‘‘মোক বহুবাৰ হাতীয়ে খেদিছে, কিন্তু কেতিয়াও মোৰ হাত-ভৰি ভগা নাই’’, মিচিকিয়া হাঁহি এটি মাৰি ৰবি কুমাৰ নেতামে এইদৰে কয়৷

আৰ্শিকানহাৰ ৰেঞ্জত অৰণ্যৰ লুংলুঙীয়া বাটেৰে ২৫ বৰ্ষীয় গোণ্ড আদিবাসী তৰুণজন নিঃশব্দে আগবাঢ়ে৷ ছট্টিশগড়ৰ উদন্তি সীতানদী ব্যাঘ্ৰ অভয়াৰণ্যত তেওঁ এজন হস্তী সন্ধানবিদ৷ তেওঁ জানে কিদৰ হাতীৰ ভৰিৰ খোজ আৰু লাদ বিচাৰি জাকটোৰ সন্ধান কৰিব লাগে৷

‘‘মোৰ জন্ম অৰণ্যতেই আৰু মই ইয়াতে ডাঙৰ-দীঘল হৈছো৷ অৰণ্যৰ কথা জানিবলৈ মোক আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নাই,’’ ধামতাৰি জিলাৰ থেনাহি গাঁৱৰ ৰবিয়ে এইদৰে কয়৷ দ্বাদশ শ্ৰেণীলৈ পঢ়া ৰবিয়ে বৰ্তমানৰ পেচাটোত যোগদান কৰাৰ পূৰ্বে চাৰি বছৰ আগেয়ে বন বিভাগৰ অগ্নি সুৰক্ষাদলত মকৰল হৈছিল৷

অনুসৰণকাৰীজনে আমাক গভীৰ অৰণ্যৰ ভিতৰলৈ আগুৱাই লৈ যোৱাৰ লগে লগে শাল (Shorea robusta) আৰু চেগুন (Tectona grandis) গছৰ আঁৰে আঁৰে ঝিলিৰ কৰ্কশ মাতে ঠাইডোখৰ অনুৰণিত কৰি তুলিলে৷ মাজে মাজে চৰাইৰ মাত আৰু গছৰ ঠেঙুল এটা ভঙাৰ শব্দও শুনা গ’ল৷ ট্ৰেকাৰজনে প্ৰতিটো শব্দ আৰু চৌপাশৰ পৰা পাব পৰা সূংশুত্ৰৰ প্ৰতিও কাণ দিব লাগে।

PHOTO • Prajjwal Thakur
PHOTO • Prajjwal Thakur

বাঁওফালেঃ ‘মোৰ জন্ম অৰণ্যতেই আৰু মই ইয়াতে ডাঙৰ-দীঘল হৈছো৷ অৰণ্যৰ কথা জানিবলৈ মোক আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন নাই,’ হস্তী অনুসৰণকাৰী ৰবি কুমাৰ নেতামে এইদৰে কয়৷ সোঁফালেঃ আৰ্শিকানহাৰ ফৰেষ্ট ৰেঞ্জত হস্তী অনুসৰণকাৰীৰ এটা কেম্প৷ হাতীৰ জাকটো প্ৰায় ৩০০ মিটাৰ দূৰৈত আছে৷

অৰণ্যখনলৈ হাতীৰ জাকটো নতুনকৈ আহিছে৷ এই জাকটো ওড়িশাৰ পৰা তিনি বছৰ পূৰ্বে ইয়ালৈ আহিছিল৷ বনবিষয়াসকলৰ মাজত শিকাচাৰ হাতীৰ জাক হিচাপে জনাজাত এই জাকটো ২০-২০টা হাতীৰ সৈতে দুটা দলত বিভক্ত হৈছে৷ এটা জাক গৈছে গৰিয়াবান্দলৈ আৰু আনটো জাকক আমাৰ স্থানীয় লোকসকলে অনুসৰণ কৰিছে, দেৱদত্ত তৰমে এইদৰে কয়৷ ৫৫ বৰ্ষীয় দেৱদত্তই বনসেৱাত নিৰাপত্তাকৰ্মী হিচাপে যোগদান কৰিছিল আৰু এতিয়া তেওঁ এজন ফৰেষ্ট ৰেঞ্জাৰ৷ ৩৫ বছৰীয়া অভিজ্ঞতাৰ সৈতে তেওঁ অৰণ্যখন হাড়ে-হিমজুৱে চিনি পায়৷

‘‘অঞ্চলটোত অৰণ্যখনকে ধৰি যথেষ্ট পানীৰ উৎস আছে, পুখুৰী আছে, কেইটামান বান্ধো আছে’’, অঞ্চলটোত বৃহৎ পশুৰ সমাৱেশৰ কাৰণ উল্লেখ কৰি দেৱদত্তই এইদৰে কয়৷ অৰণ্যখনত খাদ্যৰো যথেষ্ট সম্ভাৰ আছে - মহুৱা গছৰ ফল জন্তুৰ প্ৰিয় খাদ্য৷ তাৰোপৰি ইয়াত জনসমাগমো যথেষ্ট কম৷ ‘‘এই গভীৰ অৰণ্যত খনন কাৰ্যও নহয়৷ এই আটাইবোৰ কাৰণতেই অঞ্চলটো হস্তীকূলৰ বাবে নিৰাপদ স্থান হৈ পৰিছে’’, দেৱদত্তই লগতে এইদৰে কয়৷

