“য়াকৰ সংখ্যা দিনকদিনে কমি আহিছে,’’ এইদৰে কয় পদ্মা থুমুৱে। বিগত প্ৰায় ৩০ বছৰ ধৰি য়াকৰ লগতে লাগি থকা মহিলাগৰাকীয়ে আৰু কয়, ''আজিকালি তলৰ মালভূমি অঞ্চললৈ (প্ৰায় ৩০০০ মিটাৰ) চালে তেনেই কম য়াকহে চকুত পৰে।’’
পদ্মাৰ ঘৰ জাংস্কাৰৰ ব্লকৰ আব্ৰান গাঁৱত। পাৰা প্ৰায় মাইনাছ ১৫ ডিগ্ৰী চেলছিয়াছ পৰ্য্যন্ত নমাৰ সময়ত লাডাখৰ ওখ আৰু ঠাণ্ডা পাহাৰৰ মাজেৰে বছৰি তেওঁ প্ৰায় ১২০টা জীৱ-জন্তুৰ সৈতে যাত্ৰা কৰি আহিছে।
য়াকে (Bos grunniens) এই শীতৰ পৰিৱেশত সহজে খাপ খাই পৰে যদিও তাপমাত্ৰা ১৩ ডিগ্ৰী চেলছিয়াছৰ অধিক হ’লে অসুবিধাৰ সন্মুখীন হয়।
স্থানীয় লোকে জনোৱা মতে যোৱা কেইটামান দশকত জাংস্কাৰ উপত্যকাৰ নিম্ন মালভূমি অঞ্চলত গ্ৰীষ্মৰ সময়ত তাপমাত্ৰা ২৫ৰ পৰা ৩২ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে। “শীত আৰু গ্ৰীষ্মত তাপমাত্ৰাৰ তাৰতম্য যথেষ্ট,’’ উপত্যকাটোত গাড়ীচালক হিচাপে কৰ্মৰত টেনজিন এনে কয়।
তাপমাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত ২০১২ চনৰ পৰা ২০১৯ চনৰ ভিতৰত জম্মু আৰু কাশ্মীৰত য়াকৰ সংখ্যা ( ২০সংখ্যক পশুধন পিয়ল ) আধালৈকে হ্ৰাস পাইছে।
চাংথাং মালভূমিত বৃহৎ সংখ্যক য়াক পশুপালক আছে যদিও জাংস্কাৰ উপত্যকাত ইয়াৰ সংখ্যা তুলনামূলকভাৱে কম। স্থানীয় লোকসকলে কোৱা অনুসৰি জাংস্কাৰ পাছ নামেৰে জনাজাত পশুপালকৰ সংখ্যাও কমি আহিছে। লাডাখৰ কাৰ্গিল জিলাৰ আব্ৰান, অক্ষো আৰু চাহ গাঁৱৰ কেইটামান পৰিয়ালেহে এতিয়াও য়াক পালন কৰি আছে।
নৰ্ফেল আগতে পশুপালক আছিল যদিও ২০১৭ চনত তেওঁ য়াক বিক্ৰী কৰি আব্ৰান গাঁৱত এখন অস্থায়ী দোকান খুলিছিল। তেওঁৰ দোকানখন মে’ মাহৰ পৰা অক্টোবৰলৈকে খোলা থাকে। দোকানখনত চাহ, বিস্কুট, হৰেক ৰকমৰ পেকেটত থকা খাদ্য, কেৰাচিন, বাচন-বৰ্তন, মছলা, ৰন্ধন তেল, শুকান মাংস আদি বিক্ৰী কৰা হয়। তেওঁ কয় যে পশুপালকৰ কামটো বৰ কষ্টকৰ আছিল আৰু লাভজনক নাছিল। তেওঁ কয়, “আগতে মোৰো য়াক আছিল, কিন্তু এতিয়া মোৰ গৰু আছে। এতিয়া মই দোকানখনৰ জৰিয়তেই চলি আহিছো। কেতিয়াবা এমাহত ৩,০০০-৪,০০০ টকা উপাৰ্জন কৰো। সেয়া এতিয়াও য়াক পালনৰ পৰা হোৱা উপাৰ্জনতকৈ বেছি।”
আব্ৰানৰ সোণম মটুপ আৰু ছেৰিং আংমোৱে কিছু দশক ধৰি য়াক পালন কৰি আহিছে। তেওঁলোকৰ প্ৰায় ১২০টা য়াক আছে। ছেৰিঙে কয়, “প্ৰতি বছৰে গ্ৰীষ্মকালত [মে’-অক্টোবৰ] আমি উপত্যকাৰ ওপৰলৈ যাও [য’ত ঠাণ্ডা বেছি] আৰু চাৰিৰ পৰা পাঁচ মাহ ডক্সাত বাস কৰো।’’
