১৯৮০ৰ দশকৰ পৰা জামনগৰ আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলবোৰত উদ্যোগীকৰণ খৰতকীয়া হৈছে। “লোণডোবাবোৰ, অইল জেট্টি আৰু আন উদ্যোগিক কাৰ্য্যকলাপৰো ইয়াত ভূমিকা আছে,” ঋতুজাই আঙুলিয়াই দি কয়। “ব্যৱসায়ৰ বাবে তেওঁলোকৰ চৰণীয় ভূমিবোৰ অধিগ্ৰহণ কৰা হৈছে, কিন্তু উটৰখীয়াবোৰৰ জীৱিকাৰ কথা আহি পৰিলেই বন বিভাগ সংৰক্ষণবিদ হৈ পৰে। যিটোৱে ‘যিকোনো পেছাৰ অনুশীলন, যিকোনো জীৱিকা যাপন, বেপাৰ বা ব্যৱসায় চলোৱা’ৰ সংবিধানৰ ১৯(জি) অনুচ্ছেদত উল্লেখ কৰা অধিকাৰৰ নিশ্চয়তাক উলংঘা কৰিছে।”
সামুদ্ৰিক উদ্যানখনৰ চৰণীয় উপকূলভূমি উটৰখীয়াসকলৰ বাবে নিষিদ্ধ কৰা কাৰণে উটৰখীয়াসকলে বন বিভাগৰ পৰা হাৰাশাস্তি ভোগে। আদাম জাট তেনে এজন ভুক্তভোগী। “কেইবছৰমান আগৰ কথা, বন বিভাগৰ মানুহ আহি মোক উট চৰোৱা বাবে ধৰি লৈ গ’ল আৰু ২০,০০০ টকাৰ জৰিমনা বিহিলে।” একেই অভিজ্ঞতাৰ কথা আন উটৰখীয়াসকলেও কয়।
“কেন্দ্ৰ চৰকাৰে ২০০৬ত গৃহীত কৰা আইনখনো কোনো কামত অহা নাই,” ঋতুজা মিত্ৰই কয়। বন অধিকাৰ আইন, ২০০৬ৰ ৩(১)ডি অনুযায়ী সম্প্ৰদায়ভিত্তিক ব্যৱহাৰৰ অধিকাৰ, পশুচাৰণ (স্থায়ী আৰু ঋতু অনুসৰি দুয়োটাই) আৰু ঋতুকালীন সম্পদৰ ব্যৱহাৰৰ অধিকাৰ যাযাবৰ বা গৰখীয়া সম্প্ৰদায়ৰ লোকক দিয়া হৈছে,” ঋতুজাই কয়।
“তৎস্বত্ত্বেও বনৰক্ষীসকলে এই মালধাৰীসকলক মাজে-সময়ে জৰিমনা বিহে আৰু ধৰিলে ২০ৰ পৰা ৬০ হাজাৰ টকা আদায় কৰে,” ঋতুজাই কয়। তেওঁ ইয়াকো কয় যে বন অধিকাৰ আইনখনৰ বিভিন্ন দিশ কাগজে-পত্ৰই সীমাবদ্ধ হৈ ৰৈছে।
উটৰখীয়াসকলে এই অঞ্চল ভালেকেইটা প্ৰজন্ম ধৰি বাস কৰি আহিছে, সেয়ে এই অঞ্চলটো তেওঁলোকত বাদে আন কোনোৱে পাত পাতকৈ নাজানে। তেওঁলোকৰ সহায় অবিহনে জলাহবনৰ পৰিসৰ বঢ়াব খোজাটো নিতান্তই অনৰ্থক কথা। জাগাভাই ৰাবাৰিৰ কথাত, “এই মাটি আমি ভালদৰে চিনো-জানো, এই পৰিস্থিতিতন্ত্ৰ কেনেকৈ কাম কৰে আমি সেয়া বুজো, এই জলাহবন সংৰক্ষণ কৰাত চৰকাৰে যি যি পদক্ষেপ লৈছে আমি তাৰ বিৰুদ্ধাচৰণ কোনো কাৰণতে কৰা নাই। আমি এটাই অনুৰোধ কৰো: দয়া কৰি কিবা নীতি-নিয়ম বনোৱাৰ আগতে আমাৰ কথা তেওঁলোকে শুনক। নহ’লে এই অঞ্চলত বাস কৰি থকা ১২০০ মান যি মানুহ আছে, তেওঁলোকৰ অৱস্থা সংকটজনক হৈ পৰিব, উটবোৰো নাবাচিব।”