হাৰিয়ানা ৰোডৱে’জ বুলি ৰাজহুৱা অনুষ্ঠানটোৰ পৰা কেৰাণী হিচাপে অৱসৰ লোৱাৰ পিছত ভগত ৰাম যাদৱে আৰামত অৱসৰী জীৱন এটা কটাব পাৰিলেহেঁতেন। “কিন্তু মোৰ মনৰ ইচ্ছা এটা আছিল,” এগৰাকী খুব পৰিপাটি আৰু আদৰ্শ ৭৩ বৰ্ষীয় প্ৰাক্তন কৰ্মচাৰীগৰাকীয়ে কয়।

এই আগ্ৰহেই তেওঁক তেওঁৰ পিতৃ গুগন ৰাম যাদৱে শৈশৱতে শিকোৱা হস্তকলা এবিধৰ প্ৰতি আকৰ্ষিত কৰিলে - চাৰপাই আৰু পীড্ডা বনোৱা।

তেতিয়া তেওঁৰ বয়স ১৫ বছৰ, যেতিয়া ডেকাল’ৰা ভগতে তেওঁৰ তিনি ভায়েকৰ সৈতে বহি দেউতাকে বৰ পটুতাৰে ঘৰৰ বাবে চাৰপাই বনোৱা চাই থাকিছিল। তেতিয়াই তেওঁৰ চাৰপাই বনোৱা শিক্ষা আৰম্ভ হৈছিল। তেওঁৰ পিতৃৰ ১২৫ একৰ খেতিমাটি আছিল আৰু ঘেঁহুৰ খেতি চপোৱাৰ পিছত তেওঁ গ্ৰীষ্মৰ মাহকেইটা চাৰপাই বনোৱা কামত লাগিছিল। তেওঁ শণ গছ (Crotalaria juncea), চুট (কপাহী জৰী) আৰু শাল (Shorea robusta) আৰু চেঁচু (North Indian rosewood) গছৰ কাঠেৰে চাৰপাই বনাইছিল। তেওঁৰ কাম কৰা ঠাইখন আছিল তেওঁলোকৰ বৈঠক, মুকলি ঠাইখন য’ত মানুহ আৰু গৰু-ম’হ সকলোৱে দিনটোৰ বেছিভাগ সময় জিৰণি লয়।

ভগত ৰামৰ দেউতাকক মানুহে “এক নম্বৰ কা আৰি” বুলিছিল। তাৰমানে এজন পাকৈত শিল্পকাৰ। তেওঁ অত্যন্ত খুটি-নাটি মাৰি নিজৰ সঁজুলি-পাতি বাচনি কৰিছিল। “আমাৰ দেউতাইয়ে আমাক চাৰপাই বনোৱা শিকিবলৈ উত্সাহ দিছিল। তেওঁ কৈছিল, ‘আহা আহা, শিকি লোৱা। পাছত কামত আহিব,’ ভগত ৰামে মনত পেলায়।

কিন্তু চেঙেলীয়া ভগতৰ মন আছিল ফুটবল, হকী, কাবাদীত। সেই একঘেয়ামি কাম তেওঁ এৰাই চলিছিল। “দেউতাই আমাক গালি পাৰিছিল, কেতিয়াবা চৰিয়াইছিলো। কিন্তু আমি একেবাৰে কাম দিয়া নাছিলো,” তেওঁ কয়। “আমি কিবা এটা চাকৰি পোৱাৰ বাবে বেছি আগ্ৰহী আছিলো। দেউতাৰ ভয়তে আমি সেই শিল্পকৰ্ম শিকিছিলো, ডিজাইন এটা কৰি থাকোতে ৰছীডাল কোনফালে ঘূৰাম, সেই কথাত খোকোজা লাগিলে দেউতাক সুধি আগবাঢ়িছিলো।”

PHOTO • Naveen Macro
PHOTO • Naveen Macro

বাওঁফালে: ঘৰতে বনোৱা চাৰপাই এখনত ভগত ৰাম যাদৱ বহিছে। সোঁফালে: দীৰ্ঘদিন ধৰা সেৱাৰ বাবে হাৰিয়ানা ৰোডৱে’জয়ে তেওঁক দিয়া আঙঠিবোৰৰ এটা তেওঁ এতিয়াও পিন্ধে

যেতিয়া উপাৰ্জনৰ কথা আহি পৰিল, ভগত ৰামে প্ৰথমে ৰাজস্থানৰ ব্যক্তিগত বাছসেৱাত কণ্ডাক্টৰ হিচাপে যোগদান কৰে। তাৰপিছত হাৰিয়ানা ৰোডৱে’জত ১৯৮২ত কেৰাণী হিচাপে যোগ দিয়ে। তেওঁ সদায়েই এটা কথা বিশ্বাস কৰিছিল যে “কেতিয়াও বেয়া কামত জৰিত হ’ব নালাগে।” এনেকৈ তেওঁ তিনিটাকৈ পুৰস্কাৰ লাভ কৰিছিল, তেওঁ তেতিয়া পোৱা পুৰস্কাৰৰ আঙঠিৰ এটা এতিয়াও গৌৰৱেৰে পিন্ধি আছে। ২০০৯ৰ ডিচেম্বৰত ৫৮ বছৰ বয়সত তেওঁ অৱসৰ লয়। পৰিয়ালৰ ১০ একৰ মাটিত তেওঁ কপাহৰ খেতি কৰিবলৈ লয় যদিও তেওঁৰ বয়স হিচাপত কামটো বৰ কষ্টকৰ আছিল। ২০১২ত তেওঁ সৰুতেই শিকা চাৰপাইৰ কামটোকে আকৌ কৰিবলৈ লয়।

আহিৰ সম্প্ৰদায়ৰ (ৰাজ্যখনত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত) ভগত ৰাম এতিয়া গাওঁখনৰ একমাত্ৰ চাৰপাই নিৰ্মাতা।

*****

হাৰিয়ানাৰ হিছাৰ জিলাৰ ধনা খুৰ্দ গাঁৱৰ বাসিন্দা ভগত ৰামৰ সদায় ৰুটিন মানি চলা মানুহ। সদায় পুৱা তেওঁ পুৱা ৬ বজাতে উঠে আৰু দুটা বেগত বাজৰা আৰু চাপাতি বৰায লৈ পথাৰলৈ যায় আৰু শস্যৰ দানাখিনি পাৰ চৰাইৰ লগতে পোক-পৰুৱা, কুকৰ-মেকুৰীক দিয়ে।

“তাৰপাছত মই মোৰ হোকাটো সাজু কৰোঁ আৰু প্ৰায় ৯ মান বজাত কাম কৰিবলৈ বহো,” ভগতে কয়। বৰ লৰালৰিকৈ কোনোবাই বিচাৰিলে তেওঁ দিনটো কামত বহে। “তাৰপিছত মই আকৌ পাঁচমান বজালৈকে এঘণ্টাৰ বাবে কাম কৰোঁ।” নিজে বনোৱা ৰছী লগোৱা চাৰপাই এখনত তেওঁ ঘৰত বহি আছে, খিৰিকীৰে পোহৰ সোমাইছে। তেওঁৰ হোকাটো সন্মুখতে আছে। মাজে মাজে তেওঁ হোকা হুপিছে।

জুলাইৰ ফিৰফিৰীয়া বতাহত পাৰিয়ে তেওঁক লগ পাওঁতে ভগত ৰামে কোলাত লৈ পীড্ডা এখনৰ কাম কৰি আছিল। “মই এইটো এদিনতে শেষ কৰিব পাৰো,” বৰ আত্মবিশ্বাসেৰে তেওঁ কয়। কাম কৰি কৰি তেওঁৰ হাতখন নিখুঁট হৈ পৰিছে, চেঁচু কাঠৰ ফ্ৰেমটোৰ ওপৰত দীঘে-পথালিয়ে এটা ডিজাইন কৰি তোলাৰ বাবে তেওঁ বাণিৰ ৰছীবোৰ বৰ সুন্দৰকৈ গুঁথি গৈছে।

তেওঁ কয় যে বয়স হোৱাৰ বাবে তেওঁ আগৰ দৰে খৰকৈ কাম কৰিব নোৱাৰা হৈছে। “প্ৰথম যেতিয়া চাৰপাই বনোৱা কামত লাগিছিলো, তেতিয়া মোৰ হাত আৰু দেহটো ভালে আছিল। এতিয়া দুইৰ পৰা তিনিঘণ্টাতকৈ বেছি সময় একেধাৰে কাম কৰি থাকিব নোৱাৰোঁ।”

এটা ফাল সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ পীড্ডাখন ঘূৰাই লৈ বাকী থকা আধা অংশত বাণিৰ ফালৰ ৰছী বোৱা আৰম্ভ কৰে, যাতে দুয়োটা ফালে প্ৰতিবিম্বৰ লেখীয়াকৈ ডিজাইনটো ফুটি উঠে। “পীড্ডা এখনত ভাৰে (ৰছীৰে বোৱাখিনি) দুয়োফালে বোৱা হয়। এনেকৈ দুয়োফালে ব’লে পীড্ডাখন মজবুত হয়। কিন্তু প্ৰায়ভাগ কাৰুশিল্পীয়ে এইবোৰ কথাত মন নিদিয়ে,” তেওঁ কয়।

PHOTO • Naveen Macro
PHOTO • Naveen Macro

বাওঁফালে: প্ৰতিটো পীড্ডা কমেও দুই উজ্জ্বল বৰণৰ ৰছীৰে গোঠা হয়। ‘আপুনি বজাৰত এনে ৰং-বিৰঙী পীড্ডা নাপাব,’ ভগত ৰামে পাৰিক কয়। সোঁফালে: পীড্ডা এখনত এনেকৈ দুয়োফালে ৰছীৰ গোঁঠনি দিয়া কাৰুশিল্পী তেনেই মুষ্টিমেয়, ভগত ৰাম তাৰে মাজৰ এজন

PHOTO • Naveen Macro
PHOTO • Naveen Macro

বাওঁফালে: ভগত ৰামে চেঁচু কাঠৰ পীড্ডা এখনৰ ফ্ৰেমটোৰ ওপৰত উজ্বল ৰঙৰ বাণি সূতা বৈ আছে। সোঁফালে: এটা ফাল সম্পূৰ্ণ কৰাৰ পিছত তেওঁ সেইখন ওলোটাই লৈ একেখিনি কাম পিছফালে কৰিব

তেওঁ প্ৰতিবাৰ বাণিৰ ৰছী বোৱাৰ পাছত এডাল খুটি আৰু থোকনা (হাত এখনৰ আকৃতিৰ সঁজুলি বিশেষ)ৰে সেই ৰছীডাল মিলাই দিয়ে। থোকনাডালৰ থক্ থক্ থক্ শব্দ, তাত গাঁথি থোৱা ঘুংগুৰুৰ চন্ চন্ চন্ শব্দই এক সুমধুৰ ছন্দৰ সৃষ্টি কৰে।

তেওঁ দুটা দশক আগতে সেই থোকনাডাল গাঁৱৰে কমাৰ এজনে তেওঁক সেই ফুলকটা বিশেষ সঁজুলিবিধ বনাই দিছিল, তাত নিজাকৈ তেওঁ ঘুংগৰু যোগ দিছিল। তেওঁ স্কুললৈ গৈ থকা নাতিল’ৰাদুটাক আৰু কেইবিধমান সঁজুলি আমাক দেখুৱাবলৈ আনিবলৈ কয়। তেওঁ হাউলি সেই সঁজুলিকেইবিধ দেখুৱাই তেওঁ গোপনীয় কথাটো কয়। প্ৰতিবিধ সঁজুলিতে তেওঁ পাঁচটাকৈ ঘুংগৰু লগাইছে। ইয়াৰে প্ৰায়ভাগ ৰূপৰ। “মই সৰুৰে পৰা ঘুংগৰুৰ মাত ভাল পাওঁ,” ভগত ৰামে ৰহস্য ভাঙি কয়।

প্ৰতিখন পীড্ডা অতিকমেও দুবিধ উজ্জ্বল বৰণৰ ৰছীৰে গোঁঠা হয়। “আপুনি এনে ৰঙীন পীড্ডা বজাৰত নাপাব,” তেওঁ কয়।

তেওঁ গুজৰাটৰ ভাৱনগৰ জিলাৰ মহুৱা চহৰৰ এগৰাকী যোগানকৰ্তাৰ পৰা ৰছী আনে। এক কেজি ৰছীত পৰিবহনৰ ব্যয়কে ধৰি ৩৩০ টকা পৰে। তেওঁ প্ৰায়ে পাঁচৰ পৰা সাত কুইণ্টল বিভিন্ন ৰঙৰ ৰছী অৰ্ডাৰ কৰে।