ডক্সা হৈছে গ্ৰীষ্মকালত প্ৰব্ৰজন কৰা পৰিয়ালৰ বাবে কেবাটাও কোঠা আৰু পাকঘৰযুক্ত বসতিস্থল। গথ আৰু মানি বুলিও জনাজাত এইবোৰ বোকা আৰু শিলৰ দৰে সুলভ সামগ্ৰীৰে সজা হয়। গাঁৱৰ পশুপালকসকলে সাধাৰণতে পৰিয়ালৰ সদস্যসকলৰ সৈতে ডক্সা ভাগ কৰি পাল পাতি য়াকৰ জাকৰ লগত থাকে। “মই জীৱ-জন্তুবোৰ চৰাও আৰু যত্ন লওঁ। ইয়াত আমি ভীষণ ব্যস্ত হৈ থাকো,’’ সোণমে কয়।
এই মাহবোৰত সোণম আৰু ছেৰিঙৰ দিনটো পুৱা ৩ বজাৰ পৰা আৰম্ভ হয়। তেওঁলোকে চুৰ্পি (স্থানীয় পনীৰ) প্ৰস্তুত কৰি বিক্ৰী কৰে। ৬৯ বছৰীয়া সোণমে কয়, “সূৰ্যোদয়ৰ পিছত আমি য়াকৰ জাকটোক চৰণীয়া পথাৰলৈ লৈ যাওঁ আৰু তাৰ পিছত দুপৰীয়া জিৰণি লওঁ।’’
ছেৰিঙে কয়, “ইয়াত [জাংস্কাৰ উপত্যকা] পশুপালকসকল বেছিভাগেই মাইকী জোমোৰ ওপৰত নিৰ্ভৰশীল।” মতা জোমো আৰু মাইকী জোমো হৈছে য়াক আৰু কোটৰ বৰ্ণসংকৰণ প্ৰজাতি; জোমোবোৰ অধিক স্বাস্থ্যৱান আৰু বেমাৰ-আজাৰ নহয়েই বুলিব পাৰি। “আমি ইয়াত কেৱল প্ৰজননৰ উদ্দেশ্যে মতা য়াক ৰাখো। আমি জোমোৰ পৰা গাখীৰ পাওঁ। সেই গাখীৰেৰে ঘিউ আৰু চুৰ্পি তৈয়াৰ কৰো,’’ ৬৫ বছৰীয়া ছেৰিঙে কয়।
স্বামী-স্ত্ৰীহালে কয় যে তেওঁলোকৰ আয় যোৱা দহ বছৰৰ তুলনাত এতিয়া এক তৃতীয়াংশলৈ হ্ৰাস পাইছে। তেওঁলোকৰ দৰে বহুতৰেই ক্ষেত্ৰত কেৱল এই কামটোৰ ওপৰত নিৰ্ভৰ কৰি চলাত জটিলতা আহি পৰিছে। ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া পাৰিৰ প্ৰতিনিধিয়ে তেওঁলোকক লগ পাইছিল তেতিয়া পশুপালকসকলে শীতকালত পৰ্যাপ্ত পৰিমাণৰ খাদ্য পাবনে নাই সে লৈ দম্পতিহাল চিন্তিত হৈ পৰিছিল। পশুখাদ্যৰ যোগান পৰ্যাপ্ত পানীৰ ওপৰত নিৰ্ভৰশীল, কিন্তু লাডাখৰ দৰে উচ্চতাত পানীৰ একমাত্ৰ উৎস তুষাৰপাতৰ পৰিমাণ হ্ৰাস আৰু হিমবাহ পিছুৱাই গৈ থকাৰ ফলত কৃষক আৰু পশুপালকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈ পৰিছে।
আব্ৰান গাওঁখনত এতিয়াও বিশেষ কোনো প্ৰভাৱ পৰা নাই যদিও সোণম চিন্তিত হৈ পৰিছে। তেওঁ কয়, “জলবায়ু সলনি হ’লে আৰু খোৱাৰ বাবে পানী তথা য়াকবোৰে খাব পৰাকৈ ঘাঁহ নাথাকিলে কি হ’ব সেই কথা ভাবিয়েই চিন্তাত পৰিছো।”
সোণম আৰু ছেৰিঙৰ পাঁচটা সন্তান। আটাইৰে বয়স ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত। তেওঁলোকৰ কোনোৱেই য়াক পালনৰ প্ৰতি আগ্ৰহী নহয়। সেয়ে আটায়ে দৈনিক মজুৰিৰ কাম কৰিছে।
“নৱপ্ৰজন্মই এই পৰম্পৰাগত কামটো কৰাতকৈ চহৰ অঞ্চলত বসতি স্থাপন কৰিবলৈহে ভাল পায়। তেওঁলোকৰ বেছিভাগেই বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনত চালক আৰু শ্ৰমিক হিচাপে কাম কৰিব বিচাৰে,” সোণমে কয়।
পদ্মা থুমুৱেও সেই একেই কথাকেই কয়। তেওঁ কয়, “এই [যাক চৰোৱা] কাম কৰি এতিয়া আৰু জীৱন চলোৱাটো সম্ভৱ হৈ থকা নাই।”
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি