
PHOTO • Ritayan Mukherjee

এটা মালধাৰী শিশুৱে স্মাৰ্টফোনেৰে ফটো তুলিছে , ফোনটোৰ পিছফালে সেয়া তেওঁ নিজে অঁকা ডুডল্

A temple in Beh village. The deity is worshipped by Bhopa Rabaris, who believe she looks after the camels and their herders
PHOTO • Ritayan Mukherjee

বেহ গাঁৱৰ এটা মন্দিৰ ভোপা ৰাবাৰিসকলে এই দেৱীক পূজা কৰে , তেওঁলোকে ভাৱে যে দেৱীয়ে তেওঁলোকৰ উট আৰু উটৰখীয়াসকলক চায়

There are about 1,180 camels that graze within the Marine National Park and Sanctuary
PHOTO • Ritayan Mukherjee

সামূদ্ৰিক ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যখনত প্ৰায় ১ ,১৮০ টা উট চৰে

প্ৰতিবেদকে এই প্ৰতিবেদন প্ৰস্তুতিত সহজীৱনৰ উট কাৰ্য্যসূচীৰ প্ৰাক্তন সমন্বয়ক মহেন্দ্ৰ ভানানিয়ে তেওঁৰ বিশেষ জ্ঞান আৰু সহায়েৰে সহযোগ কৰাৰ বাবে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছে

ঋতায়ন মুখাৰ্জিয়ে দ্যা চেণ্টাৰ ফৰ পেষ্টোৰিলিজিমৰ পৰা প্ৰাপ্ত এক স্বতন্ত্ৰ ভ্ৰমণ অনুদানৰ সহায়ত গৰখীয়া আৰু যাযাবৰ জনগোষ্ঠীবোৰক লৈ লিখা -মেলা কৰে এই প্ৰতিবেদনৰ বিষয়বস্তুৰ ওপৰত দ্যা চেণ্টাৰ ফৰ পেষ্টোৰিলিজিমে কোনো সম্পাদকীয় হস্তক্ষেপ কৰা নাই

অনুবাদ: পংকজ দাস

Photos and Text : Ritayan Mukherjee

Ritayan Mukherjee is a Kolkata-based photographer and a PARI Senior Fellow. He is working on a long-term project that documents the lives of pastoral and nomadic communities in India.

Other stories by Ritayan Mukherjee
Video : Urja

Urja is Senior Assistant Editor - Video at the People’s Archive of Rural India. A documentary filmmaker, she is interested in covering crafts, livelihoods and the environment. Urja also works with PARI's social media team.

Other stories by Urja

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Photo Editor : Binaifer Bharucha

Binaifer Bharucha is a freelance photographer based in Mumbai, and Photo Editor at the People's Archive of Rural India.

Other stories by Binaifer Bharucha
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das