হস্তী অনুসৰণকাৰীসকলে সলনা-সলনিকৈ, দিনে-নিশাই প্ৰতিটো ঋতুত খোজ কাঢ়ি হাতী অনুসৰণ কৰে আৰু লগতে গাঁওবোৰতো হস্তীৰ সন্ধান কৰে৷ তেওঁলোকৰ সন্ধানৰ প্ৰতিবেদন হস্তী অনুসৰণ এপত জমা কৰে৷

PHOTO • Prajjwal Thakur
PHOTO • Prajjwal Thakur

বাঁওফালেঃ হাতীৰ খোজৰ দ্বাৰা কিদৰে সিঁহতৰ সন্ধান কৰা হয় সেই বিষয়ে উল্লেখ কৰিছে ফৰেষ্ট ৰেঞ্জাৰ দেৱদত্তই৷ সোঁফালেঃ নাথুৰাম নেতামে হাতীৰ লাদ পৰীক্ষা কৰিছে

PHOTO • Prajjwal Thakur
PHOTO • Prajjwal Thakur

বাওঁফালেঃ হস্তী অনুসৰণকাৰীসকলে টহল দিছে৷ সোঁফালেঃ অনুসৰণকাৰীসকলে তেওঁলোকৰ তথ্য এপত আপলোড কৰে আৰু হোৱাটছএপৰ জৰিয়তে জনসাধাৰণক সজাগ কৰাৰ লগতে প্ৰতিবেদনো প্ৰেৰণ কৰে

‘‘এই এপ্লিকেচনটো এফএমআইএছ (বন ব্যৱস্থাপনা তথ্য প্ৰণালী) আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা যুটীয়াভাৱে নিৰ্মাণ কৰা হৈছে৷ হাতীৰ অৱস্থিতিৰ বিষয়ে ১০ কিলোমিটাৰ ব্যাসাৰ্ধত থকা জনসাধাৰণক এই তথ্যৰ জৰিয়তে সজাগ কৰি দিয়া হয়’’, উদন্তি সীতানদী ব্যাঘ্ৰ অভয়াৰণ্যৰ উপ সঞ্চালক বৰুণ কুমাৰ জৈনে এইদৰে কয়৷

হস্তী অনুসৰণকাৰী দলটোৰ কোনো নিৰ্ধাৰিত কৰ্মঘণ্টা নাথাকে আৰু তেওঁলোকে ঠিকাভিত্তিত মাহিলী ১৫০০ টকাত আঘাতৰ কোনো বীমাৰ সুবিধা নোপোৱাকৈ কাম কৰে৷ ‘‘যদি নিশাৰ ভাগত হাতী ওলায়, তেন্তে আমিও নিশা ওলাই যাব লাগে কাৰণ মই এই অঞ্চলটোৰ সুৰক্ষাত নিয়োজিত কৰ্মী৷ এয়া মোৰ দায়িত্ব’’, গোণ্ড আদিবাসী সমাজৰ ৪০ বৰ্ষীয় বনৰক্ষী নাৰায়ণ সিং ধ্ৰুৱই এইদৰে কয়৷

‘‘হাতীয়ে পিছবেলা ১২টাৰ পৰা ৩টালৈ শোৱে৷ তাৰপিছত ‘‘দলপতি হাতীটো’’ৱে বিকট চিঞৰ এটা মাৰি জাকটোক জগাই দি পুনৰ যাত্ৰা আৰম্ভ কৰে৷ মানুহৰ ঘ্ৰাণ পালেই হাতীয়ে জাকটোক সজাগ কৰি তোলে৷ ইয়াৰ দ্বাৰা অনুসৰণকাৰীসকলো সষ্টম হৈ পৰে৷ মই হাতীৰ বিষয়ে কোনো আনুষ্ঠানিক অধ্যয়ন কৰা নাই৷ যি জানো সেয়া হস্তী অনুসৰণকাৰী হিচাপে পোৱা অভিজ্ঞতাৰ পৰা শিকিছো’’, ধ্ৰুৱই এইদৰে কয়৷

‘‘যদি হাতীয়ে এদিনত ২৫-৩০ কিলোমিটাৰ খোজ কাঢ়ে, তেন্তে এয়া শাস্তিৰ দৰে হৈ পৰে’’, তিনিটা সন্তানৰ পিতৃ নাথুৰামে এইদৰে কয়৷ তেওঁ অৰণ্যৰ মাজত দুকোঠলীয়া জুপুৰি এটাত বাস কৰে৷ পূৰ্বে তেওঁ বন বিভাগত অগ্নি সুৰক্ষাকৰ্মী হিচাপে কাম কৰিছিল যদিও দুবছৰ পূৰ্বে তেওঁ হস্তী অনুসৰণকাৰীলৈ নিজৰ পেছা সলনি কৰিছে৷