ৰছীৰ কিছুমান বাণ্ডিল তেওঁৰ মেজখনৰ পিছফালে পৰি আছে। তেওঁ উঠি গৈ আমাক তেওঁৰ আচল সংগ্ৰহখিনি দেখুৱালে - ৰঙীন ৰছীৰে ভৰ্ত্তি এটা আলমিৰা।

আমাৰ হাতত ৰছীৰ টুকুৰা এটা দি সেয়া কেনে ‘মোলায়েম’ চাবলৈ কয়। সেই ৰছী কিহেৰে নিৰ্মিত তেওঁ নাজানিলেও সেয়া যে ছিগি নাযায়, সেই লৈ তেওঁ নিশ্চিত। তেওঁৰ হাতত তাৰ প্ৰমাণো আছে। এবাৰ গ্ৰাহক এজনে তেওঁৰ চাৰপাই আৰু পীড্ডাৰ ৰছীৰ গুণগত মানক লৈ সন্দেহ কৰিছিল। সেয়ে ভগতে তেওঁক হাতেৰে সেই ৰছী চিঙাৰ বাজি লগালে। কিন্তু তেওঁ নোৱাৰিলে। আকৌ এবাৰৰ কথা, চনু পেহলৱান নামে এজন আৰক্ষীয়ে আগবাঢ়ি আহি বাজি লগাইছিল, কিন্তু তেঁৱো হাৰিছিল।

PHOTO • Naveen Macro
PHOTO • Naveen Macro

খুটি (বাওঁফালে) আৰু থোকনা (সোঁফালে) ভগত ৰামে ব্যৱহাৰ কৰা দুবিধ সঁজুলি। থোকনাত লাগি থকা ঘুংগৰু ভগত ৰামে নিজে লগোৱা

PHOTO • Naveen Macro
PHOTO • Naveen Macro

বাওঁফালে আৰু সোঁফালে: ভগত ৰাম যাদৱে তেওঁৰ ৰঙীন ৰছীবোৰ দেখুৱাইছে

চাৰপাই বনোৱা কামটোত ৰছীৰ স্থায়িত্ব আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। সিয়েই চাৰপাইখনৰ বুনিয়াদ, মানুহৰ ভৰ সিয়েই সহে আৰু স্থায়িত্ব তাৰ ওপৰতেই নিৰ্ভৰ কৰে। ৰছীৰ মজবুতিৰ ওপৰত গুৰুত্ব নিদিলে চাৰপাইখন আৰামদায়ক নহ’ব আৰু ভাঙিও যাব পাৰে।

ভগত ৰামৰ বাবে প্ৰত্যাহ্বান কেৱল ৰছীৰ মজবুতিয়েই নহয়। সেয়া তেওঁৰ চাৰুশিল্পৰ নৈপুণ্যৰো সত্যতাৰ প্ৰমাণ কৰে। আৰক্ষী বিষয়াজনে বাজিত হাৰি যোৱাৰ পাছত তেওঁক সুধিছিল, তেওঁক কি লাগে। তেতিয়া ভগতে উত্তৰ দিছিল, “আপুনি যে হাৰিছে, সেয়া মনিছে যে, সেয়াই বহুত।” কিন্তু বিষয়াজনে তেওঁক দুখন ডাঙৰ ডাঙৰ ‘গোহানা কি জলেবি’ আনি খুৱাইছিল, জিলাপী দুখন কিমান ডাঙৰ আছিল সেয়া হাতেৰে দেখুৱাই হাঁহি হাঁহি ভগত ৰামে কয়।

সেইদিনা যে আৰক্ষী বিষয়াজনে কিবা শিকিছিল, তেনে নহয়। ভগত ৰামেও শিকিছিল। বয়সীয়া মহিলাসকলে হস্তশিল্পৰ মেলাত আহি তেওঁৰ পীড্ডাত বহি ক’লে যে এনে চাপৰ পীড্ডাত বহাটো আৰামদায়ক নহয় আৰু তেনে পীড্ডাত বহিলে আঠুৰ বিষ উঠে। “তেওঁলোকে মোক ডেৰ ফুট ওখ পীড্ডা বনাবলৈ ক’লে,” এতিয়া ষ্টীলৰ ফ্ৰেম ব্যৱহাৰ কৰি বনোৱা ওখ পীড্ডাবোৰৰ প্ৰসংগত ভগত ৰামে কয়।

তেনেতে বৰষুণ দিবলৈ ধৰিলত, তেওঁৰ পত্নি কৃষ্ণা দেৱীয়ে খৰধৰকৈ পীড্ডাকেইখন চোতালৰ পৰা লৈ আহিল। ৭০ বৰ্ষীয় কৃষ্ণাই আগতে ধুৰী বৈছিল, পাঁচ বছৰ আগতে সেই কাম এৰিছে। তেওঁ দিনটো ঘৰত ইটো-সিটো কাম-বন কৰি কটায় আৰু গৰু-ম’হকেইটা চোৱাচিতা কৰে।

ভগত ৰামৰ পুত্ৰ যশৱন্ত কুমাৰ আৰু সুনেহৰা সিঙে তেওঁৰ বাট অনুসৰণ কৰা নাই। সুনেহৰাই হিছাৰ জিলা আদালতত টাইপিষ্ট হিচাপে কাম কৰে। আনহাতে যশৱন্তে পৰিয়ালৰ খেতিমাটিত ঘেঁহু আৰু শাক-পাচলিৰ খেতি কৰে। “এই শিল্পকৰ্মৰে ঘৰ চলাব নোৱাৰি, মই মাহে ২৫ হাজাৰ টকাৰ পেঞ্চন পাওঁ কাৰণে চলিব পাৰিছো,” তেওঁ কয়।

PHOTO • Naveen Macro
PHOTO • Naveen Macro

বাওঁফালে আৰু সোঁফালে: ভগত ৰামে বনোৱা পীড্ডা

PHOTO • Naveen Macro
PHOTO • Naveen Macro

বাওঁফালে: পত্নী কৃষ্ণা দেৱী, সৰুজন ল’ৰা সুনেহৰা সিং আৰু নাতি মনীত আৰু ঈশানৰ সৈতে ভগত ৰাম যাদৱ। সোঁফালে: পীড্ডা এখন বনাই হোৱা মুহূৰ্তত সুনেহৰা

*****

ভগত ৰামে এখন পীড্ডা ২,৫০০ৰ পৰা ৩,০০০ টকাত বিক্ৰী কৰে। তেওঁ সুক্ষ্ম কিছুমান দিশ লক্ষ্য কৰি পীড্ডা বনায় কাৰণে ইমান দাম বুলি তেওঁ কয়। “প্ৰতিবিধ সামগ্ৰী বৰ সাৱধানে বাচনি কৰা হয়, পায়ে (খুৰা) কেইটাকে ধৰি, যিকেইটা আঠ কিলোমিটাৰ দূৰৰ হাঁচিৰ পৰা অনা হয়। আমি এই খুৰাকেইটাক পেড়, মোতা পেড় বা দাত বুলি কওঁ। আমি সেয়া কাটি উলিওৱাৰ পিছত সেয়া গ্ৰাহকক এবাৰ দেখুৱাই লওঁ। গ্ৰাহকে অনুমোদন দিয়াৰ পিছত সেয়া পলিচ কৰোঁ,” তেওঁ কয়।

একেই নিঁখুততা দেখা যায় চাৰপাইৰ ক্ষেত্রতো। এটা ৰঙৰ চাৰপাই সম্পূৰ্ণ কৰিবলৈ তিনিৰ পৰা চাৰিদিন লাগে। আনহাতে ডিজাইন থকা চাৰপাই সম্পূৰ্ণ কৰিবলৈ ১৫ দিন পৰ্য্যন্ত সময় লাগিব পাৰে।

চাৰপাই বনাবলৈ কাঠৰ ফ্ৰেমটোত এফুট খালি ঠাই ৰখা হয়। তাৰপিছত ভগত ৰামে ৰছীবোৰ আনুভূমিক দিশত দুয়োফালৰ পৰা বোৱে। প্ৰতিবাৰত তেওঁ দুয়োফালে দুই বা তিনিটা গাঁঠি দিয়ে। তাৰপিছত তেওঁ দীঘে দীঘে ৰছীবোৰ গোঁঠি লয়, সিয়ে দীঘৰ ৰছীৰ কাম কৰে। সেই সময়ত তেওঁ কুন্দা নামে এবিধ সঁজুলি ব্যৱহাৰ কৰি তেওঁ চাৰপাইখন মজবুত কৰিবলৈ গুণ্ডি নামে কৌশল এটা প্ৰয়োগ কৰে।

“ৰছী গোঁঠোতে গুণ্ডি কৌশলটো প্ৰয়োগ কৰা জৰুৰী, যাতে চাৰপাইখন পিছলৈ ঢিলা হৈ নাযায়,” ভগত ৰামে বুজাই কয়।

এবাৰ দীঘৰ ৰছীবোৰ ঠিক-ঠাক কৰি লোৱাৰ পিছত তেওঁ ৰঙীন ৰছীৰে বাণি বোৱে। এই ৰছীবোৰো গুণ্ডি প্ৰক্ৰিয়াৰে টানকৈ গোঁঠা হয়। এখন চাৰপাই বনাবলৈ প্ৰায় ১০ৰ পৰা ১৫ কিলো ৰছীৰ প্ৰয়োজন হয়।

প্ৰতিবাৰে তেওঁ ভিন্নৰঙৰ ৰছী ব্যৱহাৰ কৰে, ইডাল ৰছীৰ লগত সিডালৰ মূৰটো বেজী-সূতাৰে সী লয়। ৰছীডাল য’ত শেষ হয়, তাত তেওঁ একেৰঙৰ সূতাৰে দ্বিতীয়ডালক সী লয়। “মই যদি গাঁঠি দিওঁ, সেই গাঁঠিটো শোৱাজনৰ গাত বুটৰ দানা এটা লগাদি লাগিব,” তেওঁ কয়।

PHOTO • Naveen Macro
PHOTO • Naveen Macro

বাওঁফালে: ভগত ৰামে চাৰপাই বনাওতে ৰছী গোঁঠাৰ এক বিশেষ কৌশল প্ৰয়োগ কৰে। সোঁফালে: প্ৰতিবাৰে তেওঁ ৰছী দুডালৰ মূৰদুটা একেৰঙৰ সূতাৰে সী লয়

PHOTO • Naveen Macro
PHOTO • Naveen Macro

বাওঁফালে: চাৰপাইখন মজবুত কৰিবলৈ কুণ্ডা নামে সঁজুলিবিধৰ সহায়ত গুণ্ডি নামে এবিধ কৌশল প্ৰয়োগ কৰা হয়। সোঁফালে: ভগত ৰামৰ সঁজুলিসমূহ

চাৰপাইত ৰছীৰে কৰা ডিজাইনবোৰ তেওঁ হাৰিয়ানাৰ বিভিন্ন স্থানৰ লগতে নিজৰ গাঁৱৰ আত্মীয়-স্বজনৰ পুৰণি ঘৰত কটা ডিজাইন আৰু বেৰত আঁৰি থোৱা চিত্ৰৰ পৰা লয়। “মই ফোনটোৰে ফটো লৈ সেই ডিজাইন আমাৰ চাৰপাইত তোলো,” স্বস্তিকা আৰু চপাৰ ব’ৰ্ড খেলৰ ডিজাইন থকা চাৰপাই এখন দেখুৱাই তেওঁ কয়। এবাৰ ৰছীৰ চাৰপাই বা পীড্ডা এখন বনোৱা হোৱাৰ পিছত তাৰ কাষৰ বায়ে (দীঘৰ বাউকেইটা) আৰু ছেৰু (পথালিৰ বাউকেইটা) শাল কাঠ আৰু পায়ে (খুৰা)কেইটা চেঁচু গছৰ বনোৱা হয় আৰু তাত পিতলৰ সৰু সৰু টুকুৰা লগাই সজোৱা হয়।

ভগত ৰামে বনোৱা ৰছীৰ চাৰপাইৰ দাম ২৫ হাজাৰৰ পৰা ৩০ হাজাৰ হয়। আকাৰ লৈ যেনে দীঘে আঠ, পুতলে ছয় বা দীঘে-পুতলে দহ দাম নিৰ্ধাৰণ কৰা হয়। প্ৰতিখন চাৰপাই বা পীড্ডাৰ বাবদ তেওঁ দিনে ৫০০ টকাকৈ ৰাখে, তেনেকৈ তেওঁ মাহত ৫,০০০ৰ পৰা ১৫,০০০ টকা উপাৰ্জন কৰে। “য়ে চৰকাৰ কা মৌল তৌ হ্যে নহী, মেৰে মন কা মৌল হ্যে (এয়া চৰকাৰী দাম নহয়, এয়া মোৰ মনৰ শান্তিৰ মোল)।”

তেওঁ হস্তশিল্পৰ চৰকাৰী তালিকাত চাৰপাইক স্থান দিওৱাৰ বাবে এক অভিযান চলাইছে। “মই স্থানীয় নিউজ চেনেল এটাত প্ৰধানমন্ত্ৰী মোডীক এই লৈ আহ্বানো জনাইছো,” পাৰিক তেওঁৰ ম’বাইল ফোনত সেই ভিডিঅ’ ক্লিপটো বৰ উত্সাহেৰে দেখুৱাই তেওঁ কয়।

তেওঁ নিজ গাঁৱৰ পৰা ২০০ কিলোমিটাৰ দূৰত ফৰিদাবাদত অনুষ্ঠিত হোৱা সুৰজকুণ্ড মেলাত বাৰ্ষিক হস্ততাঁত মেলাত নিজৰ হস্তশিল্পৰ নিদৰ্শন প্ৰদৰ্শনৰ বাবে দুবাৰো গৈছে। প্ৰথমবাৰ, ২০১৮ত তেওঁৰ হাতত হস্তশিল্পীৰ কাৰ্ড নাছিল আৰু আৰক্ষীয়ে তেওঁ তাৰ পৰা গুছি যাবলৈ কৈছিল। কিন্তু ভাগ্যই তেওঁক লগ দিছিল, এজন উপ-আৰক্ষী পৰিদৰ্শকে তেওঁৰ পৰা উপ-অধীক্ষকৰ বাবে দুখন চাৰপাই বিচাৰিলে। তাৰপিছত তেওঁক কোনেও বাধা নিদিলে। “প্ৰত্যেকেই ক’লে, ‘তাউ তৌ ডিএছপি চাহাব কা বহত তাগৰা জানকাৰ হ্যে’ (খুৰাজনৰ ডিএছপিৰ সৈতে সম্পৰ্ক বৰ ভাল),” ভগত ৰামে হাঁহি মাৰি কয়।

শিল্পীৰ কাৰ্ডখনৰ বাবে দৰ্খাস্ত কৰিবলৈ গৈ তেওঁ জানিব পাৰিলে যে চাৰপাইক বস্ত্ৰ উদ্যোগে হস্তশিল্প হিচাপে নধৰে। কাৰ্ডখনৰ ফটোৰ বাবে ৰেৱাৰিৰ স্থানীয় বিষয়াই ধুৰী শিপিনী হিচাপে তেওঁক প’জ দিয়াৰ বাবে তেওঁক পৰামৰ্শ দিছিল।

২০১৯ত এইখন কাৰ্ড তেওঁ লৈছিল। সকলোৱে মেলাত তেওঁৰ চাৰপাইৰ প্ৰশংসা কৰিছিল, কিন্তু তেওঁ নিজৰ হস্তশিল্পৰ বাবে প্ৰতিযোগিতাত ভাগ ল’ব পৰা নাছিল বা পুৰস্কাৰ লাভ কৰিবপৰা নাছিল। “মোৰ বেয়া লাগিছিল, ময়ো নিজৰ শিল্পকৰ্ম দৰ্শাই পুৰস্কাৰ লাভ কৰিব বিচাৰিছিলো,” ভগত ৰামে কয়।

PHOTO • Naveen Macro
PHOTO • Naveen Macro

বাওঁফালে আৰু সোঁফালে: পীড্ডা এখনত কৰা অলংকৰণ

PHOTO • Naveen Macro
PHOTO • Naveen Macro

বাওঁফালে: ভগত ৰামে এখন চাৰপাই বনাওতে প্ৰায় ১৫ দিন সময় লয়। সোঁফালে: এনে চাৰপাইৰ দাম সাধাৰণতে আকাৰৰ ওপৰত নিৰ্ভৰ কৰি ২৫,০০০ৰ পৰা ৩০,০০০ টকা হয়

*****

এখন তেনে বিশেষ চাৰপাইৰ কথা তেওঁ পাহৰিব নোৱাৰে। দীঘে বাৰ ফুট আৰু পুতলে চাৰে ছয় পুট এখন চাৰপাই, যিখন তেওঁ ২০২১ত কৃষকৰ আন্দোলনৰ সময়ত বনাইছিল। (কৃষকৰ প্ৰতিবাদৰ সম্পূৰ্ণ কাভাৰেজ ইয়াত পাব)। ভগতত কৃষক আন্দোলনৰ ছবি চাৰপাইখনত ব’ই উলিয়াবলৈ কোৱা হৈছিল।

সেই বিশেষ চাৰপাইখনৰ বাবে তেওঁক ১৫০,০০০ টকা দিয়া হৈছিল, চাৰপাইখনৰ ওজন আছিল ৫০০ কিলো। “মোৰ কোঠাৰ ভিতৰত সেইখন নোজোৰে বাবে মই চোতালতে সেইখন বৈছিলো,” ভগতে কয়। এই চাৰপাইখন অৰ্ডাৰ কৰা তছবিৰ সিং আহলাৱতে আহলাৱত গোটৰ সৈতে ভগতৰ গাঁৱৰ পৰা ৭৬ কিলোমিটাৰ দূৰৰ হাৰিয়ানাত থকা দিগ্গল ট’ল প্লাজালৈ আহিছিল।

তেওঁ শিল্পকৰ্মৰ নিদৰ্শন দিল্লী, উত্তৰ প্ৰদেশ, পাঞ্জাৱ, ৰাজস্থান আৰু কৰ্ণাটকলৈ গৈছে।

“এয়া চখহে - সকলোৰে নাথাকে,” হাৰিয়ানাৰ গৰু-ম’হ পোহা এজন খেতিয়কে কেনেকৈ ৩৫,০০০ টকাৰ চাৰপাই এখন কিনি নিছিল, সেই প্ৰসংগত তেওঁ কয়। “তেওঁ যেতিয়া কেৱল এজন খেতিয়ক বুলি জানিলো, মই তেওঁক পইচা ঘূৰাই দিব বিচাৰিছিলো। কিন্তু তেওঁ নামানিলে, ক’লে যে তেওঁ সেইখন এক লাখ টকা হ’লেও পইচা যোগাৰ কৰি কিনিলেহেঁতেন।”

ভগত ৰামে সেই মেলালৈ ২০১৯ৰ পিছত যোৱা এৰিছে। সেই মেলাত তেওঁৰ বিশেষ একো লাভ নহয়। ঘৰতে তেওঁ কামৰ ভাল অৰ্ডাৰ পায়, তেওঁৰ ফোনটো নতুন অৰ্ডাৰৰ বাবে বাজিয়েই থাকে। “কোনোবা নহয় কোনোবাই চাৰপাই বা পীড্ডা এখন বিচাৰি ফোন কৰিয়ে থাকে,” ভগত ৰামে আত্মসন্তুষ্টি মিহলি সুৰত কয়।

এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেছনৰ চমুকৈ এম.এম.এফ.ৰ ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Sanskriti Talwar

সংস্কৃতি তলওয়ার নয়া দিল্লি-ভিত্তিক স্বতন্ত্র সাংবাদিক এবং ২০২৩ সালের পারি-এমএমএফ ফেলোশিপ প্রাপক রিপোর্টার।

Other stories by Sanskriti Talwar
Photographs : Naveen Macro

নবীন ম্যাক্রো দিল্লি-ভিত্তিক স্বতন্ত্র চিত্রসাংবাদিক, তথ্যচিত্র নির্মাতা এবং ২০২৩ সালের পারি-এমএমএফ ফেলোশিপ প্রাপক রিপোর্টার।

Other stories by Naveen Macro
Editor : Sarbajaya Bhattacharya

সর্বজয়া ভট্টাচার্য বরিষ্ঠ সহকারী সম্পাদক হিসেবে পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ায় কর্মরত আছেন। দীর্ঘদিন যাবত বাংলা অনুবাদক হিসেবে কাজের অভিজ্ঞতাও আছে তাঁর। কলকাতা নিবাসী সর্ববজয়া শহরের ইতিহাস এবং ভ্রমণ সাহিত্যে সবিশেষ আগ্রহী।

Other stories by Sarbajaya Bhattacharya
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das