তিনিটা দশকৰ আগেয়ে কোমল বয়সৰ সঞ্জয় কাম্বলেক কেনেকৈনো বাঁহেৰে কামটো কৰে কোনেও শিকাব খোজা নাছিল। এতিয়া তেওঁৰ এই মৃতপ্ৰায় কলাটো সকলোকে শিকাব বিচাৰে, কিন্তু শিকাৰু কোনো নাই। ৫০ বছৰ বয়সীয়া মানুহজনে ক’লে, “সময় কি দৰে সলনি হয় সি এক বিড়ম্বনা।”
কাম্বলেৰ এক একৰ মাটিত গজা বাঁহেৰে তেওঁ প্ৰধানতঃ ইৰ্লা সাজে – ই হ’ল মহাৰাষ্ট্ৰৰ পশ্চিমাঞ্চলত ধানখেতি কৰা কৃষকসকলে ব্যৱহাৰ কৰা একধৰণৰ ৰেইন ক’ট। “২০ বছৰ মানৰ আগেয়ে প্ৰতিজন কৃষকেই পথাৰত কাম কৰোঁতে ইৰ্লা ব্যৱহাৰ কৰিছিল কাৰণ সেই সময়ত আমাৰ শ্বাহুৱাড়ী তালুকত বৰকৈ বৰষুণ দিছিল,’’ কেৰ্লে গাৱঁৰ এই বাসিন্দা জনে ক’লে। নিজৰ পথাৰত কাম কৰোঁতে তেওঁ নিজেও এটা পিন্ধি লয়। বাহঁৰ ৰেইনক’ট এটা কমেও ৭ বছৰ যায়, আৰু “তাৰ পিচতো তাক সহজেই মেৰামত কৰিব পৰা যায়,” তেওঁ লগতে জনালে।
কিন্তু কথাবোৰ সলনি হ’ল।
চৰকাৰী তথ্যই দেখুৱাই যে যোৱা ২০ বছৰত ক’লহাপুৰ জিলাত জুলাই আৰু ছেপ্টেম্বৰৰ মাজত বৰষুণ - ১,৩০৮ মি.মি (২০০৩)ৰ পৰা ৯৭৩ লৈ হ্ৰাস হৈছে।
“কোনে জানিছিল কেতিয়াবা ইয়াত বৰষুণ ইমান কমিব যে সি মোৰ শিল্পকে নিঃশেষ কৰিব?” ইৰ্লা কলাকাৰ সঞ্জয় কাম্বলেয়ে প্ৰশ্ন কৰে।
“ইয়াত খেতি-বাতি বৰষুণৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে আমি প্ৰতি বছৰে মাত্ৰ জুনৰ পৰা ছেপ্টেম্বৰলৈকেহে খেতি কৰোঁ,” কাম্বলেয়ে ক’লে। বছৰ বাগৰাৰ লগে লগে বতৰৰ লীলাই মুম্বাই আৰু পুণেৰ দৰে মহানগৰলৈ গাৱঁৰ মানুহবোৰক প্ৰব্ৰজিত হ’বলৈ বাধ্য কৰিছিল য’ত তেওঁলোকে ৰেষ্টোৰাঁ, ব্যক্তিগত বাছৰ কণ্ডাক্টৰ, ৰাজমিস্ত্ৰী, দৈনিক হাজিৰা, পদপথৰ খাদ্য বা অন্য বস্তু বিক্ৰী কৰা, বা মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইৰ পথাৰত শ্ৰম কৰা আদি কাম কৰে।
গাৱঁত ৰৈ যোৱা বাকীসকলে বৰষুণ কমি অহাৰ বাবে ধান খেতি এৰি কুঁহিয়াৰৰ খেতি কৰিবলৈ ল’লে। কাম্বলেই ক’লে, “গভীৰ নলী-নাদ থকা খেতিয়কখিনিয়ে ততাতৈয়াকৈ সলনি কৰি কুঁহিয়াৰ খেতিত ধৰিছে, যিটো খেতি বেছি সহজেই কৰিব পাৰি।” খেতিৰ এই সলনিটো সাত বছৰমানৰ আগৰ পৰা আৰম্ভ হৈছে।
যদি যথেষ্ট পৰিমাণৰ বৰষুণ হয়, বাৰিষা কাম্বলে ১০টা মান ইৰ্লা বেছিব পাৰে, কিন্তু ২০২৩ চনৰ গোটেই সময়খিনিত তেওঁ মাত্ৰ তিনিটাৰ বাবেহে অৰ্ডাৰ পালে। “এই বছৰ বৰষুণ বৰ কম হ’ল। কোনেনো ইৰ্লা কিনিব?” তেওঁৰ গ্ৰাহকবোৰ হ’ল কাষৰীয়া আম্বা, মাছনলী, টালাৱাড়ে আৰু চান্দ’লি গাৱঁৰ।
কুঁহিয়াৰ খেতি কৰিবলৈ লোৱাৰ কাৰণে অন্য এটা সমস্যাৰ সৃষ্টি হৈছে। “ ইৰ্লাবোৰ আচলতে বেছি ওখ নোহোৱা শস্যৰ পথাৰতহে পিন্ধা হয়। আপুনি ইৰ্লা এটা পিন্ধি কুঁহিয়াৰনিত খোজ কাঢ়িব নোৱাৰে, কাৰণ ইয়াৰ বহল আকৃতিয়ে শস্যৰ গা-গছত আঘাত কৰিব,” বুদ্ধ ধৰ্মাৱলম্বী দলিত সমাজৰ সদস্য সঞ্জয়ে বুজালে। ইৰ্লা এটাৰ আকাৰ সেইটো পিন্ধা খেতিয়কজন কিমান ওখ তাৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁ লগতে যোগ দিলে, “ই এটা সৰু ঘৰৰ দৰে।”
এতিয়া গাৱঁত বেছা সস্তীয়া প্লাষ্টিকৰ ৰেইনক’টে ইৰ্লাক এক প্ৰকাৰে বিদায়েই দিলে। ২০ বছৰৰ আগতে কাম্বলে এটা ইৰ্লা ২০০-৩০০ টকাত বেচিছিল, যিহেতু জীৱন ধাৰণৰ খৰচ বাঢ়িল, তেওঁ এতিয়া তাৰ দামো ৬০০টকালৈ বঢ়ালে।
*****
কাম্বলেৰ দেউতাক, স্বৰ্গীয় চন্দ্ৰাপ্পা এজন খেতিয়ক আৰু কাৰখানাৰ শ্ৰমিক আছিল। সঞ্জয়ৰ জন্মৰ আগেয়ে মৃত্যু হোৱা তেওঁৰ ককা-দেউতাক স্বৰ্গীয় জ্যোতিবাই ইৰ্লা সাজিছিল- যিটো তেওঁলোকৰ গাৱঁৰ সকলোৰে সাধাৰণ জীৱিকা আছিল।
আনকি ৩০ বছৰৰ আগলৈকে সামগ্ৰী বিধৰ ইমানেই চাহিদা আছিল, কাম্বলেয়ে ভাবিছিল যে বাঁহৰ কাম শিকিলে তেওঁৰ খেতিৰ পৰা পোৱা উপাৰ্জন বৃদ্ধি কৰিবলৈ সহায়ক হ’ব। তেওঁ ক’লে, “মোৰ আন কোনো গত্যন্তৰ নাছিল, মোৰ পৰিয়ালটোক সহায় কৰিবলৈ মই পইচা আৰ্জিবই লাগিব।”
কাম্বলে যেতিয়া কলাবিধ শিকিব বুলি ঠিৰাং কৰিছিল, তেওঁ কেৰ্লেৰ কাম্বলেৱাড়ী এলেকাৰ এজন অভিজ্ঞ কলাকাৰৰ ওচৰলৈ গ’ল। কাম্বলে সেই কথা সুৱঁৰি ক’লে, “মই তেওঁক শিকাবলৈ কাকুতি কৰিলোঁ, কিন্তু তেওঁ ইমান ব্যস্ত আছিল যে মোলৈ নেচালেও।” তথাপি, তেওঁ এৰি দিয়া ভকত নাছিল। দৈনিক পুৱাতেই গৈ কলাকাৰজনে কৰা কাম চাইছিলেগৈ আৰু অৱশেষত নিজে নিজেই কলাবিধ আয়ত্ব কৰিলে।
কাম্বলেৰ বাঁহৰ সৈতে প্ৰথম অভিজ্ঞতাটো আছিল সৰু সৰু ঘূৰণীয়া টপ্লি (পাছি/খৰাহী) সজা, যাৰ ভিত্তি কথাখিনি তেওঁ এসপ্তাহৰ ভিতৰতে শিকি পেলাইছিল। শুদ্ধ হৈ নুঠালৈকে বালি-বাদামী ৰঙৰ কামিৰে বৈ বৈ তেওঁ গোটেই দিনটো বাঁহেৰেই খেলা কৰি থাকে।
মোৰ পথাৰত এতিয়া প্ৰায় ১০০০ মান বাঁহৰ গছ আছে। “সেইবোৰ হস্তশিল্পজাত সামগ্ৰীৰ বাবে ব্যৱহাৰ কৰাৰ উপৰি আঙুৰৰ বাগিছাবোৰলৈ যোগান ধৰা হয় [য’ত সেইবোৰে আঙুৰলতা বগাবলৈ সহায় কৰে]।” বজাৰৰ পৰা চিৱা (বাঁহৰ স্থানীয় প্ৰকাৰ) কিনা হ’লে সঞ্জয়ে প্ৰতি টুকুৰা বাঁহত কমেও ৫০টকা দিব লগীয়া হ’লহেঁতেন।
ইৰ্লা সজাটো বৰ শ্ৰমসাধ্য কাম আৰু কামটো শিকিবলৈ সঞ্জয়ক প্ৰায় এবছৰ লাগিছিল।
সঠিক বাঁহ গছজোপা বিচাৰি লোৱাৰ পৰা কামটো আৰম্ভ হয়। গপচ আৰু দীৰ্ঘ দিন ধৰি ব্যৱহাৰোপযোগী হোৱাৰ বাবে গাৱঁৰ মানুহে চিৱা বাঁহ ব্যৱহাৰ কৰিবলৈকে ভাল পায়। কাম্বলে তেওঁৰ পথাৰত সযতনে বাঁহগছ নিৰীক্ষণ কৰি ২১ ফুট দীঘল বাঁহ এডাল বাচি লয়। তাৰ পিচৰ ৫ মিনিটত, তেওঁ দ্বিতীয় পাৱটোৰ ঠিক ওপৰতে সেইডাল কাটি লৈ কান্ধত পেলাই লয়।
তেওঁ পিচফালে থকা চিৰা ( ৰঙা মাটিৰ ) ঘৰটোলৈকে আগুৱাই গ’ল, য’ত এটা কোঠা আৰু এটা পাকঘৰ আছে আৰু তেওঁ কাম কৰা চোতালখনত বাঁহৰ দ’ম থৈ দিয়া আছে। আকাৰত অসমান বাঁহৰ দুই মূৰ কাটিবলৈ তেওঁ পাৰ্লি (এক ধৰণৰ কাঁচি) ব্যৱহাৰ কৰে। তাৰ পিচত তেওঁ বাঁহখিনি সমানে দুভাগত ভগায় আৰু নিমিষতে তেওঁৰ পাৰ্লি খনেৰে প্ৰতিটো টুকুৰা দীঘলীয়াকৈ ঠিক সমানে দুটুকুৰাকৈ ফালে।
পাতল কামি তৈয়াৰ কৰিবলৈ বাঁহৰ সেউজীয়া বাহিৰৰ আৱৰণটো পাৰ্লিৰে এৰুৱাই পেলোৱা হয়। এনেকুৱা কামি কিছুমান চাঁচিবলৈ তেওঁ কমেও তিনি ঘণ্টাকৈ সময় খটায়, যিবোৰ পিচত ইৰ্লা তৈয়াৰ কৰিবলৈ গঁথা হয়।
ইৰ্লাৰ আকাৰৰ ওপৰত কামিৰ সংখ্যা নিৰ্ভৰ কৰে, তেওঁ বুজালে। মোটামুটি, প্ৰতিটো ইৰ্লাত ২০ফুটৰ তিনি টুকুৰা বাঁহ লাগে।
কাম্বলেই ২০ ডাল কামি মাজত ছয় ছেণ্টিমিটাৰৰ ব্যৱধান ৰাখি সমান্তৰালকৈ সজাই লয়। তাৰ পিচত তেওঁ আৰু কিছুমান কামি সেইবোৰৰ ওপৰত পথালিকৈ থৈ লয় আৰু তাৰ পিচত সেইবোৰ মাজে মাজে সুমুৱাই গাঁথিবলৈ ধৰে, চাটাই (কঠ) এখন যেনেকৈ বয় ঠিক তেনেকুৱাকৈ।
তেওঁৰ হাতৰ তলুৱাখনকে জোখ হিচাপে ব্যৱহাৰ কৰা এই ওস্তাদ কলাকাৰজনক কামিবোৰ চাঁচিবলৈ কোনো স্কেল বা মাপন ফিটা নালাগে। তেওঁ হাঁহি মাৰি ক’লে, “জোখবোৰ ইমানেই সঠিক যে কামিবোৰৰ এটা অংশও ৰৈ নাযায়।”
“এই গাঁথনিটো সজাৰ পিচত, কেউদিশৰ পৰা তাৰ কাষবোৰ বেকা কৰিব লাগিব, যিটোৰ কাৰণে বহু শক্তিৰ প্ৰয়োজন,” তেওঁ কৈ গ’ল। গাঁথনিটো সজা হোৱাৰ পিচত ওপৰৰ প্ৰতিডাল কামিৰ জোঙা মূৰটো বেকা কৰিবলৈ তেওঁৰ এঘণ্টা মান সময় লাগে। এই গোটেই প্ৰক্ৰিয়াটোত প্ৰায় আঁঠ ঘণ্টা মান সময় লাগে, তেওঁ ক’লে।
গাঁথনি সম্পূৰ্ণ হোৱাৰ পিচত ইৰ্লাটো ডাঙৰ নীলা টাৰ্প’লিনৰ টুকুৰাৰে ঢাকি ৰখা হয় যিয়ে পানী প্ৰতিৰোধী হিচাপে কাম কৰে। ইৰ্লাটোৰ জোঙা মূৰৰ পৰা প্লাষ্টিকৰ ৰচীৰ সহায়ত ইয়াক পিন্ধোতাজনৰ শৰীৰত বান্ধি দিয়া হয়। ইয়াক ঠিক ঠাইত ধৰি ৰাখিবৰ বাবে বিভিন্ন ঠাইত কেইবাটাও গাঁথি মৰা হয়। কাম্বলেই কাষৰীয়া চহৰ অম্বা আৰু মাল্কাপুৰৰ পৰা এটুকুৰাত ৫০টকাকৈ টাৰ্প’লিনৰ কিনে।
*****
ইৰ্লা সজাৰ উপৰি কাম্বলেই নিজৰ মাটি ডৰাত খেতিও কৰে। খেতিৰ বেছি ভাগ ফচলেই পৰিয়ালৰ মানুহে ব্যৱহাৰ কৰে। তেওঁৰ পৰিবাৰ, চল্লিছৰ দশকৰ মধ্য ভাগৰ বয়সীয়া মালাবাইয়েও ঘাঁহ উভলা, ধান সিচা আৰু কুঁহিয়াৰ ৰোৱাত সহায় কৰা, নতুবা শস্য চপোৱা আদি কাম নিজৰ পথাৰ আৰু আনৰ পথাৰত কৰে।
“আমি যিহেতু ইৰ্লাৰ বাবে যথেষ্ট অৰ্ডাৰ নাপাওঁ আৰু মাত্ৰ ধান খেতিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিব নোৱাৰোঁ, সেয়ে মই পথাৰত কাম (শ্ৰমিক হিচাপে কাম) কৰিবলৈ বাচি লৈছোঁ,” তেওঁ ক’লে। তেওঁলোকৰ বিশৰ দশকৰ শেষৰ বয়সৰ জীয়াৰী কৰুণা, কাঞ্চন আৰু শুভাংগীৰ বিয়া হৈ গৈছে আৰু তিনিও ঘৰ গৃহস্থী চম্ভালে। তেওঁলোকৰ পুত্ৰ স্বপ্নীলে মুম্বাইত পঢ়ি আছে আৰু সি কেতিয়াও ইৰ্লা সাজিবলৈ শিকা নাই। “সি মহানগৰখনলৈ গ’লগৈ, কাৰণ ইয়াত জীৱিকাৰ উপায় নাই,” সঞ্জয়ে জনালে।
উপাৰ্জন বঢ়াবলৈকে কাম্বলে আন আন বাঁহৰ সামগ্ৰীৰ লগতে হাতেৰে খুৰুদ (মুৰ্গীৰ গৰাল), আৰু কাৰাণ্ডা (মাছ থ’বলৈ ব্যৱহাৰ কৰা) সজাত পাৰ্গতালি আৰ্জিলে। পিচে সেইবোৰ অৰ্ডাৰ পালেহে সজা হয় আৰু গ্ৰাহকে নিজে তেওঁৰ ঘৰলৈ আহি লৈ যায়। এক দশক মান আগেয়ে পৰম্পৰাগত ভাৱে ধান থ’বলৈ ব্যৱহাৰ কৰা - ট’প্লা বা কাংগিও তেওঁ সাজিছিল। কিন্তু পাত্ৰচা ডাব্বা (টিনৰ বাকচ)ৰ সুলভ উপলব্ধতাৰ বাবে তেনে অৰ্ডাৰবোৰ অহা বন্ধ হ’ল। এতিয়া তেওঁ নিজৰ ঘৰত ব্যৱহাৰ কৰিবলৈহে সাজে।
নিজে সজা বস্তুবোৰৰ ফটো আমাক দেখুৱাবলৈ বুলি ফ’নটো খুচৰি খুচৰি কাম্বলেয়ে সুধিলে, “কোনেনো এইবোৰ কাম শিকিব বিচাৰিব? ইয়াৰ কোনো চাহিদা নাই আৰু ভাল উপাৰ্জনো নহয়। কিছু বছৰৰ পিচতে ই নোহোৱা হৈ যাব।”
এই লেখাটো সংকেট জৈনে মৃণালিনী মুখাৰ্জী ফাউণ্ডেছনৰ সাহায্যত প্ৰস্তুত কৰা গ্ৰাম্য কলাকাৰ বিষয়ক বিশেষ ধাৰাবাহিক এটাৰ অংশ।
অনুবাদ: ৰুবী বৰুৱা দাস