PHOTO • Prajjwal Thakur
PHOTO • Prajjwal Thakur

বাঁওফালেঃ বন সুৰক্ষাকৰ্মী তথা হস্তী অনুসৰণকাৰী নাৰায়ণ সিং ধ্ৰুৱই এইদৰে কয়, ‘যদি হাতী নিশা ওলায়, আমিও নিশা ওলাব লাগে৷’ সোঁফালেঃ পঞ্চায়ত কাৰ্যালয়ৰ কাষত থেনাহি গাঁৱৰ বাসিন্দাসকল৷ হাতীৰ জাকে তেওঁলোকৰ শস্য ধ্বংস কৰিছে

*****

নিশা অনুসৰণকাৰীসকলে সতৰ্ক বাৰ্তা দিয়াৰ লগে লগে গাঁওবাসীসকল শংকাত কঁপি উঠে, কিজানিবা হাতীৰ জাকটোৱে তেওঁলোকৰ শস্য নষ্ট কৰিলেই৷ ডেকাসকল আৰু শিশুবোৰ নিৰাপদ দূৰত্বত থিয় হৈ ফ্লেশ্বলাইটৰ পোহৰত সেই বিশাল জন্তুকেইটাক জুমি জুমি চায়৷

নিশা খেতিপথাৰলৈ খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোক দূৰৈত ৰাখিবলৈ গাঁওবাসীসকলে সাধাৰণতে গোটেই নিশাই একুৰা জুই জ্বলাই থয়৷ কিছুসংখ্যক বাসিন্দাই সেই জুইৰ চাৰিফালে বহি গোটেই নিশাটো পাৰ কৰি দিয়ে, কিন্তু তেওঁলোকৰ শস্য ঐৰাৱত বাহিনীৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম নহয়৷

‘‘পোন প্ৰথমবাৰলৈ যেতিয়া হাতীৰ জাকটো ইয়ালৈ আহিছিল, বনবিভাগ ইমানেই আনন্দিত হৈছিল যে তেওঁলোকে হাতীৰ জাকটোক কুঁহিয়াৰ, কবি আৰু কল আদিৰ যোগান ধৰিছিল’’, থেনাহি গাঁৱৰ বাসিন্দা নোহৰ লাল নাগে এইদৰে কয়৷ হাতীৰ জাকটোৰ আগমনত মুঠেও সুখী নোহোৱা নোহাৰৰ দৰে বাসিন্দাসকলে তেওঁলোকৰ উৎপাদিত শস্য নষ্ট হোৱাৰ আশংকাত দিনবোৰ পাৰ কৰিছে৷

PHOTO • Prajjwal Thakur
PHOTO • Prajjwal Thakur

বাওঁফালে আৰু সোঁফালেঃ থেনাহিত হাতীয়ে নষ্ট কৰা শস্য

পিছদিনা পুৱা যেতিয়া পাৰিৰ তৰফৰ পৰা থেনাহি গাঁৱলৈ গৈছিলো, আমি হাতীয়ে কৰি থৈ যোৱা ধ্বংসলীলা স্বচক্ষে দেখিছিলো। নতুনকৈ চপোৱা শস্যবোৰ হাতীৰ জাকটোৱে নষ্ট কৰিছিল আৰু পিঠি খজুৱাবলৈ ব্যৱহাৰ কৰা গছৰ ডালবোৰত বোকাৰ চিন দেখা পোৱা গৈছিল৷

প্ৰতি একৰ ভূমিৰ নষ্ট হোৱা শস্যৰ বাবে বনবিভাগে ২২,২৪৯ টকাকৈ ক্ষতিপূৰণ ধাৰ্য্য কৰিছে, উদন্তি সীতানদী ব্যাঘ্ৰ অভয়াৰণ্যৰ উপ সঞ্চালক বৰুণ কুমাৰ জৈনে এইদৰে কয়৷ কিন্তু আবাসীসকলৰ মতে আমোলাতান্ত্ৰিক ‘‘পদ্ধতি’’ৰ বাবে তেওঁলোকৰ প্ৰাপ্যখিনি সঠিকভাৱে পোৱা নাই৷ ‘‘আমি এতিয়া কি কৰিম? বন বিভাগে যি কৰে কৰিব, আমি মুঠতে ইয়াত হাতী থকাটো নিবিচাৰো’’, তেওঁলোকে এইদৰে কয়৷

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Prajjwal Thakur

প্রজ্জ্বল ঠাকুর আজিম প্রেমজী বিশ্ববিদ্যালয়ে স্নাতকস্তরের ছাত্র।

Other stories by Prajjwal Thakur
Editor : Sarbajaya Bhattacharya

সর্বজয়া ভট্টাচার্য বরিষ্ঠ সহকারী সম্পাদক হিসেবে পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ায় কর্মরত আছেন। দীর্ঘদিন যাবত বাংলা অনুবাদক হিসেবে কাজের অভিজ্ঞতাও আছে তাঁর। কলকাতা নিবাসী সর্ববজয়া শহরের ইতিহাস এবং ভ্রমণ সাহিত্যে সবিশেষ আগ্রহী।

Other stories by Sarbajaya Bhattacharya
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder